আন্তৰ্জাতিক শান্তি দিৱস

আন্তৰ্জাতিক শান্তি দিৱস (ইংৰাজী: International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ৰথমে ১৯৮২ চনত পালন কৰা হৈছিল। ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে।

আন্তৰ্জাতিক শান্তি দিৱস
আন্তৰ্জাতিক শান্তি দিৱস
ৰাষ্ট্ৰসংঘৰ পতাকা
পালন কৰে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস
তাৰিখ ২১ ছেপ্টেম্বৰ
উদযাপন গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী পালন
সম্পৰ্কিত শান্তি আন্দোলন
অৱধি এদিন
সংঘটন বছৰেকীয়া

এই দিৱসৰ উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত জাপানী শান্তি ঘণ্টা বজোৱা হৈছিল। এই ঘণ্টা আফ্ৰিকা মহাদেশৰ বাদে আন সকলো মহাদেশৰ লৰা-ছোৱালীয়ে দান কৰা মুদ্ৰাৰে বনোৱা হৈছিল। "বিশ্ব শান্তিময় হওক" মূলমন্ত্ৰৰে "যুদ্ধত হোৱা মানুহৰ কষ্ট"ৰ চিন স্বৰূপে এই ঘণ্টা ৰাষ্ট্ৰসংঘৰ উপহাৰ আছিল।

ইতিহাস

এখন যুদ্ধবিহীন বিশ্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ "তৃতীয় মংগলবৰ" ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক "আন্তৰ্জাতিক শান্তি দিৱস" হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে "আন্তৰ্জাতিক শান্তি দিৱস " হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।

কাৰ্যসূচী

"আন্তৰ্জাতিক শান্তি দিৱস" উপলক্ষে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে "শান্তি ঘণ্টা" বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়। তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।

২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান

২০১৬ চনৰ আন্তৰ্জাতিক শান্তি দিৱসৰ থিম বা মূল বিষয় আছিল ২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান ("The Sustainable Development Goals: Building Blocks for Peace".)।

তথ্য উৎস

বহিঃসংযোগ

Tags:

আন্তৰ্জাতিক শান্তি দিৱস ইতিহাসআন্তৰ্জাতিক শান্তি দিৱস কাৰ্যসূচীআন্তৰ্জাতিক শান্তি দিৱস তথ্য উৎসআন্তৰ্জাতিক শান্তি দিৱস বহিঃসংযোগআন্তৰ্জাতিক শান্তি দিৱসইংৰাজী ভাষাৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

বিহুগীতকীৰ্তন-ঘোষানীলমণি ফুকন (কনিষ্ঠ)ডিমাছা জনগোষ্ঠীঅৰুণাচল প্ৰদেশঅসম আন্দোলনজেং বিহুগগৈবকুল ফুলৰ দৰে (গ্ৰন্থ)বাৰেচহৰীয়া ভাওনা মহোৎসৱএকলব্যঅসমৰ বনৌষধিবহুকোষী জীৱকামৰূপী লোকগীতমৈদামজীৱনীপ্ৰাকৃতিক সম্পদচৰাইদেউ জিলামুগা (ৰেচম)ঋকবেদঅসমৰ সত্ৰসমূহৰ তালিকাকোচ ৰাজবংশগুৱাহাটী (লোকসভা সমষ্টি)অসমীয়া সাহিত্যৰ অৰুণোদয় যুগগ্ৰহশ্ৰীনিবাস ৰামানুজননাগৰিকত্বশ্ৰীমন্ত শংকৰদেৱৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ পৰম্পৰাগত সাজ-পাৰস্বদেশী আন্দোলনজাতনামউচ্চ ৰক্তচাপঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাদৰং জিলাপঞ্চভুজপঞ্চায়তী ৰাজইজৰাইললক্ষ্মীধৰ শৰ্মাড়মদন কামদেৱ দেৱালয়গোলকীয় উষ্ণতা বৃদ্ধিশ্ৰী সূৰ্য পাহাৰজৱাহৰলাল নেহৰুহুঁচৰিজাতীয়তাবাদভাৰতীয় ৰেলখ্ৰীষ্টান ধৰ্মলোক-সংগীতপালি ভাষাআৰবী ভাষাশিক্ষকইংলেণ্ডঋতুকেঁচুসাৰপাণবাৰী মছজিদচন্দ্ৰকুমাৰ আগৰৱালাফুলউপন্যাসদুৰ্যোগনামনি অসমসংযুক্ত মুক্তি বাহিনী, অসমবাণিজ্যচি++অসমৰ পৰম্পৰাগত খেল-ধেমালিঔষধি উদ্ভিদএচিদ বৰষুণধেমাজি জিলাজামুগুৰিহাটপায়ু সংগমসমাজবাদ🡆 More