উইচকনচিন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য

উইচকনচিন (ইংৰাজী: Wisconsin; i/wɨsˈkɒnsɨn/) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-মধ্য অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৪৮ চনৰ ১৯ মে তাৰিখে উইচকনচিন ৩০ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। ৰাজ্যখনৰ সীমান্তৰ পশ্চিমে মিনিচোটা, দক্ষিণ-পশ্চিমে আইৱা, দক্ষিণে ইলিনয়চ, পূবে লেক মিছিগান, উত্তৰ-পূবে মিছিগান, আৰু উত্তৰে লেক চুপিৰিয়ৰ অৱস্থিত। উইচকনচিন আমেৰিকাৰ ৫০খন ৰাজ্যৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা ২৩ তম বৃহত্তম ৰাজ্য আৰু ২০তম আটাইটকৈ বেছি জনবসতীপূৰ্ণ ৰাজ্য। উইচকনচিনৰ ৰাজধানী মেডিচন আৰু বৃহত্তম নগৰমিলৱাকি। ৰাজ্যখনক প্ৰশাসনিক সুবিধাৰ বাবে ৭২খন কাউণ্টিত ভাগ কৰা হৈছে।

State of Wisconsin
ষ্টেট অব উইচকনচিন
উইচকনচিন ৰাজ্যৰ পতাকা উইচকনচিন ৰাজ্যৰ চিল
পতাকা চিল
অন্য নাম: বেড্জাৰ ষ্টেট; আমেৰিকাচ্ ডেইৰি লেণ্ড
নীতিবাক্য: Forward (আগলৈ)
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানচিত্ৰত উইচকনচিনৰ অৱস্থান
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানচিত্ৰত উইচকনচিনৰ অৱস্থান
আধিকাৰিক ভাষা(সমূহ) আধিকাৰিক ভাবে নাই যদিও ইংৰাজী সকলোতে প্ৰচলিত
জাতীয়তাসূচক বিশেষণ উইচকনচিনাইট, স্কনি
ৰাজধানী মেডিচন
বৃহত্তম নগৰ মিলৱাকি
বৃহত্তম মহানগৰ মিলৱাকি–ৰেজিন–ৱাউকেঁচা মহানগৰীয় অঞ্চল
মাটিকালি  মাটিকালিৰ হিচাপত ২৩তম স্থান
 - মুঠ 65,497.82 বৰ্গ মাইল
(169,639 বৰ্গ কিমি)
 - প্ৰস্থ 260 মাইল (420 কিমি)
 - দৈৰ্ঘ্য 310 মাইল (500 কিমি)
 - জলভাগ (%) ১৭
 - অক্ষাংশ 42° 37′ N to 47° 05′ N
 - দ্ৰাঘিমাংশ 86° 46′ W to 92° 53′ W
জনসংখ্যা  জনসংখ্যাৰ হিচাপত ২০তম স্থান
 - মুঠ 5,711,767 (2011 অনুমাণিক)
- জনঘনত্ব 105/sq mi  (40.6/km2)
জনঘনত্বৰ হিচাপত ২৩তম স্থান
 - Median income  $47,220 (১৫তম)
উচ্চতা  
 - সৰ্বোচ্চতম স্থান Timms Hill
1,951 ফুট (595 মি)
 - গঢ় 1,050 ফুট  (320 মি)
 - সৰ্বনিম্নতম স্থান লেক মিছিগান
579 ফুট (176 মি)
যুক্তৰাষ্ট্ৰত যোগদানৰ দিন  ১৯ মে, ১৮৪৮ (৩০তম)
বিধায়িকা উইচকনচিন বিধায়িকা
 - উচ্চ সদন উইচকনচিন চিনেট
 - নিম্ন সদন উইচকনচিন ষ্টেট এচেম্বলি
সময় অঞ্চল কেন্দ্ৰীয়: UTC-6/-5
সংক্ষিপ্তকৰণ WI Wis. US-WI
ৱেবছাইট www.wisconsin.gov

নামৰ উৎপত্তি

উইচকনচিন শব্দৰ উৎপত্তি উইচকনচিন নদীক দিয়া নামৰ পৰা পৰা হৈছে। এই নাম দিছিল এলগংকিয়ান ভাষীক কিছুসংখ্যক খিলঞ্জীয়া আমেৰিকাৰ বাসিন্দাই। সেই সময়ত আমেৰিকা ইউৰোপৰ পৰাধিন হৈ আছিল। ফৰাচী অভিযানকাৰী জেকুৱাছ মাৰকুৱেট আছিল প্ৰথমজন ইউৰোপীয়, যি উইচকনচিন নদীলৈ আহে আৰু ইয়াৰ নাম নথিভূক্ত কৰে। ১৬৭৩ চনৰ তেওঁৰ টোকাত ইয়াক মেছকৌচিং (Meskousing) নামেৰে উল্লেখ কৰিছে। শব্দটোৰ বানান পাছৰ ফৰাচী অভিযানকাৰীসকলৰ হাতত Ouisconsin-ৰ ৰূপ লয়, আৰু উইচকনচিন নদীৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ফৰাচী নাম হিচাবে জনাজাত হৈ পৰে। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা ইংৰাজী ভাষীক লোকসকলে নামটোৰ ইংৰাজীকৰণৰ ফলত ই বৰ্তমানৰ ৰূপ লয়। বৰ্তমানৰ বানানটো ১৮৪৫ চনত তেতিয়াৰ উইচকনচিন টেৰিটৰিৰ বিধায়িকাই আধিকাৰিক ৰূপে গ্ৰহণ কৰে।

উইচকনচিনৰ এলগংকিয়ান ভাষাৰ মূল শব্দটো আৰু ইয়াৰ অৰ্থ উভয়ে সময়ৰ সোঁতত অস্পষ্ট হৈ পৰে। বিভিন্ন সূত্ৰৰ পৰা ইয়াকে কব পৰা যায় যে মূল শব্দটো নদীখন আৰু ইয়াৰ পাৰৰ ৰঙা বালি শিলক উদ্দেশ্য কৰি দিয়া হৈছিল।

ৰাজ্যিক প্ৰতিকসমূহ

  • নীতিবাক্য: Forward (আগলৈ)
  • সঙ্গীত: On Wisconsin! (অন উইচকনচিন!)
  • ফুল: Wood Violet
  • চৰাই: ৰবিন
  • গছ: চুগাৰ মেপল (Acer saccharum)
  • মাছ: Muskellunge (Esox masquinongy)
  • জন্তু: Badger
  • বন্যপ্ৰাণী: বগা নেজীয়া হৰিণ
  • পোহনীয়া জন্তু: গাখীৰ দিয়া গাই
  • খনিজ পদাৰ্থ: গেলেনা
  • শিলা: ৰঙা গ্ৰেনাইট
  • শান্তিৰ প্ৰতিক: Mourning Dove (Zenaida macroura)
  • পতংগ: মৌ-মাখি
  • মাটি: Antigo Silt Loam
  • জীৱাস্ম: Trilobite
  • কুকুৰ: American Water Spaniel
  • পানীয়: গাখীৰ
  • গুটি-শস্য: গোম-ধান
  • নৃত্য: পোল্কা
  • ডেজাৰ্ট: ক্ৰীম পাফ (প্ৰস্তাবিত)

ভূগোল

উইচকনচিনৰ মুঠ মাটিকালি ৬৫,৪৯৭.৮২ বৰ্গ মাইল (১৬৯,৬৩৯ বৰ্গ কিমি)। ৰাজ্যখনৰ সীমাৰ উত্তৰে মণ্টৰিয়েল নদী, লেক চুপিৰিয়ৰ আৰু মিছিগান; পূবে লেক মিছিগান; দক্ষিণে ইলিনয়চ; দক্ষিণ-পশ্চিমে আইৱা; আৰু উত্তৰ-পশ্চিমে মিনিচোটা অৱস্থিত। ইয়াৰ মিছিগানৰ লগত এক সীমা বিবাদ ১৯৩৫ আৰু ১৯৩৫ চনত দুটি মুকৰ্দমাৰ জৰিয়তে সমাধা কৰা হৈছিল।

উইচকনচিনৰ ৪৬% অঞ্চল হৈছে অৰণ্য। ইয়াত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ মাজৰে চাৰিখন আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্যান সেৱাই পৰিচালনা কৰে। ৰাজ্যখনৰ লেঙ্গলেদ কাউণ্টিত আন কতো নোপোৱা এক বিশেষ ধৰণৰ মাটি পোৱা যায়, যাৰ নাম এণ্টিগো। এই মাটিক ৰাজ্যখনে ৰাজ্যিক মাটিৰ মৰ্যাদা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে উইচকনচিনত এনে সাতখন ঠাই আছে য’ত ঠিয় হৈ এজন ব্যক্তিয়ে একেসময়তে চাৰিখন বেলেগ বেলেগ কাউণ্টিত থাকিব পাৰে (চাৰিখন কাউণ্টিৰ চাৰিটা কোন)।

জলবায়ু

উইচকনচিনৰ গ্ৰীষ্ম আৰু শীত কালৰ তাপমাত্ৰাৰ মাজত বৃহৎ পাৰ্থক্য দেখা যায়। বতৰ বিজ্ঞানীসকলে ইয়াৰ জলবায়ুক humid continental শ্ৰেণীত বিভাজিত কৰিছে। ৰাজ্যখনৰ নথিভুক্ত সৰ্বোচ্চত্তম তাপমাত্ৰা হৈছে ১১৪ °ফা (৪৬ °ছে) উইচকনচিন ডেলচত ১৯৩৬ চনৰ ১৩ জুলাইত; আৰু সৰ্বনিম্নত্তম তাপমাত্ৰা হৈছে কাউদ্ৰে গাঁৱত ২ আৰু ৪ ফেব্ৰুৱাৰী ১৯৯৬ তাৰিখে হোৱা −৫৫ °ফা (−৪৮ °ছে)।

উইচকনচিনৰ প্ৰধান নগৰকেইখনৰ মাহেকীয়া গড় সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ তথ্য [°ফা (°ছে)]
নগৰ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে.
গ্ৰীণ বে ২৪/৭

(−৪/-১৪)

২৯/১২

(−২/-১১)

৪০/২৩

(৪/-৫)

৫৫/৩৪

(১৩/১)

৬৮/৪৫

(২০/৭)

৭৭/৫৪

(২৫/১২)

৮১/৫৯

(২৭/১৫)

৭৮/৫৬

(২৬/১৩)

৭০/৪৮

(২১/৯)

৫৮/৩৭

(১৪/৩)

৪২/২৬

(৬/-৩)

২৯/১৩

(−২/-১১)

লা ক্ৰচ ২৬/৬

(−৩/-১৪)

৩২/১৩

(০/-১১)

৪৫/২৪

(৭/-৪)

৬০/৩৭

(১৬/৩)

৭২/৪৯

(২২/৯)

৮১/৫৮

(২৭/১৪)

৮৫/৬৩

(২৯/১৭)

৮২/৬১

(২৮/১৬)

৭৪/৫২

(২৩/১১)

৬১/৪০

(১৬/৪)

৪৪/২৭

(৭/-৩)

৩০/১৪

(−১/-১০)

মেডিচন ২৫/৯

(−৪/-১৩)

৩১/১৪

(−১/-১০)

৪৩/২৫

(৬/-৪)

৫৭/৩৫

(১৪/২)

৬৯/৪৬

(২১/৮)

৭৮/৫৬

(২৬/১৩)

৮২/৬১

(২৮/১৬)

৭৯/৫৯

(২৬/১৫)

৭১/৫০

(২২/১০)

৬০/৩৯

(১৬/৪)

৪৩/২৮

(৬/-২)

৩০/১৬

(−১/-৯)

মিলৱাকি ২৮/১৩

(−১/-১১)

৩২/১৮

(০/-৮)

৪৩/২৭

(৬/-৩)

৫৪/৩৬

(১২/২)

৬৬/৪৬

(১৯/৮)

৭৬/৫৬

(২৪/১৩)

৮১/৬৩

(২৭/১৭)

৭৯/৬২

(২৬/১৭)

৭২/৫৪

(২২/১২)

৬০/৪৩

(১৬/৬)

৪৬/৩১

(৮/-১)

৩৩/১৯

(১/-৭)

উৎস: ustravelweather.com Archived 2011-02-02 at the Wayback Machine

জনবসতি


তথ্যসূত্ৰ

Tags:

উইচকনচিন নামৰ উৎপত্তিউইচকনচিন ৰাজ্যিক প্ৰতিকসমূহউইচকনচিন ভূগোলউইচকনচিন জলবায়ুউইচকনচিন জনবসতিউইচকনচিন তথ্যসূত্ৰউইচকনচিনListenen:Help:IPA for Englishআমেৰিকা যুক্তৰাষ্ট্ৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহইংৰাজী ভাষাচিত্ৰ:En-us-Wisconsin.oggৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

ইণ্টাৰনেটকোচ ৰাজবংশঅসমীয়া প্ৰতিদিন৭ ফেব্ৰুৱাৰীতৎসমউদ্বিগ্নতাঅসমীয়া ভাষাৰ শব্দসম্ভাৰশিৱসাগৰৰ শিৱদৌলৱিকিমিডিয়া ফাউণ্ডেশ্যনডাকৰ বচনঅসম আন্দোলনএৰিষ্ট'টল২৭ এপ্ৰিলপঞ্চভুজভাষাব্লগঅসমৰ বনৌষধিহোমেন বৰগোহাঞিৰামায়ণপুৰাণচামেলি মেমচা'বকালিদাসমিৰি জীয়ৰীনৰনাৰায়ণচিত্ৰা মণ্ডলবীৰেন্দ্ৰনাথ দত্তহস্তীবিদ্যাৰ্ণৱঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামহাকাব্যনৱ-বৈষ্ণৱ ধৰ্মশালস্তম্ভ ৰাজবংশশদিয়াগৰু বিহুশীতল যুদ্ধভাৰতৰ নিৰ্বাচন আয়োগউইলিয়াম শ্বেইকছপীয়েৰকামৰূপ ৰাজ্যম’বাইল ফোনকোচ ৰাজবংশীকৃষিৰামধেনুৰঘুনাথ চৌধাৰীগমধৰ কোঁৱৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগআপংগণৰাজ্য দিৱস (ভাৰত)কবিতাআন্তৰ্জাতিক শ্ৰমিক দিৱসমহাসাগৰবিত্তীয় ব্যৱস্থাএলবাৰ্ট আইনষ্টাইনঅমিয় কুমাৰ ভূঞাদৰং জিলাগঙ্গা নদীলুই পেষ্ট'ৰভূমিকম্পজীৱনীলকণ্ঠী ব্ৰজঅসমীয়া ভাষা উন্নতি সাধিনী সভাতগৰৰবীন্দ্ৰনাথ ঠাকুৰকেশৱ মহন্তমহেশ্বৰ নেওগবায়ু প্ৰদূষণযতীন্দ্ৰ নাথ দুৱৰামুখমৈথুনআনন্দৰাম ঢেকিয়াল ফুকনতাল (বাদ্যযন্ত্ৰ)মৌখিক ইতিহাসস্বদেশী আন্দোলন🡆 More