পূৰবী বৰমুদৈ

পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখৰ সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।

পূৰবী বৰমুদৈ
পূৰবী বৰমুদৈ
জন্ম ৮ মে', ১৯৫০ চন
দেউৰীগাঁও, তেজপুৰ, অসম
মৃত্যু ১৫ জুলাই, ২০১৯
গুৱাহাটী (GMCH)
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ, ১৯৭৩

প্ৰাৰম্ভিক জীৱন

পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখে তেজপুৰ চহৰৰ দেউৰী গাঁৱত। পিতৃ প্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। চন্দ্ৰনাথ তামুলী এগৰাকী শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিতা।

১৯৬৭ চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে।

প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। বৰমুদৈৰ গল্পই ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল।

পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০০ চনত তেখেতৰ দ্বিতীয়খন উপন্যাস 'বাঘশাল, বাঘজাল আৰু মানুহ' প্ৰকাশ পায়। ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস।

২০০৫ চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

ব্যক্তিগত জীৱন

১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰৱী বৰমুদৈ বিবাহ পাশত আবদ্ধ হয়। আনন্দ বৰমুদৈ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ইংৰাজী বিভাগৰ অধ্যাপক।

২০০৬ চনৰ ২৬ মে'ত বৰমুদৈ গুৰুতৰভাৱে অসুস্থ হৈ তিনি মাহ চিকিৎসাধীন হৈ কটাবলগীয়া হৈছিল।

পূৰবী বৰমুদৈৰ গল্প-উপন্যাসত অসমৰ গ্ৰামীণ লোকজীৱনৰ আভাস দেখা যায় সেই লোকজীৱনৰ আহে-আঁহে সোমাই থকা নিৰ্ভাজ প্ৰকৃতিৰ সুন্দৰতা আৰু ভয়ংকৰতা তেওঁৰ কেইবাটাও সাৰ্থক গল্প-উপন্যাসৰ উপজীব্য। কল্পনাতকৈ বাস্তৱৰ ওপৰতে নিৰ্ভৰশীল বাবে বৰমুদৈয়ে গল্প-উপন্যাস ৰচনাত স্বতঃস্ফূৰ্ততাত বিশ্বাস নকৰে। সেয়ে তেওঁৰ উপন্যাস গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯), শান্তনুকুলনন্দন (২০০৫) আৰু গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত এটা আলিবাটৰ কথাৰ কাহিনী নিৰ্মাণৰ আঁৰত ঔপন্যাসিকাৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ চিন স্পষ্ট।

প্ৰকাশিত কৰ্মৰাজি

উপন্যাস

  • এটা আলিবাটৰ কথা (গৰীয়সীত ধাৰাবাহিতভাৱে প্ৰকাশিত)
  • পৰম পূজনীয় আৰু দুখন উপন্যাস (১৯৭৬)
  • গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯)
  • ৰূপোৱালি নৈ সোণোৱালী ঘাট' (২০০১)
  • শান্তনুকুলনন্দন (২০০৫)
  • বাঘশাল, বাঘজাল আৰু মানুহ (২০০০)

উপন্যাসিকা

  • নিৰ্বাচিত উপন্যাসিকা (২০০৫)

গল্প-সংকলন

  • শীতৰ কুঁৱলী (১৯৭৭)
  • হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প (২০১৪)
  • অৱশেষত বৰষুণ (২০১৬)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, প্ৰথম খণ্ড (২০০২)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, দ্বিতীয় খণ্ড (২০০৮)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, তৃতীয় খণ্ড (২০১৫)

বঁটা আৰু স্বীকৃতি

তথ্য সংগ্ৰহ

Tags:

পূৰবী বৰমুদৈ প্ৰাৰম্ভিক জীৱনপূৰবী বৰমুদৈ কৰ্মজীৱনপূৰবী বৰমুদৈ ব্যক্তিগত জীৱনপূৰবী বৰমুদৈ প্ৰকাশিত কৰ্মৰাজিপূৰবী বৰমুদৈ বঁটা আৰু স্বীকৃতিপূৰবী বৰমুদৈ তথ্য সংগ্ৰহপূৰবী বৰমুদৈঅসমঅসম উপত্যকা সাহিত্য বঁটাসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

শকুন্তলাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাগঙ্গা নদীখোলবহনক্ষম ভূমি ব্যৱস্থাপনালক্ষ্যধৰ চৌধুৰীদিহানামজল প্ৰদূষণজুবিন গাৰ্গযতীন বৰামাইলছ ব্ৰনছননাগৰিকত্বকেতেকী ফুলৰাষ্ট্ৰসংঘ দিৱসগোৱালপৰীয়া লোকগীতলভিতাদাঁতমোহনদাস কৰমচান্দ গান্ধীশক্তিঈয়াৰুইঙ্গমকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাব-দ্বীপগাঁও পঞ্চায়তশব্দচকলংউপনিষদস্বাধীনতা দিৱস (ভাৰত)অসমীয়া উপন্যাসতৎসমবংগ বিভাজন (১৯০৫)ভাস্কৰ (প্ৰথম)তামোলতলাতল ঘৰসংমিশ্ৰিত মীন-পালনভাষালীলা গগৈসিন্ধী ভাষাঅযোধ্যা (পৌৰাণিক নগৰ)চ্যু-লিক-ফাহলায়ুধমানস ৰাষ্ট্ৰীয় উদ্যানলিমাৰিক (কবিতা)অসমৰ ৰাজ্যিক প্ৰতীকসমূহআলাবৈৰ ৰণভাৰতীয় নাগৰিকত্ব আইনসাত বিহুবেটুপাতবাগ্‌ধ্বনিঅসম আন্দোলনভিটামিনঅসমৰ পৰম্পৰাগত খেল-ধেমালিজামুগুৰিহাটনৱগ্ৰহ মন্দিৰ, গুৱাহাটীঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিহিমবাহমহাদেশজৈন ধৰ্ম২৭ এপ্ৰিলশিৱসাগৰ জিলাকলিতা জনগোষ্ঠীফাট বিহুপালি ভাষাভক্তি ৰত্নাৱলীপৃথিৱীঅৰ্জুন ভঞ্জনভূমি প্ৰদূষণঅসমীয়া ভাষাৰ শব্দসম্ভাৰক্ষভূপেন হাজৰিকাৰ সাহিত্যনীলমণি ফুকন (কনিষ্ঠ)একচেটীয়া বজাৰটকা (বাদ্য)ঋতু🡆 More