মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিনয় কৰে। যি কোনো অভিনেতায়ে কিছু পৰিমানে মূকাভিনয় কৰিব লগা হয়, তেওঁলোকৰ অঙ্গীভঙ্গীৰ সহায়ত। আনকথাত মূকাভিনয় থিয়েটাৰৰ ৰস বিতৰণৰ এক মাধ্যম। মুকাভিনয়ক এটা স্বতন্ত্ৰ প্ৰদৰ্শন কলা হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰ আৱিৰ্ভাৱ হৈছিল প্ৰাচীন গ্ৰীছত। জাক্ছ লেককে তেওঁৰ প্ৰশিক্ষণ পদ্ধতিৰে আধুনিক যুগত মুকাভিনয়ৰ বিকাশত প্ৰভূত বৰঙণি যোগাইছিল।
আদি ৰোমান যুগত ওপৰত উল্লেখিত ধৰণৰ অনুষ্ঠানত অংশলোৱা লোক সকলক ইংৰাজী ভাষাত Pantomime বুলিছিল। অৰ্থাৎ Pantomime সকল আছিল এক শ্ৰেণীৰ অভিনেতা যি মূকাভিনয় অনুষ্ঠানত অংশগ্ৰহন কৰিছিল। এই সকলৰ উদ্ভৱকাল নিৰ্ণয় কৰা কঠিন। Pantomime শব্দটি গ্ৰীক শব্দ, যাৰ অৰ্থ বিশুদ্ধ অনুকৃতি (ইংৰাজী ভাষাত: allmimic)।সকলো অভিনেতায়েই কিছু পৰিমানে মুকাভিনয় কৰিব লগা হয় তেওঁলোকৰ অংগীভঙ্গিৰ জৰিয়তে। Pantomime মাত্ৰ ভাৱ, ক্ৰিয়া আৰু পৰিস্থিতিৰ দেহ ভংগী আৰু পদক্ষেপৰ প্ৰকাশ। সভ্যতাৰ আদি যুগত প্ৰত্যেক দেশৰ ৰণনৃত্য, জীৱজন্তুৰ অনুকৰণ, বলিদান আদি অনুষ্ঠানত Pantomimeৰ অস্তিত্ব পোৱা যায়। ভাৰত আৰু মিচৰৰ সভ্যতাত Pantomime-এ এক ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শিল্পৰ পৰ্য্যায়লৈ উন্নীত হয়। গ্ৰীকসকলে মাজে মাজে মূকাভিনয়ৰ সহায়ৰ হেতু 'কোৰাচ’ যুক্ত কৰিছিল।ৰোমান সকলে বিশেষ ভাবে Pantomimeৰ উন্নতি সাধন কৰিছিল।এই উৎকৰ্ষ সাধনৰ বাবে ৰোম সাম্ৰাজ্যত বিদ্যালয়ো প্ৰতিস্থা কৰিছিল। মুকাভিন্যৰ বিভিন্ন চৰিত্ৰৰ পাৰ্থক্য বুজাবলৈ মুখাৰ প্ৰয়োগ কৰিছিল।কেতিয়াবা কেতিয়াবা এই মূকাভিনয়ৰ লগত দৃশ্যসজ্জা, আবাহসঙ্গীত যুক্ত কৰি এক নাট্য মূহুৰ্ত্তৰো সৃষ্টি কৰিছিল। ইংৰাজ সকলৰ "Dumb-Show" প্ৰকৃততে এই Pantomimeৰে এটি আঙ্গিক মাত্ৰ। পুৰণি ৰোমান সম্ৰাট অগাষ্টাচ আছিল Pantomimeৰ পৃষ্ঠপোষক। বহুতে সেয়ে আগাষ্টাচক মূকাভিনয়ৰ জন্মদাতা বুলি ক’ব বিছাৰে।উল্লেখযোগ্য যে সম্ৰাট টিবেৰিয়াচে আকৌ Pantomimeৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ বাবে এক নিষেধাজ্ঞা জাৰি কৰিছিল। ফলত সেই সময়ৰ সম্ভ্ৰান্ত ব্যক্তি সকলৰPantomime দলত যোগদান বন্ধ হৈ পৰিছিল।বৰ্তমান যুগত আকৌ Pantomimeৰ চৰ্চা পুনঃআৰম্ভ হয়। স্বয়ং সম্ৰাট 'নিৰো'ৱে হেনো Pantomime হিছাবে অভিনয়ো কৰিছিল। Pantomime সকলে মুখাৰ ব্যৱহাৰ কৰিছিল, সেয়ে মুখৰ অভিব্যক্তি বা অনুকৃতি সম্ভব হোৱা নাছিল। হাত আৰু হাতৰ আঙুলি বোৰেই প্ৰধানত: ব্যৱহাৰ হৈছিল। ২০খৃষ্টাব্দৰ পৰা মহিলা সকলে Pantomime হিছাবে আত্মপ্ৰকাশ কৰে। কোনো কোনো সময়ত সেই অভিনেত্ৰী সকলে নগ্ন হৈও অভিনয় কৰিছিল। এই কাৰ্য্যত প্ৰাচীন খৃষ্টান লিখক সকল খৰ্গহস্ত হৈছিল আৰু 'গ্ৰচৱী জুভেনাল' নামৰ দাৰ্শণিকজনে এই অনুষ্ঠান সমুহ অশ্লীল বুলি প্ৰতিবাদ কৰিছিল। কালক্ৰমত বিভিন্ন পৰিবৰ্তনৰ মাজেৰে আহি আধুনিক Pantomime ত মুকাভিনেতাতকৈ অভিনিত বিষয়বস্তুৰ গুৰুত্ব বাঢ়িল।
Pantomime বিলাকত আঞ্চলিক ছাপ আৰু সমসাময়িক বিষয় যুক্ত হৈছিল। সেই বিলাকত বিভিন্ন দৃশ্যসজ্জা, অনুকৃতি, নৃত্য, যাদু খেল, স্হূল ৰসৰে পুৰ্ণহৈ পূৰ্বৰ মৰ্য্যদা হেৰুৱাবলৈ আৰম্ভ কৰিছিল।মধ্যযুগত Mystry Playৰ মাজত আকৌ আমি Pantomimeৰ পূৰ্ৱৰ ধাৰা দেখা পাওঁ। Comedia-Del-Arte ৰ এটা আংগিক Pantomimeৰ ৰূপত আভিৰ্ভাব হল।ইয়াৰ মাজতে Harlequinadeৰ জনপ্ৰিয় চৰিত্ৰ সমুহ তথা বহুৱা ইত্যাদিৰ আমদানী হবলৈ ধৰিলে। আনুমানিক ১৭২৩ খৃষ্টাব্দত এনেধৰণৰ বিনোদন ধৰ্মী অনুষ্ঠানে ইংলণ্ডত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯ শতিকাত 'বেলে' নৃত্যৰ অধ:পতনৰ লগে লগে Pantomimeও মঞ্চৰ পৰা প্ৰায় লুপ্ত হৈ পৰে।কিন্তু কুৰি শতিকাৰ প্ৰথম দশকত 'ৰুডলফ ভন' আৰু 'মেৰী উইগমেন'ৰ প্ৰচেষ্টাত Pantomime এ জাৰ্মেনীত New Dance নামে পুনৰ প্ৰতিস্থা হয়। কালক্ৰমত লাহে লাহে গোটেই বিশ্বতে Pantomime জনপ্ৰিয় হৈ পৰে। ভাৰতীয় নৃত্য শৈলী, বিশেষকৈ ভাৰত নাট্যম আৰু কথাকলিত অতীতকালৰে পৰা মূকাভিনয়ৰ অস্তিত্ব বিদ্যমান। এই দুবিধ শৈলীত প্ৰয়োগ হোৱা বিভিন্ন অংগীভঙ্গি , অভিব্যক্তি(মুখজ অভিনয়) আদিৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি। যি সমুহ কঠোৰ অনুশীলনী আৰু ব্যাকৰণ সন্মত শিক্ষাৰ দ্বাৰা আয়ত্ত্ব কৰিব পাৰি।
মূকাভিনয় কলাৰ কিছুমান আভ্যন্তৰীণ সূত্ৰ আছে।এই সূত্ৰ সমুহৰ সহায়ত এজন মূকাভিনেতাই তেওঁৰ অভিনয়ৰ পূৰ্ণ বিকাশ কৰিব পাৰে আৰু দৰ্শক সকলেও বিষয় বস্তু সম্পুৰ্ণভাৱে উপলব্ধি কৰিব পাৰে।
গতিৰ সূত্ৰ সমুহত কেন্দ্ৰ মানে হৃদয়ক বুজোৱা হয়।
ভঙ্গীমা আৰু অঙ্গাভিনয় যন্ত্ৰ (Gestures and Gesture Apparatus): মূকাভিনয় শিল্পৰ মূল ভিত্তি হৈছে দেহ আৰু মন। এই দুয়োটাৰ ওপৰত সংযম আৰু পুৰ্ণ দখল থকা অত্যন্ত প্ৰয়োজন। এই দুইটাৰ সন্মিলিত ব্যৱহাৰে মুকাভিনয়ৰ উন্নতি কৰে।ইয়াৰ বাবে মূকাভিনেতাৰ দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গ শিঠিল আৰু সংযত কৰিব লাগে। বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা উক্ত গুণ আয়ত্ব কৰা যায়। দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গক এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব যাতে নিজস্ব ভাব প্ৰকাশ কৰোঁতে এটা কলাসুলভ সৌন্ধৰ্য্য প্ৰকাশ কৰে।
ভঙ্গীমা সমুহ প্ৰদৰ্শন কৰিবৰ বাবে "অঙ্গাভিনয় যন্ত্ৰ"ৰ প্ৰয়োজন। যন্ত্ৰ সমুহ হ’ল: হাত দুখন, মণিবন্ধ, কিলাকুটি আৰু কান্ধ। এই প্ৰতিটো অংগৰ একোটা বিশেষ অৰ্থ প্ৰকাশ ক্ষমতা আছে। মুখমণ্ডলৰ পাছতেই হাতৰ স্থান। কাৰণ হাত দুখন হ’ল:
হাত আৰু নিম্ন বাহুৰ সংযোগস্থলকে 'মণিবন্ধ' বোলা হয়। হাতৰ লগত চিধাচিধি সম্পৰ্ক হ’ল মণিবন্ধৰ। কাৰণ হাতৰ বিভিন্ন ভঙ্গীৰ বাবে কৰা বিভিন্ন স্থান পৰিৱৰ্তনৰ বাবে মণিবন্ধই দায়বদ্ধ। হাতৰ ভঙ্গী নিখুঁত আৰু সূক্ষ্ম কৰাৰ বাবে মণিবন্ধৰ সংযম আৰু নমনীয়তাৰ ব্যায়াম কৰা একান্ত প্ৰয়োজন।
মানুহৰ দেহ তিনিটা প্ৰধান ভাগত বিভক্ত।এই বোৰ আকৌ কিছুমান অঞ্চলত বিভক্ত।এই অঞ্চল বিলাকে কোনো অঙ্গাভিনয়ৰ আৰম্ভ আৰু সমাপ্তিবিন্দু সুচায়।প্ৰধান অঙ্গ তিনিটা হল:
মস্তকৰ উপৰিভাগ কপাল আৰু চকু দুটাৰে গঠিত।এই অঞ্চলটোক মানসিক অঞ্চল বা ইংৰাজীত Frontal Zone বোলে।ইয়াৰ মধ্যাঞ্চল গঠন হৈছে নাক আৰু ওপৰ ওঠৰ দ্বাৰা।মধ্যাঞ্চল আবেগময়তাৰ অঞ্চল বা ইংৰাজীত Buccal Zone বোলে।মস্তকৰ নিম্নাংশ গঠিত হৈছে তল ওঠ আৰু ঠুতৰিটোক লৈ।এই অঞ্চল দৈহিক প্ৰবৃতিৰ দ্বাৰা পৰিপূৰ্ণ।এই অংশক ইংৰাজীত Zenal Zone বোলা হয়।
দেহকাণ্ডক দুটা ভাগত ভগোৱা হয়।উৰ্দ্ধাংশ আৰু নিম্নাংশ।
এই ভাগ মানুহৰ হাত দুটা আৰু ভৰি বা পদ দুটাক লৈ গঠিত।হাতক আকৌ তিনিটা অঞ্চলত ভগোৱা হয়।
এই অঞ্চল সমুহ হাতৰ মণিবন্ধৰ যোৰা,কিলাকুটি আৰু কাঁন্ধৰ যোৰাৰে সংলগ্ন হৈ থাকে।
উপৰোক্ত অঞ্চল বিলাক গোৰোহা,আঁঠু আৰু নিতম্বৰ দ্বাৰা সংযুক্ত। হাত আৰু ভৰিহাল দেহৰ আটাইতকৈ বেছি প্ৰয়োজনীয় অংগ কাৰণ এই দুটাৰ দ্বাৰাই সৰ্বাধিক ক্ৰিয়া কৰ্ম সাধিত হয়।
This article uses material from the Wikipedia অসমীয়া article মূকাভিনয়, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.