বৰদৈবাম বিলমুখ পক্ষী উদ্যান

ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (ইংৰাজী: Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এ‌ই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে। বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান।

বৰদৈবাম বিলমুখ পক্ষী উদ্যান
—  সংৰক্ষিত পক্ষী উদ্যান  —
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
বৰদৈবাম বিলমুখ পক্ষী উদ্যানৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°4′00″N 94°30′00″E / 27.0666667°N 94.5°E / 27.0666667; 94.5
দেশ বৰদৈবাম বিলমুখ পক্ষী উদ্যান ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ, ধেমাজি
স্থাপিত জুলাই, ১৯৯৬
নিকটৱৰ্তী চহৰ ধেমাজি,ঢকুৱাখনা,উত্তৰ লখিমপুৰ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>1,127 ha km (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "," mi)>

90−95 m m (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "m" ft)

জলবায়ু

উষ্ণতা
• গ্ৰীষ্মকালিন
• শীতকালিন



     ৩৫°ছে (৯৫°ফা)
     ৭°ছে (৪৪.৬°ফা)

প্ৰশাসক ভাৰত চৰকাৰ, অসম চৰকাৰ

ভৌগোলিক বিৱৰণ

বৰদৈবাম বিলমুখ সমুদ্ৰপৃষ্ঠৰ প্ৰায় ৫০-৫৫ মি উচ্চতাত অৱস্থিত। এই বিলখন ১৯৫০ চনৰ বৰ ভুইকঁপৰ সময়ত সৃষ্টি হয়। বৰ ভুইকঁপ ইমান প্ৰবল আছিল যে সোৱণশিৰি নদীয়ে এই সময়তে ইয়াৰ গতিপথ সলনি কৰে, ফলস্বৰূপে বিল খনৰ সৃষ্টি হয়। সংৰক্ষিত পক্ষী উদ্যানখন বিলৰ পানী ভাগ আৰু চাৰিওফালৰ দলনি অঞ্চলেৰে আগুৰা পক্ষী আৰু জলজ প্ৰাণীৰ বাবে এক স্বৰ্গ। বিলখন ধেমাজি চহৰৰ পৰা ৫০ কিমি আৰু উত্তৰ লক্ষ্মীমপুৰৰ পৰা প্ৰায় ৪৫ কিমি দূৰত্বত অৱস্থিত। প্ৰকৃতি প্ৰেমী আৰু পৰ্যটকৰ বাবেও ই এক মনোৰম স্থান।

জলবায়ু

এই অঞ্চলৰ জলবায়ু মূলত: সেমেকা ক্ৰান্তীয়। বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০০ মিমি। সৰ্বনিম্ন আৰু সৰ্বোচ্চ তাপমাত্ৰা ক্ৰমান্বয়ে ৭ ডিগ্ৰীৰ পৰা ৩৫ ডিগ্ৰী ছেলছিয়াছ হয়।

উদ্ভিদ

বৰদৈবাম বিলমুখত প্ৰধানকৈ ঘাঁহনি আৰু জলজ উদ্ভিদ দেখা পোৱা যায়। অভয়াৰণ্যখনত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত শিমলু, চতিয়না, চোম, হিজল, জৰি, ঔটেঙা, ভেট, মেটেকা, দল, কলমৌ, পুণী, শিঙৰী, এৰালি, ইকৰা, উলুখেৰ, নল, খাগৰি, বিৰিণা, বৰতাখেৰ, কঁহুৱা, লকচা ইত্যাদিয়েই প্ৰধান।

যাতায়াত

অভয়াৰণ্যখন যিহেতু লখিমপুৰ আৰু ঢকুৱাখনা সংযোগী পথৰ মাজত অৱস্থিত, সেয়ে লখিমপুৰ চহৰলৈ বাছ বা বিমানেৰে আহি চহৰখনৰপৰা স্থলপথেৰে অহা-যোৱা কৰিব পাৰি। ঢকুৱাখনাৰপৰা অভয়াৰণ্যখনলৈ ২৫ কিলোমিটাৰ। এই অভয়াৰণ্য ভ্ৰমণকাৰীৰ বাবে থকামেলাৰ সুন্দৰ ব্যৱস্থা আছে। বিলমুখত এটা পৰিদৰ্শন বঙলা, ৯ কিলোমিটাৰ দূৰত্বৰ গোগামুখত এটা পৰ্যটক গৃহ, ১০ কিলোমিটাৰ দূৰত্বৰ ঘিলামৰাত গড়কাপ্তানী বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু ঢকুৱাখনাত মেগামিক্স প্ৰকৃতি সংঘৰ অতিথিকক্ষ আছে।

প্ৰাণীকুল

স্তন্যপায়ী প্ৰাণী

মেচেকা,সুগৰী পহু ,কেটেলা পহু,উদ আদি।

পৰিভ্ৰমী আৰু দেশীয় পক্ষীসমূহ

বৰদৈবাম বিলমুখ পক্ষী উদ্যান 
পানী কাউৰী

প্ৰায় ২৫ বিধ মান পৰিভ্ৰমী আৰু দেশীয় পক্ষী বৰদৈবামত দেখিব পোৱা যায়। যেনে

  1. মাছোৰোকা
  2. হাড়গিলা
  3. পানী কাউৰী
  4. বৰশৰালি
  5. তিল কপৌ
  6. ডাউক
  7. দলমৰা
  8. বৰটোকোলা
  9. কলীমূৰী হাঁহ
  10. বৰমূগী হাঁহ
  11. কাকলি হাঁহ
  12. পানীডাউক
  13. দলপুঙা
  14. ৰামপৰা

জলজ প্ৰাণী

পক্ষী কুলৰ বাহিৰেও বিলখন বিভিন্ন জলজ প্ৰাণী যেনে বিভিন্ন থলুৱা মাছ, কাছ, সাপ আদি আৰু বিভিন্ন জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ।


তথ্যসূত্ৰ

বাহ্যিক সংযোগ

বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ ইতিহাস

Tags:

বৰদৈবাম বিলমুখ পক্ষী উদ্যান ভৌগোলিক বিৱৰণবৰদৈবাম বিলমুখ পক্ষী উদ্যান জলবায়ুবৰদৈবাম বিলমুখ পক্ষী উদ্যান উদ্ভিদবৰদৈবাম বিলমুখ পক্ষী উদ্যান যাতায়াতবৰদৈবাম বিলমুখ পক্ষী উদ্যান প্ৰাণীকুলবৰদৈবাম বিলমুখ পক্ষী উদ্যান তথ্যসূত্ৰবৰদৈবাম বিলমুখ পক্ষী উদ্যান বাহ্যিক সংযোগবৰদৈবাম বিলমুখ পক্ষী উদ্যানইংৰাজী ভাষাঢকুৱাখনাধেমাজি জিলা

🔥 Trending searches on Wiki অসমীয়া:

বড়ো ভাষাএশিঙীয়া গঁড়এচিদ বৰষুণবিহুচুটিগল্পহেম বৰুৱাচীনপ্ৰাচীৰ পত্ৰিকাকাৰ্বি জনগোষ্ঠীজম্মু আৰু কাশ্মীৰবসন্ত ঋতুসংস্কৃত ভাষাপথেৰ পাঁচালীবিশ্ব ধঁপাতবিৰোধী দিৱসতিনিচুকীয়া জিলাভূপেন হাজৰিকানৱকান্ত বৰুৱাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকামণিকূটফুলত্ৰিভুজপাচনহিন্দী ভাষাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামাঘনোৱা দ’লমাদাৰ টেৰেছাটাই জাতিমহাদেশসপুষ্পক উদ্ভিদধুবুৰী জিলাৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩কাৰ্বি আংলং জিলাচুতীয়া জনগোষ্ঠীমাৰ্ক্সবাদনিৰ্মলপ্ৰভা বৰদলৈমাটি আখৰামাখিয়তীজৱাহৰ নৱোদয় বিদ্যালয়মাৰিয়া মণ্টেছৰীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামিচিং ভাষাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানফলৰ তালিকামালালা ইউছুফজাইকাঠৰ জোখ মাপহিন্দু সৃষ্টিতত্ত্বপুৰাণমালিনী থানমানস ৰাষ্ট্ৰীয় উদ্যানপচন সাৰগ্ৰহমঙ্গল গ্ৰহভাৰতপ্ৰাচীন গ্ৰীচহিন্দু ধৰ্মঅসমীয়া প্ৰতিদিনশিৱকৰ'নাভাইৰাছ ৰোগ ২০১৯অম্বুবাচীজীৱনৰ বাটতকিৰাটঋতুহেম ভৰালীএৰী ৰেচমদেৱদাসী নৃত্যপদুমগোৱালপৰীয়া লোকগীতজোৰোণসংগীতহাজোগৰুনামঘৰজতুৱা ঠাঁচকোষ (জীৱবিজ্ঞান)🡆 More