জাতিসংঘ

জাতিসংঘ (ইংৰাজী: League of Nations; লিগ অফ নেশ্বনছ) আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা। প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন'-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ঠিত হয়। ইয়াৰ তিনিটা প্ৰধান অংগ আছিল: সভা (the Assembly), পৰিষদ (the Council), আৰু সচিবালয় (the Permanent Secretariat)। ইয়াৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ বিভাগ আছিল আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ স্থায়ী ন্যায়ালয় (Permanent Court of International Justice) আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (International Labour Organization)।

জাতিসংঘ
জাতিসংঘ
জাতিসংঘ-ৰ অৱস্থান
জাতিসংঘ-ৰ অৱস্থান
জাতিসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
সচিবালয়জেনেভা
ভাষা
ধৰণ আন্তঃচৰকাৰী সংস্থা
প্ৰতিষ্ঠাকালযুদ্ধকালীন সময়
 -  ভাৰ্চাই সন্ধি ১০ জানুৱাৰী ১৯২০ 
 -  প্ৰথম সভা ১৬ জানুৱাৰী ১৯২০ 
 -  ভংগ ২০ এপ্ৰিল ১৯৪৬ 

জাতিসংঘৰ মূল উদ্দেশ্য আছিল: (১) বিধি আৰু ন্যায়ৰ মাজেদি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, (২) যুদ্ধৰ অৱসান ঘটাৱাৰ বাবে প্ৰচেষ্টা চলোৱা আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তি কৰা, (৩) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত সম্পৰ্ক ৰক্ষা কৰা, আদি। জাতিসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতিৰ বাবে কাম আৰম্ভ কৰিছিল। কিন্তু জাতিসংঘৰ চুক্তিপত্ৰত ভালেমান আঁসোৱাহ থকাৰ বাবে বিশেষ ফলৱতী নহ'ল। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে দ্বিতীয়খন বিশ্বযুদ্ধ আৰম্ভ হয় আৰু লগে লগে জাতিসংঘৰ পতন হয়। ১৯৪৫ চনত ইয়াৰ উত্তৰসূৰী ৰূপে ৰাষ্ট্ৰসংঘ (United Nations)-ৰ স্থাপন হয়।

ইতিহাস

কুৰি শতিকাৰ আৰম্ভণিতে ১৯১৮ চনৰ পৰা ১৯১৮ চন পৰ্যন্ত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হয়। এই যুদ্ধ প্ৰলয়ংকাৰী আছিল আৰু পৃথিৱীৰ প্ৰায় সকলো উন্নত দেশেই ক্ষতিগ্ৰস্ত হৈছিল। সেইবাবে ফ্ৰান্সৰ ৰাজধানী পেৰিচ নগৰত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন' (Paris Peace Conference)-ত যােগ দিয়া বিশ্বৰ নেতৃবৰ্গই পৃথিৱীলৈ যাতে পুনৰ এনে ভয়াবহ যুদ্ধ নাহে তাৰ বাবে চিন্তা-চৰ্চা কৰি জাতিসংঘ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জন্ম দিয়ে। এই শান্তি আলােচনাৰ ফলস্বৰূপে কেইবাটাও সন্ধি স্বাক্ষৰিত হয়, যাৰ ভিতৰত উল্লেখযােগ্য সন্ধি আছিল 'ভাৰ্চাই সন্ধি' (Treaty of Versailles)। এই সন্ধিপত্ৰতেই জাতিসংঘৰ চুক্তিপত্ৰ (Covenant of the League of Nations) সন্ধিবিষ্ট কৰা হয়। তানুসাৰে ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘৰ স্থাপন কৰা হয়।

জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, জাপান, জাৰ্মানীৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। ১৯৩৭ চনৰ জাপানৰ চীন আক্ৰমণ, ১৯৩৫ চনৰ ইটালীৰ ইথিওপিয়া আক্ৰমণ আৰু হিটলাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।

দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘৰ গঠন কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাপ্ৰথম বিশ্বযুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

ঈয়াৰুইঙ্গমচিপকো আন্দোলনভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসাহিত্যমৰাণ জনগোষ্ঠীবেদব্যাসওজাপালিমণিৰাম দেৱানছুনামিসমাজচি এছ এছঅনুৰাধা শৰ্মা পূজাৰীজ্যামিতিআমলখিআন্তৰ্জাতিক শ্ৰমিক দিৱসপৃথিৱীৰ বায়ুমণ্ডলতথ্যমণিপুৰ সংঘৰ্ষ ২০২৩লাচিত বৰফুকনগুৰু আসনপাঁচালীঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ সমস্যাআঁহতআলি আঃয়ে লৃগাংভেঁকুৰশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহবসন্ত ঋতুসৰ্বানন্দ সোণোৱালবাজেটকছাৰী ৰাজ্যঅসমৰ পৰম্পৰাগত সাজ- পাৰকাৰ্বি ভাষাপানীচৰ্যাপদহৰপ্পাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যইয়াত এখন অৰণ্য আছিলৰংডাকৰ বচনজয়মতী (১৯৩৫ চলচ্চিত্ৰ)মিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতৰ প্ৰধানমন্ত্ৰীউৎসৱকীৰ্তন-ঘোষাৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া খবৰকাঞ্চন (উপন্যাস)২০২৪স্তন সংগমইছলামলোক-নৃত্যঅসমৰ শাক-পাচলিৰ তালিকানক্ষত্ৰডিব্ৰুগড় জিলাইন্দিৰা মিৰিশ্ৰী শ্ৰী বটদ্ৰৱা থানএডৱাৰ্ড জেনাৰগৱেষণাইষ্ট ইণ্ডিয়া কোম্পানীস্বাভাৱিক সংখ্যাআত্মসহায়ক গোটলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকথা কবিতাপ্লাষ্টিকবিশ্ব মেলেৰিয়া দিৱসঅংকীয়া নাটবিহু নৃত্যভাৰতীয় শিল্পকলাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমৰ মন্ত্ৰ-সাহিত্যবেটুপাতমৌৰ্য সাম্ৰাজ্য🡆 More