ৰুবিকৰ কিউব

ৰুবিকৰ কিউব (ইংৰাজী: Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল। ৰুবিকে ১৯৮০ চনত Ideal Toy Corporation নামৰ কোম্পানীটোক ইয়াৰ বাণিজ্যিক উৎপাদন আৰু বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। কোম্পানীটোৱে ইয়াৰ নাম ৰুবিকচ কিউব অৰ্থাৎ ৰুবিকৰ কিউব ৰাখিলে। সেই একেটা বৰ্ষত ই শ্ৰেষ্ঠ পাজলৰ German Game of The Yearৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয়। ২০০৯ চনলৈ প্ৰায় ৩৫০ মিলিয়ন এই ঘনক বিক্ৰীৰে ই পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা পাজল খেল হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়।

ৰুবিকৰ কিউব
ৰুবিকৰ কিউব
অন্য নাম মেজিক কিউব
প্ৰকাৰ Combination puzzle
উদ্ভাৱক এৰ্নো ৰুবিক
কোম্পানী Seven Towns, ltd
দেশ হাংগেৰী
উপলব্ধতা 1977 (as Hungarian Magic Cube); 1980 (as Rubik's Cube, worldwide)–present
আধিকাৰিক ৱেবছাইট
ৰুবিকৰ কিউব
ৰুবিকৰ কিউবৰ ৰঙসমূহ

প্ৰতিটো ক্লাচিক ঘনকৰ ৬খন তলিৰ প্ৰত্যেখনকে ৯খন ষ্টিকাৰে আৱৰি ঠাকে। এই ষ্টিকাৰ সমূহত ৬টা ৰং থাকে- বগা, ৰঙা, নীলা, কমলা, সেউজীয়া আৰু হালধীয়া। বৰ্তমান উপলব্ধ মডেল সমূহত বগা হালধীয়াৰ বিপৰীতে, নীলা সেউজীয়াৰ বিপৰীতে আৰু কমলা ৰঙাৰ বিপৰীতে থাকে। আৰু এই ৰঙা, বগা আৰু নীলা ৰঙকেইটা তলিকেইখনত ঘড়ীৰ কাটাৰ ক্ৰমত থাকে। আভ্যন্তৰীন যান্ত্ৰিক কাৰুকাৰ্য এনেকুৱা যে প্ৰতিখন তলিয়েই সুকীয়াকৈ ঘূৰিব পাৰে। ইয়াৰ ফলত ৰঙসমূহ সানমিহলি হৈ গৈ প্ৰতিখন তলিৰ ৰঙ ভিন্নৰঙী হৈ যায়। পাজলটো সমাধান কৰিবলৈ প্ৰতিখন তলিৰ ৰঙ একে কৰা দৰকাৰ।

যদিও ১৯৮০ৰ দশকত ই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল, আজিও ই বহুল ভাৱে ব্যৱহৃত আৰু সমাদৃত হৈ আছে। ৱৰ্ল্ড কিউব এচ'চিয়েচনে (World Cube Association) ২০০৩ চনৰ পৰা এই পাজল সমাধান কৰা প্ৰতিযোগিতা আয়োযন কৰি আহিছে।

ধাৰণা আৰু বিকাশ

আৰম্ভণিৰ মডেল সমূহ

১৯৭০ চনৰ মাৰ্চত লেৰী নিক'লচে ২x২x২ আকৃতিৰ এক ঘূৰ্ণীয়মান ঘনকৰ পাজল এটা উদ্ভাৱন কৰিছিল আৰু কানাডিয়ান পেটেণ্টৰ বাবে আৱেদন কৰিছিল। ইয়াত ঘনকসমূহ চুম্বকৰ দ্বাৰা এটাৰ সৈতে আনটো লাগি আছিল। ১৯৭২ চনৰ ১১ এপ্ৰিলত ৰুবিকৰ উদ্ভাৱনৰ দুবছৰ আগত নিক'লচক (আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট 3655201 ) আমেৰিকাৰ পেটেণ্ট (৩৬৫৫২০১) অনুমোদন জনোৱা হয়। ১৯৭০ চনৰ ৯ এপ্ৰিলত ফ্ৰেংক ফক্স নামৰ এজন লোকে তেওঁৰ "গোলকীয় ৩x৩x৩" মডেলৰ পেটেণ্টৰ বাবে আৱেদন কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জনুৱাৰীত ব্ৰিটেইনৰ পেটেণ্ট (১৩৪৪২৫৯)লাভ কৰে।

ৰুবিকৰ উদ্ভাৱন

৭০ ৰ দশকৰ মাজভাগত এৰ্নো ৰুবিকে বুডাপেষ্টৰ একাডেমী অৱ এপ্লাইড আৰ্টচ্‌ এণ্ড ক্ৰাফটচ্‌ ( Academy of Applied Arts and Crafts)ৰ ইণ্টেৰিয়ৰ ডিজাইন বিভাগত কাম কৰিছিল। যদিওবা ছাত্ৰ-ছাত্ৰীসকলক ত্ৰিমাত্ৰিক গঠনৰ বিষয়ে জ্ঞান দিবলৈ এইটো তৈয়াৰ কৰা হৈছিল বুলি ব্যাপকভাৱে প্ৰচাৰিত হৈছিল, দৰাচলতে ইয়াৰ উদ্দেশ্য আছিল ভিন্ন কৌশল তথা কাৰুকাৰ্য অবিহনে অকাধিক গতিশীল অংশ থকা বস্তুৰ গাঠনিক সমস্যা সমাধান কৰা। প্ৰথমবাৰ কিউবটোৰ তলিসমূহ ঘূৰাই পুনৰ আগৰ অৱস্থালৈ নিবলৈ চেষ্টা নকৰালৈ ৰুবিকে অনুমানেই কৰিব পৰা নাছিল যে তেওঁ এটা পাজল উদ্ভাৱন কৰিছে। ১৯৭৫ চনত তেওঁৰ এই মেজিক কিউবটোৱে হাংগেৰীয়ান পেটেণ্ট HU170062 লাভ কৰে।

লগতে পঢ়ক

তথ্য সংগ্ৰহ

Tags:

ৰুবিকৰ কিউব ধাৰণা আৰু বিকাশৰুবিকৰ কিউব লগতে পঢ়কৰুবিকৰ কিউব তথ্য সংগ্ৰহৰুবিকৰ কিউব বাহ্যিক সংযোগৰুবিকৰ কিউবen:Spiel des Jahresইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কাঞ্চন (উপন্যাস)বিহুগীতযাদৱ পায়েংবায়ু প্ৰদূষণবৰদৈচিলাউত্তৰ গুৱাহাটীনাটকমহাকাব্যসাপভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকানীলমণি ফুকন (কনিষ্ঠ)ত্ৰিপিটকবিল গেট্‌ছকোষ (জীৱবিজ্ঞান)যোৰহাটঘৰহিমবাহকৃষিআয়ুৰ্বেদস্বাভাৱিক সংখ্যাবংগ বিভাজন (১৯০৫)পাইথেগাৰাছব্যাকৰণযোৰহাট জিলাৰ ইতিহাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅৰ্জুন ভঞ্জনঅসম সাহিত্য সভাপ্ৰাক-ইতিহাসজাতীয়তাবাদশৰাইঘাটৰ যুদ্ধউৎপাদন (অৰ্থনীতি)নীলমণি ফুকন (জ্যেষ্ঠ)হীৰেন গোহাঁইঅসমীয়া গীতি সাহিত্যসপ্তকাণ্ড ৰামায়ণবহনক্ষম ভূমি ব্যৱস্থাপনাবিশ্ব বেংকআৰবী ভাষাসংক্ৰমণসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাগণিতএকলব্যআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবিষ্ণুপ্ৰসাদ ৰাভাবহুকোষী জীৱদুৰ্যোগএককোষী জীৱশ্ৰীমদ্ভগৱতগীতাৱিকিমিডিয়া ফাউণ্ডেশ্যনপাচনg987zহেমকোষকম্পিউটাৰবাইখো পূজানামঘোষাউত্তৰ-পূব ভাৰতঅসমত দেখা পোৱা সাপবোৰবীৰেন্দ্ৰনাথ দত্তউগ্ৰতাৰা দেৱালয়জাভাপায়ু সংগমভূৱন মোহন বৰুৱাস্বৰাজসঁফুৰা (শিশু আলোচনী)পাৰিজাত হৰণ নাটকাৰ্বি জনগোষ্ঠীগুগলঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিকৃষ্ণকান্ত সন্দিকৈঅণুজীৱপঞ্চায়তী ৰাজভাৰতীয় ৰেল🡆 More