সীতা

সীতা (সংস্কৃত: सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ উৰ্মিলা নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে। সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক বৈদেহী, জানকী, বিদেহ নন্দিনী আৰু মৈথিলী আদি নামেৰেও জনা যায়।

সীতা
সীতা
দেৱনাগৰী सीता
সম্পৰ্ক লক্ষ্মীৰ অৱতাৰ
সঙ্গী ৰাম
পিতৃ-মাতৃ জনক (দত্তক পিতৃ)
সুনয়না (দত্তক মাতৃ)
হিন্দু পাঠ্য ৰামায়ণ

সীতাই যৌৱনকালত অযোধ্যাৰ ৰাজকুমাৰ ৰামক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক লক্ষ্মণৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে দণ্ডকাৰণ্যত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক লংকাৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰে। পিছত লংকাৰ অশোক বনত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ কয়; যাৰ বাবে লক্ষ্মণে তেওঁৰ ভায়েক ৰামৰ ওপৰত প্ৰথম বাৰ খং কৰে।

ৰামায়ণৰ অন্য সংস্কৰণত, ৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰা সীতা গৰাকী প্ৰকৃততে সীতাৰ নকল ৰূপ মায়া সীতাহে আছিল যি অগ্নিৰ দ্বাৰা সৃষ্টি হৈছিল আৰু প্ৰকৃত সীতা জুইত লুকাই আছিল। কিছুমান শাস্ত্ৰত তেওঁক পূৰ্বৱৰ্তী জন্মত বেদৱতী আছিল বুলিও উল্লেখ কৰা হয়, যাক ৰাৱণে উৎপীড়ন কৰিবলৈ চেষ্টা কৰিছিল। অগ্নিপৰীক্ষাৰ দ্বাৰা তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰাৰ পিছত ৰাম আৰু সীতা অযোধ্যালৈ আহে আৰু ৰজা-ৰাণী হিচাপে মুকুট পৰিধান কৰে। এদিন এজনে সীতাৰ পবিত্ৰতাকলৈ প্ৰশ্ন কৰে আৰু নিৰ্দোষতা প্ৰমাণ কৰি নিজৰ আৰু ৰাজ্যৰ মৰ্যাদা বজাই ৰাখিবলৈ সীতাক ঋষি বাল্মীকিৰ আশ্ৰমৰ ওচৰৰ অৰণ্য এখনলৈ পঠিয়াই দিয়া হয়। কেইবছৰ পিছত, সীতাই তেওঁৰ দুই পুত্ৰ লৱ আৰু কুশক তেওঁলোকৰ পিতৃ ৰামৰ সৈতে মিলিত কৰাই দিয়াৰ পিছত তেওঁ বিশুদ্ধতাৰ প্ৰমাণ হিচাপে এক নিষ্ঠুৰ পৃথিৱীৰ পৰা মুক্তিৰ বাবে তেওঁৰ মাতৃ পৃথিৱী (ভূদেৱী) -ৰ গৰ্ভলৈ উভতি যায়।

তথ্য সংগ্ৰহ

Tags:

উৰ্মিলাজনকভূদেৱীমাণ্ডৱীমিথিলা (বিদেহ ৰাজ্য)শ্ৰুতকীৰ্তিসংস্কৃত ভাষাৰামায়ণ

🔥 Trending searches on Wiki অসমীয়া:

চ'মাংকানআউনীআটী সত্ৰবৰ্মণ ৰাজবংশআজান পীৰবাইখো পূজাঅংগৰাগ মহন্তলক্ষ্মীধৰ শৰ্মাহাড়প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকানামঘোষাকামৰূপ জিলাবৰপেটানৰকাসুৰঘৰৰূপালীমঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫জীৱনীধৰ্মসংবিধান দিৱস (ভাৰত)আন্তৰ্জাতিক শ্ৰমিক দিৱসনগেন শইকীয়াপোৱামক্কানয়ন নীলিমটুক্ৰেশ্বৰী দেৱালয়পৃথিৱীঅন্তৰীপ (উপন্যাস)অসম আন্দোলনঅতুল চন্দ্ৰ হাজৰিকাত্ৰিভুজশিশুৰ খেল-ধেমালিমানৱ শৰীৰভাৰতীয় ভাষাঅসম আৰক্ষীশালস্তম্ভ ৰাজবংশলোক-সংগীতদৌল গোবিন্দ মন্দিৰধানগুৱাহাটী (লোকসভা সমষ্টি)নিমাতী কইনামই আৰু নেফাজিকিৰভাৰতীয় ৰেলগোলাঘাট জিলাচিপাহী বিদ্ৰোহ ১৮৫৭চিৰ চেনেহী মোৰ ভাষা জননীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনতথ্য জনাৰ অধিকাৰ আইন, ২০০৫বিহু নৃত্যস্বামী বিবেকানন্দযুগ্ম সংখ্যাসম্পাদনাসংখ্যাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমীয়া ভাষাহিউমাছভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাজ্ঞানপীঠ বঁটাসুশোভন সোনু ৰায়চৰ্যাপদস্বৰাজঅৰ্থনীতিমহাভাৰতযোৰহাট জিলাভূমিকম্পভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবুৰঞ্জী সাহিত্যবেটুপাতঅসীমত যাৰ হেৰাল সীমাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহ🡆 More