যামিনী কৃষ্ণমূৰ্তি

যামিনী কৃষ্ণমূৰ্তি (জন্ম: ২০ ডিচেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিখ্যাত। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ভাৰত চৰকাৰে তেওঁক ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।

যামিনী কৃষ্ণমূৰ্তি
যামিনী কৃষ্ণমূৰ্তি
জন্ম ২০ ডিচেম্বৰ, ১৯৪০ (৮৩ বছৰ)
মাদানাপল্লী, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যশিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ, ২০১৬
পদ্মভূষণ, ২০০১
পদ্মশ্ৰী, ১৯৬৮

প্ৰাৰম্ভিক জীৱন

১৯৪০ চনৰ ২০ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ মাদানাপল্লীত যামিনী কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল। বৰ্তমান এই ঠাই অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাৰ অন্তৰ্গত। তেওঁ অৰ্ধ চন্দ্ৰৰ নিশা জন্ম গ্ৰহণ কৰাৰ বাবে তেওঁৰ ককাকে তেওঁৰ নাম যামিনী পূৰ্ণতিলাকা ৰাখিছিল। ইয়াৰ অৰ্থ হৈছে ৰাতিৰ ভ্ৰূৰ ওপৰত এটা পূৰ্ণ চিহ্ন। তেওঁ তামিলনাডুৰ চিদাম্বৰমত ডাঙৰ হৈছিল যদিও মাতৃভাষা তেলেগু আছিল।

কৰ্মজীৱন

১৯৫৭ চনত মাদ্ৰাজত পোন প্ৰথমবাৰৰ বাবে যামিনী কৃষ্ণমূৰ্তিয়ে ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভগৱান ভেংকটশ্বৰৰ মন্দিৰ তিৰুমালা তিৰুপতি দেৱস্থানমৰ আস্থানা নৰ্তকী অৰ্থাৎ স্থায়ী নৰ্তকীৰ সন্মান লাভ কৰিছিল। কিছুমান সমালোচকৰ মতে তেওঁৰ নৃত্যয়ে লয়বদ্ধ ব্যক্তিত্বক প্ৰতিফলিত কৰে। তেওঁক কুচিপুড়ি নৃত্যৰ শিখাবাহক হিচাপেও অভিহিত কৰা হয়। তেওঁ কুচিপুড়ি আৰু ভাৰত নাট্যম দুয়ো শাস্ত্ৰীয় নৃত্যৰ পটীয়সী। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ হৌজ খাছত তেওঁৰ যামিনী স্কুল অফ ডান্স নামেৰে নৃত্যৰ প্ৰতিষ্ঠান আছে। ইয়াত তেওঁ নতুন চামক শাস্ত্ৰীয় নৃত্যৰ শিক্ষা দান কৰে। ইয়াৰ লগতে তেওঁ দেশ-বিদেশৰ বিভিন্ন স্থানত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ নৃত্য সাধনাত ব্যস্ত থাকি কেতিয়াও বিবাহ নকৰিলে। শিৱ গণেশ তেওঁৰ ব্যৱস্থাপক আৰু জে. এগ্ৰী গ্ৰীয়েট তেওঁৰ ব্যক্তিগত সচিব।

তেওঁৰ আত্মজীৱনী এ পেছন ফৰ ডান্স অৰ্থাৎ নৃত্যৰ প্ৰতি স্পৃহা প্ৰকাশিত হৈছে আৰু পাঠকৰ সমাদৰো লাভ কৰিছে।

বঁটা আৰু সন্মান

তেওঁ কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে কলা শিতানত তেওঁক ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী, ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। ২০১৪ চনৰ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত সম্ভৱী স্কুল অফ ডান্সৰ নায়িকা এক্সচেলেন্স পাৰচনীফাইডত নাট্য শাস্ত্ৰ পুৰস্কাৰৰে যামিনী কৃষ্ণমূৰ্তিক সন্মানিত কৰা হৈছিল। তেওঁ ইয়াত "কুচিপুড়িলৈ মহিলাৰ অৱদান" শীৰ্ষক ব্যক্তব্য আগবঢ়ায়।

চিত্ৰ বিথিকা

নায়িকা এক্সচেলেন্স পাৰচনীফাইডত যামিনী কৃষ্ণমূৰ্তি
যামিনী কৃষ্ণমূৰ্তি 
নাট্য শাস্ত্ৰ পুৰস্কাৰ
নাট্য শাস্ত্ৰ পুৰস্কাৰ  
যামিনী কৃষ্ণমূৰ্তি 
যামিনী কৃষ্ণমূৰ্তিয়ে উন্মোচন কৰা দা মেজিক অফ কুচিপুড়িৰ ডিভিডিৰ মুহূৰ্ত
যামিনী কৃষ্ণমূৰ্তিয়ে উন্মোচন কৰা দা মেজিক অফ কুচিপুড়িৰ ডিভিডিৰ মুহূৰ্ত  

তথ্য উৎস

Tags:

যামিনী কৃষ্ণমূৰ্তি প্ৰাৰম্ভিক জীৱনযামিনী কৃষ্ণমূৰ্তি কৰ্মজীৱনযামিনী কৃষ্ণমূৰ্তি বঁটা আৰু সন্মানযামিনী কৃষ্ণমূৰ্তি চিত্ৰ বিথিকাযামিনী কৃষ্ণমূৰ্তি তথ্য উৎসযামিনী কৃষ্ণমূৰ্তিকুচিপুড়িপদ্মবিভূষণপদ্মভূষণপদ্মশ্ৰীভাৰত চৰকাৰভাৰত নাট্যমভাৰতৰ শাস্ত্ৰীয় নৃত্য

🔥 Trending searches on Wiki অসমীয়া:

২০২৩ জি-২০ নতুন দিল্লী সন্মিলনলোক-সংগীতবাথৌ পূজাৰাজনীতিপায়ু সংগমখ্ৰীষ্টান ধৰ্মঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ চাহ জনগোষ্ঠীঅসমীয়া ব্যাকৰণআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিইন্দ্ৰযৌন সংগমবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসমৰ ৰাজ্যিক প্ৰতীকসমূহশোণিতপুৰ জিলাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীমাজুলীবাণিজ্যআধা লেখা দস্তাবেজবিশ্ব পৰিৱেশ দিৱসনৰকাসুৰসংস্কৃতিএ পি জে আব্দুল কালামমোৱামৰীয়া বিদ্ৰোহঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহমানৱ ভূগোলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপদ (ব্যাকৰণ)মোগল সাম্ৰাজ্যকামৰূপী উপভাষাৰাতি বিহুঋতুপৰিসংখ্যাহিতেশ্বৰ বৰবৰুৱাকম্পিউটাৰপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যশিক্ষা মনোবিজ্ঞানসংখ্যাপাঠ্যক্ৰমশৰাইঘাটৰ যুদ্ধনলবাৰী জিলাডিমাছা জনগোষ্ঠীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ সাধুকথাচৰকাৰঅযোধ্যা (পৌৰাণিক নগৰ)বিপন্ন প্ৰজাতিকীৰ্তন ঘোষা সংকলনবসন্ত ৰোগভাৰতৰ জাতীয় পতাকাউদ্বিগ্নতা২৫ এপ্ৰিলজয়মতী কুঁৱৰীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিশিক্ষকঅসমৰ পৰম্পৰাগত সাজ- পাৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পৰিয়ালচলচ্চিত্ৰসাঁথৰইছলামঅসমহেমচন্দ্ৰ বৰুৱাযোৰহাট জিলাৰ ইতিহাসএককোষী জীৱনুৰ জাহান (মোগল সম্ৰাজ্ঞী)হাবুংবিষুৱ ৰেখাভাৰতৰ ইতিহাসনেতাই ধুবুনী ঘাটধৰ্মবৰগীত🡆 More