সহায়িকা/পঞ্জীয়ন

মুখ্য সহায় পৃষ্ঠা · প্ৰশ্ন থাকিলে · ৱিকি ক'ডসমূহ জানিবলৈ · সততে উদিত প্ৰশ্নসমূহ (FAQ) · অৰ্থকোষ · IRC ৱেব চাট যোগে সহায় · সাহায্য কেন্দ্ৰ · সহায়িকা

ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    

সদস্যনামৰ পঞ্জীয়ন কৰা বাধ্যতামূলক নহয়, কিন্তু এনে কৰিবলৈ উৎসাহ যোগোৱা হয়। তাৰ বাবে আপুনি নিজৰ নাম বা কোনো ব্যক্তিগত তথ্য দিব নালাগে।

পঞ্জীয়ন নকৰালৈও সকলোৱে ৱিকিপিডিয়ালৈ বৰঙণি যোগাব পাৰে। কিন্তু সদস্যনাম এটা পঞ্জীয়ন কৰাৰ কিছুমান লাভ আছে:

  • নতুন প্ৰবন্ধ সৃষ্টি কৰিব পৰা।
  • একাউণ্ট এটা থাকিলে বহু অতিৰিক্ত সুবিধা পোৱা যায়, যেনে অধিক সম্পাদনা বিকল্প আৰু নিজা পছন্দৰ তালিকা। আন এক সুবিধা হ'ল লক্ষ্যতালিকা য'ৰপৰা আপুনি আপোনাৰ আগ্ৰহ থকা পৃষ্টাসমূহ নিৰীক্ষণ কৰিব পাৰিব। একাউণ্ট থাকিলে পৃষ্ঠা স্থানান্তৰ বা পুনৰ-নামাকৰণ কৰিব পাৰিব। (কেৱল কপী-পেষ্ট কৰি পৃষ্ঠা স্থানান্তৰ নকৰিব কাৰণ তেতিয়া পৃষ্ঠা ইতিহাস সংৰক্ষিত হৈ নাথাকে। তাৰ সলনি ৰাইজৰ চ'ৰাত এজন পঞ্জীভুক্ত সদস্যৰ সহায় বিচাৰক।)
  • এজন অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক বৰঙণি বা মন্তব্যৰ স্বাক্ষৰৰ ক্ষেত্ৰত তেওঁৰ কম্পিউটাৰৰ আই পি ঠিকনাৰে চিনাক্ত কৰা হয়। আপোনাৰ কম্পিউটাৰৰ আই পি ঠিকনাৰ যোগেদি আপোনাৰ বিষয়ে তথ্য জানিব পৰা যায়, সেইবাবে পঞ্জীয়ন কৰিলে আপোনাৰ গোপনীয়তা বৃদ্ধি পায়। আকৌ আই পি ঠিকনা প্ৰায়েই সলনি হয় বাবে অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীয়ে আন সম্পাদকৰ পৰা সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ অলপ টান হয়। তেনে অ-পঞ্জীভুক্ত সদস্যৰ অদ্বিতীয় আলোচনা পৃষ্ঠা নাথাকে বাবে তেওঁলোকৰ লগত বাৰ্তালাপ কৰা জটিল। গতিকে ৱিকিপিডিয়াত কৰা সম্পাদনা আৰু মন্তব্যৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশৰ বাবে বহু ৱিকিপিডিয়ানে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ অৰ্থ এয়েই যে প্ৰবন্ধ বা আলোচনা পৃষ্ঠাত আপোনাৰ বৰঙণিক অধিক গুৰুত্ব দিয়া হ'ব।
  • এই পৃষ্ঠাখনৰ নিচিনা কিছুমান পৃষ্ঠাত সম্পাদনা কৰিবলৈ সদস্যজন স্বয়ংনিশ্চিত হ'ব লাগিব। ৱিকিপিডিয়াত কমেও চাৰিদিন থকা আৰু দহটা সম্পাদনা কৰা সদস্যক এই সুবিধা দিয়া হয় কিন্তু অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক দিয়া নহয়, লাগিলে তেওঁ যিমানেই সম্পাদনা নকৰক।
  • কেৱল পঞ্জীভুক্ত সদস্যকহে প্ৰশাসক (Sysop বুলিও কোৱা হয়) হ'বলৈ অনুমতি দিয়া হয়।

পঞ্জীয়ন কৰিলে আপোনাৰ সদস্যনাম আৰু গুপ্তশব্দ নাপাহৰিব। যদি আপুনি এইবোৰ বস্তু সতকাই পাহৰে, তেন্তে পঞ্জীয়ন কৰোঁতে আপোনাৰ ইমেইল ঠিকনাটো দিব যাতে আপুনি এতিয়াৰ গুপ্তশব্দ পাহৰিলে নতুন এটা পঠিয়াই দিব পৰা যায়।

অতিৰিক্ত তথ্যৰ বাবে একাউণ্ট সৃষ্টি কিয় কৰিব লাগে? চাওক।



কেনেকৈ পঞ্জীয়ন কৰিব

পঞ্জীয়ন কৰিবলৈ ওপৰৰ লিংকটোত বা যিকোনো পৃষ্ঠাৰ সোঁকাষে ওপৰত থকা প্ৰৱেশ/সদস্যভুক্তি লিংকটোত ক্লিক কৰক।

এবাৰ বাচি লোৱাৰ পিছত আপোনাৰ সদস্যনাম (সহজে) সলাব নোৱাৰিব। গতিকে সদস্যনাম সৃষ্টি কৰাৰ আগতে সদস্যনাম নীতি পঢ়ি লোৱাটো জৰুৰী।



উপসংহাৰৰ সৈতে এই সহায়িকাৰ সামৰণি মাৰক


Tags:

সহায়:অৰ্থকোষসহায়:পাঠ্যৱিকিপিডিয়া:FAQৱিকিপিডিয়া:নকলৰ পুৰীয়াৱিকিপিডিয়া:প্ৰশ্নসমূহৱিকিপিডিয়া:সহায়িকাৱিকিপিডিয়া:সাহায্য কেন্দ্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবিশ্বকোষঅব্যয় পদপূৰ্ণ স্বৰাজফুলজাতনামকৰঅসমৰ তেল শোধনাগাৰপৰম্পৰাচিলাৰায়নয়ন নীলিমবাণিজ্যনীলকণ্ঠী ব্ৰজপাইথেগাৰাছনাটকভাৰতৰ স্বাধীনতা আন্দোলনভট্টদেৱৰ গদ্যশৈলীহাড়ব্ৰহ্মপুত্ৰ উপত্যকাব্যৱস্থাপনাউৎপাদন (অৰ্থনীতি)প্ৰাকৃতিক পৰিৱেশচামেলি মেমচা'বথমাছ আলভা এডিচনকমলাকান্ত ভট্টাচাৰ্য্যবেণুধৰ শৰ্মাঅসম বিধানসভালাচিত বৰফুকনতৎসমৰাতি বিহুতিৱা জনগোষ্ঠীৰাভা জনগোষ্ঠীপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনকানাই বৰশী বোৱা শিলালিপিডিব্ৰুগড় জিলাহুঁচৰিঅষ্ট্ৰেলিয়াজন গণ মনভূৱন মোহন বৰুৱাবৰপেটা (লোকসভা সমষ্টি)ফাট বিহুপ্ৰাকৃতিক সম্পদনাৰীবাদগুৱাহাটী (লোকসভা সমষ্টি)চৈয়দ আব্দুল মালিকপাৰিপাৰ্শ্বিক সংঘাতকেশৱ মহন্তঔষধি উদ্ভিদ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনঅসমীয়া খাদ্যাভ্যাসইংলেণ্ডজাভাযতীন্দ্ৰ নাথ দুৱৰাঅসমত দেখা পোৱা মাছৰ তালিকাসৌৰজগতব্ৰজাৱলী ভাষামংগোলিয়াদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানকামৰূপ ৰাজ্যমদন কামদেৱ দেৱালয়বিশেষ শিক্ষাসত্যনাথ বৰামেলেৰিয়াকোকৰাঝাৰ (লোকসভা সমষ্টি)ভট্টদেৱহিমবাহঅৰ্জুন ভঞ্জনঅসমীয়া কবিতাকৃষ্ণকান্ত সন্দিকৈভাৰতৰ শিক্ষাউদাৰনৈতিকতাবাদঅযোধ্যা (পৌৰাণিক নগৰ)ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাদুৰ্যোগকোচ ৰাজবংশীশৰাইঘাট দলং🡆 More