দ্ৰৌপদী মূৰ্মু: ভাৰতৰ ৰাষ্ট্ৰপতি

দ্ৰৌপদী মূৰ্মু (ইংৰাজী: Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সংমিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

দ্ৰৌপদী মূৰ্মু
দ্ৰৌপদী মূৰ্মু: প্ৰাৰম্ভিক জীৱন, ৰাজনৈতিক জীৱন, বঁটা আৰু সন্মান
ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৫ জুলাই, ২০২২
পূৰ্বসূৰী ৰাম নাথ কোবিন্দ
ওড়িশা বিধানসভাৰ সদস্য
কাৰ্যকাল
২০০০ – ২০০৯
পূৰ্বসূৰী লক্ষ্মণ মাঝি
উত্তৰসূৰী শ্যাম চৰণ হান্সদাহ
ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য
কাৰ্যকাল
২০০৯ – ১৮ মে' ২০১৫
ঝাৰখণ্ডৰ অষ্টম ৰাজ্যপাল
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৮ মে' ২০১৫
পূৰ্বসূৰী চৈয়দ আহমেদ
ব্যক্তিগত তথ্য
জন্ম ২০ জুন, ১৯৫৮ (৬৫ বছৰ)
ময়ূৰভঞ্জ, ওড়িশা, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী শ্যাম চৰণ মূৰ্মু
সন্তান
শিক্ষানুষ্ঠান ৰামা দেৱী মহিলা মহাবিদ্যালয়, ভুৱনেশ্বৰ
জীৱিকা ৰাজনীতিবিদ


ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে, তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৰাজ্যিক জলসিঞ্চন আৰু শক্তি বিভাগত কনিষ্ঠ সহায়ক হিচাপে কাম কৰিছিল, আৰু তাৰ পিছত ১৯৯৭ চনলৈকে ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল শিক্ষা কেন্দ্ৰত শিক্ষক হিচাপে কাম কৰিছিল। ২০২২ চনৰ জুন মাহত বিজেপিয়ে মুৰ্মুক ২০২২ চনৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ২০২২ চনৰ জুলাই মাহত তেওঁ দেশৰ সৰ্বকনিষ্ঠ নিৰ্বাচিত ৰাষ্ট্ৰপতি হয়। তেওঁ হৈছে ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথম জনজাতীয় ৰাজনীতিবিদ।

প্ৰাৰম্ভিক জীৱন

১৯৫৮ চনৰ ২০ জুন তাৰিখে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বৈদাপচি গাঁৱত দ্ৰৌপদী মূৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বিৰাঞ্চি নাৰায়ণ তুদু। তেওঁলোক চাওঁতাল জনজাতিৰ অন্তৰ্ভুক্ত। তেওঁ ভুৱনেশ্বৰৰ ৰামা দেৱী মহিলা মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক উপাধি গ্ৰহণ কৰিছিল। তেওঁ ৰায়ৰংপুৰত অৱস্থিত শ্ৰীঅৰবিন্দ অখণ্ড শিক্ষা আৰু গৱেষণাৰ সন্মানীয় সহকাৰী অধ্যাপিকা হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ ওড়িশাৰ জলসিঞ্চন বিভাগত কণিষ্ঠ সহকাৰী হিচাপে কৰ্মৰত আছিল।১৯৯৭ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

ৰাজনৈতিক জীৱন

ৰাজ্যিক ৰাজনীতি

দ্ৰৌপদী মূৰ্মুয়ে ১৯৯৭ চনত ৰায়ৰংপুৰ নটিফাইড এৰিয়া কাউন্সিলৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল। পিছলৈ তেওঁ ৰায়ৰংপুৰ নটিফাইড এৰিয়া কাউন্সিলৰ উপসভাপতি পদৱী লাভ কৰিছিল। তেওঁ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা ২০০০ চনৰ পৰা ২০০৪ চনলৈ ওড়িশা বিধানসভাৰ বিধায়ক আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সংমিলিত ওড়িশা চৰকাৰত তেওঁ ২০০০ চনৰ ৬ মাৰ্চৰ পৰা ২০০২ চনৰ ৬ আগষ্টলৈকে বাণিজ্য আৰু পৰিবহণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰীৰ পদ লাভ কৰিছিল। ২০০২ চনৰ ৬ আগষ্টৰ পৰা ২০০৪ চনৰ ১৬ মে'লৈকে তেওঁ ওড়িশা চৰকাৰৰ মীন আৰু পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল। তেওঁ ২০০২ চনৰ পৰা ২০১৫ চনলৈ ময়ূৰভঞ্জ জিলা বিজেপিৰ অধ্যক্ষ আছিল। ২০০৪ চনত তেওঁ পুনৰাই ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ ২০০৬ চনৰ পৰা ২০০৯ চনলৈ ওড়িশাৰ ৰাজ্যিক বিজেপিৰ জনজাতীয় মৰ্চাৰ অধ্যক্ষ আছিল।

ৰাজ্যপাল

২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল নিযুক্ত কৰে। তেওঁ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল। ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা দ্ৰৌপদী মূৰ্মু ওড়িশাৰ প্ৰথম মহিলা।

২০২২ চনত ভাৰতৰ শাসনাধিষ্ঠিত এনডিএ চৰকাৰে দ্ৰৌপদী মূৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে।

ঝাৰখণ্ডৰ ৰাজ্যপাল (২০১৫–২০২১)

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাজ্যপাল মুৰ্মু ২০১৫ চনৰ ১৮ মে’ত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় মুৰ্মুৱে । ৰাজ্যপাল হিচাপে ছবছৰীয়া কাৰ্যকালৰ বেছিভাগ সময় ঝাৰখণ্ড চৰকাৰত বিজেপি ক্ষমতাত আছিল আৰু গোটেই কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰতো ক্ষমতাত আছিল। ২০১৯ চনত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেনক শপত গ্ৰহণ কৰে ।

বিজেপিৰ প্ৰাক্তন ৰাজনীতিবিদ তথা কৰ্মী ৰতন তিৰ্কিয়ে কয় যে জনজাতীয় জনগোষ্ঠীক প্ৰদান কৰা আত্মশাসনৰ অধিকাৰ যাতে সঠিকভাৱে কাৰ্যকৰী হয় তাৰ বাবে মুৰ্মুৱে পৰ্যাপ্ত কাম কৰা নাই। এই অধিকাৰসমূহ পঞ্চম অনুসূচী আৰু পঞ্চায়ত (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন, ১৯৯৬ বা পেছাৰ অধীনত প্ৰদান কৰা হৈছিল। টিৰ্কিয়ে কয় যে, “কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো তেতিয়াৰ গৱৰ্ণৰে কেতিয়াও পঞ্চম অনুসূচীৰ বিধান আৰু পেছাক আখৰেৰে কাৰ্যকৰী কৰাৰ ক্ষমতা প্ৰয়োগ কৰা নাছিল”।

ৰাজ্যপাল হিচাপে তেওঁৰ ছবছৰীয়া কাৰ্যকাল ২০১৫ চনৰ মে' মাহৰ পৰা আৰম্ভ হয় আৰু ২০২১ চনৰ জুলাই মাহত শেষ হয়।

ৰাষ্ট্ৰপতি

২১ জুলাই ২০২২ তাৰিখে মূৰ্মু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা স্বাধীন ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা তেখেত প্ৰথম গৰাকী জনজাতীয় মহিলা।

বঁটা আৰু সন্মান

দ্ৰৌপদী মূৰ্মুয়ে ওড়িশা বিধানসভাৰ শ্ৰেষ্ঠ বিধায়ক বঁটা লাভ কৰিছিল। ২০০৭ চনত তেওঁ নীলকণ্ঠ বঁটা লাভ কৰিছিল।

ব্যক্তিগত জীৱন

দ্ৰৌপদী মূৰ্মুৰ দেউতাক বিৰাঁচী নাৰায়ণ টুডু আৰু ককাদেউতাক গাওঁ পৰিষদৰ পৰম্পৰাগত মুৰব্বী আছিল। মুৰ্মু ৰামা দেৱী মহিলা মহাবিদ্যালয়ৰ কলা স্নাতক। তেওঁ শ্যাম চৰণ মুৰ্মু নামৰ এজন বেংকাৰক বিয়া কৰাইছিল, ২০১৪ চনত তেঁওৰ স্বামী মৃত্যুবৰণ কৰে। দম্পতীহালৰ দুটা পুত্ৰ আছিল, দুয়োজন মৃত, আৰু এগৰাকী কন্যা, ইতিশ্ৰী মুৰ্মু। মুৰ্মুৱে ২০০৯ চনৰ পৰা ২০১৫ চনলৈ ৭ বছৰৰ ভিতৰত তেওঁৰ স্বামী, দুই পুত্ৰ, মাতৃ আৰু এজন ভায়েকক হেৰুৱাইছিল। তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী আধ্যাত্মিক প্ৰচাৰৰ বিশ্বাসী।

তথ্য উৎস

অধিক চাওক

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

Tags:

দ্ৰৌপদী মূৰ্মু প্ৰাৰম্ভিক জীৱনদ্ৰৌপদী মূৰ্মু ৰাজনৈতিক জীৱনদ্ৰৌপদী মূৰ্মু বঁটা আৰু সন্মানদ্ৰৌপদী মূৰ্মু ব্যক্তিগত জীৱনদ্ৰৌপদী মূৰ্মু তথ্য উৎসদ্ৰৌপদী মূৰ্মু অধিক চাওকদ্ৰৌপদী মূৰ্মুআদিবাসীইংৰাজী ভাষাঝাড়খণ্ডভাৰতভাৰতীয় জনতা পাৰ্টিভাৰতৰ ৰাষ্ট্ৰপতিৰাম নাথ কোৱিন্দ

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীমন্ত শংকৰদেৱহিতেশ্বৰ বৰবৰুৱাবাঁহী (আলোচনী)নাৰী সবলীকৰণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসংগীতবিহুগীতমোৰ জীৱন সোঁৱৰণআমভাৰতৰ উপৰাষ্ট্ৰপতিগগনাসৰ্বেপল্লী ৰাধাকৃষ্ণণ৭ ফেব্ৰুৱাৰীমূলা গাভৰুছুনামিঅসমৰ চাহ জনগোষ্ঠীত্ৰিভুজশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘসমাজশিশুৰ খেল-ধেমালিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমৰ ইতিহাসঅখণ্ড সংখ্যাবিশ্বকোষপ্লেটোৰুদ্ৰেশ্বৰ দেৱালয়বিশ্ব স্বাস্থ্য সংস্থাফুলগুৰি ধেৱাহিউমাছমুখমৈথুনভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰামব্যষ্টিবাদী অৰ্থনীতিচুটিগল্পহোমেন বৰগোহাঞিসুশোভন সোনু ৰায়বানপানীহস্তীবিদ্যাৰ্ণৱঅসম আন্দোলনজোনাকী (আলোচনী)ৰাতি বিহুমাটিৰ হিচাপজ্যোতিপ্ৰসাদ আগৰৱালাকোকৰাঝাৰ (লোকসভা সমষ্টি)শূন্যশোণিত কুঁৱৰীতাল (বাদ্যযন্ত্ৰ)বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণবাগ্‌ধ্বনিখামটি জনগোষ্ঠীচ্যু-লিক-ফাঅন্তৰীপ (উপন্যাস)মাইলছ ব্ৰনছনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবীৰেন্দ্ৰনাথ দত্তকামৰূপী উপভাষামালিতাআধা লেখা দস্তাবেজনলবাৰী জিলামোগল সাম্ৰাজ্যকাৰ্বি আংলং জিলাসদৌ অসম ছাত্ৰ সন্থাপ্ৰাকৃতিক দুৰ্যোগঢোলকাৰেঙৰ লিগিৰীঈয়াৰুইঙ্গমমৌলিক সংখ্যাজাভাকাৰ্বি জনগোষ্ঠীচৰাইচিলাৰায়চিত্ৰা মণ্ডলনীতি আয়োগএ পি জে আব্দুল কালাম🡆 More