ঘূৰণীয়া কৃমি

ঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্ব। গ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাট'ডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।

ঘূৰণীয়া কৃমি
জীৱাশ্ম কাল: Precambrian–Recent
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
ঘূৰণীয়া কৃমি
চিয়ান'হেব্দিটিছ ইলেগান্স,
ঘূৰণীয়া কৃমিৰ এটা আদৰ্শ উদাহৰণ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
মহাপৰ্ব: Nematoida
পৰ্ব: Nematoda
শ্ৰেণীসমূহ
  • Chromadorea
  • Enoplea
  • Secernentea
  • Dorylaimea

(see text)

সমাৰ্থক
  • Nematodes Burmeister, 1837
  • Nematoidea sensu stricto Cobb, 1919
  • Nemates Cobb, 1919
  • Nemata Cobb, 1919 emend.
ঘূৰণীয়া কৃমি
পুৰুষ ফিতা কৃমিৰ অঙ্গসংস্থানিক চিত্ৰ

বৈশিষ্ট্য

দেহ নলাকাৰ বা সূতাৰ দৰে, অখণ্ডিত, দুই-প্ৰান্ত জোঙা। দেহ দ্বিপাৰ্শ্বীয় প্ৰতিসম আৰু কঠিন কিউটিকলেৰে ঢকা। ই ত্ৰিস্তৰ বিশিষ্ট (Triplobalstic) প্ৰাণী অৰ্থাৎ ইয়াৰ ভ্ৰূণত তিনটা অংকুৰণ (Germinal) স্তৰ দেখিবলৈ পোৱা যায়। দেহ-গহ্বৰক ছিউড'-চিলম (pseudo-coelom) বা ছদ্ম দেহগহ্বৰ বোলে। অন্ত্ৰ সৰল প্ৰকৃতিৰ আৰু পায়ুছিদ্ৰ থাকে। শ্বসনতন্ত্ৰ আৰু সংবহনতন্ত্ৰ নাথাকে। বহুতৰ ৰেচননলীৰ দ্বাৰা ৰেচনতন্ত্ৰ গঠিত হয়। নাৰ্ভ-ৰিং বা স্নায়ু-আঙুঠিৰ দ্বাৰা অন্ত্ৰ ঘেৰি থাকে আৰু ইয়াৰ পৰা স্নায়ু সন্মুখ আৰু পিছৰ ফালে সৰবৰাহ হয়। একলিঙ্গী প্ৰাণী আৰু ইহঁতৰ যৌন দ্বিৰূপতা দেখা যায়। কেৱল যৌন প্ৰজনন ঘটে, অযৌন প্ৰজনন নঘটে।

শ্ৰেণীবিন্যাস

প্ৰথমতে চিটউড আৰু চিটউডৰ পৰামৰ্শমতে ঘুৰণীযা কৃমি পৰ্বত দুটা শ্ৰেণী আছিল।

আফছামিডা (Aphasmidia)

ফাছমিড (Phasmid) নামৰ পুচ্ছদেশীয় সংবেদন অঙ্গ (Caudal sensory organ) নাথাকে। ওঠৰ পিছফালে বিভিন্ন আকৃতিৰ এমফিড (Amphid) নামৰ অগ্ৰ প্ৰান্তীয় সংবেদন অঙ্গ (Anterior sensory organ) দেখিবলৈ পোৱা যায়। সাধাৰণতে ৰেচনঅঙ্গ নাথাকে। থাকিলেও সি উন্নত নহয়। পুচ্ছদেশীয় আঠাজাতীয় গ্ৰন্থি (Caudal adhesive gland) থাকে। অধিকাংশই মুক্তজীৱী। উদাহৰণ: Trichinella spiralis (চাবুক কৃমি)।

ফাছমিডা (Phasmidia)

ফাছমিড (Phasmid) নামৰ পুচ্ছদেশীয় সংবেদন অঙ্গ (Caudal sensory organ) থাকে। ওঠৰ পিছফালে ছিদ্ৰৰ দৰে এমফিড (Amphid) নামৰ অগ্ৰ প্ৰান্তীয় সংবেদন অঙ্গ (Anterior sensory organ) থাকে। উন্নতমানৰ ৰেচনঅঙ্গ থাকে। পুচ্ছদেশীয় আঠাজাতীয় গ্ৰন্থি (Caudal adhesive gland) নাথাকে। অধিকাংশই পৰজীৱী। উদাহৰণ: Loa loa, Ascaris lumbricodes, Wuchereria bancrofti (ফাইলেৰিয়া কৃমি), Enterobius vermicularis আদি।

মহামাৰী বিজ্ঞান

ঘূৰণীয়া কৃমি 
খাদ্যনলীৰ ঘূৰণীয়া কৃমি সংক্ৰমণৰ বাবে হোৱা Disability-adjusted life year,প্ৰতি এক লাখ জনৰ ভিতৰত ২০০২ চন।
    <  ২৫
  ২৫–৫০
  ৫০–৭৫
  ৭৫–১০০
  ১০০–১২০
  ১২০–১৪০
  ১৪০–১৬০
  ১৬০–১৮০
  ১৮০–২০০
  ২০০–২২০
  ২২০–২৪০
    >  ২৪০
  তথ্য নাই
Heligmosomoides bakeriৰ ওপৰত পেপেইনৰ প্ৰভাৱ

খাদ্যনলীত থকা বহু সংখ্যক ঘূৰণীয়া কৃমিয়ে মানুহ তথা অন্য প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে, যেনে এছকাৰিয়াছিছ, ট্ৰাইকুৰিয়াছিছ আৰু হাকুটা কৃমি ৰোগ। ফাইলেৰিয়েল কৃমিৰ পৰা ফাইলেৰিয়াছিছ ৰোগ হয়।

ভূ পৰিস্থিতি তন্ত্ৰ

প্ৰায় ৯০% নিমাট'ড মাটিৰ পৰা ১৫ ছেমি গভীৰতাৰ ভিতৰত বাস কৰে। ইহঁতে জৈৱ পদাৰ্থৰ পচন নঘটাই, কিন্তু ততাপি ইহঁত জীৱক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থকা পৰজীৱি নাইবা মুক্তজীৱি। ইহঁতে বেক্টেৰিয়াৰ সংখ্যা আৰু সামাজিক আবৰ্জনা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে — ইহঁতে প্ৰতি মিনিটত প্ৰায় ৫,০০০ বেক্টেৰিয়া ভক্ষণ কৰিব পাৰে। ইয়াৰোপৰি নাইট্ৰ'জেন লৱণীকৰণ কৰি নিমাট'ডে নাইট্ৰ'জেন চক্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নিমাট'ফাগাছ ভেঁকুৰ নামৰ এবিধ মাংসভোজী ভেঁকুৰে মাটিত থকা নিমাট'ডক খাদ্য হিচাপে গ্ৰহণ কৰে। ইহঁতে লাছেছ অথবা আঠাজাতীয় গঠনৰ ৰূপত নিমাট'ডৰ বিৰূদ্ধে এণ্টিচিমেণ্ট সৃষ্টি কৰে।

তথ্য সংগ্ৰহ

Tags:

ঘূৰণীয়া কৃমি বৈশিষ্ট্যঘূৰণীয়া কৃমি শ্ৰেণীবিন্যাসঘূৰণীয়া কৃমি মহামাৰী বিজ্ঞানঘূৰণীয়া কৃমি ভূ পৰিস্থিতি তন্ত্ৰঘূৰণীয়া কৃমি তথ্য সংগ্ৰহঘূৰণীয়া কৃমিপৰ্ব (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

সালোক সংশ্লেষণশৰৎ ঋতুঅসমঅসমৰ চিত্ৰকলাৰ ইতিহাসআধা লেখা দস্তাবেজশিক্ষা মনোবিজ্ঞানভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৱিকিমিডিয়া ফাউণ্ডেশ্যননগাঁও জিলামদন কামদেৱ দেৱালয়অৰ্কিডস্বাভাৱিক সংখ্যাশ্বিলংভাৰত-চীন যুদ্ধইছলামঘিলাধাৰী ঘাটৰ সন্ধিভাৰতত মহিলা শিক্ষাঅসমীয়া খাদ্যাভ্যাসভাৰতত মহিলাৰ স্বাস্থ্যসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলইংৰাজী ভাষাজুবিন গাৰ্গইন্দিৰা মিৰিশিশুৰ খেল-ধেমালিঅসমীয়া ব্যাকৰণঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসম্পাদনাদেউৰী জনগোষ্ঠীমানৰ অসম আক্ৰমণযোৰহাট জিলাৰ ইতিহাসকাৰ্বি আংলং জিলাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসমত দেখা পোৱা সাপবোৰকেশৱ মহন্তঅসম গণ পৰিষদবিহু নৃত্যমানস ৰাষ্ট্ৰীয় উদ্যানইষ্ট ইণ্ডিয়া কোম্পানীএৰী ৰেচমঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকানৰনাৰায়ণৰামধেনুলুই পেষ্ট'ৰবহল ব্যাকৰণসংগীতপদ্মধৰ চলিহাইজৰাইলঅসমীয়া গালি-গালাজভাৰতৰ শিক্ষাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকুলধৰ শইকীয়ামৃত্যুমাধৱদেৱভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগুণাভিৰাম বৰুৱামহাসাগৰধ্যান চান্দৰেখাডাকৰ বচনশীতল যুদ্ধনামচিংচৰ্যাপদঅসমৰ সাহিত্যিকসকলৰ তালিকাহীৰেন ভট্টাচাৰ্যমহামায়া ধামঅলিম্পিকভাৰতৰ ইতিহাসভূৱন মোহন বৰুৱাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাৰঙিয়া ৰেলৱে সংমণ্ডলব্ৰহ্মগুপ্তকামৰূপী উপভাষা🡆 More