অনিমা গুহ

ড° অনিমা গুহ (ইংৰাজী: Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে।কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।

অনিমা গুহ
অনিমা গুহ
ড° অনিমা গুহৰ ফাইল ফটো
জন্ম অনিমা দাস
২৬ মাৰ্চ, ১৯৩২
ধুবুৰী, অসম
মৃত্যু ২৯ জুলাই, ২০২১ (৮৯ বছৰ)
পেচা সাহিত্যিক, শিক্ষাব্ৰতী, সমাজ-কৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন দিল্লী বিশ্ববিদ্যালয়
পুণা বিশ্ববিদ্যালয়
দাম্পত্যসংগী অমলেন্দু গুহ (বি. ১৯৬০; মৃ. ২০১৫)

চমু জীৱনী

জন্ম আৰু বংশ পৰিচয়

১৯৩২ চনৰ ২৬ মাৰ্চ তাৰিখে ধুবুৰী জিলাৰ সদৰ ধুবুৰীত অনিমা গুহৰ জন্ম হৈছিল। দেউতাক গিৰীন্দ্ৰ মোহন দাস আৰু মাতৃ নীহাৰিকা দাস। দেউতাক বিজনী ৰাজ এষ্টেটৰ খুঁটাঘাট পৰগণাৰ পৰিচালক আছিল। তেখেতে কটন কলেজৰপৰা বি এ পাছ কৰিছিল আৰু স্ত্ৰী শিক্ষাৰ উদ্যোক্তা আছিল। গিৰীন্দ্ৰ মোহন দাসৰ উদ্যোগতে প্ৰায় ১৯৩৮ চনত কোকৰাঝাৰত পোনপ্ৰথম ছোৱালী এল পি স্কুল স্থাপিত হয়। অনিমা গুহৰ ককাক গৌৰমোহনে কলিকতাৰপৰা এফ এ পাছ কৰি আহি মেচপাৰা এষ্টেটৰ দেৱান নিযুক্তি পাইছিল। মাকো সেইসময়ৰ এগৰাকী শিক্ষিত আৰু প্ৰগতিশীল মহিলা আছিল।

শিক্ষা আৰু বৈবাহিক জীৱন

দেউতাকৰ উদ্যোগত স্থাপিত কোকৰাঝাৰ এল পি স্কুলতে অনিমা গুহৰ বিদ্যাৰম্ভ হয়। গৃহশিক্ষক আছিল কোকৰাঝাৰ ল'ৰাৰ হাইস্কুলৰ শিক্ষক দীননাথ দাস। তেখেতে ঘৰতে মেপ অঁকাৰপৰা গণিতলৈকে সকলোখিনি পঢ়াইছিল। দেউতাকে গীতাৰ শ্লোকবোৰ ঘৰতে মুখস্থ কৰাইছিল আৰু অৰ্থ ভাঙি দিছিল। মাক আৰু মামাকে শিকাইছিল ৰবীন্দ্ৰ সংগীত। শৈশৱতে আৱাহন, বাঁহীৰ লগতে দেউতাকে ঘৰত ৰখা বঙালী আনন্দ বাজাৰ পত্ৰিকা, যুগান্তৰছোৱালী, ইংৰাজী হিন্দুস্তান ষ্টেণ্ডাৰ্ড আদি পঢ়াৰ অভ্যাস হৈছিল। দেউতাকৰ ইচ্ছা আছিল ধুবুৰী ছোৱালী হাইস্কুলৰ হোষ্টেলত ৰাখি পঢ়াই-শুনাই ছোৱালীক শান্তি-নিকেতনলৈ পঠিয়াব। সেইসময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ জীৱিত আছিল। কিন্তু কোকৰাঝাৰ এল পি স্কুলৰপৰা এল পি পাছ কৰি, অষ্টম মানলৈকে কোকৰাঝাৰ ল'ৰাৰ হাইস্কুলত পঢ়ি অনিমা গুহই ১৯৪৭ চনত যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰপৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে। ১৯৪৯ চনত তেওঁ কটন কলেজৰপৰা প্ৰথম বিভাগত আই এছচি আৰু ১৯৫২ চনত উদ্ভিদ বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৬০ চনত বুৰঞ্জীবিদ ড॰ অমলেন্দু গুহৰ সৈতে অনিমা বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰপৰা তেওঁ নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বিশ্ববিদ্যালয়ে আগবঢ়োৱা Science Exhibition পুৰস্কাৰ লাভ কৰে। ১৯৭৫ চনত পুণা বিশ্ববিদ্যালয়ৰপৰা বংশগতি বিষয়ত ডক্টৰেট পায়। ১৯৭৫ ৰ পৰা ১৯৭৮ চনলৈ কলকাতাৰ Anthropological Survey of India ত পষ্ট ডক্টৰেল ফেল' হিচাপে কাম কৰে। ইয়াৰ পিছত Anthropological Survey of India আৰু কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত যথাক্ৰমে চি অছ আই আৰ ৰ পোল অফিচাৰ আৰু ইউ জি চি ৰ ৰিচাৰ্ছ এছচিয়েট হিচাপে নিযুক্তি লাভ কৰে।

কৰ্ম জীৱন আৰু সাহিত্যিক কৰ্ম্মাৱলী

অনিমা গুহই তেওঁৰ কৰ্ম-জীৱন আৰম্ভ কৰিছিল শিক্ষকতাৰে। ১৯৫২ চনৰপৰা ১৯৬০ চনলৈ তেওঁ অভয়াপুৰী বালিকা হাইস্কুল আৰু ধুবুৰী বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল।অসমৰ নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ তেওঁ এগৰাকী গুৰিধৰোঁতা। ২০০২ চনৰ ১৩ জুলাই তাৰিখে গুৱাহাটীৰ নেটৱৰ্ক ট্ৰেভেলছৰ আস্থানত বৰ্ণালী নামৰ শিশুটিৰ লগত যি অমানৱীয় কাৰ্য সংঘটন হয় তাৰ প্ৰতিবাদত গুৱাহাটীত পঁচপন্নটা নাৰী আৰু সমাজিক-সাংস্কৃতিক সংগঠন লগ-লাগি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নামৰ এটি অৰাজনৈতিক অনুষ্ঠান গঠন হয়। অনিমা গুহ এই সংঘৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকালত সংঘৰ কাম-কাজ যথেষ্ট চৰ্চালৈ আহিছিল। গুহই নাৰীৰ হকে সদায় মাত মাতি আৰু কাম কৰি আহিছে।

কুৰি শতিকাৰ ষাঠি-সত্তৰ দশকৰপৰা গুহই লেখা-মেলা কৰিছে। নব্বৈ দশকৰপৰা তেওঁ নিয়মীয়াকৈ লিখিছে। বিশেষকৈ নাৰী কেন্দ্ৰিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ লিখা-মেলা কৰি যথেষ্ট সমাদৰ পাইছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৮ চনত হোৱা নগাঁও অধিৱেশনলৈ তেওঁ বক্তা হিচাপে আমন্ত্ৰিত হৈছিল। ১৯৯৫ চনত বিশ্বনাথ অধিৱেশন আৰু ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অধিৱেশনলৈও তেওঁ নিমন্ত্ৰিত হৈছিল। অনিমা গুহ অসমীয়া খবৰ কাকতৰ নিয়মীয়া স্তম্ভলেখক আছিল। নাৰীকেন্দ্ৰিক লেখাৰ উপৰিও তেওঁ লিখা অন্যান্য কিতাপবোৰ হ'ল:-

  1. তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন (ভ্ৰমণ কাহিনী ),
  2. জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি ( আত্মজীৱনীৰ প্ৰথম খণ্ড ),
  3. বাকীছোৱা জীৱন ( আত্মজীৱনীৰ দ্বিতীয় খণ্ড ),
  4. তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ,
  5. এমুঠি অভিজ্ঞতা,
  6. মানুহ চিত্ৰশালাত,
  7. সোঁতৰ বিপৰীতে
  8. নীল আকাশৰ তলত
  9. বিপন্ন প্ৰজাতি আদি।

অনুবাদ সাহিত্যলৈও গুহই অৱদান আগবঢ়াইছিল। স্বামী অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে তেওঁ চৈয়দ আব্দুল মালিকৰ উপন্যাস সূৰুজমুখীৰ স্বপ্ন বঙালী ভাষালৈ অনুবাদ কৰিছিল। তেওঁৰ অন্যান্য অনুবাদ কৰ্মসমূহ হৈছে-

  1. বাঙালীৰ ইতিহাস (বঙালীৰপৰা অসমীয়ালৈ)
  2. পূৰ্বাঞ্চল চফৰ (মূল:শ্ৰীপদ যোশী, মাৰাঠী)
  3. নিৰ্বাচিত কলম (মূল: তছলিমা নাছৰিন, বঙালী)
  4. পৰিণীতা (মূল: শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বঙালী)

মৃত্যু

২০২১ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ আৰ্য হস্পিটেলত আবেলি ৩ বাজি ২০ মিনিটত অনিমা গুহই শেষ নিশ্বাস ত্যাগ কৰে।

তথ্যসূত্ৰ

Tags:

অনিমা গুহ চমু জীৱনীঅনিমা গুহ মৃত্যুঅনিমা গুহ তথ্যসূত্ৰঅনিমা গুহঅমলেন্দু গুহঅসমইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মাতৃভাষাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাহিমন্ত বিশ্ব শৰ্মাদশাৱতাৰদেউলহেম বৰুৱাবহনক্ষম উন্নয়নৰ লক্ষ্যহাজোঠেঙ্গাল কছাৰী জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণৰামায়ণপথৰুঘাটৰ ৰণকমলাবাৰী সত্ৰয়বায়ু প্ৰদূষণঅসমীয়া ভাষাবড়ো ভাষাকৃষিকমলাকান্ত ভট্টাচাৰ্য্যশৰাইঘাটৰ যুদ্ধবিশেষ্য পদগোৱালপাৰাভগদত্তজণ্ডিছমহা মৃত্যুঞ্জয় মন্দিৰসংগীতবেটুপাতজাভাভট্টদেৱভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅৰণ্যবুৰঞ্জী সাহিত্যশিৱমেলেৰিয়াতথ্য প্ৰযুক্তিনীলমণি ফুকন (কনিষ্ঠ)ইষ্ট ইণ্ডিয়া কোম্পানীধেমাজি জিলাচাচনি মেৰবিলঅংকীয়া নাটবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণভক্তি ৰত্নাৱলীঅসমৰ শাক-পাচলিৰ তালিকাগৌতম বুদ্ধঅব্যয় পদশ্ৰীমদ্ভগৱতগীতাজাতীয়তাবাদশিক্ষাৰ অধিকাৰকাতি বিহুসাম্যবাদঅৰ্জুন ভঞ্জনৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসচ্যু-লিক-ফাবিষ্ণুসাম্যবাদী সমাজপ্ৰাচীন গ্ৰীচস্বদেশী আন্দোলননামেৰি ৰাষ্ট্ৰীয় উদ্যানৰুক্মিণীযোৰহাটদিহানামমিজোৰামলোকভাষামূলা গাভৰুঅশ্বিনী কুমাৰ বৰুৱাপৰম্পৰাৰামধেনুপদাৰ্থৰ অৱস্থালক্ষ্মীনন্দন বৰানলিনীবালা দেৱীঅসমৰ জিলাসমূহব’হাগপৃথিৱীজিএছটিহাড়অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা🡆 More