অনন্যা পাণ্ডে: ভাৰতীয় অভিনেত্ৰী

অনন্যা পাণ্ডে (ইংৰাজী: Ananya Panday ; জন্ম: ৩০ অক্টোবৰ ১৯৯৮) এগৰাকী মূলতঃ হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনেতা চাংকি পাণ্ডেৰ কন্যা। ২০১৯ চনত কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহৰ যোগে তেওঁৰ অভিনয় জীৱনৰ অভিষেক হয়। এই দুয়োখন ছবিৰ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ কেইবাখনো দৰ্শকৰ বিশেষ সমাদৰ নোপোৱা ছবিত অভিনয় কৰাৰ পিছত ২০২২ চনত তেওঁ অভিনয় কৰা গেহৰাইয়া মুক্তি পায়, যিখনে দৰ্শকৰ ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

অনন্যা পাণ্ডে
অনন্যা পাণ্ডে: প্ৰাৰম্ভিক জীৱন, কৰ্মজীৱন, তথ্যউৎস
পাণ্ডে, ২০২২
জন্ম ৩০ অক্টোবৰ, ১৯৯৮ (২৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৯-বৰ্তমানলৈ
পিতৃ-মাতৃ চাংকি পাণ্ডে (দেউতাক)

প্ৰাৰম্ভিক জীৱন

১৯৯৮ চনৰ ৩০ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুম্বাইত অভিনেতা চাংকি পাণ্ডে আৰু বেশভূষা ডিজাইনাৰ ভাৱনা পাণ্ডেৰ ঘৰত অনন্যাই জন্মগ্ৰহণ কৰে। তেওঁৰ এজনী ভনীয়েক আছে, নাম ৰাইছা। অনন্যাৰ ককাদেউতাক শাৰদ পাণ্ডে এজন হৃদৰোগ বিশেষজ্ঞ আছিল। খুৰাক চিকি পাণ্ডে এগৰাকী ব্যৱসায়ী আৰু খুৰীয়েক ডীন পাণ্ডে এগৰাকী ৱেলনেচ কোচ্চ। ২০১৭ চনলৈকে তেওঁ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰে। ২০১৭ চনত পেৰিছত অনুষ্ঠিত হোৱা ভেনিটি ফেয়াৰৰ ‘লে বাল ডেছ ডেবুটেণ্টেছ ইভেণ্ট’ত অংশগ্ৰহণ কৰিছিল।

কৰ্মজীৱন

২০১৯ চনত ধৰ্ম প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত টাইগাৰ শ্ৰফ আৰু তাৰা ছুটাৰিয়াই অভিনয় কৰা কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ৰ জৰিয়তে পাণ্ডেই অভিনয়ত আত্মপ্ৰকাশ কৰে। Scroll.inত নন্দিনী ৰামনাথে লিখিছিল যে তেওঁ অনুভৱ কৰে যে অনন্যাই এখন বিশেষ উল্লেখযোগ্যতা নথকা ছবিত সম্ভাৱনা দেখুৱাইছে। বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল। ইয়াৰ পিছত তেওঁ ১৯৭৮ চনত নিৰ্মিত একে নামৰ ছবিখনৰ পুনৰ্নিৰ্মাণ পতি পত্নী ঔৰ ৱহত (২০১৯) কাৰ্তিক আৰ্য আৰু ভূমি পেডনেকাৰৰ সৈতে অভিনয় কৰে। তেওঁ এগৰাকী বিবাহিত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত লিপ্ত হোৱা এগৰাকী চেক্ৰেটেৰীৰ চৰিত্ৰত অভিনয় কৰে, যিটো চৰিত্ৰ মূল ছবিখন ৰঞ্জিতা কৌৰে কৰিছিল। ইণ্ডিয়া টুডেই উল্লেখ কৰিছে যে অনন্যা “মচলাবিহীন অনাকৰ্ষণীয় আৰু বিৰক্তিকৰ”। বিশ্বজুৰি ১.১৫ বিলিয়ন টকা (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক সফল ছবি হিচাপে পৰিগণিত হয়। অনন্যাই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহ দুযোখন ছবিতে অভিনয় কৰি শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

২০২০ চনত তেওঁ ঈশান খট্টৰ অভিনীত একচন ছবি খালি-পিলিত অভিনয় কৰে। ছবিখন ডিজিটেলী জি প্লেক্সত মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ ২০২২ চনত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পোৱা ৰোমান্টিক ড্ৰামা গেহৰাইয়াদীপিকা পাডুকন আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে অভিনয় কৰে। হিন্দী আৰু তেলেগু দুটা ভাষাত প্ৰযোজনা কৰা পুৰি জগন্নাধৰ একচন ছবি লিগাৰ তেওঁৰ শেহতীয়া ছবি, য’ত তেওঁ বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অভিনয় কৰিছে। ছবিখন সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে দুয়োটা ক্ষেত্ৰতে বিফল হৈছিল। অনন্যাৰ দুৰ্বল অভিনয় ট্ৰ’লৰ সন্মুখীন হৈছিল।

ইয়াৰ পিছত তেওঁ চতুৰ্বেদী আৰু আদৰ্শ গৌৰৱৰ সৈতে খো গয়ে হম কাহাঁ ছবিত আৰু আয়ুষ্মান খুৰানাৰ সৈতে ছিকুৱেল ড্ৰিম গাৰ্ল ২ত অভিনয় কৰিব। ইয়াৰ উপৰিও তেওঁ বিক্ৰমাদিত্য মটৱানেৰ এতিয়াও শিৰোনামহীন ছবি আৰু কল মি বে নামৰ এমাজন প্ৰাইম ভিডিঅ' ছিৰিজত অভিনয় কৰিব।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

অনন্যা পাণ্ডে প্ৰাৰম্ভিক জীৱনঅনন্যা পাণ্ডে কৰ্মজীৱনঅনন্যা পাণ্ডে তথ্যউৎসঅনন্যা পাণ্ডে বাহ্যিক সংযোগঅনন্যা পাণ্ডেইংৰাজী ভাষাফিল্মফেয়াৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

২ মে'হাজোৰাম সৰস্বতীসত্ৰীয়া নৃত্যশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহজয়মতী (১৯৩৫ চলচ্চিত্ৰ)এমিবাআর্গন (পোশাক)নিমবিল গেট্‌ছজৈৱ বৈচিত্ৰ্যবায়ু প্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপদুমকাৰ্বি আংলং জিলাজাপিবাহা পৰৱএ পি জে আব্দুল কালামপৰীক্ষামূলক মনোবিজ্ঞানপ্ৰাকৃতিক পৰিৱেশসত্যনাথ বৰাজিজিয়াযৌন নিৰ্যাতনইন্দিৰা মিৰিঅসমৰ জাতীয় গীতঅগ্নিগড়জাতনামশূন্যলাচিত বৰফুকনকাৰ্ল মাৰ্ক্সভীমৰাও ৰামজী আম্বেদকাৰউদ্ভিদকোণপাণিনিহস্তীবিদ্যাৰ্ণৱআজান পীৰৱিকিপিডিয়াভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবিৰাট কোহলিআনন্দৰাম বৰুৱাবৃশ্চিক (ৰাশি)গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাবড়োলেণ্ডকাছাৰ জিলাহাঁওফাঁওভাস্কো দা গামাধ্বনিতত্ত্বঅসমৰ চলচ্চিত্ৰপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যকোচ ৰাজবংশবগীবিল দলংকোচ ৰাজবংশীকাৰ্বি জনগোষ্ঠীকালিদাসঅন্তৰীপ (উপন্যাস)প্ৰাকৃতিক সম্পদঅৰ্ণৱ, আস্থা আৰু JECবৃত্তঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাফ্ৰান্সঅৰুণ শৰ্মাবিশ্বব্ৰহ্মাণ্ডভূপেন হাজৰিকা সেতুবিশ্ব বাণিজ্য সংস্থামুহাম্মাদলিংগলোকসভাদৈনিক বাতৰিমাটিৰ হিচাপতেজযতি-চিনবহুৱা নাচএডল্ফ হিটলাৰ🡆 More