মৌখিক পৰম্পৰা

মৌখিক পৰম্পৰা হৈছে মানৱ সমাজৰ এক প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা যাৰ মাধ্যমেদি জ্ঞান, শিল্প, ধাৰণা আৰু সাংস্কৃতিক উপাদান মৌখিকভাৱে গ্ৰহণ, সংৰক্ষণ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিবাহিত হৈ আহিছে। এই পৰিবহন লোককথা, বেলাড, সাধু, গদ্য বা কবিতা আদি বাক্য বা গীতৰ জৰিয়তে সম্পন্ন হয়। এনেদৰে এখন সমাজে লিখিত ব্যৱস্থাৰ অবিহনে, অথবা লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে মৌখিক ইতিহাস, মৌখিক সাহিত্য, মৌখিক আইন আৰু অন্যান্য জ্ঞান প্ৰেৰণ কৰে। উদাহৰণস্বৰূপে বৌদ্ধ, হিন্দু, কেথলিক, আৰু জৈন আদি ধৰ্মসমূহে নিজৰ নীতিগত শাস্ত্ৰ, আচাৰ-ব্যৱহাৰ, গীত আৰু পৌৰাণিক কাহিনীসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰিবলৈ লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে মৌখিক পৰম্পৰাও ব্যৱহাৰ কৰি আহিছে।

মৌখিক পৰম্পৰা
কিৰগিজস্তানত এজন শিল্পীয়ে মৌখিক পৰম্পৰা প্ৰদৰ্শন কৰিছে।

মৌখিক পৰম্পৰা হৈছে কোনো এক সামাজিক গোটৰ, বহু প্ৰজন্মৰ পৰা সাধাৰণভাৱে সংগঠিত তথ্য, স্মৃতি আৰু জ্ঞানৰ সমাসাৰ; ই সাক্ষ্য বা মৌখিক ইতিহাসৰ সৈতে একে নহয়। সাধাৰণ অৰ্থত “মৌখিক পৰম্পৰা” বুলিলে কণ্ঠ উচ্চাৰণৰ জৰিয়তে এটা নিৰ্দিষ্ট, সংৰক্ষিত পাঠ্য আৰু সাংস্কৃতিক জ্ঞানৰ স্মৃতি আৰু ইয়াৰ পৰিবহনক বুজোৱা হয়। শৈক্ষিক শাখা হিচাপে মৌখিক পৰম্পৰা বুলিলে অধ্যয়নৰ বিষয়বস্তু আৰু সেয়া অধ্যয়ন কৰা পদ্ধতি দুয়োটাকে বুজায়।

মৌখিক পৰম্পৰা অধ্যয়ন শাখা আৰু মৌখিক ইতিহাস অধ্যয়ন শাখাৰ একে নহয়, মৌখিক ইতিহাস হৈছে ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন। মৌখিক পৰম্পৰা মৌখিকতাৰ অধ্যয়নৰ পৰাও পৃথক, মৌখিকতা বুলিলে চিন্তা আৰু ইয়াৰ মৌখিক প্ৰকাশক বুজায় য'ত সাক্ষৰতাৰ প্ৰযুক্তি (বিশেষকৈ লিখা আৰু ছপা) জনসংখ্যাৰ অধিকাংশৰে বাবে অচিনাকি। লোককথা এক প্ৰকাৰৰ মৌখিক পৰম্পৰা, কিন্তু জ্ঞান লোককথাৰ বাহিৰেও অন্য প্ৰকাৰেও মৌখিকভাৱে সঞ্চাৰিত হৈছে আৰু মানৱ ইতিহাসত সংৰক্ষিত হৈ আছে।

ইতিহাস

আমেৰিকান শিক্ষাবিদ জন মাইলছ ফ'লিৰ মতে মৌখিক পৰম্পৰা হৈছে "পৃথিৱীৰ সকলো চুকতে" উপলভ্য এক প্ৰাচীন মানৱ পৰম্পৰা। আধুনিক পুৰাতত্ত্বই বিভিন্ন সংস্কৃতিৰ মাজেৰে সম্পূৰ্ণৰূপে বা আংশিকভাৱে মৌখিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল কলা আৰু জ্ঞান সংৰক্ষণ আৰু প্ৰেৰণৰ বাবে কৰা মানৱ প্ৰচেষ্টাৰ প্ৰমাণ উন্মোচন কৰি আহিছে।

এছিয়া

এছিয়াত বিশেষকৈ প্ৰাচীন ভাৰতৰ বিভিন্ন ভাৰতীয় ধৰ্মত লোককথা, পৌৰাণিক কাহিনীৰ লগতে শাস্ত্ৰসমূহ মৌখিক পৰম্পৰাৰ যোগেদি স্মৃতিশক্তিৰ বিশদ কৌশলেৰে সঠিকভাৱে সংৰক্ষিত আৰু পৰিবাহিত হৈছিল।

সামাজিক নৃতত্ববিদ জেক গুডীৰ মতে বৈদিক গ্ৰন্থসমূহত সম্ভৱতঃ লিখিত আৰু মৌখিক দুয়োটা পৰম্পৰা জড়িত হৈ আছিল, ইয়াক “সাক্ষৰ সমাজৰ সমান্তৰাল উৎপাদ” বুলি অভিহিত কৰা হয়। শেহতীয়া গৱেষণাৰ পৰা পাঠ্যৰ (লিখিত) মৌখিক পৰিৱেশন আদিম চীনৰ এক দাৰ্শনিক কাৰ্য্যকলাপ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

ভাৰতবৰ্ষৰ সাধাৰণ জ্ঞান, হিন্দুৰ মূল গ্ৰন্থ বেদসমূহ মৌখিক পৰম্পৰাৰ এক প্ৰধান নিদৰ্শন। তিনিখন বেদ মুখস্থ কৰা পণ্ডিতসকলক ত্ৰিবেদী বুলি কোৱা হৈছিল। চাৰিখন বেদ মুখস্থ কৰা পণ্ডিতসকলক চতুৰ্বেদী বুলি কোৱা হৈছিল। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্ঞান হস্তান্তৰ কৰি হিন্দুসকলে নিজৰ প্ৰাচীন মন্ত্ৰসমূহ বেদত সুৰক্ষিত কৰিছিল, যিবোৰ মূলতঃ গদ্য আছিল।

আদিম বৌদ্ধ গ্ৰন্থসমূহো সাধাৰণতে মৌখিক পৰম্পৰাৰ বুলি বিশ্বাস কৰা হয়। কোনো লিখিত পাঠ নোহোৱাকৈয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মৌখিকভাৱে ৰচনা আৰু প্ৰেৰণ কৰা গ্ৰীক, ছাৰ্বিয়া আৰু অন্যান্য সংস্কৃতিৰ সাহিত্যৰ সংস্কৰণসমূহৰ তুলনাত বৌদ্ধ সাহিত্যক বৈদিক সাহিত্যক পিছতেই স্থান দিয়া হয়।

পৰিবহন

মৌখিক পৰম্পৰাসমূহে সঠিক সংস্কৰণৰ সঠিক সংবহন আৰু পৰীক্ষাযোগ্যতাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, বিশেষকৈ যেতিয়া সংস্কৃতিত লিখিত ভাষাৰ অভাৱ বা লিখাৰ সঁজুলিৰ সুবিধা সীমিত হয়। নিলিখাকৈয়ে এই তথ্য লাভ কৰোতে মৌখিক সংস্কৃতিয়ে বিভিন্ন কৌশল ব্যৱহাৰ কৰিবলগীয়া হয়।

তথ্য সংগ্ৰহ

Tags:

মৌখিক পৰম্পৰা ইতিহাসমৌখিক পৰম্পৰা পৰিবহনমৌখিক পৰম্পৰা তথ্য সংগ্ৰহমৌখিক পৰম্পৰা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰপতিশ্ৰীমন্ত শংকৰদেৱউপেন্দ্ৰচন্দ্ৰ লেখাৰুমানৱ শৰীৰৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩অসমৰ ধান খেতিৰ সঁজুলিসমূহদ্ৰৌপদী মূৰ্মুদিনকাৰ্বি আংলং জিলাঅসমীয়া ভাষা উন্নতি সাধিনী সভাপদুমমে ডাম মে ফিবুলু ফিল্মহৰি-হৰ যুদ্ধঅসম লোকসেৱা আয়োগকোচ ৰাজবংশীকলিমাঅৰুণোদইঅসমৰ জনগোষ্ঠীটকা (বাদ্য)২ মে'সংযুক্ত মুক্তি বাহিনী, অসমকাৰ্বি জনগোষ্ঠীজীৱনৰ বাটতমায়ংমোৰ জীৱন সোঁৱৰণদক্ষিণপাট সত্ৰবৃত্তধানফাট বিহুশিৱনাথ বৰ্মনমোৱামৰীয়া বিদ্ৰোহআৰ্দ্ৰতাভিয়েটনামভূপেন হাজৰিকাৰ সাহিত্যদিছপুৰহেম ভৰালীভাৰতৰ প্ৰধানমন্ত্ৰীথমাছ আলভা এডিচনসুভাষ চন্দ্ৰ বসুসাঁচিপাতনিৰুপমা বৰগোহাঞিবেণুধৰ শৰ্মাহাজং জনগোষ্ঠীঅসমৰ সাধুকথাজোৰোণৱিকিপিডিয়াসংস্কৃতিয়কোষ (জীৱবিজ্ঞান)কনকলতা বৰুৱাভট্টদেৱভৈৰৱী মন্দিৰমানস ৰাষ্ট্ৰীয় উদ্যানমৈদামঅসমৰ লোকবাদ্যৰমন্যাসবাদসংস্কৃত ভাষাভূপেন্দ্ৰ সংগীতগোলোকচন্দ্ৰ গোস্বামীপথেৰ পাঁচালীমহেশ্বৰ নেওগবিশ্ব ধঁপাতবিৰোধী দিৱসমঘাই ওজাউষ্ণতাবাথৌ ধৰ্মমাটি আখৰাএ পি জে আব্দুল কালামঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআৰবী ভাষাচাহকথা কবিতাৰঘুনাথ চৌধাৰীঅসমৰ বাঁহ-বেতৰ শিল্পচাহেবপুৰাৰ বৰষুণ🡆 More