ৰক্ষণশীলতাবাদ

ৰক্ষণশীলতাবাদ (ইংৰাজী: Conservatism) হৈছে এক নান্দনিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক দৰ্শন, যি পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠানবোৰৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰিব বিচাৰে। ৰক্ষণশীলতাবাদৰ কেন্দ্ৰীয় ধাৰণাবোৰ সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰাগত মূল্যবোধ বা অনুশীলন অনুসৰি পৃথক পৃথক হ'ব পাৰে। পাশ্চাত্য সংস্কৃতিত ৰক্ষণশীলসকলে সংগঠিত ধৰ্ম, সংসদীয় চৰকাৰ আৰু সম্পত্তিৰ অধিকাৰৰ দৰে বিভিন্ন প্ৰতিষ্ঠান সংৰক্ষণ কৰিব বিচাৰে। ৰক্ষণশীলতাবাদৰ অনুসৰণকাৰীসকলে প্ৰায়ে আধুনিকতাৰ বিৰোধিতা কৰে আৰু পৰম্পৰাগত মূল্যবোধ প্ৰচলন কৰিব বিচাৰে।

ৰাজনৈতিক প্ৰেক্ষাপটত এই শব্দটোৰ প্ৰথম প্ৰতিষ্ঠিত ব্যৱহাৰ ১৮১৮ চনত ফৰাচী বিপ্লৱৰ নীতিসমূহ ঘূৰাই ল'বলৈ বিচৰা বৰ্বন পুনৰুদ্ধাৰৰ সময়ছোৱাত। ঐতিহাসিকভাৱে সোঁপন্থী ৰাজনীতিৰ সৈতে সম্পৰ্কিত এই শব্দটো তেতিয়াৰ পৰা বিভিন্ন ধৰণৰ দৃষ্টিভংগী বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ৰক্ষণশীল বুলি গণ্য কৰা নীতিৰ কোনো একক সংজ্ঞা নাই কিয়নো ৰক্ষণশীলতাৰ অৰ্থ নিৰ্ভৰ কৰে এক নিৰ্দিষ্ট স্থান আৰু সময়ত কাক পৰম্পৰাগত বুলি গণ্য কৰা হয় তাৰ ওপৰত। সেয়ে ৰক্ষণশীল চিন্তাধাৰা ভিন্নতা দেখা যায় কিয়নো ই নিজকে বিদ্যমান পৰম্পৰা আৰু ৰাষ্ট্ৰীয় সংস্কৃতিৰ সৈতে খাপ খুৱাই লয়। উদাহৰণ স্বৰূপে, কিছুমান ৰক্ষণশীল লোকে অৰ্থনীতিত অধিক চৰকাৰী হস্তক্ষেপৰ পোষকতা কৰে আনহাতে আন কিছুমানে অধিক মুক্ত বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ বাবে ওকালতি কৰে। এনেদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰক্ষণশীলসকলে— প্ৰত্যেকে তেওঁলোকৰ নিজ নিজ পৰম্পৰা বজাই ৰাখি— বিভিন্ন বিষয়ত অসন্মত হ'ব পাৰে। অষ্টাদশ শতিকাৰ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কে ফৰাচী বিপ্লৱৰ বিৰোধিতা কৰিছিল, কিন্তু আমেৰিকান বিপ্লৱক সমৰ্থন কৰিছিল; তেওঁক ১৭৯০-ৰ দশকত ৰক্ষণশীলতাৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে কৃতিত্ব দিয়া হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মাধৱ কন্দলিমানৱ শৰীৰবিহুৰ বাদ্যযন্ত্ৰবীজগণিতঅসমৰ ৰাজ্যিক প্ৰতীকসমূহতিনিচুকীয়া জিলাৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানজালিয়ানৱালাবাগৰ হত্যাকাণ্ডবানপানীভাৰতৰ উপৰাষ্ট্ৰপতিবিৰিঞ্চি কুমাৰ বৰুৱাত্ৰিভুজবেণুধৰ শৰ্মাহিউৱেন-চাংভাৰতীয় সংবিধানবিহুগীতভাৰত-আৰ্য ভাষা পৰিয়ালহনুমানমাইকেলেঞ্জেল'বৰপেটা জিলাসাহিত্যৱেষ্ট ইণ্ডিজঅণুবীক্ষণ যন্ত্ৰনেপোলিয়ন বোনাপাৰ্টশকুন্তলাআধুনিকতাবাদয়ুৰি গেগেৰিনউৰ্দু ভাষাস্থিতি শক্তিভাৰতৰ মুখ্য ন্যায়াধীশশ্ৰী শ্ৰী বটদ্ৰৱা থানঅৰ্থনীতিমিৰি জীয়ৰীজিজিয়াঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅশোক বনজীৱনীবিষ্ণুপ্ৰসাদ ৰাভাশিক্ষাঅসমৰ ধান খেতিৰ সঁজুলিসমূহভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপ্ৰদূষণকেন্দ্ৰীয় শাসিত অঞ্চললং ৱাক টু ফ্ৰীডমবাহৰেইনৰ নাৰীচানডুবি বিল২৯ মাৰ্চবায়ু প্ৰদূষণস্নায়ুকোষকামাখ্যা মন্দিৰ২৭ মাৰ্চঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহহেঙুল আৰু হাইতালৰেখাআৰ্লিং হালেণ্ডমধুপুৰ সত্ৰআৰ্লিং হালান্ডসপ্তকাণ্ড ৰামায়ণৱাশ্বিংটন ডি.চি.জ্ঞানপীঠ বঁটালীলা গগৈযোৰহাটনীলিম কুমাৰপৰিৱেশ তন্ত্ৰদৰং জিলাঅসমীয়া উপন্যাসগামোচাপ্ৰাকৃতিক সম্পদসাহিত্য সমালোচনাসত্ৰীয়া নৃত্যঅসমীয়া বৰ্ণমালাৰাষ্ট্ৰসংঘঅসমৰ কুঁহিলা শিল্পইটাখুলিৰ ৰণ🡆 More