১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১ স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। ভোটগ্ৰহণ ২৫ অক্টোবৰ,১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২লৈ চলিছিল। সৰ্বপ্ৰথম ভোটগ্ৰহণ হিমাচল প্ৰদেশৰ চিনি জিলাত অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ৪৮৯খন আসনৰ ভিতৰত ৩৬৪খন আসন আৰু মুঠ ভোটদান হোৱা ভোটৰ ৪৫% লাভ কৰি চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল। এয়া দ্বিতীয় স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰা ভোটতকৈ ৪ গুণৰো অধিক আছিল। জৱাহৰলাল নেহৰু গণতান্ত্ৰিক ভাবে নিৰ্বাচিত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল। এই নিৰ্বাচন ৪৫.৭% ভোটাৰে ভোটদান কৰিছিল।

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১
ভাৰত
১৯৪৫ ←
২৫ অক্টোবৰ ১৯৫১ৰ পৰা ২১ ফ্ৰেব্ৰুৱাৰী ১৯৫২লৈ
→ ১৯৫৭

  ১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
দল কংগ্ৰেছ চি পি আই
জনপ্ৰিয় ভোট ৪৭,৬৬৫,৮৭৫ ৩,৪৮৪,৪০১
শতাংশ ৪৪.৯৯ ৩.২৯

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

ৰাজনৈতিক দলসমূহ

পৰাধীন ভাৰতৰ নেহৰুৰ দুগৰাকী কেবিনেট সতীৰ্থই ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্যক প্ৰত্যাহ্বান জনাই সুকীয়া ৰাজনৈতিক দল গঠন কৰিছিল। ১৯৫১ৰ অক্টোবৰত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জনসংঘ গঠন কৰিছিল। আনহাতে দলিত নেতা ভীমৰাও ৰামজী আম্বেদকাৰে অনুসূচীত জাতি সংঘৰ (পিছলৈ ৰিপাব্লিকান পাৰ্টি) জন্ম দিছিল। অন্য কেইটামান আগশাৰীৰ ৰাজনৈতিক দল আছিল ভাৰতীয় মাৰ্ক্সবাদী পাৰ্টি, আচাৰ্য কৃপালিনীৰ কিষাণ মজদুৰ প্ৰজা পৰিষদ, ৰামমনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণে নেতৃত্ব দিয়া চোচিয়েলিষ্ট পাৰ্টি আদি। এই সৰু-সৰু দলবোৰে কিন্তু কংগ্ৰেছৰ বিপৰীতে খোপনি পুতিবলৈ বিশেষ সক্ষম হোৱা নাছিল।

লোকসভা সমষ্টি

প্ৰথমটো সাধাৰণ নিৰ্বাচন ভাৰতৰ ২৬খন প্ৰদেশৰ ৪০১টা লোকসভা সমষ্টিৰ ৪৮৯খন আসনত অনুষ্ঠিত হৈছিল। সেইসময়ত দেশখনৰ ৩১৪টা লোকসভা সমষ্টিত ১খনকৈ আসন, ৮৬টা লোকসভা সমষ্টিত ২খনকৈ আসন আৰু ১টা লোকসভা সমষ্টিত ৩খন আসন আছিল। ১৯৬০ চনত বহু সংখ্যক আসনযুক্ত সমষ্টিৰ ব্যৱস্থাটো উঠাই দিয়া হয়। লোকসভাত ২জন মনোনীত ইঙ্গ-ভাৰতীয় সদস্যও আছিল।

ফলাফল

দল সংক্ষিপ্ত ৰূপ প্ৰাপ্ত ভোট শতাংশ প্ৰাপ্ত আসন
অখিল ভাৰতীয় হিন্দু মহাসভা ABHM 0.95 4
ৰামৰাজ্য পৰিষদ RRP 1.97 3
ভাৰতীয় জনসংঘ BJS 3,246,288 3.06 3
ভাৰতৰ বলচেভিক পাৰ্টি BPI 0.02 0
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI 3,484,401 3.29 16
ফৰৱাৰ্ড ব্লক (মাৰ্ক্সবাদী) FB(M) 0.91 1
ফৰৱাৰ্ড ব্লক (ৰুইকাৰ) FB(R) 0.13 0
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 47,665,875 44.99 364
কৃষিকাৰ লোক পাৰ্টি KLP 1.41 1
কিষাণ মজদুৰ প্ৰজা পাৰ্টি KMPP 6,156,558 5.79 9
ভাৰতৰ ৰিভ'লুচনাৰী কমিউনিষ্ট পাৰ্টি RCPI 0.06 0
ৰিভ'লুচনাৰী সমাজবাদী পাৰ্টি (ভাৰত) RSP 0.44 3
অনুসূচীত জাতি ফেদাৰেচন SCF 2.38 2
সমাজবাদী পাৰ্টি (ভাৰত) SP 11,266,779 10.59 12
অখিল ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (১) REP 0.04 0
অখিল ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (২) RPP 0.05 0
অখিল ভাৰতীয় সংযুক্ত কিষাণ সভা UKS 0.06 0
সদৌ মণিপুৰ নেচনেল ইউনিয়ন AMNU 0.02 0
অল পিপ'লচ্ পাৰ্টি (অসম) APP 0.03 0
চোটা নাগপুৰ চাওঁতাল পৰগনা জনতা পাৰ্টি CNSPJP 0.22 1
কোচিন পাৰ্টি CP 0.01 0
কমনৱেলথ্ পাৰ্টি CWP 0.31 3
গণতন্ত্ৰ পৰিষদ GP 0.91 6
গান্ধী সেৱক সেৱা GSS 0.01 0
হিল পিপ'লচ্ পাৰ্টি HPP 0.02 0
হিষ্টোৰিকেল ৰিচাৰ্চ HR 0.00 0
হায়দৰাবাদ ষ্টেট প্ৰজা পাৰ্টি HSPP 0.01 0
ঝাৰখণ্ড পাৰ্টি JKP 0.71 3
জাষ্টিচ পাৰ্টি (ভাৰত) JP 0.06 0
কামগাৰ কিষাণ পক্ষ KKP 0.13 0
কেৰালা সমাজবাদী পাৰ্টি KSP 0.1 0
খাচী জয়ন্তীয়া দৰবাৰ KJD 0.03 0
কিষাণ জনতা সংযুক্ত পাৰ্টি KJSP 0.01 0
কিষাণ মজদুৰ মণ্ডl KMM 0.01 0
কুকি নেচনেল এচোচিয়েচন KNA 0.01 0
লোকসেৱক সংঘ LSS 0.29 2
মাদ্ৰাজ ষ্টেট মুচলিম লিগ পাৰ্টি MSMLP 0.08 1
ভাৰতৰ নেচনেল পাৰ্টি NPI 0.00 0
ভাৰতৰ পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি PWPI 0.94 2
পিপলচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট (হায়দৰাবাদ) PDF 1.29 7
প্ৰজা পাৰ্টি PP 0.02 0
পঞ্জাব ডিপ্ৰেছড্ ক্লাচ লিগ PDCL 0.01 0
পুৰ্শৰথী পঞ্চায়ত PURP 0.01 0
ৰিভ'লুচনাৰী চোচিয়েলিষ্ট পাৰ্টি (উত্তৰ প্ৰদেশ) RSP(UP) 0.02 0
শিৰোমণি আকালী দল SAD 0.99 4
এচ কে পাক্ষ SKP 0.13 0
সৌৰাষ্ট্ৰ খেদুত সংঘ SKS 0.03 0
তামিলনাডু টয়লাৰচ্ পাৰ্টি TNTP 0.84 4
তামিলনাডু কংগ্ৰেছ পাৰ্টি TNCP 0.03 0
ট্ৰাইবেল সংঘ TS 0.11 0
ট্ৰিৱাংকুৰ তামিলনাডুু কংগ্ৰেছ পাৰ্টি TTNC 0.11 1
উত্তৰ প্ৰদেশ প্ৰজা পাৰ্টি UPP 0.2 0
জমিনদাৰ পাৰ্টি ZP 0.27 0
নিৰ্দলীয় 16,817,910 15.9 37
মনোনীত ইঙ্গ-ভাৰতীয় - - 2
মুঠ 105,944,495 100 489

লক্ষণীয় পৰাজয়

বোম্বে নৰ্থ চেণ্ট্ৰেল আসনত অনুসূচীত জাতিৰ নেতা তথা অন্যতম সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ পৰাজিত হৈছিল। আম্বেদকাৰে লাভ কৰা ১২৩৫৭৬টা ভোটৰ বিপৰীতে ১৩৮১৩৭টা ভোট পাই বিশেষ পৰিচিতি নথকা প্ৰাৰ্থী নাৰায়ণ সাবোদা কাজৰ'লকাৰ সেই আসনখনত জয়ী হৈছিল।

চৰকাৰ গঠন

লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাৱলঙ্কাৰ। প্ৰথমখন লোকসভাই মুঠ ৬৭৭খন বৈঠকেৰে (৩,৭৮৪ ঘণ্টা) সৰ্বাধিক সংখ্যক বৈঠক অনুষ্ঠিত কৰাৰ ৰেকৰ্ড স্থাপন কৰিছিল। এইখন লোকসভাৰ কাৰ্যকাল আছিল ১৭ এপ্ৰিল ১৯৫২ৰ পৰা ৪ এপ্ৰিল ১৯৫৭।

সময়সীমা

মূল নিৰ্বাচন ফেব্ৰুৱাৰী, ১৯৫২ত অনুষ্ঠিত হৈছিল যদিও হিমাচল প্ৰদেশক অক্টোবৰ, ১৯৫১ত নিৰ্বাচন পতাৰ সুবিধা দিয়া হৈছিল। কাৰণ প্ৰবল তুষাৰপাত, আদিম অৱস্থাৰ ৰাষ্টা-ঘাট আৰু দুৰ্গম পাহাৰীয়া অঞ্চল হোৱাৰ বাবে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বহু ভোটগ্ৰহণ কেন্দ্ৰবোৰ দুৰ্গম হৈ পৰিছিল।

অধিক জানিবলৈ পঢ়ক

  • Guha, Ramachandra. "Democracy's Biggest Gamble," World Policy Journal, (Spring 2002) 19#1 pp95–103

তথ্য উৎস

Tags:

১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৰাজনৈতিক দলসমূহ১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন লোকসভা সমষ্টি১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ফলাফল১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন লক্ষণীয় পৰাজয়১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন চৰকাৰ গঠন১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সময়সীমা১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন অধিক জানিবলৈ পঢ়ক১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন তথ্য উৎস১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনজৱাহৰলাল নেহৰুভাৰতৰ প্ৰধানমন্ত্ৰীলোকসভাহিমাচল প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

গায়ন-বায়নবিল গেট্‌ছতিৱা জনগোষ্ঠীদিহানামকলাবিবাহবনফুলশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঋতুফুলগুৰি ধেৱাসমাজবাদকাৰেঙৰ লিগিৰী২৫ এপ্ৰিলঅসমৰ মন্ত্ৰ-সাহিত্যচিলাৰায়চীনচুটিগল্পভূমি প্ৰদূষণবৰগীতঢ়ৰাষ্ট্ৰসংঘনামেৰি ৰাষ্ট্ৰীয় উদ্যানজোনবিল মেলামোগল সাম্ৰাজ্যশাল গছকৃষিমাইলছ ব্ৰনছনপূৰবী বৰমুদৈসংঘাতচিৰ চেনেহী মোৰ ভাষা জননীমহিলাৰ বিৰুদ্ধে হিংসাঢোলমৌখিক পৰম্পৰাব্যষ্টিবাদী অৰ্থনীতিনামচিংঅসমৰ সমস্যাআমেৰিকা যুক্তৰাষ্ট্ৰভূপেন হাজৰিকাৰ সাহিত্যঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামহামায়া ধামনগাঁও জিলাপুৰাণহেম বৰুৱা (ত্যাগবীৰ)শোণিত কুঁৱৰীবিশ্বনাথ ঘাটলোক-সংগীতশ্ৰীমদ্ভগৱতগীতালভিতাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপিঠামিত্ৰদেৱ মহন্তএশিঙীয়া গঁড়এডৱাৰ্ড জেনাৰবিষ্ণুশৰীৰস্থানবিহুৰ খাদ্যঅসমীয়া উপন্যাসৰাসোৎসৱসিন্ধী ভাষাগোলাঘাটকাৰেংঘৰমানৱ ভূগোলঅন্নপ্ৰাশননাটকবিহুগীতচামেলি মেমচা'বনিমাতী কইনামৈদামকামাখ্যা মন্দিৰঅম্বুবাচীসমোচ্চাৰিত শব্দকোচ ৰাজবংশীমনালিছা🡆 More