অমেৰুদণ্ডী প্ৰাণী

অমেৰুদণ্ডী প্ৰাণী (ইংৰাজী: Invertebrates) হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী (পতংগ, আৰ্কিনাইড, ক্ৰাষ্টাচিয়ান, আৰু মিৰিয়াপদছ), কোমলদেহী (কাইটন, শামুক, বাইভেল্‌ভছ, ষ্কুইড, আৰু অক্টোপাছ), বলয়ী (কেচু আৰু জোক), আৰু স্নাইডেৰিয়ান (হাইড্ৰা, জেলী ফিছ, ছী এনামন, আৰু প্ৰৱাল) আদি অমেৰুদণ্ডীৰ উদাহৰণ।

অমেৰুদণ্ডী
অমেৰুদণ্ডী প্ৰাণী
সাধাৰণ মাখি, Drosophila melanogaster, বৈজ্ঞানিক গৱেষণাত বহুল ব্যৱহৃত প্ৰাণী।
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
(অশ্ৰেণীকৃত): Filozoa
ৰাজ্য: Animalia
অন্তৰ্ভূক্ত গোটসমূহ
বৰ্গীকৰণমতে অন্তৰ্ভূক্ত কিন্তু পৰম্পৰাগতভাবে
অন্তৰ্ভূক্ত নোহোৱা গোটসমূহ

প্ৰাণী প্ৰজাতিৰ সৰহসংখ্যকেই হৈছে অমেৰুদণ্ডী; আনুমানিক প্ৰায় ৯৭%। বহুটো অমেৰুদণ্ডীৰ জীৱবৈজ্ঞানিক গোটৰ অন্তৰ্গত বিভিন্ন প্ৰজাতিৰ সংখ্যা সৰ্বমুঠ মেৰুদণ্ডী প্ৰাণীৰ সংখ্যাতকৈও বেছি।

অন্য অমেৰুদণ্ডীতকৈ কিছুমান অমেৰুদণ্ডী, যেনে টিউনিকাটা আৰু লান্সেলেট মেৰুদণ্ডীৰ অধিক নিকট সম্পৰ্কীয়।

নামকৰণ

অমেৰুদণ্ডী প্ৰাণীৰ ইংৰাজী নাম "invertebrate" শব্দটো লেটিন ভাষাৰ vertebra অৰ্থাৎ সাধাৰণতে এটা সন্ধী আৰু কেতিয়াবা মেৰুদণ্ডীৰ ৰাজহাড়ৰ পৰা থকা এটা সন্ধী বুজোৱা শব্দটোৰ পৰা আহৰণ কৰা হৈছে। আনহাতে vertebra শব্দৰ সন্ধী বিষয়টো verto বা vorto, অৰ্থাৎ ঘুৰিব পৰা শব্দৰ পৰা আহৰণ কৰা হৈছে। আগফালৰ in- পদাংশই "নহয়" বা "নথকা" বুজায়।

শ্ৰেণীবিভাজন

অমেৰুদণ্ডী প্ৰাণীক কেইবাটাও মূল শ্ৰেণীত ভাগ কৰা হৈছে, ইয়াৰে কিছুমান এতিয়াও বৰ্গীকৰণৰ দিশৰ পৰা বিবাদমান যদিও এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে।

অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যা

এই পৰ্যন্ত সকলোতকৈ বেছি সংখ্যক অমেৰুদণ্ডী প্ৰানী হৈছে পতংগ প্ৰজাতিৰ। আইইউচিএনৰ সংকটজনক প্ৰাণীৰ তালিকা ২০১৪.৩" অনুহৰি গুৰুত্বপূৰ্ণ অমেৰুদণ্ডী প্ৰাণীৰ টেক্সন'মি আৰু আনুমানিক সংখ্যা তলৰ তালিকাত দিয়া হল।

অমেৰুদণ্ডী প্ৰাণী চিত্ৰ বৰ্ণিত প্ৰাণীৰ
আনুমানিক সংখ্যা
পতংগ অমেৰুদণ্ডী প্ৰাণী  ১,০০০,০০০
কোমলদেহী প্ৰাণী অমেৰুদণ্ডী প্ৰাণী  ৮৫,০০০
ক্ৰাছটেছন অমেৰুদণ্ডী প্ৰাণী  ৪৭,০০০
প্ৰৱাল অমেৰুদণ্ডী প্ৰাণী  ২,০০০
ইয়াৰাকনিড অমেৰুদণ্ডী প্ৰাণী  ১০২,২৪৮
ভেলভেট কীট অমেৰুদণ্ডী প্ৰাণী  ১৬৫
অশ্বখুৰাকৃতি কেঁকোৰা অমেৰুদণ্ডী প্ৰাণী 
অন্যান্য
জেলিফিছ, কণ্টকচৰ্মী প্ৰাণী,
পৰিফেৰা, অন্যান্য কীট ইত্যাদি.
৬৮,৬৫৮
মুঠ: ১,৩০৫,০৭৫

আইইউচিএন (IUCN)ৰ হিচাপত আনুমানিক ৬৬,১৭৮ প্ৰজাতিৰ মেৰদণ্ডী প্ৰাণী এই পৰ্যন্ত নামকৰণ কৰা হৈছে। এই অণুযায়ী, প্ৰাণীজগতৰ ৯৫% তকৈও বেছি অমেৰুদণ্ডী প্ৰাণী। .

ইতিহাস

শ্ৰেণীবিভাজন

কাৰ্ল লিনিয়াছে অমেৰুদণ্ডী প্ৰাণীক কেৱল দুটা গোটত ভাগ কৰিছিল, ইনচেক্টা আৰু ৱাৰ্মছ (কেঁচু)। জীন−বাপ্টষ্ট লেমাৰ্কক ১৭৯৩ চনত Muséum National d'Histoire Naturelleৰ "Curator of Insecta and Vermes" পদত নিযুক্ত কৰা হয়, দুযো এই জীৱবোৰৰ বাবে "invertebrate" ব্যৱহাৰ কৰিছিল আৰু পূৰ্ৱৰ দুটা গোটৰ সলনি ইহঁতক দহটা গোটত ভাগ কৰিছিল। তেঁওলোকে ইনচেক্টাক আৰ্কিনিডা (Arachnida) আৰু ক্ৰুষ্টেচিয়া (Crustacea) নামৰ দুটা ভাগত ৱাৰ্মছক মলাস্কা, এনিলিডা, চিৰিপেডিয়া, ৰেডিয়েটা, চিলেনটেৰেটা, আৰু ইনফুচৰিয়া (Mollusca, Annelida, Cirripedia, Radiata, Coelenterata and Infusoria) নামৰে বিভক্ত কৰে। বৰ্তমান অমেৰুদণ্ডীৰ একেবাৰে সৰল স্পঞ্জৰ পৰা জটিল সন্ধিপদীলৈকে প্ৰায় ৩০ টাতকৈও অধিক পৰ্ব আছে।

অধ্যয়ন

বহু শতিকালৈকে বৃহৎ মেৰুদণ্ডী আৰু দৰকাৰী প্ৰজাতিসমূহৰ বাবে অমেৰুদণ্ডী প্ৰাণীৰ অধ্যয়নক বিজ্ঞানীসকলে উপেক্ষা কৰি আহিছিল। ১৮ শতিকাত লিনিয়াছ আৰু লেমাৰ্কৰ অধ্যয়নৰ আগলৈকে অমেৰুদণ্ডীৰ অধ্যয়ন বিজ্ঞান কোনো প্ৰধান ভাগ নাছিল। বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে চিকিৎসা, বংশগতি, পৰিস্থিতি বিজ্ঞান আদিলৈ অমেৰুদণ্ডীৰ অৱদানৰ আবিস্কাৰৰ পিছৰে পৰা প্ৰায় বিংশ শতিকাৰ পৰা ই প্ৰাকৃতিক বিভাগৰ এটা প্ৰধান ভাগ ৰূপে বিবেচিত হয়।

তথ্য সংগ্ৰহ

Tags:

অমেৰুদণ্ডী প্ৰাণী নামকৰণঅমেৰুদণ্ডী প্ৰাণী শ্ৰেণীবিভাজনঅমেৰুদণ্ডী প্ৰাণী ৰ সংখ্যাঅমেৰুদণ্ডী প্ৰাণী ইতিহাসঅমেৰুদণ্ডী প্ৰাণী অধ্যয়নঅমেৰুদণ্ডী প্ৰাণী তথ্য সংগ্ৰহঅমেৰুদণ্ডী প্ৰাণীইংৰাজী ভাষাকোমলদেহী প্ৰাণীপতংগপ্ৰাণীবলয়ী প্ৰাণীমেৰুদণ্ডী প্ৰাণীশামুকসন্ধিপদী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

মোৱামৰীয়া বিদ্ৰোহআজান পীৰমহেশ্বৰ নেওগমৌখিক ইতিহাসচৰাইঅম্বুবাচীআফগানিস্তানসাপকেশৱ মহন্তসংস্কৃত ভাষাফকৰা যোজনাভাৰতৰ নিৰ্বাচন আয়োগভূপেন হাজৰিকাসংখ্যাচিপাহী বিদ্ৰোহ ১৮৫৭শ্ৰী সূৰ্য পাহাৰৰমন্যাসবাদকৰ'নাভাইৰাছ ৰোগ ২০১৯পুৰাণকম্পিউটাৰঅব্যয় পদপৰ্যাবৃত্ত তালিকাৰাজ্যসভাকথা কবিতাসংঘাতনামঘৰৰাজনৈতিক দলজলসিঞ্চনমোগল সাম্ৰাজ্যনিমাতী কইনাব্ৰিটিছ ৰাজভগদত্তআমশ্বিলংকামাখ্যা মন্দিৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপ্ৰশান্ত মহাসাগৰআকবৰভূমি প্ৰদূষণসাহিত্যআলেকজেণ্ডাৰ গ্ৰাহাম বে'লচৰিত পুথিহুঁচৰিইয়াণ্ডাবু সন্ধিৰেৱতী মোহন দত্তচৌধুৰীউৎপাদন (অৰ্থনীতি)ব্ৰজাৱলী ভাষাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)গোলকীয় উষ্ণতা বৃদ্ধিম'হৰ শিঙৰ পেঁপানামঘোষাবৰপেটাগণতন্ত্ৰএৰী ৰেচমঅণুবীক্ষণ যন্ত্ৰইংলেণ্ডৰসায়ন বিজ্ঞানবৰদৈচিলাচৈয়দ আব্দুল মালিকযোগ দৰ্শনমুখমৈথুনগৌতম বুদ্ধঅসমীয়া লোকসাহিত্যহিউৱেন-চাংঅৰুণোদইঅসমৰ পৰম্পৰাগত খেল-ধেমালিসাঁথৰলখিমপুৰ (লোকসভা সমষ্টি)বিবাহঅসমীয়া ব্যাকৰণনলিনীবালা দেৱীসত্ৰপিম্পৰা গুচোৱাঅসমৰ মুখা শিল্পবেক্টেৰিয়াঅসমৰ ৰেচম শিল্প🡆 More