মন জিলা

মন জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷

মন জিলা
—  জিলা  —
Mon-Nagaland-Jim-Ankan-Deka-photography.jpgনাগালেণ্ডৰ মন জিলাৰ এখন গাওঁ
মন জিলা
নাগালেণ্ডত মন জিলাৰ অৱস্থান
নাগালেণ্ডত মন জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ মন জিলা ভাৰত
জনসংখ্যা (২০১১)
 - মুঠ ২,৫০,৬৭১ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL-MN
ৱেবছাইট mon.nic.in

ভৌগোলিক অৱস্থান

মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পশ্চিমে অসম, পূবে ম্যানমাৰ আৰু দক্ষিণে লংলেং আৰু টুৱনচাং জিলা৷ জিলাখনৰ সদৰ ঠাই মন চহৰ৷

অৰ্থনীতি

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ এখন বুলি মন জিলাক অভিহিত কৰে৷ ভাৰত চৰকাৰৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা ধনৰ আবণ্টন লাভ কৰা নাগালেণ্ডৰ তিনিখন জিলাৰ ভিতৰত মন অন্যতম৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মন জিলাৰ মুঠ জনসংখ্যা ২৫০,৬৭১ জন৷ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত মন জিলাৰ স্থান ৫৮২ তম৷ মন জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯৮ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৫৬.৬%।

সংস্কৃতি

মন জিলা ক’নিয়াক নগা জনজাতিৰ বসতিস্থল৷ পৰম্পৰাগতভাৱে এই জনজাতিৰ লোকসকলে দেহ-মুখত টাটু পৰিধান কৰে৷ ক’নিয়াকসকলৰ মূল উৎসৱ হৈছে 'Aoleang Monyu'৷ এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয়৷

ক’নিয়াকসকলৰ পৰম্পৰাগত নেতা হৈছে আং (Angh), যি উত্তৰাধিকাৰী সূত্ৰে এই উপাধি লাভ কৰে৷ প্ৰতিখন গাঁৱত আং গৰাকীৰ ঘৰ আটাইতকৈ ডাঙৰ হয়৷ ঘৰৰ সন্মুখত সাধাৰণতে জন্তুৰ লাওখোলা সজ্জিত থাকে৷

পৰ্য্যটন

মন জিলা 
ক’নিয়াক নগাসকলৰ পৰম্পৰাগত সজ্জা
    চাংন্যু গাওঁ (Shangnyu village)

চাংন্যু গাওঁ মূখ্য আং গৰাকীৰ দ্বাৰা পৰিচালিত৷ এই গাৱঁত ৮ ফুট উচ্চতাৰ আৰু ১২ ফুট প্ৰস্থৰ এটা ঐতিহাসিক কাঠৰ প্ৰতিমূৰ্ত্তি আছে৷ মূৰ্ত্তিটোত মানুহ আৰু জীৱ-জন্তুৰ প্ৰতিচ্ছৱি খোদিত কৰা আছে৷ ইতিহাসৰ মতে এই গাওঁ আৰু আহোম ৰাজত্বৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল৷

    চুই গাওঁ (Chui village)

এই গাওঁ সদৰঠাই মনৰ কাষৰীয়া অঞ্চলত অৱস্থিত৷ গাওঁখনৰ আং গৰাকীৰ ঘৰটো সৰ্ববৃহৎ আুৰ ঘৰৰ সন্মুখভাগ পূৰ্বপুৰুষ আৰু তেওঁ নিজে নিধন কৰা শত্ৰুৰ লাওখোলাৰে সজ্জিত৷ ক’নিয়াকসকলৰ মাজত উনৈশ শতিকাৰ শেষভাগলৈকে মুণ্ড চিকাৰ প্ৰচলিত আছিল৷

    লংৱা গাওঁ (Longwa village)

লংৱা নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত গাওঁসমূহৰ ভিতৰত সৰ্ববৃহৎ গাওঁ৷ এই গাৱঁৰ মুখ্য আঙৰ ঘৰৰ আধা ভাৰতত আৰু অন্যভাগ ম্যানমাৰত অৱস্থিত৷ অৱশ্যে সমগ্ৰ গাওঁখন পৰিচালনা কৰে মুখ্য আং গৰাকীয়ে৷ তেওঁৰ ক’নিয়াক জনাজতিৰ ৬০ খন গাওঁৰ নেতা৷

    ভেদা (Veda Peak)

মন জিলাৰ সৰ্ব্বোচ্চ এই শিখৰটো মন চহৰৰ পৰা ৭০ কিমি পূবে অৱস্থিত৷ এই শিখৰৰ পৰা ফৰকাল বতৰত ব্ৰহ্মপুত্ৰ দেখা পোৱা যায়৷

    নাগনিমুৰা (Naganimora)

এই চহৰখনৰ নামৰ উৎস হৈছে 'নগা ৰাণী মৰা' (the burial place of the Naga queen)৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

মন জিলা ভৌগোলিক অৱস্থানমন জিলা অৰ্থনীতিমন জিলা জনসংখ্যামন জিলা সংস্কৃতিমন জিলা পৰ্য্যটনমন জিলা তথ্যসূত্ৰমন জিলা বাহ্যিক সংযোগমন জিলানাগালেণ্ডভাৰত

🔥 Trending searches on Wiki অসমীয়া:

গণৰাজ্য দিৱস (ভাৰত)হেমচন্দ্ৰ বৰুৱাসদৌ অসম ছাত্ৰ সন্থাআইজাক নিউটনমহাকাব্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যগৰু বিহুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাৰাভা জনগোষ্ঠীভট্টদেৱৰ গদ্যশৈলীঢোলঅসমৰ পৰম্পৰাগত সাজ-পাৰধেমাজি জিলানীতি আয়োগছ'ভিয়েট সংঘসাম্যবাদভূমি প্ৰদূষণড়চৰকাৰবড়ো জনগোষ্ঠীকাৰেঙৰ লিগিৰীসাধুকথাবাইখো পূজাভোলানাথ দাসশৰাইঘাট দলংজিকিৰচ'মাংকানআমপাঁচালীবৰপেটা (লোকসভা সমষ্টি)বৰগীতঅগ্নিগড়অব্যয় পদচুটিগল্পকমলাকান্ত ভট্টাচাৰ্য্যমানৰ অসম আক্ৰমণব্যক্তিত্বআফগানিস্তানৰেৱতী মোহন দত্তচৌধুৰীকৃষ্ণমিচিং জনগোষ্ঠীঅসমৰ জনগোষ্ঠীশিক্ষকলুৰিন জ্যোতি গগৈইণ্টাৰনেটমৌখিক পৰম্পৰাঘৰ শালিকাবিজ্ঞাননগাঁও জিলাবহনক্ষম উন্নয়নৰ লক্ষ্যপৰিসংখ্যাঅসীমত যাৰ হেৰাল সীমানৰনাৰায়ণপ্ৰতিমা (কাব্য গ্ৰন্থ)দ্বিতীয় বিশ্বযুদ্ধবসন্ত ৰোগঅৰ্কিডঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতীয় সাহিত্যজলসিঞ্চনসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অসমৰ ৰেচম শিল্পলোকবিশ্বাসলোকভাষাজল প্ৰদূষণভাৰতত মহিলাৰ স্বাস্থ্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫বেদঅসমৰ চিত্ৰকলাৰ ইতিহাসমেলেৰিয়াভাৰতৰ সংবিধান🡆 More