হাইপ'থেলামাছ

হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ। সকলো মেৰুদণ্ডী প্ৰাণীৰ মগজুত হাইপ'থেলামাছ থাকে। মানুহৰ ক্ষেত্ৰত ইয়াৰ আকাৰ এটা বাদামৰ সমান। অনৈচ্ছিক স্নায়ু তন্ত্ৰৰ বহু জৈৱিক প্ৰক্ৰিয়াতো ই অংশ লয়। ইয়াৰ নিউক্লিয়াইবোৰে তৈয়াৰ কৰা বিমোচন হৰম'ন (releasing hormone) আৰু নিৰোধক হৰম'নবোৰে (Inhibiting hormone) অগ্ৰ পিটুইটেৰী গ্ৰন্থিৰ হৰম'নত প্ৰভাৱ পেলায়। এইবোৰ এক্সন আৰু আৰু নিবাহিকা পৰিবাহী তন্ত্ৰৰ সহায়ত পিটুইটেৰী গ্ৰন্থিলৈ যায়। আনহাতে হাইপ'থেলামাছত উৎপন্ন হোৱা অক্সিট'চিন আৰু ভেছ'প্ৰেছিন নামৰ দুবিধ হৰম'ন এক্সনেৰে পোনে পোনে পশ্চাৎ পিটুইটেৰীলৈ যায় আৰু প্ৰয়োজনসাপেক্ষে তাৰ পৰা ক্ষৰিত হয়।

হাইপ'থেলামাছ (Hypothalamus)
হাইপ'থেলামাছ
মানুহৰ হাইপ'থেলামাছৰ অৱস্থান
হাইপ'থেলামাছ
পিটুইটেৰী আৰু মগজুৰ আন অংশৰ সংগতিত হাইপ'থেলামাছৰ অৱস্থান (নীলা)
সবিশেষ
Part of মস্তিষ্ক
চিনাক্তকাৰক
লেটিন hypothalamus
MeSH D007031
নিউৰ'লেক্স ID birnlex_734
TA98 A14.1.08.401
A14.1.08.901
TA2 5714
FMA 62008
নিউৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা

হাইপ'থেলামাছে শৰীৰৰ তাপ, ক্ষুধা, পিয়াহ, টোপনি, ছন্দঃপূৰ্ণ চক্ৰ (circadian rythm) আৰু নানা আচৰণ নিয়ন্ত্ৰণ কৰে।

হাইপ'থেলামাছ
মানুহৰ হাইপ'থেলামাছ (ৰঙাৰে)

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

অন্তঃস্ৰাৱী তন্ত্ৰমেৰুদণ্ডী প্ৰাণীস্নায়ু তন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

দেৱালীকৰতল কমল কমল দল নয়নফণী শৰ্মাতুলসীসোণোৱাল কছাৰীচিৰ চেনেহী মোৰ ভাষা জননীহাতীৰাজস্থানসমাজমায়ামৰা সম্প্ৰদায়পদুমযাদৱ পায়েংবৰাক নদীগায়ত্ৰী মহন্তলোকসভাৰ অধ্যক্ষভৱানন্দ দত্তগামোচাঅৰুণাচল প্ৰদেশচক্ৰধ্বজ সিংহ (নাটক)বড়ো সাহিত্য সভাচৰ্যাপদঅসমৰ পৰম্পৰাগত সাজ-পাৰএচিদ বৰষুণমন্থৰাকোচ ৰাজবংশীজয়মতী কুঁৱৰীঅৰ্জুন ভঞ্জনতামোলঅসমীয়া ব্যাকৰণকলাকেতেকীবিৰিঞ্চি কুমাৰ বৰুৱাস্বৰাজদেৱকান্ত বৰুৱাসাত বিহুঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসংঘাততেজপুৰআহোম ভাষাবিজয় (অভিনেতা)অসম আন্দোলনধুতিঅন্তঃস্ৰাৱী তন্ত্ৰসৎনামী বিদ্ৰোহহিন্দু সৃষ্টিতত্ত্বশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সৌৰ শক্তিঅলিম্পিকভবানন্দ দত্তপ্ৰহ্লাদ চৰিত্ৰমাটিইংৰাজী ভাষাভাৰতৰ উচ্চতম ন্যায়ালয়জোৰোণশিৱসাগৰকৰবী ডেকা হাজৰিকাশকুন্তলাসপুষ্পক উদ্ভিদসমাজতত্ত্বশব্দখৰ্গেশ্বৰ তালুকদাৰআলেকজেণ্ডাৰ গ্ৰাহাম বে'লপ্ৰাকৃতিক দুৰ্যোগফাকে জনগোষ্ঠীজঙ্গমশিৱসাগৰৰ শিৱদৌলঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫চ্যু-কা-ফাঅসমীয়া ভাষা উন্নতি সাধিনী সভাপ্ৰেমচন্দৰবীন্দ্ৰনাথ ঠাকুৰমহামায়া ধামবাহা পৰৱ🡆 More