ছাৰোগেছি

ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব (ইংৰাজী: surrogacy) হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে। দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্বাণু সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ (In vitro fertilisation) প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়।

ছাৰোগেছি
ছাৰোগেটৰ দ্বাৰা শিশু প্ৰসৱত উপস্থিত আছে শিশুৰ প্ৰকৃত অভিভাৱক

সাধাৰণতে, ১০ টাৰ মাজত ১টা দম্পতী বন্ধ্যাত্বত ভোগিব পাৰে। অৱশ্যে, বন্ধ্যাত্বৰ হাৰ দেশসমূহৰ মাজত পৃথক হয়, < ৫% ৰ পৰা > ৩০%, তেওঁলোকৰ বেছিভাগেই উন্নয়নশীল দেশসমূহত বাস কৰে। কিছুমানে ডিম্বস্ফোটন অন্তৰ্ভুক্তিৰ (ovulation induction) দৰে চিকিৎসা কৰে, আনহাতে আন কিছুমানে আইভিএফৰ দৰে সহায়ক প্ৰজনন কৌশল ব্যৱহাৰ কৰে। আন বহুতে এই সকলোবোৰ চেষ্টা কৰা স্বত্বেও নিসন্তান হৈ থাকে। এই গোটটোৰ দুটা বিকল্প বাকী থাকে: হয় শিশু গ্ৰহণ কৰা (শিশু তুলি লোৱা) বা ছাৰোগেছিৰ সহায় লোৱা। শিশু গ্ৰহণ কৰাটো কঠিন আৰু ইয়াৰ আইনমতে বহুতো নিয়ম আছে। কিছুমান অনুৰ্বৰ দম্পতীয়ে তেওঁলোকৰ সন্তানৰ সৈতে 'জেনেটিক লিংক'বা বংশানু সংযোগ ৰাখিবলৈ পছন্দ কৰে। সেয়েহে ছাৰোগেছিৰ দ্বাৰা এই সমস্যাবোৰৰ কিছুমান সমাধান কৰিব পাৰি।

ইতিহাস

আন এগৰাকী মহিলাৰ দ্বাৰা সন্তান বহন কৰোৱা, প্ৰাচীন কালৰ পৰাই চলি আহিছে। এনেক্ষেত্ৰত সাধাৰণতে পুৰুষৰ বংশানু শিশুৰ দেহত থকাটো বশেষভাৱে পৰিলক্ষিত হৈছিল। বাবিলনৰ নিয়ম আৰু ৰীতি-প্ৰথাই এই অনুশীলনক অনুমতি দিছিল, আৰু জন্ম দিবলৈ অক্ষম মহিলাই বিবাহ বিচ্ছেদ পৰিহাৰ কৰিবলৈ এই অনুশীলনটো ব্যৱহাৰ কৰিছিল। ছাৰোগেছিৰ প্ৰথম উল্লেখ হিব্ৰু বাইবেল দা বুক অফ জেনেছিছত চাৰাহ আৰু এব্ৰাহামৰ কাহিনীত পোৱা যায়। চাৰাহ আৰু এব্ৰাহাম বিবাহিত আছিল কিন্তু গৰ্ভধাৰণ কৰিব পৰা নাছিল। সেয়েহে চাৰাহয়ে তেওঁৰ দাসী হেগাৰক এব্ৰাহামৰ সন্তানৰ মাতৃ হʼবলৈ অনুৰোধ কৰিছিল। এইটো পৰম্পৰাগত ছাৰোগেছিৰ সাধাৰণ উদাহৰণ। যদিও চাৰাহৰ সৈতে শিশুটিৰ জৈৱিক সম্পৰ্ক নাছিল, তথাপিও চাৰাহ আৰু এব্ৰাহাম দুয়োজনে শিশুটোক নিজৰ বুলি দাবী কৰিছিল। পৰম্পৰাগতভাৱে ছাৰোগেছি আছিল একমাত্ৰ উপায় য'ত অভিভাৱকসকলে সন্তান লাভ কৰিব পাৰিছিল। বিছ শতিকালৈকে বন্ধ্যাত্ব আৰু পৰম্পৰাগত ছাৰোগেছি এটা নিষিদ্ধ বিষয় হৈ আছিল কিয়নো তেনে শিশুক "অবৈধ" শিশু বুলি ভবা হৈছিল।

বিশ্বজুৰি চিকিৎসা বিজ্ঞান, সামাজিক ৰীতি-নীতি আৰু আইনী প্ৰক্ৰিয়াৰ বিকাশে আধুনিক যুগত ছাৰোগেছি সম্ভৱ কৰি তুলিছে:

  • ১৯৩৬ – আমেৰিকা যুক্তৰাষ্ট্ৰত শ্কেৰিং-কলবউম আৰু পাৰ্কে-ডেভিছে নামৰ দুটা ঔষধ কোম্পানীয়ে ইষ্ট্ৰোজেনৰ উৎপাদন আৰম্ভ কৰে।
  • ১৯৪৪ – হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক জন ৰকে জৰায়ুৰ বাহিৰত মানুহৰ ডিম্বক নিষিক্ত কৰা প্ৰথম ব্যক্তি আছিল।
  • ১৯৫৩ – গৱেষকসকলে সফলতাৰে শুক্ৰাণুৰ প্ৰথম ক্ৰায়োসংৰক্ষণ কৰিছিল।
  • ১৯৭৬ – মাচিগানৰ অধিবক্তা নোয়েল কিনে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম ছাৰোগেছি চুক্তি লিখিছিল।
  • ১৯৭৮ – প্ৰথম "টেষ্ট-টিউব কেঁচুৱা" ল'ৰিছ ব্ৰাউনৰ জন্ম ইংলেণ্ডত হৈছিল, যি প্ৰথম সফল আইভিএফ প্ৰক্ৰিয়াৰ ফলাফল।
  • ১৯৮৫-১৯৮৬ – এগৰাকী মহিলাই প্ৰথম সফলতাৰে গৰ্ভধাৰণ কৰি ছাৰোগেট মাতৃ হৈছিল।
  • ১৯৮৬ – মেলিছা ষ্ট্ৰন, অন্যথা "বেবী এম" (Baby M) বুলি জনাজাত শিশুটি আমেৰিকাত জন্ম হৈছিল। শিশুটিৰ ছাৰোগেট মাতৃ মেৰী বেথ হোৱাইথহেডে মেলিছাৰ জিম্মা এৰিবলৈ অস্বীকাৰ কৰিছিল যাৰ সৈতে তেওঁ ছাৰোগেছি চুক্তি কৰিছিল। নিউ জাৰ্চীৰ আদালতে দেখিছিল যে হোৱাইথহেড শিশুটোৰ আইনী মাতৃ, সেয়েহে চাৰোগেট মাতৃত্বৰ বাবে চুক্তি অবৈধ আৰু অবৈধ বুলি ঘোষণা কৰিছিল। অৱশ্যে, আদালতে ছাৰোগেট মাতৃ হোৱাটহেডৰ সলনি শিশুটোৰ জৈৱিক পিতৃ, ৱিলিয়ম ষ্ট্ৰন আৰু তেওঁৰ পত্নী এলিজাবেথ ষ্ট্ৰনক মেলিসাৰ জিম্মা প্ৰদান কৰাটো শিশুৰ সৰ্বশ্ৰেষ্ঠ স্বাৰ্থত বুলি ঘোষনা কৰিলে।
  • ১৯৯০ – কেলিফৰ্ণিয়াত, ছাৰোগেট মাতৃ এন্না জনচনে কেঁচুৱাটোক অভিযন্ত্ৰণকৰা পিতৃ-মাতৃ মাৰ্ক আৰু ক্ৰিচি্পনা কালভাৰ্টক এৰি দিবলৈ অস্বীকাৰ কৰিছিল। দম্পতীহালে কেঁচুৱাৰ জিম্মাৰ বাবে গোচৰ দিছিল (কাৰ্ভট ভি জনচন), আৰু আদালতে তেওঁলোকৰ পিতৃ-মাতৃৰ অধিকাৰ বৰ্তাই ৰাখিছিল।


মানসিক দিশ

নৃতত্ত্বৰ অধ্যয়নে দেখুৱাইছে যে গৰ্ভধাৰণকালত ছাৰোগেট মাতৃেয়ে বিভিন্ন কৌশলত লিপ্ত হয় যাতে সেইবোৰে কেঁচুৱাটোৰ সৈতে নিজকে আৱেগিক আৰু মানসিক আসক্তি গঢ়ি নুতুলিবলৈ সহায় কৰে। ইয়াৰ বিপৰিতে বহুতো ছাৰোগেট মাতৃয়ে আকৌ ইচ্ছাকৃতভাৱে নিজৰ আৰু ছাৰোগেট শিশুৰ মাজত আৱেগিক সংলগ্নৰ বিকাশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমান চাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ দ্বাৰা নিজকে শক্তিশালী অনুভৱ হোৱা বুলি বৰ্ণনা কৰে।

যদিও সাধাৰণতে ছাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ সৈতে সন্তুষ্ট হোৱাৰ প্ৰতিবেদন দিয়ে, কিছু ক্ষেত্ৰত তেনে নহয়। কিছুমানে অপূৰণ আশা, হীন প্ৰত্যাশা, আৰু অসন্তুষ্টিত ভোগে। কিছুমান মহিলাই দম্পতীৰ সৈতে এক নিৰ্দিষ্ট স্তৰৰ ঘনিষ্ঠতা অনুভৱ নকৰা আৰু আন কিছুমানে দম্পতীৰ পৰা সন্মান অনুভৱ নকৰা বুলি মত প্ৰকাশ কৰে। কিছুমান গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃেয়ে ছাৰোগেচী প্ৰক্ৰিয়াৰ সময়ত আৱেগিক সংকটত ভোগে। গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃয়ে সন্তানক তেওঁলোকৰ অভিভাৱকসকলক এৰি দিয়াৰ হতাশাত পʼষ্ট পাৰটাম ডিপ্ৰেচনত ভুগাৰো সম্ভাৱনা থাকে। ০-২০% হাৰত ছাৰোগেট মাতৃয়ে পʼষ্ট পাৰটাম ডিপ্ৰেচনত ভোগা দেখা পোৱা যায়। কিছুমান ছাৰোগেটে জন্মৰ ঠিক পিছতে শিশুক অধিকাৰ এৰি দিয়াত নেতিবাচক অনুভূতিৰ প্ৰতিবেদন দিয়ে, কিন্তু বেছিভাগ নেতিবাচক অনুভূতি কিছু সময়ৰ পিছত সমাধান আঁতৰি যায়।

ছাৰোগেছিৰ ফলত পৰিয়ালৰ ওপৰত হোৱা মানসিক প্ৰভাৱৰ পৰীক্ষা কৰা ৫৫টা অধ্যয়নৰ এক প্ৰণালীবদ্ধ সমীক্ষাত দেখা গৈছিল যে এই কৌশলৰ পৰা জন্ম হোৱা শিশু আৰু প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰা শিশুৰ ১০ বছৰ বয়সলৈকে কোনো ডাঙৰ মানসিক পাৰ্থক্য নাথাকে। আন দম্পতীৰদৰে ছাৰোগেছি ব্যৱহাৰ কৰি পিতৃ হোৱা সমকামী পুৰুষসকলেও তেওঁলোকৰ সন্তান আৰু ছাৰোগেছি দুয়োটা সম্পৰ্কতে একে ধৰণৰ অভিজ্ঞতা প্ৰকাশ কৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাগৰ্ভধাৰণডিম্বাণু

🔥 Trending searches on Wiki অসমীয়া:

হেমচন্দ্ৰ গোস্বামীমানৰ অসম আক্ৰমণব্ৰহ্মগুপ্তব্ৰজাৱলী ভাষাছোৱাইন ফ্লুভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাচাহভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকানগাঁও জিলাকাৰ্বি ভাষাবেলিমাৰ (নাটক)বলোৰামভাৰতৰ সংবিধানচৰাইসংঘাতমহা মৃত্যুঞ্জয় মন্দিৰবাঁহঅসমৰ মাছ ধৰা সঁজুলিসমোচ্চাৰিত শব্দআহোম ৰাজ্যচিপাহী বিদ্ৰোহ ১৮৫৭ব’হাগৰবীন্দ্ৰনাথ ঠাকুৰলোকসভাসালোক সংশ্লেষণবসন্ত ঋতুঅশোকৰ অনুশাসনব্ৰহ্মপুত্ৰ উপত্যকাবৰপেটা সত্ৰদিহানামমাজুলীভাৰতীয় দৰ্শনভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ৰুক্মিণীশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহহোমেন বৰগোহাঞিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাচকৰি ফেঁটী বুৰঞ্জীপাইথেগাৰাছপ্ৰদূষণপোহৰমোৱামৰীয়া বিদ্ৰোহভাৰতত মহিলা শিক্ষামানচিত্ৰকাৰ্ল মাৰ্ক্সশচীন তেণ্ডুলকাৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিচূৰ্ণীভৱনআনন্দৰাম ঢেকিয়াল ফুকনজাতিসংঘচামগুৰি সত্ৰআইদেউ সন্দিকৈজোনবিল মেলাসাহিত্যৰ সমাজতত্ত্বকালিদাসচ্যু-লিক-ফাবধকাব্যসংমিশ্ৰিত মীন-পালনভট্টদেৱৰ গদ্যশৈলীকুলিঅণুবীক্ষণ যন্ত্ৰশিৱসাগৰমহামায়া ধামঅসমীয়া ভাষা উন্নতি সাধিনী সভাক্ৰা দাদি জিলাভীমৰাও ৰামজী আম্বেদকাৰভাৰতৰ নিৰ্বাচন আয়োগবিৰিঞ্চি কুমাৰ বৰুৱানামচিংফুটবলৰাধাগোবিন্দ বৰুৱালক্ষ্যধৰ চৌধুৰীঅসমৰ বনৌষধিমহাকাব্য🡆 More