গাখীৰ

গাখীৰ (ইংৰাজী: Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয়। শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে, যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে। প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C। গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ। একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -

গাখীৰ
এক গিলাচ গাখীৰ
শক্তি (Energy) ১৬০ কেলৰি ভিটামিন ৬%
চৰ্বী (Fat) ৯ গ্ৰাম কেলছিয়াম ৩০%
শৰ্কৰা (Carbohydrates) ১২ গ্ৰাম ছ'ডিয়াম ১২০ মিলিগ্ৰাম
প্ৰ'টিন (Protein) ৯ গ্ৰাম কলেষ্টেৰল ৩৫ মিলিগ্ৰাম

ব্যৱহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুতকৰণত।

প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ

গাখীৰ 
এটি মানৱ শিশুক মাতৃয়ে স্তনপান কৰাই আছে।
গাখীৰ 
এজনী ছাগলীয়ে পোৱালিক গাখীৰ খুৱাই থকা অৱস্থাত।

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকলো স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে। শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে। মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায়।

মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে। তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন। ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয়। গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

এৱা গাখীৰ

দৈ নবন্ধাকৈ বা ফাটি নোযোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ সময়ে সময়ে উতলাই ৰাখিবলগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি।

তথ্য সংগ্ৰহ

Tags:

গাখীৰ ব্যৱহাৰৰ প্ৰকাৰগাখীৰ এৱা গাখীৰ তথ্য সংগ্ৰহগাখীৰইংৰাজী ভাষাচৰ্বিপুষ্টিকাৰকপ্ৰ'টিনস্তন্যপায়ী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

হেমচন্দ্ৰ বৰুৱাচ'জুনইংৰাজী ভাষাঈদ-উল-ফিটৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅশোক ফুলনামঘৰমহাভাৰতচুদিংফাদুৰ্গা পূজাইজৰাইলনিউটনৰ গতিৰ সূত্ৰকীৰ্তন-ঘোষাচ'তমাঘ বিহুকোণহেপাটাইটিছ বিৰামমোহন ৰায়অসমীয়া লোক-সংস্কৃতিমেখেলা চাদৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশিৱঅসমীয়া ব্যাকৰণলুৰিন জ্যোতি গগৈঅসমীয়া ভাষাৰ শব্দসম্ভাৰপঞ্চতন্ত্ৰনৰেন্দ্ৰ মোদীভাৰতৰ নিৰ্বাচন আয়োগযোৰানামদুগদুগীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)শিৱসাগৰকাতি বিহুমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদভৌতিক সংস্কৃতিগোলকীকৰণসোণোৱাল কছাৰীসূৰ্য গ্ৰহণচাদৰহীৰেন গোহাঁইঅসমীয়া খাদ্যাভ্যাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমকৰ ক্ৰান্তিতিলভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাভাস্কো দা গামাচানডুবি বিলবিহুৰ খাদ্যভাৰতত নাৰীবাদঅসমৰ শাক-পাচলিৰ তালিকাশূন্যবেদব্যাসঅসমৰ জাতীয় গীতচৰক পূজাৱিকিপিডিয়াৰ তালিকাগায়ত্ৰী মহন্ততাজমহলঅসমৰ পৰম্পৰাগত খেল-ধেমালিবহুভাষাবাদচন্দ্ৰকুমাৰ আগৰৱালাদক্ষিণপাট সত্ৰমুগা (ৰেচম)কৰ্ণ (মহাভাৰত)আত্মজীৱনীভূপেন হাজৰিকাসিংহআন্তৰ্জাতিক শ্ৰমিক দিৱসবুলু ফিল্মনগাঁও (লোকসভা সমষ্টি)জীৱন বাটৰ লগৰীঅসমৰ চাহ জনগোষ্ঠীজেতুকাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালা🡆 More