দাঁত

দাঁত (ইংৰাজী: Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।

দাঁত
মানুহৰ দাঁতৰ লম্বছ্ছেদত বিভিন্ন অংশসমূহ

দাঁতৰ প্ৰকাৰ

  1. কৃন্তক (incisor)
  2. ছেদক (canine)
  3. পুৰঃপেষক (premolar)
  4. পেষক (molar)।

এই ধৰণৰ দন্তবিন্যাসক হেটাৰ'ডণ্ট (heterodont) বোলে। অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে মানুহৰ জীৱন কালত দুই প্ৰকাৰৰ দন্ত দেখা যায়: দুগ্ধদন্ত (milk teeth) আৰু স্থায়ীদন্ত (permanent teeth)। ছমাহ বয়সৰ পৰা দুবছৰ বয়সলৈকে দুগ্ধদন্ত ওলায়। পিছত ৬-১২ বছৰৰ ভিতৰত দুগ্ধদন্ত সৰি যায় আৰু তাৰ ঠাইত স্থায়ীদন্তৰ সৃষ্টি হয়। জীৱন কালত দুই ধৰণৰ দন্ত থকা বাবে ইহঁতৰ দন্তক ডাইফিঅ'ডন্ত (diphyodont) বোলে।

দাঁতৰ আকৃতি

মানুহৰ দুয়োটা হনুত দাঁত থাকে। প্ৰতিটো দাঁতত তিনিটা অংশ থাকে-

  • ক্ৰাউন বা দন্তচূড়া (crown): দাঁতৰ আলুৰ ওপৰত ওলাই থকা অংশটোক ক্ৰাউন বোলে। ক্ৰাউন অংশ অতি টান এনামেল (enamel) ৰ দ্বাৰা আবৃত।
  • গ্ৰীৱা: দন্তমূল আৰু ক্ৰাউনৰ মধ্যৱৰ্তী অংশক গ্ৰীৱা বোলে। এই অংশ দাঁতৰ আলুৰ ভিতৰত সোমাই থাকে।
  • দন্তমূল (root): দাঁতৰ দন্তমূল অংশ হনুত থকা গাঁতৰ ভিতৰত সোমাই থাকে। দন্তমূল অংশ টান চিমেণ্টৰ দ্বাৰা অস্থিৰ লগত লগ লাগি থাকে। কৃন্তক আৰু ছেদক দন্তৰ এটাকৈ দন্তমূল থাকে। উৰ্দ্ধপেষকবোৰৰ তিনিটাকৈ আৰু নিম্নেষক দন্তবোৰৰ দুটাকৈ দন্তমূল থাকে।

দন্ত সংকেত

যি সংকেতৰ দ্বাৰা প্ৰতি হনুত থকা দাঁতৰ সংখ্যা আৰু বিন্যাস (arrangement) বুজাব পাৰি,তাক দন্ত সংকেত (dental formula) বোলা হয়। মানুহৰ দুগ্ধদন্ত আৰু স্থায়ীদন্তৰ দন্ত সংকেত-

দুগ্ধদন্ত-কৃ:২/২; ছে: ১/১; পু:পে: ০/০; পে: ২/২ = ৫/৫ × ২= ২০

স্থায়ীদন্ত-কৃ: ২/২; ছে: ১/১; পু:পে ২/২; পে: ৩/৩= ৪/৪ × ২= ৩২

তথ্য সংগ্ৰহ

Tags:

দাঁত ৰ প্ৰকাৰদাঁত ৰ আকৃতিদাঁত দন্ত সংকেতদাঁত তথ্য সংগ্ৰহদাঁতইংৰাজী ভাষাপ্ৰাণীমেৰুদণ্ডী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

বৌদ্ধ দৰ্শনবিহুগীতকৃষ্ণঅসমভাৰত-আৰ্য ভাষা পৰিয়ালঅসম আৰক্ষীঅসমীয়া ভাষাৰঙা পুলিচঋকবেদগামখাৰুগণতন্ত্ৰস্বামী বিবেকানন্দবিশ্ব ঘৰচিৰিকা দিৱসমুখমৈথুনঅৰূপা পটংগীয়া কলিতাশ্ৰীমন্ত শংকৰদেৱহৰ্ণবিল উৎসৱজণ্ডিছশিঙি মাছজীৱনীনীলমণি ফুকন (কনিষ্ঠ)বৰপেটাব্যক্তিত্বভাৰতীয় নাগৰিকত্ব আইনঅশোকৰ অনুশাসনপদুমভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যগগনাঅসীমত যাৰ হেৰাল সীমাকথা কবিতাহেমচন্দ্ৰ গোস্বামীপুৰুষোত্তম দাসবিহুমৌখিক লোকসাহিত্যমহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডডিম্পু বৰুৱাঅসমৰ লোকবাদ্যলোকচিকিৎসাকলিমাজৱাহৰলাল নেহৰুসাধুকথাভাৰতৰ ৰাষ্ট্ৰপতিকম্পিউটাৰসূৰ্যকুমাৰ ভূঞানীতিপালমাজুলীৰ সন্ধিবাজেটচিপাহী বিদ্ৰোহ ১৮৫৭বাৰেমতৰাআমবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যকথাকলিহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅঘৰী আত্মাৰ কাহিনীভাৰতব্লগৱিকিমিডিয়া ফাউণ্ডেশ্যনপূৰবী বৰমুদৈঅসমীয়া খাদ্যাভ্যাসঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিনিৰ্বাচনী চিয়াঁহীবাঙালী জাতিশিৱসাগৰসোণোৱাল কছাৰীআলাবৈৰ ৰণলক্ষ্মীধৰ শৰ্মাচীনবুৰঞ্জীবুলু ফিল্মপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যসালোক সংশ্লেষণজেং বিহু🡆 More