২০১৮ ফিফা বিশ্বকাপ

চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপ ফুটবলৰ একবিংশতিতম স্ংস্কৰণ বিশ্বকাপ ফুটবল ২০১৮ ৰাছিয়াত অনুষ্ঠিত হয়। এই বিশ্বকাপ ১৪ জুনৰ পৰা ১৫ জুলাইলৈ চলিছিল।পূব ইউৰোপত হোৱা এইখনেই প্ৰথম বিশ্বকাপ আৰু ইউৰোপত হোৱা একাদশতম বিশ্বকাপ। ১৪২ বিলিয়ন ডলাৰ খৰচ হোৱা এইখন এতিয়ালৈ হোৱা বিশ্বকাপসমূহৰ ভিতৰত আটাইতকৈ ব্যয়বহুল বিশ্বকাপৰূপে পৰিগণিত হৈছে। ভিডিঅ’ এছিছটেণ্ট ৰেফাৰী(Video Assistant Referee) ব্যৱহাৰ হোৱা এইখনেই প্ৰথম বিশ্বকাপ।

২০১৮ ফিফা বিশ্বকাপ
Чемпионат мира по футболу FIFA 2018
Chempionat mira po futbolu FIFA 2018
২০১৮ ফিফা বিশ্বকাপ
২০১৮ ফিফা বিশ্বকাপৰ প্ৰতিক
প্ৰতিযোগিতাৰ তথ্য
আয়োজক দেশ ৰাছিয়া
তাৰিখ ১৪ জুন – ১৫ জুলাই
দলসমূহ ৩২ (৫খন কনফিডাৰেচনৰ পৰা)
স্থান ১২ (১১খন আয়োজক চহৰত)
শীৰ্ষস্থানীয় অৱস্থান
বিজেতা ২০১৮ ফিফা বিশ্বকাপ ফ্ৰান্স (২য় খিতাপ)
দ্বিতীয় স্থান ২০১৮ ফিফা বিশ্বকাপ ক্ৰয়েছিয়া
তৃতীয় স্থান ২০১৮ ফিফা বিশ্বকাপ বেলজিয়াম
চতুৰ্থ স্থান ২০১৮ ফিফা বিশ্বকাপ ইংলেণ্ড
প্ৰতিযোগিতাৰ পৰিসংখ্যা
মুঠ খেলৰ সংখ্যা 64
মুঠ গোলৰ সংখ্যা 169
উপস্থিতি 30,31,768 (47,371 প্ৰতিখন খেলত)
সৰ্বাধিক গোলদাতা ইংলেণ্ড Harry Kane (৬টা গোল)
শ্ৰেষ্ঠ খেলুৱৈ ক্ৰয়েছিয়া Luka Modrić
শ্ৰেষ্ঠ যুৱা খেলুৱৈ ফ্ৰান্স Kylian Mbappé
শ্ৰেষ্ঠ গোলৰক্ষক বেলজিয়াম Thibaut Courtois
অপক্ষপাতী খেলৰ বঁটা ২০১৮ ফিফা বিশ্বকাপ স্পেইন
← ২০১৪

প্ৰ্তিযোগিতাখনত মুঠতে ৩২টা দলে ভাগ লৈছিল য’ত ৩১টা দলে যোগ্যতা নিৰূপণকাৰী খেলৰ যোগেদি আৰু ৰাছিয়াই আয়োজক দল হিচাপে ভাগ লোৱাৰ সুবিধা পায়। ৩২টা দলৰ ভিতৰত ২০টা দলেই ২০১৪ চনৰ ফিফা বিশ্বকাপত ভাগ লৈছিল, আনহাতে আইচলেণ্ড আৰু পানামাই প্ৰথমবাৰৰ বাবে বিশ্বকাপত ভূমুকি মাৰে। ১১খন চহৰৰ ১২খন ষ্টেডিয়ামত মুঠ ৬৪খন খেল অনুষ্ঠিত হৈছিল।

চূড়ান্ত খেলখন ফ্ৰান্স আৰু ক্ৰ’ৱেচিয়াৰ মাজত অনুষ্ঠিত হৈছিল য’ত ফ্ৰান্সে ৪-২ ব্যৱধানত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ জিকিবলৈ সক্ষম হয়।

দলসমূহ

ফিফাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফিফাৰ ২০৯খন সদস্যদেশে বিশ্বকাপত স্থান পাবলৈ আবেদন কৰে। চাৰিবাৰৰ চেম্পিয়ন ইটালী, তিনিবাৰৰ ৰাণাৰ্ছ আপ নেডাৰলেণ্ড, ২০১৭ৰ আফ্ৰিকা কাপ বিজয়ী কেমেৰুণ, দুবাৰকৈ কোপা আমেৰিকা আৰু ২০১৭ৰ কনফেডাৰেচন কাপ বিজয়ী চিলি, ২০১৬ৰ অ’এফচি নেচ’ন কাপ বিজয়ী নিউজিলেণ্ড আৰু ২০১৭ৰ CONCACAF Gold Cup বিজয়ী যুক্তৰাষ্ট্ৰই মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব নোপোৱাটো উল্লেখযোগ্য।

টোকা: কাষৰ সংখ্যাসমূহে প্ৰ্তিযোগিতাখনৰ আৰম্ভণিত ফিফা ৰেংকিং বুজাইছে (FIFA World Rankings)

    AFC (5)
  • ২০১৮ ফিফা বিশ্বকাপ  অষ্ট্ৰেলিয়া (36)
  • ২০১৮ ফিফা বিশ্বকাপ  ইৰান (37)
  • ২০১৮ ফিফা বিশ্বকাপ  জাপান (61)
  • ২০১৮ ফিফা বিশ্বকাপ  চৌদি আৰৱ (67)
  • ২০১৮ ফিফা বিশ্বকাপ  দক্ষিণ কোৰিয়া (57)
    CAF (5)
  • ২০১৮ ফিফা বিশ্বকাপ  ইজিপ্ত (45)
  • ২০১৮ ফিফা বিশ্বকাপ  মৰক্কো (41)
  • ২০১৮ ফিফা বিশ্বকাপ  নাইজেৰিয়া (48)
  • ২০১৮ ফিফা বিশ্বকাপ  ছেনেগাল (27)
  • ২০১৮ ফিফা বিশ্বকাপ  তুনিছিয়া (21)

    CONCACAF (3)
  • ২০১৮ ফিফা বিশ্বকাপ  কষ্টা ৰিকা (23)
  • ২০১৮ ফিফা বিশ্বকাপ  মেক্সিকো (15)
  • ২০১৮ ফিফা বিশ্বকাপ  পানামা (55)
    CONMEBOL (5)
  • ২০১৮ ফিফা বিশ্বকাপ  আৰ্জেণ্টিনা (5)
  • ২০১৮ ফিফা বিশ্বকাপ  ব্ৰাজিল (2)
  • ২০১৮ ফিফা বিশ্বকাপ  কলম্বিয়া (16)
  • ২০১৮ ফিফা বিশ্বকাপ  পেৰু (11)
  • ২০১৮ ফিফা বিশ্বকাপ  উৰুগুৱে (14)
    OFC (0)
  • None qualified

    UEFA (14)
  • ২০১৮ ফিফা বিশ্বকাপ  বেলজিয়াম (3)
  • ২০১৮ ফিফা বিশ্বকাপ  ক্ৰয়েছিয়া (20)
  • ২০১৮ ফিফা বিশ্বকাপ  ডেনমাৰ্ক (12)
  • ২০১৮ ফিফা বিশ্বকাপ  ইংলেণ্ড (12)
  • ২০১৮ ফিফা বিশ্বকাপ  ফ্ৰান্স (7)
  • ২০১৮ ফিফা বিশ্বকাপ  জাৰ্মানী (1)
  • ২০১৮ ফিফা বিশ্বকাপ  আইচলেণ্ড (22)
  • ২০১৮ ফিফা বিশ্বকাপ  পোলেণ্ড (8)
  • ২০১৮ ফিফা বিশ্বকাপ  পৰ্তুগাল (4)
  • ২০১৮ ফিফা বিশ্বকাপ  ৰাছিয়া (70) (host)
  • ২০১৮ ফিফা বিশ্বকাপ  ছাৰ্বিয়া (34)
  • ২০১৮ ফিফা বিশ্বকাপ  স্পেইন (10)
  • ২০১৮ ফিফা বিশ্বকাপ  ছুইডেন (24)
  • ২০১৮ ফিফা বিশ্বকাপ  ছুইজাৰলেণ্ড (6)

২০১৮ ফিফা বিশ্বকাপ 
  Qualified
  Did not qualify
  Disqualified
  Not a FIFA member

ষ্টেডিয়াম

২০১৮ ফিফা বিশ্বকাপ 
Exterior of Otkrytie Arena in Moscow

বিশ্বকাপৰ কাৰণে মুঠতে ১২খন ষ্টেডিয়াম নিৰ্মাণ আৰু নবীকৰণ কৰা হৈছিল।

  • কলিংগ্ৰেড ষ্টেডিয়াম
  • কাজান এৰিণা
  • লুঝনিকি ষ্টেডিয়াম দেশখনৰ সৰ্ববৃহৎ ষ্টেডিয়াম
  • স্পাৰ্টাক ষ্টেডিয়াম
  • নিঝানি ন’ভ’গ’ৰ’ড ষ্টেডিয়াম
  • ৰস্তভ এৰিণা ষ্টেডিয়াম
  • চেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়াম
  • চামাৰা এৰিণা ষ্টেডিয়াম
  • মৰ্ডভিয়া এৰিণা ষ্টেডিয়াম
  • ভলভ’গ্ৰেড ষ্টেডিয়াম
  • ফিষ্ট ষ্টেডিয়াম -এইখন ষ্টেডিয়ামত ২০১৪ চনৰ শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সমাপ্তি অনুষ্ঠান হৈছিল।
  • একাটেৰিণবাৰ্গ ষ্টেডিয়াম

ৰেফাৰী

২০১৮ চনৰ ১৬ মাৰ্চৰ দিনা ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বাবে অনুমোদন জনোৱা হয়

২০১৮ৰ ২৯মাৰ্চত ফিফা কাউন্সিলে ছয়টা ফুটবল কনফেডাৰেশ্যনৰ পৰা ৩৬জন ৰেফাৰী আৰু ৬৩জন সহকাৰী ৰেফাৰীৰ তালিকা প্ৰস্তুত কৰে আৰু ৩০ এপ্ৰিলৰ দিনা ১৩জন ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বিষয়ে ঘোষণা কৰে

উদ্বোধনী অনুষ্ঠান

১৪জুন বৃহস্পতিবাৰে ৩:৩০বজাত ৰাছিয়াৰ ৰাজধানী মস্কোৰ লুঝনিকি ষ্টেডিয়ামত ৰাছিয়া আৰু ছৌডি আৰবৰ মাজৰ টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনৰ প্ৰায় আধা ঘণ্টা আগে ফুটবল বিশ্বকাপ ২০১৮ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ইংলেণ্ডৰ বিখ্যাত পপ শিল্পী ৰবি উইলিয়ামছে ‘'লেট মি এণ্টাৰটেিন ইউ’' গান গাই গাই প্ৰৱেশ কৰে ৰবি উইলিয়ামছৰ লগত তাল মিলাই প্ৰ্ৱেশ কৰে ৰাছিয়াৰ স্ংগীত শিল্পী এইডা গাৰিফুলিনা দুয়ো একেলগে এঞ্জেল গানটো পৰিৱেশন কৰে অনুষ্ঠানত ৰোণাল্ড' উপস্থিত থাকে তেওঁ এডিডাছ টেলষ্টাৰ বলটো প্ৰদৰ্শন কৰে যিটো মাৰ্চ মাহত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ্লৈ নি জুন মাহত ঘূৰাই অনা হৈছিল

গ্ৰুপ পৰ্য্যায়

প্ৰতিযোগী দলসমূহক মুঠ আঠটা গ্ৰুপত ভাগ কৰা হৈছিল আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল আছিল প্ৰতিটো গ্ৰুপৰ দলসমূহৰ মাজত খেল হোৱাৰ পিছত প্ৰটিতো গ্ৰুপৰ পৰা দুটাকৈ শ্ৰেষ্ঠ দল নক্‌আউট পৰ্য্যায়লৈ নিয়া হৈছিল

টাইব্ৰেকাৰ

কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল

  1. গ্ৰুপৰ মেচসমূহত পোৱা মুঠ পইণ্ট
  2. গ্ৰুপৰ মেচসমূহত গ'লৰ পাৰ্থক্য
  3. গ্ৰুপৰ মেচসমূহত দিয়া মুঠ গ'ল

যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল

  1. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা পইণ্টৰ পাৰ্থক্য
  2. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা গ'লৰ পাৰ্থক্য
  3. দলদুটাই কৰা সৰ্বমুঠ গ'লৰ স্ংখ্যা

সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট

  • হালধীয়া কাৰ্ড: ১ পইণ্ট কটা হ'ব
  • পৰোক্ষ ৰঙা কাৰ্ড: ৩ পইণ্ট কটা হ'ব
  • ৰঙা কাৰ্ড: ৪ পইণ্ট কটা হ'ব
  • হালধীয়া কাৰ্ড আৰু ৰঙা কাৰ্ড: ৫ পইণ্ট কটা হ'ব

পৰিস্ংখ্যা

পুৰস্কাৰ

সোণালী বল ৰূপালী বল ব্ৰঞ্জৰ বল
২০১৮ ফিফা বিশ্বকাপ  Luka Modrić ২০১৮ ফিফা বিশ্বকাপ  Eden Hazard ২০১৮ ফিফা বিশ্বকাপ  Antoine Griezmann
সোণালী বুট ৰূপালী বুট ব্ৰঞ্জৰ বুট
২০১৮ ফিফা বিশ্বকাপ  Harry Kane
(6 goals, 0 assists)
২০১৮ ফিফা বিশ্বকাপ  Antoine Griezmann
(4 goals, 2 assists)
২০১৮ ফিফা বিশ্বকাপ  Romelu Lukaku
(4 goals, 1 assist)
Golden Glove
২০১৮ ফিফা বিশ্বকাপ  Thibaut Courtois
শ্ৰেষ্ঠ যুৱ খেলুৱৈ
২০১৮ ফিফা বিশ্বকাপ  Kylian Mbappé
FIFA Fair Play Award
২০১৮ ফিফা বিশ্বকাপ  স্পেইন

পুৰস্কাৰৰ ধনৰাশি

পুৰস্কাৰৰ ধন ২০১৭ৰ অক্টোবৰতেই ঘোষণা কৰা হৈছিল.

স্থান পৰিমাণ (মিলিয়ন আমেৰিকান ডলাৰ)
প্ৰতিটো টিম মুঠ
চেম্পিয়ন ৩৮ ৩৮
ৰাণাৰ্ছ আপ ২৮ ২৮
তৃতীয় স্থান ২৪ ২৪
চতুৰ্থ স্থান ২২ ২২
৫ম-৮ম স্থান (কোৱাৰ্টাৰ ফাইনেল) ১৬ ৬৪
৯ম-১৬তম স্থান (round of 16) ১২ ৯৬
১৭-৩২তম স্থান (গ্ৰুপ পৰ্য্যায়) ১২৮
সৰ্বমুঠ ৪০০

বিশেষত্ব

শুভংকৰ

২০১৮ ফিফা বিশ্বকাপ 
Tournament mascot, wolf Zabivaka

২০১৬ চনৰ ২১ অক্টোবৰতেই এখন ডিজাইন প্ৰতিযোগিতাৰ দ্বাৰা বিভাগীয়ভাৱে শুভংকৰ বাছনি কৰা হৈছিল| এটা মেকুৰী, এটা বাঘ আৰু এটা কুকুৰনেছীয়া বাঘৰ মাজৰ পৰা জাবিভাকা(Zabivaka) নামৰ কুকুৰনেছীয়া বাঘটোক বাছনি কৰা হৈছিল। মুঠ ১ মিলিয়ন মতদাতাৰ মাজৰ পৰা ৫৩ শতাংশই জাবিভাকাক ভোট দিছিল। মানুহ আৰু কুকুৰনেছীয়া বাঘৰ স্ংকৰ হিচাপে বনোৱা শুভ্ংকৰটোৱে ৰাছিয়াৰ জাতীয় দলৰ পোছাক পিন্ধি আছিল।

খেলৰ বল

২০১৮ ফিফা বিশ্বকাপ 
Match ball "Telstar 18"
২০১৮ ফিফা বিশ্বকাপ 
Match ball for the knockout stage, "Telstar Mechta".

২০১৮ ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্য্যায়ত খেলা বলটো আছিল টেলষ্টাৰ ১৮, যিটো বল ১৯৭০ চনৰ ফিফা বিশ্বকাপত এডিডাছে বনোৱা প্ৰ্থম বলটোৰ আৰ্হিত তৈয়াৰ কৰিছিল। বলটো ২০১৭ৰ ৯ নবেম্বৰত মুকলি কৰি দিয়া হৈছিল।

গ্ৰুপ পৰ্য্যায়ৰ পিছত নক্‌ আউট পৰ্য্যায়ত খেলিবলৈ টেলষ্টাৰ মেচটা নামৰ আন এটা বল ব্যৱহাৰ কৰা হৈছিল। মেচটা মানে ৰাছিয়ান ভাষাত সপোন। টেলষ্টাৰ ১৮ আৰু টেলষ্টাৰ মেচটাৰ মাজত থকা পাৰ্থক্য হ’ল মেচটাত থকা ৰঙা ৰঙৰ ডিজাইন।

খেলৰ গীত

Will Smith, Nicky Jam আৰু Era Istrefiয়ে কণ্ঠদান কৰা "Live It Up" শীৰ্ষক গীতটো প্ৰতিযোগিতাখনৰ গীত হিচাপে মান্যতা দিয়া হৈছিল। গীতটো ২০১৮ৰ ৮জুনত মুকলি কৰি দিয়া হৈছিল।

তথ্যসূত্ৰ

Tags:

২০১৮ ফিফা বিশ্বকাপ দলসমূহ২০১৮ ফিফা বিশ্বকাপ ষ্টেডিয়াম২০১৮ ফিফা বিশ্বকাপ ৰেফাৰী২০১৮ ফিফা বিশ্বকাপ উদ্বোধনী অনুষ্ঠান২০১৮ ফিফা বিশ্বকাপ গ্ৰুপ পৰ্য্যায়২০১৮ ফিফা বিশ্বকাপ পৰিস্ংখ্যা২০১৮ ফিফা বিশ্বকাপ বিশেষত্ব২০১৮ ফিফা বিশ্বকাপ তথ্যসূত্ৰ২০১৮ ফিফা বিশ্বকাপইউৰোপফিফা বিশ্বকাপ ফুটবলৰাছিয়া

🔥 Trending searches on Wiki অসমীয়া:

আগ্নেয়গিৰিকালিদাসভাৰতীয় জনতা পাৰ্টিবিশেষ শিক্ষালুৰিন জ্যোতি গগৈঅপভ্ৰংশকুলিমে ডাম মে ফিলখিমপুৰ জিলাঅসমীয়া লিপিৰ বুৰঞ্জীঅৰ্জুন ভঞ্জনএ পি জে আব্দুল কালামমোৱামৰীয়া বিদ্ৰোহতথ্য জনাৰ অধিকাৰ আইন, ২০০৫নেতাই ধুবুনী ঘাটদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া উপন্যাসভাৰত ত্যাগ আন্দোলনতলাতল ঘৰসঁফুৰা (শিশু আলোচনী)শিৱমৌখিক ইতিহাসপ্ৰাক-ইতিহাসকাৰ্বি জনগোষ্ঠীইছলামনামচিংগুগলএহাত ডাবাঢেঁকীসৌৰজগতভাৰতৰ সংৰক্ষণ ব্যৱস্থাযোৰহাট জিলাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যভূমিস্খলনউদ্ভিদনীলমণি ফুকন (কনিষ্ঠ)কাৰ্বি আংলং জিলাশিৱসাগৰৰ শিৱদৌলঅব্যয় পদৰেৱতী মোহন দত্তচৌধুৰীসৌৰভ কুমাৰ চলিহাকোণগুণাভিৰাম বৰুৱাকোষ (জীৱবিজ্ঞান)ড়মালিতাসাঁথৰঅসমৰ নদীসমূহৰ তালিকাঅসমৰ সমস্যাবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণবুঢ়ী আইৰ সাধুআয়ুৰ্বেদধাতু আৰু অধাতুগুৱাহাটীতৎসমআনন্দৰাম ঢেকিয়াল ফুকননাগৰিকত্বঅভিধানবিষুৱ ৰেখাচি++অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅস্বাভাৱিক মনোবিজ্ঞানকাঞ্চন (উপন্যাস)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামূৰাৰা, ৰঙিয়াশ্ৰীমদ্ভগৱতগীতাফুলগুৰি ধেৱাভাৰতৰ ইতিহাসপথৰুঘাটৰ ৰণসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাবিশেষ্য পদৰাজহুৱা ক্ষেত্ৰ🡆 More