জৈৱিক লিংগ

বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ (ইংৰাজী: sex) বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে। কিছুমান জননকোষ গঠন আৰু কাৰ্যত একে হোৱা দেখা যায় (isogamy বোলে), কিন্তু বহু ক্ষেত্ৰত জীৱৰ লিংগভেদে জননকোষৰ গঠন আৰু কাৰ্য একে নহয় (anisogamy)। পুং জননকোষবোৰ সৰু, চলনক্ষম, আৰু জিনীয় তথ্যবোৰ বহু দূৰলৈ কঢ়িয়াই নিব পাৰে, আনহাতে স্ত্ৰী জননকোষবোৰ ডাঙৰ, চলনক্ষম নহয় আৰু আৰু নতুনকৈ সৃষ্টি হবলহা জীৱটোৰ প্ৰাৰম্ভিক বিকাশৰ বাবে প্ৰযোজনীয় পুষ্টিৰ যোগান ধৰে। মানুহ আৰু অন্য স্তন্যপায়ীৰ, পুং লিংগই XY লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ XY ক্ৰম'জম, আনহাতে স্ত্ৰী লিংগই XX ক্ৰম'জম বহন কৰে।

জৈৱিক লিংগ
পুং জননকোষে (শুক্ৰাণু) স্ত্ৰী জননকোষক (ডিম্বাণু) নিষেচিত কৰে।

জীৱই উৎপাদন কৰা বীজকোষে ইয়াৰ লিংগ নিৰ্ধাৰণ কৰে: পুং জীৱই পুং জননকোষ (spermatozoa, বা স্তন্যপায়ীৰ শুক্ৰাণু; উদ্ভিদৰ পৰাগ) আনহাতে স্ত্ৰীয়ে স্ত্ৰী জনন কোষ সৃষ্টি কৰে (ডিম্বাণু, বা কণী); কিছুমান জীৱই পুং আৰু স্ত্ৰী উভয় জননকোষৰ উৎপাদন কৰে (hermaphroditic)। সাধাৰণতে, জীৱৰ লিংগভেদে শাৰীৰিক ভিন্নতা পৰিলক্ষিত হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাজীৱপ্ৰজাতিস্তন্যপায়ী

🔥 Trending searches on Wiki অসমীয়া:

কোণউপভাষাঅখণ্ড সংখ্যাভাস্কো দা গামালোক-নৃত্যচ্যু-কা-ফাখিলঞ্জীয়া লোকউমানন্দউত্তৰ গুৱাহাটীচাহেবপুৰাৰ বৰষুণশব্দ প্ৰদূষণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভিটামিনজোৰোণ২০২৪আহোম জনগোষ্ঠীশিক্ষালোকাচাৰডিব্ৰুগড় জিলাকলিকতাঅসমৰ চলচ্চিত্ৰপলাশীৰ যুদ্ধঅসমৰ লোকগীতভাৰতত বনাঞ্চল ধ্বংসছুনামিআনন্দৰাম ঢেকিয়াল ফুকনকাৰ্বি জনগোষ্ঠীসত্যজিৎ ৰায়অব্যয় পদহিমবাহঅসমৰ জনগোষ্ঠীএশিঙীয়া গঁড়চৰাইদেউ জিলাআৱাহন (আলোচনী)লক্ষ্মীনন্দন বৰাম’বাইল ফোনপাটবাউসী সত্ৰচিকিৎসা বিজ্ঞানঅসমৰ পুৰণি স্থাপত্যভূমি প্ৰদূষণনাগাৰা নামহেমকোষখেৰাইৰমন্যাসবাদসংক্ৰমণঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমৰ সাধুকথাপাঁচালীভাৰতৰ ইতিহাসনীলমণি ফুকন (কনিষ্ঠ)অসমৰ মন্ত্ৰ-সাহিত্যমুহাম্মাদৰুবুল মাউতদৰ্শনব্যাকৰণকীৰ্তন ঘোষা সংকলননাহৰৰ গীততামোলচৰাইডিব্ৰুগড় বিশ্ববিদ্যালয়লোকবিশ্বাসবিহুগীতগোলকীকৰণশ্ৰীমন্ত শংকৰদেৱৰঘুনাথ চৌধাৰীহিন্দু ধৰ্মৰজনীকান্ত বৰদলৈশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘহিমন্ত বিশ্ব শৰ্মাভাৰতৰ ৰাষ্ট্ৰপতিসৰ্বানন্দ সোণোৱালদৌল গোবিন্দ মন্দিৰপাৰ্ৱতি প্ৰসাদ বৰুৱাআত্মসহায়ক গোটসূৰ্যকুমাৰ ভূঞা🡆 More