অনুৰাধা শৰ্মা পূজাৰী: ভাৰতীয় লেখক

অনুৰাধা শৰ্মা পূজাৰী (ইংৰাজী: Anuradha Sharma Pujari, জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে। চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে। তেওঁ ২০২১ চনত 'ইয়াত এখন অৰণ্য আছিল' শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

অনুৰাধা শৰ্মা পূজাৰী
অনুৰাধা শৰ্মা পূজাৰী: প্ৰাৰম্ভিক জীৱন, পেচাদাৰী জীৱন, সাহিত্য কৰ্মৰাজি
জন্ম ১৯৬৪ চন
যোৰহাট, অসম
পেচা শিক্ষাবিদ, সাহিত্যিক, সম্পাদক, সাংবাদিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০২১
ৰেনেছাঁ অসম বঁটা
অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা

স্বাক্ষৰ অনুৰাধা শৰ্মা পূজাৰী: প্ৰাৰম্ভিক জীৱন, পেচাদাৰী জীৱন, সাহিত্য কৰ্মৰাজি

প্ৰাৰম্ভিক জীৱন

যোৰহাটত জন্মগ্ৰহণ কৰা পূজাৰীয়ে দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ সমাজশাস্ত্ৰ বিষয়ত অধ্যয়ন কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েছন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। অসম বাণী কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি তেওঁ ক্ৰমাত্‍ জনপ্ৰিয়তা লাভ কৰে। ১৯৯৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক হোমেন বৰগোহাঞিয়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয়, “এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।” ক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪টা সংস্কৰণ প্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।

পেচাদাৰী জীৱন

প্ৰথমাৱাস্থাত শৰ্মা পূজাৰীয়ে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ পাঠ্যক্ৰক গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰে। পিছলৈ তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু বৰ্তমান তেওঁ সাদিন কাকতৰ সম্পাদক হিচেপে কৰ্মৰত।

'হৃদয় এক বিজ্ঞাপন'ৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন 'এজন ঈশ্বৰৰ সন্ধানত' প্ৰকাশ পায় (১৯৯৮)। পৰৱৰ্তী বছৰবোৰত 'কাঞ্চন', 'চাহেবপুৰাৰ বৰষুণ' ইত্যাদি উপন্যাসসমূহ প্ৰকাশিত হয়। ২০০৪ চনত 'হৃদয় এক বিজ্ঞাপন'ৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ 'হাৰ্টছ এ শ্ব'বিজ' নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচন যোগে প্ৰকাশ পায়। এই উপন্যাসখন ইতিমধ্যে বঙালী ভাষালৈও অনূদিত হৈছে। সাহিত্য অকাডেমিৰ পত্ৰিকা 'কণ্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ' আৰু জয়ন্ত মহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী 'চন্দ্ৰভাগা'ত শৰ্মা পূজাৰীৰ গল্পৰ অনুবাদ প্ৰকাশিত হৈছে। ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।

সাহিত্য কৰ্মৰাজি

উপন্যাস

  • হৃদয় এক বিজ্ঞাপন, ১৯৯৮
  • এজন ঈশ্বৰৰ সন্ধানত, ১৯৯৮
  • কাঞ্চন (উপন্যাস), ২০০১, উপন্যাসখনত কাঞ্চন নামৰ এগৰাকী ছোৱালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। কাঞ্চনক কিছুমান সংকীৰ্ণ মনৰ পুৰুষে অবিৰতভাৱে প্ৰতাৰণা আৰু যৌন নিৰ্যাতন চলায়।
  • চাহেবপুৰাৰ বৰষুণ, ২০০৩, চাহেবপুৰা নামৰ এখন গাঁৱৰ সমাজকৰ্মীসকলৰ এক দুঃসাহসিক যাত্ৰা এই উপন্যাসখনে পোহৰলৈ আনিছে।
  • ব'ৰাগী নদীৰ ঘাট, ২০০৪
  • নাহৰৰ নিৰিবিলি ছাঁ ২০০৫, ইয়াক লেখিকাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ডায়েৰী বুলি অভিহিত কৰিব পাৰি। সেই সময়ত তেওঁ লগ পোৱা চৰিত্ৰবোৰ আৰু তাত থকা দুবছৰত সংঘটিত হোৱা সকলো পৰিঘটনাৰ কথা কিতাপখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে।
  • ৰাগ অনুৰাগ,২০০৭
  • মেৰেং, ২০১০, মেৰেং বা ইন্দিৰা মিৰি নামৰ এগৰাকী শক্তিশালী মহিলাৰ কাহিনী।
  • সোণ হৰিণৰ চেঁকুৰ,২০১২,এই গ্ৰন্থখন এনে যুৱক-যুৱতীসকলৰ বাবে উৎসৰ্গিত কৰা হৈছে যিসকলে নিজৰ কেৰিয়াৰক লৈ অতি সচেতন আৰু উত্তেজিত হৈ পৰে আৰু বিফল হ’লে প্ৰায়ে আত্মহত্যাৰ দৰে পথ বাচি লয়। জীৱনটো এক অতি আকৰ্ষণীয় যাত্ৰা। ই অতি মূল্যৱান আৰু ইয়াক অচল কৰি পেলাব নোৱাৰি। গ্ৰন্থখনত এই বাৰ্তা দিয়া হৈছে যে যুৱক-যুৱতীসকলে নিজৰ ভাল লগা কামত নিজকে উৎসৰ্গিত কৰিব লাগে।
  • নীল প্ৰজাপতি, ২০১৩, এই গ্ৰন্থখন দম্পতীৰ মাজত থকা সৰু সৰু সমস্যা আৰু প্ৰেমেৰে ভৰপূৰ।
  • জলছবি, (২০১৪), এলঝেইমাৰৰ সমস্যাই বুঢ়া পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত কেনেকৈ ব্যৱধানৰ সৃষ্টি কৰে, সেই কথা এই গ্ৰন্থখনত চিত্ৰিত কৰা হৈছে।
  • ইয়াত এখন অৰণ্য আছিল২০১৮
  • "সুখৰ ৰামধেনু,২০২৩

গল্প সংকলন

আত্মজীৱনীমূলক ৰচনা

  • কলিকতাৰ চিঠি , ১৯৯৯
  • ডায়েৰী, ২০০১
  • অট’গ্ৰাফ, ২০০৪
  • আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু(ৰচনা)
  • অলপ চিন্তা অলপ গদ্য (সম্পাদকীয় সংগ্ৰহ)
  • প্ৰিয় মানুহ , প্ৰিয় কথা, ২০১৩

বঁটা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অনুৰাধা শৰ্মা পূজাৰী প্ৰাৰম্ভিক জীৱনঅনুৰাধা শৰ্মা পূজাৰী পেচাদাৰী জীৱনঅনুৰাধা শৰ্মা পূজাৰী সাহিত্য কৰ্মৰাজিঅনুৰাধা শৰ্মা পূজাৰী বঁটাঅনুৰাধা শৰ্মা পূজাৰী তথ্য সংগ্ৰহঅনুৰাধা শৰ্মা পূজাৰী বাহ্যিক সংযোগঅনুৰাধা শৰ্মা পূজাৰীঅসমঅসম সাহিত্য সভাআমাৰ অসমইংৰাজী ভাষাকলিকতাগুৱাহাটীচাহেবপুৰাৰ বৰষুণডিব্ৰুগড় বিশ্ববিদ্যালয়পশ্চিমবংগসাংবাদিকতাসাতসৰীসাদিনসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

সাপআউনীআটী সত্ৰআইজাক নিউটনঅসমৰ ৰাজ্যপালসকলৰ তালিকাৰাভা ভাষামহাকাব্যবিয়া নামশ্ৰীমদ্ভগৱতগীতাঅসমীয়া সাহিত্যডিব্ৰুগড়লাচিত বৰফুকনৰাষ্ট্ৰসংঘ দিৱসদক্ষিণ আমেৰিকাজেতুকা২৩ এপ্ৰিলঋতুমানৱ শৰীৰসৰস্বতী পূজাঅসম আৰক্ষীইন্দিৰা গান্ধীআনন্দ চন্দ্ৰ আগৰৱালাবন্দে মাতৰম্‌অসমৰ তামোল-পাণ সংস্কৃতিকেতেকী ফুলৰমন্যাসবাদমালিতাহিন্দু ধৰ্মভাৰতীয় জনতা পাৰ্টিসিন্ধু সভ্যতাতথ্য প্ৰযুক্তিদ্বীপেন বৰুৱামহাদেশচিলাৰায়ৰংঘৰশিৱ পুৰাণগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাআধুনিকতাবাদঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামুখমৈথুনআগ্নেয়গিৰিনাগাৰা নামমণিপুৰবাগ্‌ধ্বনিবানপানীক্ৰিষ্টোফাৰ কলম্বাছকবিতাচ'মাংকানযোৰহাট (লোকসভা সমষ্টি)ত্ৰিভুজআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবৰগীতপদিনাভাৰতীয় ভাষাউমাচল শিলালিপিভাৰতৰ উচ্চতম ন্যায়ালয়পাৰিজাত হৰণ নাটহনুমানগড়গাঁওঅসমীয়া ভাষা আন্দোলনপিঠাঅসমৰ কাঁহ শিল্পআহোম ৰাজ্যহোমেন বৰগোহাঞিনামঘৰদুৰ্যোগবংগ বিভাজন (১৯০৫)নাটকবসন্ত ৰোগহিন্দুত্বগোলকীয় উষ্ণতা বৃদ্ধিপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতিবিষ্ণুপ্ৰসাদ ৰাভাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতডুবাইনিচুকনি গীত🡆 More