লাউচ: এছিয়াৰ ৰাষ্ট্ৰ

লাউচ (লাও: ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্‌ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা : ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্‌ পাচাঠিপাটাই পাচাছন্‌ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল। ১৯৪৯ চনত দেশখনে স্বাধীনতা লাভ কৰে। ১৯৬০ৰ দশকত ভিয়েটনাম যুদ্ধত দেশখন জড়িত হৈছিল। ১৯৭৫ চনত এক সাম্যবাদী বিপ্লৱে দেশখনৰ ছয় শতাব্দী প্ৰাচীন ৰাজতন্ত্ৰৰ পতন ঘটায় আৰু এক গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে দেশখনে পুনঃপ্ৰতিষ্ঠিত হয়। লাউচ পৰ্তময়, স্থলবেষ্টিত দেশ। ইয়াৰ উত্তৰে চীন, পূবে ভিয়েটনাম, দক্ষিণে কম্বোডিয়া, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু ম্যানমাৰ অৱস্থিত। লাউচ খনিজ সম্পদত সমৃদ্ধ আৰু জাতিগত ভাবে বিচিত্ৰ। লাউ ভাষা ইয়াৰ চৰকাৰী ভাষা। ভিয়েনতিয়েন বা ভিয়াং চান দেশৰ বৃহত্তম নগৰ আৰু ৰাজধানী। বৌদ্ধ ধৰ্ম প্ৰধান ধৰ্ম।

ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ
চাঠালানালাট্‌ পাশাঠিপাটাই পাশাশন্‌ লাউ
গণতান্ত্ৰিক গণপ্ৰজাতন্ত্ৰী লাউচ
লাউচ: ৰাজনীতি, জনসংখ্যা, ভাষা লাউচ: ৰাজনীতি, জনসংখ্যা, ভাষা
নীতিবাক্য
ສັນຕິພາບ ເອກະລາດ ປະຊາທິປະໄຕ ເອກະພາບ ວັດທະນາຖາວອນ
চান্‌টিফাপ্‌, একালাট্‌, পাছাঠিপাটাই, একাফাপ্‌, উয়াট্‌ঠানাঠাউঅন্‌
"শান্তি, স্বাধীনতা, গণতন্ত্ৰ, ঐক্য, আৰু সমৃদ্ধি"
ৰাষ্ট্ৰীয় সঙ্গীত
Pheng Xat Lao
লাউচ-ৰ অৱস্থান
লাউচ-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ভিয়েনতিয়েন
17°58′N 102°36′E / 17.967°N 102.6°E / 17.967; 102.6
ৰাষ্ট্ৰভাষা (সমূহ) লাউ, ফৰাচী
জাতীয়তাসূচক বিশেষণ লাউটিয়ান
চৰকাৰ সমাজতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি লেফটেনেণ্ট জেনেৰেল চুম্মালি চাইয়াচন
 -  প্ৰধানমন্ত্ৰী থমচিং থাম্মাভং
স্বাধীনতা ফ্ৰান্সৰ পৰা 
 -  তাৰিখ ১৯ জুলাই , ১৯৪৯ 
মাটিকালি
 -  মুঠ ২,৩৬,৮০০ বৰ্গ কিমি (৮৩তম)
৯১,৪২৯ বৰ্গ মাইল 
 -  জলভাগ (%) ২%
জনসংখ্যা
 -  ২০০৭ আনুমানিক ৬৫,২১,৯৯৮ (১০৬তম)
 -  ১৯৯৫ লোকপিয়ল ৪৫,৭৪,৮৪৮ 
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ $১৩.৭৫ বিলিয়ন (১২৯তম)
 -  জনমুৰি $২,২০০ (১৩৮তম)
জিনি সহগ? (২০০২) ৩৪.৬ (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৪) বৃদ্ধি০.৫৫৩ (মধ্যম) (১৩৩তম)
মুদ্ৰা কিপ (LAK)
সময় অঞ্চল (ইউটিচি+৭)
ইণ্টাৰনেট টিএলডি .la
কলিং ক'ড +৮৫৬

ৰাজনীতি

লাউচ একক দলীয় সমাজতান্ত্ৰিক গণতন্ত্ৰ। এইদেশৰ একমাত্ৰ ৰাজনৈতিক দল হল লাউ পিপলচ ৰেভোলিউশ্বনাৰী পাৰ্টি (LPRP)। LPRPৰ নেতা আৰু ২০০৬ চনৰ পৰা লাউচৰ বৰ্তমান ৰাষ্ট্ৰপতি হল চৌম্মালি চায়াছোন। জনগণ LPRP আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ পৰা ১১৫টা আসনৰ বাবে বিধানসভাৰ সদস্য নিৰ্বাচন কৰে। আইনসভায়ে আকৌ ৫ বছৰৰ বাবে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। ৰাষ্ট্ৰপতিয়ে সংসদৰ পৰামৰ্শমতে প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক ৫ বছৰৰ বাবে নিয়োগ কৰে।

জনসংখ্যা

২০০৭ চনৰ লোকপিয়ল মতে লাউচৰ জনসংখ্যা হৈছে ৬৫,২১,৯৯৮ জন। ১৯৯৫ চনত ইয়াৰ জনসংখ্যা আছিল ৪৫,৭৪,৮৪৮ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ১০৭ তম দেশ।

ভাষা

লাওভাষা হৈছে লাউচৰ চৰকাৰী ভাষা। এই ভাষাতেই লাউচৰ প্ৰায় ৬৫% লোকে কথা কয়। ইয়াৰেপৰি দেশখনত প্ৰায় ৮০টা স্থানীয় ভাষাৰ প্ৰচলন আছে। ইয়াৰ ভিতৰত মিয়াও ভাষা, ভিয়েটনামী ভাষা, আৰু থাই ভাষাৰ বিভিন্ন উপভাষা উল্লেখযোগ্য। আন্তৰ্জাতিক যোগাযোগৰ ক্ষেত্ৰত ফৰাচী ভাষা ব্যৱহাৰ কৰা হয়।

ধৰ্ম

২০০৫ চনৰ লোকপিয়লৰ তথ্য অনুসৰি লাউচৰ ৬৭% লোক থেৰাবাডা বৌদ্ধ, ১.৫% লোক খ্ৰীষ্টান, আৰু ৩১.৫% লোক অন্য বা অনিৰ্দিষ্ট (বেচিভাগ ছাটছানা ফি) ধৰ্মাৱলম্বী।

স্বাস্থ্য

২০১২ চনৰ মতে লাউচৰ পুৰুষৰ গড় আয়ুস ৬০.৮৫ বছৰ আৰু মহিলাৰ গড় আয়ুস হৈছে ৬৪.৭৬ বছৰ। ২০০৭ চনত সুস্থ গড় আয়ুস আছিল ৫৪ বছৰ। ২০০৮ চনত, ৪৩% জনতাই স্বাস্থ্যকৰ খোৱা পানী ব্যৱহাৰ কৰা নাছিল। ২০১০ চনত ই ৩৩%লৈ হ্ৰাস পায়। ২০০৬ চনত চৰকাৰে স্বাস্থ্যখণ্ডত খৰচ কৰা জিডিপিৰ হাৰ আছিল প্ৰায় ৪% প্ৰায় ১৮ আমেৰিকান ডলাৰ (PPP)।

শিক্ষা

প্ৰাপ্তবয়স্ক শিক্ষাৰ হাৰ প্ৰায় দুই তৃতীয়াংশ। পুৰুষৰ সাক্ষৰতাৰ হাৰ মহিলাতকৈ অধিক। ২০০৪ চনত প্ৰাথমিক শিক্ষাত নামভৰ্তীৰ হাৰ আছিল প্ৰায় ৮৪%। দ্য নেচনেল ইউনিভাৰ্চিটি অৱ লাউচ হৈছে লাউচৰ ৰাজহুৱা বিশ্ববিদ্যালয়। ২০১০ চনৰ মতে দেশখনৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে আনুমানিক ৭৩%।

চিত্ৰমালা

তথ্য সংগ্ৰহ

Tags:

লাউচ ৰাজনীতিলাউচ জনসংখ্যালাউচ ভাষালাউচ ধৰ্মলাউচ স্বাস্থ্যলাউচ শিক্ষালাউচ চিত্ৰমালালাউচ তথ্য সংগ্ৰহলাউচএছিয়াকম্বোডিয়াচীনথাইলেণ্ডপ্ৰজাতন্ত্ৰভিয়েটনামম্যানমাৰ

🔥 Trending searches on Wiki অসমীয়া:

সন্ধিলুৰিন জ্যোতি গগৈশৰীৰস্থানঅসমৰ চাহ জনগোষ্ঠীচাচনি মেৰবিলসন্ধ্যাৰাগ (চলচ্চিত্ৰ)দক্ষিণপাট সত্ৰগমধৰ কোঁৱৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচুটিগল্পঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকামানৱ উন্নয়ন সূচকপ্ৰদূষণৰমন্যাসবাদমহনলবাৰী জিলাতৎসমঅসমৰ মাছজল প্ৰদূষণজাপিসূৰ্যপৰিয়ালউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ মুখা শিল্পধানযোগ দৰ্শনদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰমৌ-মাখিখনিকৰ (নাট)ভাৰত ত্যাগ আন্দোলনমামণি ৰয়ছম গোস্বামীবহল ব্যাকৰণআহোম বিবাহ পৰম্পৰাউৎসৱআনন্দ চন্দ্ৰ আগৰৱালামানচিত্ৰবানপানীৰঘুনাথ চৌধাৰীজৱাহৰলাল নেহৰুবিয়া নামমিত্ৰদেৱ মহন্তঅম্বুবাচীগুৱাহাটী (লোকসভা সমষ্টি)মৌখিক ইতিহাসগণেশঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাএককোষী জীৱমাটিকীৰ্তন ঘোষা সংকলনপাইথাগোৰাছৰ উপপাদ্যকথা-ভাগৱতনেপালী জনগোষ্ঠীকলসৌৰজগতঅসম বিধানসভাভাৰতৰ জাতীয় পতাকাৰুবুল মাউতনাৰী সবলীকৰণপ্ৰাক-ইতিহাসবায়ু প্ৰদূষণঅসম সাহিত্য সভামনালিছাঅসমৰ সত্ৰসমূহৰ তালিকাৰংচন্দ্ৰকুমাৰ আগৰৱালাগোৱালপাৰাবিত্তীয় বজাৰতথ্য প্ৰযুক্তিহৃদযন্ত্ৰযোৰহাট জিলাগড়গাঁওঅংকীয়া নাটযোৰানামগায়ন-বায়ন🡆 More