হাংগৰ

হাংগৰ বা শ্বাৰ্ক (ইংৰাজী: Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে। হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল'গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷ আধুনিক হাংগৰবোৰ Selachimorpha (বা Selachii) গোত্ৰৰ অন্তৰ্গত raysবোৰৰ এটা ভগ্নী গোট। যিকিনহওক হাংগৰ বুলিলে Selachimorphaৰ বাহিৰেও উপ-শ্ৰেণী Elasmobranchiiৰ কিছুমান সদস্য, যেনে Cladoselache আৰু Xenacanthusৰ, লগতে Chondrichthyesৰ অন্তৰ্গত holocephalid eugenedontidansবোৰকো বুজায়। এই ব্যাপক অৰ্থ মতে, প্ৰায় ৪২০ নিযুত বছৰ আগতেই হাংগৰ প্ৰথম অৱস্থিতি ধাৰণা কৰা হয়। Acanthodiansবোৰক প্ৰায়েই spiny sharks বুলি কোৱা হয়; যগিও ইহঁক প্ৰকৃততে Chondrichthyes নহয়।

হাংগৰ
জীৱাশ্ম কাল: ছিলুৰিয়ান–শেহতীয়া
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
Grey reef shark
এটা হাংগৰৰ (Carcharhinus amblyrhynchos) ছবি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Chondrichthyes
উপশ্ৰেণী: Elasmobranchii
মহাবৰ্গ: Selachimorpha
বৰ্গসমূহ

Carcharhiniformes
Heterodontiformes
Hexanchiformes
Lamniformes
Orectolobiformes
Pristiophoriformes
Squaliformes
Squatiniformes
† Cladoselachiformes
† Hybodontiformes
† Symmoriida
† Xenacanthida (Xenacantiformes)

† = বিলুপ্ত

প্ৰকাৰ

হাংগৰৰ প্ৰায় ৫০০ত কৈও অধিক প্ৰজাতি আছে। ইহঁতৰ আকাৰ ক্ষুদ্ৰ dwarf lanternshark (Etmopterus perryi), যাৰ দৈৰ্ঘ্য মাত্ৰ ১৭ centimetre (6.7 in)ৰ পৰা ১২ মিটাৰ (39 ফুট) পৰ্যন্ত দৈৰ্ঘ্যৰ whale shark (Rhincodon typus) পৰ্যন্ত হব পাৰে। whale shark হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ। হাংগৰ সমুদ্ৰত থাকে আৰু প্ৰায় ২,০০০ মিটাৰ (6,600 ফুট) গভীৰতাত বেছিকৈ দেখা পোৱা যায়। bull shark আৰু river sharkৰ দৰে কিছুমান ব্যতিক্ৰম বাদ দি ইহঁতক সাধাৰণতে অলুনীয়া পানীত দেখা পোৱা নাযায়। ইহঁতে সাতটা ফুল প্ৰণালীৰ জৰিয়তে শ্বাস-প্ৰশ্বাস লয়। হাংগৰৰ এক প্ৰকাৰৰ dermal denticle আৱৰণ থাকে, যি সিহঁতৰ চালক ক্ষতি তথা পৰজীৱীৰ পৰা সুৰক্ষিত কৰাৰ লগতে জলীয় গতিতো সহায় কৰে। ইহঁতৰ কেইবা শাৰীও প্ৰতিস্থাপনীয় দাঁত থাকে।

Great white shark, tiger shark, blue shark, mako shark আৰু hammerhead shark-ৰ দৰে বিখ্যাত হাংগৰ প্ৰজাতিবোৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা —জলজ খাদ্য সৃংখলৰ একেবাৰে ওপৰত অৱস্থিত জীৱ। মানুহৰ ক্ৰিয়াকলাপৰ ফলত বহু হাংগৰ প্ৰজাতি আজি বিলুপ্তিৰ পথত।

আকৃতি

হাংগৰ 
General anatomical features of sharks

হাংগৰৰ নাক জোঙা আৰু মুখখন ডাঙৰ৷ দাঁতবোৰ চোকা আৰু কেবাপাৰিকৈ থাকে৷ সিহঁতৰ ঘ্ৰাণশক্তি প্ৰখৰ৷ শ্ৰৱণ শক্তিও সমানে তীব্ৰ৷ কেইবিধমান হাংগৰহে নৰখাদক৷ যেনে - হোৱাই ছাৰ্ক৷ ইহঁত ৩৬ ফুট দীঘল আৰু ৪ টন ওজনৰ হয়৷

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাকংকালমাছ

🔥 Trending searches on Wiki অসমীয়া:

ধৰিত্ৰী দিৱসভাওনাএচিদ বৰষুণশালস্তম্ভ ৰাজবংশমৌখিক পৰম্পৰাঘৰচিৰিকাসতী সাধনীমৰিগাঁও জিলামিচিং জনগোষ্ঠীনগেন শইকীয়াকুলিজন গণ মনএইচ.আই.ভি/এইড্‌ছগোলকীকৰণআনন্দ চন্দ্ৰ আগৰৱালাভূপেন হাজৰিকাঅতুল চন্দ্ৰ হাজৰিকাভাৰতীয় দৰ্শনঅসমীয়া খাদ্যাভ্যাসঅসমৰ সত্ৰসমূহৰ তালিকাসপ্তকাণ্ড ৰামায়ণজেং বিহুবাণীকান্ত কাকতিঅসমত দেখা পোৱা মাছৰ তালিকাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫তিৱা জনগোষ্ঠীইণ্টাৰনেটমৌখিক ইতিহাসভাৰতীয় জনতা পাৰ্টিমাইলছ ব্ৰনছনঅসমৰ কুঁহিলা শিল্পশিৱসাগৰ জিলাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবাজেটঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহইন্দিৰা মিৰিবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণতথ্যকামাখ্যা মন্দিৰইয়াণ্ডাবু সন্ধিৰাতি বিহুছ'ভিয়েট সংঘউত্তৰ-পূব সীমান্ত ৰেলৱেঅযোধ্যা (পৌৰাণিক নগৰ)ঘিলাধাৰী ঘাটৰ সন্ধিপুঁজিবাদসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাহস্তীবিদ্যাৰ্ণৱসিন্ধু সভ্যতাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হেম বৰুৱাগুৱাহাটী (লোকসভা সমষ্টি)দ্বিতীয় বিশ্বযুদ্ধশিশুৰ খেল-ধেমালিবুৰঞ্জী সাহিত্যঅসমীয়া সাহিত্যগড়মূৰ সত্ৰদৌল গোবিন্দ মন্দিৰশৰৎচন্দ্ৰ গোস্বামীমানৰ অসম আক্ৰমণভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকানামচিংলিখন পদ্ধতিবহনক্ষম উন্নয়নৰ লক্ষ্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অসমৰ জনগোষ্ঠীদিল্লীপঞ্চায়তী ৰাজৰাজনৈতিক দলধৰ্মব্যৱস্থাপনাবড়ো জনগোষ্ঠীপদ (ব্যাকৰণ)কনকলতা বৰুৱানীলকণ্ঠী ব্ৰজঅসমৰ তেল শোধনাগাৰমানস ৰাষ্ট্ৰীয় উদ্যান🡆 More