চাহেবপুৰাৰ বৰষুণ

চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত।

চাহেবপুৰাৰ বৰষুণ  
উপন্যাসখনৰ বেটুপাত
লেখক অনুৰাধা শৰ্মা পূজাৰী
প্ৰচ্ছদ শিল্পী পদ্ম সিংহ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস,কল্পকাহিনী
প্ৰকাশক বনলতা
প্ৰকাশ ফেব্ৰুৱাৰী,২০০৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৬০
আই.এচ.বি.এন. ৮১-৭৩৩৯-৩৮৮-৫

লেখকৰ পৰিচয়

১৯৬৪ চনত যোৰহাট অসমজিলাত জন্ম হৈছিল। তেওঁ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে। চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে।

কাহিনীৰ সাৰাংশ

চাহেবপুৰাৰ বৰষুণ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰুপ্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যায় লগত কিছুদিন পাছতেই বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ'ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ পাইছিল চাহেবপুৰাত থকা 'ইনছাইট' নামৰ এনজিঅ এটাৰ মুখ্য ব্যক্তি শেখৰ হুছেইনক। তেওঁলোকৰ এনজিঅ বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে জানি বৰ্ষাই ভাল পায়। বৰ্ষাৰ প্ৰেমিক প্ৰান্তিকে এই অচিনাকি ঠাইৰ অচিনাকি মানুহৰ লগত থকাটো ভাল পোৱা নাছিল। এনেবোৰ কথাৰ বাবেই বৰ্ষা আৰু প্ৰান্তিকৰ মনোমালিণ্য ঘটি দুয়োৰে মাজৰ সম্পৰ্ক শেষ কৰি প্ৰান্তিকক বিদায় দি বৰ্ষাই চাহেবপুৰাত থাকি যায়। এনজিঅ বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ মাজত এজন যুৱককলগ পাইছিল তেওঁ নাম আছিল সঞ্জীৱ দাস। অৱশেষত সেই সঞ্জীৱ দাসৰ প্ৰেমত পৰিছিল বৰ্ষা। চাহেবপুৰাত এনজিঅ কাম কৰি থাকোঁতেই এবাৰ বৰ্ষা,শেখৰ হুছেইন, সঞ্জীৱ দাস আৰু বহু কেইজন ব্যক্তি লগত অসমৰ মাজুলী পালেহি, মাজুলীত থাকি কিছু ভাল কাম কৰিবলৈ। কিন্তু এই কথা সমাজৰ কিছু ব্যক্তিয়ে বৰ ভাল নাপায়। তেওঁলোকৰ মাজত মনোমালিন্য হৈ এদিন হঠাতে সঞ্জীৱ দাসৰ ৰহস্যজনক ভাৱে মৃত্যু হয়। এনেদৰেই চাহাবেপুৰাৰ বৰষুণ নামৰ কাহিনীটোৰ অন্ত পৰে।

চৰিত্ৰসমূহ

প্ৰান্তিক, বৰ্ষা, শেখৰ হুছেইন, সঞ্জীৱ দাস

তথ্য সংগ্ৰহ

Tags:

চাহেবপুৰাৰ বৰষুণ লেখকৰ পৰিচয়চাহেবপুৰাৰ বৰষুণ কাহিনীৰ সাৰাংশচাহেবপুৰাৰ বৰষুণ চৰিত্ৰসমূহচাহেবপুৰাৰ বৰষুণ তথ্য সংগ্ৰহচাহেবপুৰাৰ বৰষুণঅনুৰাধা শৰ্মা পূজাৰীঅসমীয়া উপন্যাস

🔥 Trending searches on Wiki অসমীয়া:

তুলাপাতৰাধাগোবিন্দ বৰুৱাতগৰমাধৱদেৱপদ্মনাথ গোহাঞি বৰুৱাৰামমোহন ৰায়গোপীনাথ বৰদলৈমৃণাল কলিতাঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰত ৰত্নবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাপাচন তন্ত্ৰব্ৰিটিছ ৰাজগায়ত্ৰী মহন্তনিৰোদ চৌধুৰীপৰিয়ালৰাষ্ট্ৰসংঘবতৰযোগ দৰ্শনৰামধেনু (আলোচনী)সাঁচিপাতসৌৰভ কুমাৰ চলিহামুহাম্মাদকোচ ৰাজবংশীসাধুকথাচৰকাৰগুৱাহাটী (লোকসভা সমষ্টি)পানীঅসমীয়া যুক্তাক্ষৰপৰিৱেশ বিজ্ঞানঢোলডিব্ৰুগড় বিশ্ববিদ্যালয়গোৱালপৰীয়া লোকগীতঅসমৰ সাধুকথাদেউৰী জনগোষ্ঠীবিহুশৰাইঘাট দলংকোচ ৰাজবংশব্যৱস্থাপনাপ্ৰাকৃতিক পৰিৱেশওজাপালিৰুদ্ৰেশ্বৰ দেৱালয়আল্লাহশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবিত্তীয় ব্যৱস্থাজন গণ মনএ পি জে আব্দুল কালামব্ৰহ্মপুত্ৰ নদপাঠ পৰিকল্পনাঅৰ্থনীতিৰাজ্যসভাফাট বিহুফৰাচী বিপ্লৱগুণাভিৰাম বৰুৱামহেন্দ্ৰ বৰাসত্যনাথ বৰাঅন্নপ্ৰাশনবিষ্ণুপ্ৰসাদ ৰাভাকামৰূপ ৰাজ্যঅসমৰ ছপাশালপুথিভঁৰালচাৰ্লছ ডাৰউইনৰংঘৰশৰৎচন্দ্ৰ চট্টোপাধ্যায়পঞ্চায়তী ৰাজবায়ু প্ৰদূষণনিৰ্মলপ্ৰভা বৰদলৈবানপানীস্বাস্থ্যপুঁজিবাদকালিয়দমন নাট🡆 More