মনজ্যোৎস্না মহন্ত

মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী। তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি। একক কণ্ঠৰ গীতৰ এলবামসমূহ হ’ল- লহৰ, মনজৰী, আৱেগেৰে, ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী, চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) আদি। মহন্ত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। উল্লিখিত চলচ্চিত্ৰ আৰু এলবামসমূহৰ উপৰিও অসমৰ বহুতো জনপ্ৰীয় গীতত তেওঁ কণ্ঠ নিগৰাইছে। মহন্তই বৰ্তমানলৈকে দুখনকৈ গ্ৰন্থ সম্পাদনা কৰিছে।

মনজ্যোৎস্না মহন্ত
মনজ্যোৎস্না মহন্ত
প্ৰাথমিক তথ্য
জন্ম ফেব্ৰুৱাৰী ১৪, ১৯৬৭
মূল গুৱাহাটী, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ আধুনিক
পেচা কণ্ঠশিল্পী, সংগীত প্ৰযোজক, অধ্যাপক
বাদ্যযন্ত্ৰ কণ্ঠ
পিতৃ-মাতৃ কেশৱ মহন্ত
নিকুঞ্জলতা মহন্ত

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হৈছিল গুৱাহাটীৰ শান্তিপুৰত ১৯৬৭ চনৰ ১৪ ফেব্ৰুৱাৰীত। পিতৃৰ নাম কেশৱ মহন্ত আৰু মাতৃৰ নাম নিকুঞ্জলতা মহন্ত।

শিক্ষা

তেখেতে তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা তেখেতে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰপৰা ১৯৮৭ চনত অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা একেটা বিষয়তে ১৯৯০ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

তেখেত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।

বঁটা

  1. ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ১৯৯৬-১৯৯৮
  2. ‘সপোন’ চলচ্চিত্ৰৰ ‘এনেকৈয়ে ভাগেনে সপোন শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা।
  3. শ্ৰেষ্ঠ জনপ্ৰিয় গীত শিতানত ‘গপ-চপ মিউজিক এৱাৰ্ড’। ২০১৪
  4. সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ একেৰাহে তিনি বছৰৰ ‘শ্ৰেষ্ঠ সংগীত শিল্পী’, ১৯৮৫,১৯৮৬,১৯৮৭
  5. গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘শ্ৰেষ্ঠ সংগীত শিল্পী’, ১৯৮৯-১৯৯০

সন্মান

  1. তেখেত অল ইণ্ডিয়া ৰেডিঅ’ৰ ‘বি’ গ্ৰেড শিল্পী হিচাপে স্বীকৃত।
  2. ‘গপ-চপ মিউজিক এৱাৰ্ড’ৰ জুৰী মেম্বাৰ। (২০১৪ চনৰপৰা ২০১৭)
  3. ৰামধেনু টেলিভিশ্যন চেনেলৰ ঝংকাৰ-লিটল চেম্পচ্’ৰ জুৰী মেম্বাৰ। (২০১৪ৰপৰা ২০১৬)
  4. ৰেঙণি টেলিভিশ্যন চেনেলৰ ‘যুগলবন্দী’ অনুষ্ঠানৰ জুৰী মেম্বাৰ।

সাংস্কৃতিক জীৱন

তেখেতে কণ্ঠ দিয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি তেখেতৰ একক কণ্ঠৰ গীতৰ এলবাম- লহৰ, মনজৰী, আৱেগেৰে,ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী. চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) ৷

প্ৰকাশিত গ্ৰন্থ

  1. কেশৱ মহন্তৰ গীত সমগ্ৰ (সম্পাদনা), ২০১৭
  2. প্ৰেম অমৃতৰ নদী, ২০১৬

তথ্যসূত্ৰ

Tags:

মনজ্যোৎস্না মহন্ত জন্ম আৰু পৰিচয়মনজ্যোৎস্না মহন্ত শিক্ষামনজ্যোৎস্না মহন্ত চাকৰি জীৱনমনজ্যোৎস্না মহন্ত বঁটামনজ্যোৎস্না মহন্ত সন্মানমনজ্যোৎস্না মহন্ত সাংস্কৃতিক জীৱনমনজ্যোৎস্না মহন্ত প্ৰকাশিত গ্ৰন্থমনজ্যোৎস্না মহন্ত তথ্যসূত্ৰমনজ্যোৎস্না মহন্তকেশৱ মহন্ত

🔥 Trending searches on Wiki অসমীয়া:

কাৰ্বি ভাষাসমোচ্চাৰিত শব্দদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰঅসমত দেখা চৰাইবোৰবকুল ফুলৰ দৰেজ্ঞানপীঠ বঁটাপাঠ পৰিকল্পনাজৈৱিক কৃষিঅম্বুবাচীগোৱালপাৰাঅস্বাভাৱিক মনোবিজ্ঞানমানস ৰাষ্ট্ৰীয় উদ্যানমামণি ৰয়ছম গোস্বামীজেঠমাধৱদেৱদীপলিনা ডেকামনোবিজ্ঞানদন্দুৱা দ্ৰোহশ্ৰীকৃষ্ণকীৰ্তনঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ঈদ-উল-ফিটৰপদ্মনাথ গোহাঞি বৰুৱাযতি-চিনভাৰতৰ প্ৰধানমন্ত্ৰীপুৰাণউদ্ভিদত্ৰৈলোক্য নাথ গোস্বামীভাৰতীয় ৰেলশুৱালকুছিবাণাসুৰবৰ-মানিমুনিওজাপালিহাতীঅগ্নিগড়মিচিং জনগোষ্ঠীৰ সাজপাৰকৰতল কমল কমল দল নয়নদেৱালীমিচিং নৃত্য আৰু গীত মাতগোলাঘাটলিংগপচন সাৰবিজ্ঞাপনহেমচন্দ্ৰ বৰুৱাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যপৰ্যাবৃত্ত তালিকাযুগ্ম সংখ্যাশিৱসাগৰৰ শিৱদৌলসৌৰ শক্তিগগনাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা১ মে'সংগীতনৱকান্ত বৰুৱাৰাৱণযতীন্দ্ৰ নাথ দুৱৰাআউনীআটী সত্ৰসৰ্বশিক্ষা অভিযানভাৰতত বাল্য বিবাহমহেশ্বৰ নেওগদ্বিতীয় বিশ্বযুদ্ধফাকুৱাকলভীষ্মকইংৰাজী ভাষাবাহা পৰৱশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলোকবিশ্বাসইছলামশৰ্মা মন্ত্ৰীসভাঅসমীয়া লোক কবিতাহোমেন বৰগোহাঞিভাৰতৰ ৰাষ্ট্ৰপতিঅম্বিকাগিৰি ৰায়চৌধুৰীঅমিতাবৌদ্ধ ধৰ্ম🡆 More