বিশেষ আপেক্ষিকতাবাদ তত্ত্ব

কোনো জড় প্ৰসংগ প্ৰণালী (Inertial Frame of Reference) সাপেক্ষে সংঘটিত কোনো ঘটনাৰ স্থান, কাল ইত্যাদি জোখমাখৰ বাবে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত তেখেতৰ বিখ্যাত গৱেষণা পত্ৰ “On the Electrodynamics of Moving Bodies” ত প্ৰস্তাৱ কৰা পদাৰ্থ বিজ্ঞানৰ সূত্ৰকে আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰ বা বিশেষ আপেক্ষিকতাবাদ বুলি জনা যায়।

স্বীকাৰ্যসমূহ

আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰ দুটা মূল স্বীকাৰ্যৰ ওপৰত প্ৰতিষ্ঠিত। এ‌ই স্বীকাৰ্য দুটা হ'ল-

(১) সকলো জড় প্ৰসংগ প্ৰণালীৰ কাৰণে পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ একে‌ই হয়। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰসংগ প্ৰণালীৰ অস্তিত্ব নথকাৰ ভিত্তিত এ‌ই স্বীকাৰ্যটো প্ৰতিষ্ঠিত।

(২) সকলো জড় প্ৰসংগ প্ৰণালীৰ কাৰণে শূন্য মাধ্যমত পোহৰৰ বেগ সদায় ধ্ৰুৱক হয়। এ‌ই বেগৰ মান হ’ল ২.৯৯৮x১০ মিটাৰ/ছেকেণ্ড। কোনো গতিশীল বস্তুৰ বেগ এ‌ই বেগৰ মানতকৈ সদায় কম হয়।

ভৰ-শক্তিৰ সমতুল্যতা

ভৰ-শক্তিৰ সমতুল্যতাক বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ এক ফলশ্ৰুতি বুলিও ক’ব পাৰি। ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সহজ ভাষাত ক'বলৈ গ'লে এই সূত্ৰক এনে ধৰণে ব্যাখ্যা কৰিব পাৰি: ভৰ আৰু শক্তি একেই, মাথোঁন এটা আনটোৰ আন এক ৰূপহে। গাণিতিকভাবে ইয়াক এনেদৰে লিখা হয়

E = mc2

ইয়াত E হ'ল শক্তি, m ভৰ আৰু c পোহৰৰ বেগ

স্থানাংকসমূহ

গেলিলিওৰ আপেক্ষিকতাবাদ তত্ত্বত স্থানাংক অৰ্থাৎ পৰিসৰ তিনিটাহে। দীঘ (x), প্ৰস্থ (y) আৰু উচ্চতা (z)। কিন্তু বিশেষ আপেক্ষিকতাবাদ তত্ত্বত স্থানাংক চাৰিটা - চতুৰ্থ স্থানাংকটো হ'ল সময় (t)। গতিকে কোনো এটা কণাৰ অৱস্থান বুজাবলৈ এই চাৰিওটা স্থানাংকৰেই প্ৰয়োজন আৰু চাৰিওটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। গেলিলিওৰ আপেক্ষিকতাবাদ তত্ত্বত সময়ক এটা স্থানাংক বুলি ধৰা হোৱা নাছিল – ইয়াক এক ধ্ৰুৱক বুলিহে ধৰা হৈছিল।

দৈৰ্ঘ্য, সময় আৰু ভৰৰ পাৰস্পৰিক নিৰ্ভৰশীলতা:

যদিহে এটা স্থিত প্ৰসংগ প্ৰণালীত স্থানাংকসূহ x, y, z, t আৰু গতিশীল প্ৰসংগ প্ৰণালীত x', y', z', t' হয় তেন্তে

    বিশেষ আপেক্ষিকতাবাদ তত্ত্ব 

য’ত

    বিশেষ আপেক্ষিকতাবাদ তত্ত্ব 

হ'ল 'লৰেঞ্জ ৰাশি' আৰু c পোহৰৰ বেগ।

তথ্যসূত্ৰ

Tags:

বিশেষ আপেক্ষিকতাবাদ তত্ত্ব স্বীকাৰ্যসমূহবিশেষ আপেক্ষিকতাবাদ তত্ত্ব ভৰ-শক্তিৰ সমতুল্যতাবিশেষ আপেক্ষিকতাবাদ তত্ত্ব স্থানাংকসমূহবিশেষ আপেক্ষিকতাবাদ তত্ত্ব তথ্যসূত্ৰবিশেষ আপেক্ষিকতাবাদ তত্ত্বen:On the Electrodynamics of Moving Bodiesএলবাৰ্ট আইনষ্টাইনপ্ৰসংগ প্ৰণালী

🔥 Trending searches on Wiki অসমীয়া:

মাতা গুজৰিঅসমীয়া ভাষাৰ শব্দসম্ভাৰগগনাচৌদি আৰৱনাটোকাৰ্বি জনগোষ্ঠীটেক্‌ট'নিক প্লেটমানৱ উন্নয়ন সূচকচৰকাৰপানীবিশ্ব খাদ্য কাৰ্যসূচীঅসমীয়া গীতি সাহিত্যপ্ৰফুল্ল দত্ত গোস্বামীযোগ দৰ্শনগান্ধী–আৰউইন চুক্তিমুদ্ৰা বজাৰৱিকিপিডিয়াগৌৰীপুৰঅসমীয়া ভাষা উন্নতি সাধিনী সভাগঙ্গা নদীৰিয়ান পৰাগচন্দ্ৰকুমাৰ আগৰৱালামহো-হো উৎসৱইষ্ট ইণ্ডিয়া কোম্পানীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅৰুণোদইসংঘাতভাৰত-আৰ্য ভাষা পৰিয়ালভাষাঅখণ্ড সংখ্যামঘাই ওজাসমাজতত্ত্ববুঢ়ী আইৰ সাধুঅসমৰ বনৌষধিবগেজাৰী গীতঅসমৰ মন্ত্ৰ-সাহিত্যঅসমৰ মুখা শিল্পনিৰ্বাচনী বণ্ডতিৱা জনগোষ্ঠীআনে' ফ্ৰাংকভাৰতীয় নাগৰিকত্ব আইনঅসমীয়া জাতিগোলকীয় নাগৰিকত্বঅসীমত যাৰ হেৰাল সীমাঅসমীয়া উপন্যাসআলুঅতুল চন্দ্ৰ হাজৰিকাড়বিশ্বকোষগ্ৰেইজ এনাটমীবৃত্তপৃথিৱীভঠেলিচন্দ্ৰযান-৩লোকাচাৰপাচন তন্ত্ৰপতঞ্জলিহংকংমইনা পাৰিজাতভাৰতৰ জলবায়ুঅসমডিম্পু বৰুৱামৌখিক ইতিহাসএমাজন (কোম্পানী)বাগ্‌ধ্বনিআঙুৰলতা ডেকাঅসমীয়া ভাষা আন্দোলনমহাভাৰতযোৰহাটগ্ৰিডা নৃত্যজোনাকী (আলোচনী)ভাৰত-চীন যুদ্ধমাঘ বিহুবিবাহবিহু নৃত্যসাহিত্যৰ সমাজতত্ত্বনিমাতী কইনাসংস্কৃত সাহিত্য🡆 More