গ্ৰীক শ্ৰুতিকথা গ্ৰীক পৌৰাণিক কাহিনী (ইংৰাজী: Greek mythology) হৈছে আদিতে প্ৰাচীন গ্ৰীকসকলৰ মাজত প্ৰচলিত প্ৰাচীন গ্ৰীক লোককথাৰ এটা ধাৰা। বৰ্তমান গ্ৰীক শ্ৰুতিকথাক ৰোমান পৌৰাণিক কাহিনীৰ সমান্তৰালভাৱে ধ্ৰুপদী পৌৰাণিক কাহিনীৰ হেচাপে গ্ৰহণ কৰা হৈছে। এই কাহিনীবোৰে প্ৰাচীন গ্ৰীক ধৰ্ম অনুসৰি পৃথিৱীৰ উৎপত্তি আৰু প্ৰকৃতিৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰে। গ্ৰীক দেৱতা, বীৰ আৰু পৌৰাণিক জীৱৰ জীৱন আৰু কাৰ্য্যকলাপ আদি আৰু প্ৰাচীন গ্ৰীকসকলৰ পূজা আৰু আচাৰ-ব্যৱহাৰৰ উৎপত্তি আৰু তাৎপৰ্য্য ইত্যাদি গ্ৰীক শ্ৰুতিকথাৰ অন্তৰ্গত। আধুনিক পণ্ডিতসকলে প্ৰাচীন গ্ৰীচৰ ধৰ্মীয় আৰু ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ লগতে শ্ৰুতিকথাসমূহৰ প্ৰকৃতি ভালদৰে বুজিবলৈ এই কাহিনীসমূহ অধ্যয়ন কৰে।
গ্ৰীক শ্ৰুতিকথাসমূহ প্ৰথমে সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৮ শতিকাৰ মিনোয়ান আৰু মাইচেনিয়ান গায়কসকলে মৌখিক-কাব্যিক পৰম্পৰাৰ মাজেৰে প্ৰচাৰ কৰিছিল। শেষত ট্ৰ'জান যুদ্ধ আৰু ইয়াৰ পিছৰ নায়কসকলৰ এই মৌখিক পৰম্পৰাৰ শ্ৰুতিকথাসমূহ হোমাৰৰ মহাকাব্যিক কবিতা, ইলিয়াড আৰু ওডিছীৰ অংশ হৈ পৰিছিল। হোমাৰৰ প্ৰায় সমসাময়িক হেচিয়ডৰ দুটা কবিতা থিওগনি আৰু ৱৰ্কছ এণ্ড ডেজত জগতৰ আদিম, ঐশ্বৰিক শাসকসকলৰ উত্তৰাধিকাৰ, মানৱ যুগৰ উত্তৰাধিকাৰ, মানৱ দুখৰ উৎপত্তি আৰু বলিদানৰ প্ৰথাৰ উৎপত্তিৰ বিৱৰণ আছে। হোমেৰিক গীতত, মহাকাব্য চক্ৰৰ মহাকাব্যৰ খণ্ড খণ্ডত, গীতিময় কবিতাত, খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ ট্ৰেজেডিয়ান আৰু কমেডিয়ানসকলৰ ৰচনাত, হেলেনিষ্টিক যুগৰ পণ্ডিত আৰু কবিৰ লেখাত, আৰু ৰোমান সাম্ৰাজ্যৰ সময়ৰ প্লুটাৰ্ক আৰু পৌছানিয়াছৰ দৰে লেখকৰ গ্ৰন্থসমূহতো গ্ৰীক শ্ৰুতিকথাবোৰ সংগ্ৰহিত হৈ আছে।
প্ৰাচীন গ্ৰীক সাহিত্যত এই আখ্যানমূলক সাহিত্যৰ ওপৰিও প্ৰাচীন ফুলদানিৰ চিত্ৰ আৰু শৈলচিত্ৰ আৰু আন বহুতো শিল্পকৰ্মৰ সজ্জাত দেৱতা, বীৰ আৰু পৌৰাণিক কাহিনীৰ চিত্ৰকল্পৰ উপস্থাপন বিশিষ্টভাৱে দেখা গৈছিল। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ মৃৎশিল্পৰ ওপৰত কৰা জ্যামিতিক সাজোনত মহাকাব্যিক কাহিনীৰ দৃশ্যৰ লগতে হেৰাক্লিছৰ দুঃসাহসিক অভিযানসমূহো চিত্ৰিত কৰা হৈছে। তাৰ পিছৰ আৰ্কাইক, ধ্ৰুপদী আৰু হেলেনিষ্টিক যুগত হোমেৰিক আৰু অন্যান্য বিভিন্ন পৌৰাণিক দৃশ্যৰ আবিৰ্ভাৱ ঘটে, যিয়ে বিদ্যমান সাহিত্যিক প্ৰমাণৰ পৰিপূৰক।
গ্ৰীক পৌৰাণিক কাহিনীয়ে পাশ্চাত্য সভ্যতাৰ সংস্কৃতি, কলা আৰু সাহিত্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে আৰু বৰ্তমানো পশ্চিমীয়া ঐতিহ্য আৰু ভাষাৰ অংশ হৈ আছে। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে কবি আৰু শিল্পীসকলে গ্ৰীক পৌৰাণিক কাহিনীৰ পৰা প্ৰেৰণা লাভ কৰি বিষয়বস্তুসমূহত সমসাময়িক তাৎপৰ্য আৰু প্ৰাসংগিকতা আৱিষ্কাৰ কৰিছে।
গ্ৰীক শ্ৰুতিকথাৰ অন্তৰ্গত কেইজনমান দেৱ-দেৱী হৈছে জ্যুচ, ক্ৰণচ, ৰীয়া, হীৰা, ডায়'নে, প'জাইডন, হেডীচ, এথেনা, এপ'ল', আৰ্টিমিচ, হাৰ্মিচ, আফ্ৰোডেইটি, প'ৰ্চিফনী (প'ৰ্চীফনী জ্যুচ আৰু ডিমিটাৰৰ জীয়েক), ডায়'নিউচাচ, পাৰ্চিয়াচ, হেৰাক্লিচ (ৰোমান হাৰকিউলিচ), ট্ৰয়ৰ হেলেন, মিন'চ (নিম'চিনীৰ পৰা), এৰিচ, হেবে, হেফেইষ্টাচ (ৰোমান ভালকান) আদি।
প্ৰাচীন গ্ৰীচৰ দৈনন্দিন জীৱনৰ মূল আধাৰ আছিল পৌৰাণিক কাহিনীসমূহ। গ্ৰীকসকলে পৌৰাণিক কাহিনীসমূহক তেওঁলোকৰ ইতিহাসৰ অংশ হিচাপে গণ্য কৰিছিল। তেওঁলোকে প্ৰাকৃতিক পৰিঘটনা, সাংস্কৃতিক ভিন্নতা, পৰম্পৰাগত শত্ৰুতা আৰু বন্ধুত্বৰ বিষয়ে ব্যাখ্যা কৰিবলৈ এই কাহিনীবোৰ ব্যৱহাৰ কৰিছিল। পৌৰাণিক নায়ক বা দেৱতাৰ পৰা নিজৰ নেতাৰ বংশৰ সন্ধান উলিয়াব পৰাটো গৌৰৱৰ বিষয় আছিল। ইলিয়াড আৰু ওডীচিত ট্ৰ’জান যুদ্ধৰ বিৱৰণীৰ আঁৰৰ সত্যতা সম্পৰ্কে কেতিয়াও সন্দেহ কৰা নাছিল। সামৰিক ইতিহাসবিদ, স্তম্ভলেখক, ৰাজনৈতিক ৰচনাকাৰ আৰু প্ৰাক্তন ধ্ৰুপদী অধ্যাপক ভিক্টৰ ডেভিছ হেনছন আৰু ধ্ৰুপদী অধ্যাপক জন হিথৰ মতে হোমেৰিক কবিতাৰ গভীৰ জ্ঞানক গ্ৰীকসকলে তেওঁলোকৰ সংস্কৃতিকৰণৰ ভিত্তি বুলি গণ্য কৰিছিল। তেওঁলোকৰ মতে হোমাৰ আছিল "গ্ৰীচৰ শিক্ষা" আৰু তেওঁৰ কবিতাসমূহ হৈছে "পাঠ্যপুথি"।
This article uses material from the Wikipedia অসমীয়া article গ্ৰীক শ্ৰুতিকথা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.