ৰাণী লক্ষ্মীবাই ( pronunciation (সহায়·তথ্য); ১৯ নৱেম্বৰ ১৮২৮ – ১৮ জুন ১৮৫৮), উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক সূচাবলৈ তেওঁ এটা প্ৰতীকত পৰিণত হৈছিল।
১৮২৮ চনৰ ১৯ নৱেম্বৰত বাৰাণাসীৰ এটা মাৰাঠী কাৰ্হাডে ব্ৰাহ্মণ পৰিয়ালত ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল মণিকৰ্ণিকা তাম্বে আৰু সকলোৱে তেওঁক মণি বুলি মাতিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে ম'ৰ'পাণ্ট তাম্বে' আৰু ভাগীৰথী ছাপ্ৰে' (ভাগীৰথী বাই)। পিতৃ-মাতৃ উভয়েই মহাৰাষ্ট্ৰৰ লোক আছিল। লক্ষ্মীবাইৰ মাত্ৰ চাৰি বছৰ বয়সতে মাতৃৰ মৃত্যু হয়। পিতৃ ম'ৰ'পাণ্ট বিথুৰ জিলাৰ পেশ্বা আদালতত কাম কৰিছিল। তেওঁ ঘৰতেই শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ সমবয়সীয়া আনবোৰ ছোৱালীতকৈ শৈশৱত বেছি স্বাধীন আছিল। শৈশৱৰ লগৰী নানা চাহিব আৰু তাত্যা তোপৰ লগত লক্ষ্মীবায়ে শ্বুটিং, ঘোঁৰা চলোৱা,মাল্লাখাম্বা আদি ভিন্নধৰণৰ শিক্ষা লাভ কৰিছিল।
ৰাণী লক্ষ্মীবায়ে ৰাজপ্ৰাসাদ আৰু মন্দিৰৰ মাজত দুজনমান ৰখীয়া লগত লৈ ঘোঁৰা চেঁকুৰোৱাটো অভ্যাসত পৰিণত হৈছিল। তেওঁৰ ঘোঁৰাকেইটাৰ ভিতৰত সাৰংগী, পৱন আৰু বাদল উল্লেখযোগ্য। ইতিহাসবিদৰ মতে ১৮৫৮ চনত দুৰ্গৰ পৰা পলাই আহোঁতে লক্ষ্মীবায়ে বাদলৰ পিঠিতে উঠি আহিছিল। ৰাণী লক্ষ্মীবাইৰ ৰাজপ্ৰাসাদ ৰাণী মহলটো এতিয়া এটা সংগ্ৰহালয়ৰ ৰূপ দিয়া হৈছে। নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ কিছু প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে।
১৮৪২ চনৰ মে' মাহত ঝান্সীৰ মহাৰাজ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে মণিকৰ্ণিকাৰ বিয়া হৈছিল। তেতিয়াৰ পৰা পৰম্পৰা অনুযায়ী আৰু হিন্দু ধৰ্মৰ দেৱী লক্ষ্মীৰ সন্মানত তেওঁ লক্ষ্মীবাই নামেৰে পৰিচিত হয়। ১৮৫১ চনত লক্ষ্মীবায়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল'ৰাটোৰ মাত্ৰ চাৰি মাহ পিছতে মৃত্যু হয়। মহাৰাজই সম্পৰ্কীয় ল'ৰা আনন্দ ৰাওক পুত্ৰৰূপে তুলি লৈছিল। মহাৰাজৰ মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে আনন্দ ৰাওৰ নামটো দামোদৰ ৰাওলৈ সলনি কৰা হয়। এই কামটো ব্ৰিটিছ ৰাজনৈতিক বিষয়াৰ উপস্থিতিত কৰা হৈছিল। মহাৰাজই এখন চিঠিৰে নিৰ্দেশনাও দিছিল যে ল'ৰাটোক উপযুক্ত সন্মান দিব লাগিব আৰু ঝাঁসীৰ চৰকাৰখন তেওঁৰ বিধৱা পত্নীয়ে গোটেই জীৱনকালৰ বাবে লাভ কৰিব।
১৮৫৩ চনৰ নৱেম্বৰত মহাৰাজৰ মৃত্যুৰ পিছত দামোদৰ ৰাও (পূৰ্বৰ নাম আনন্দ ৰাও) তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ অধীনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীত স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিলে। ৰাজসিংহাসনত দামোদৰ ৰাওৰ দাবীক প্ৰত্যাখ্যান কৰি ব্ৰিটিছে ইয়াক নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে। লক্ষ্মীবাইক এই খবৰটো দিয়াৰ লগে লগেই তেওঁ চিঞৰি উঠিছিল, "মই মোৰ ঝান্সীক সমৰ্পণ নকৰোঁ" (মে' মেৰি ঝান্সী নে'হী দুংগা)। ১৮৫৪ চনৰ মাৰ্চ মাহত ৰাণী লক্ষ্মীবাইক ৬০০০০ টকাৰ বাৰ্ষিক পেঞ্চন দিয়া হৈছিল আৰু ৰাজপ্ৰাসাদ আৰু দুৰ্গ এৰিবলৈ নিৰ্দেশ দিছিল।
This article uses material from the Wikipedia অসমীয়া article ৰাণী লক্ষ্মীবাই, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.