সুস্মিতা সেন: ভাৰতীয় অভিনেত্ৰী আৰু মডেল

সুস্মিতা সেন (জন্ম ১৯ নৱেম্বৰ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু পিছলৈ ১৮ বছৰ বয়সত মিছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ দখল কৰিছিল। মিছ ইউনিভাৰ্ছ দখল কৰা সুস্মিতা সেন প্ৰথম গৰাকী বঙালী আৰু ভাৰতীয়। তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ ফিল্মফেয়াৰকে আদি কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ পিছত বিভিন্ন চলচ্চিত্ৰত কাম কৰিবলৈ সুযোগ লাভ কৰিছিল। ১৯৯৬ চনৰ হিন্দী ছবি দস্তকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।

সুস্মিতা সেন
সুস্মিতা সেন: প্ৰাৰম্ভিক জীৱন, সৌন্দৰ্য প্ৰতিযোগিতা, ব্যক্তিগত জীৱন
২০১৬ চনত সুস্মিতা সেন
জন্ম ১৯ নৱেম্বৰ, ১৯৭৫ (৪৮ বছৰ)
হায়দৰাবাদ, তেলেংগানা, ভাৰত
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা চেইণ্ট এনছ হাই স্কুল, ছেকেন্দ্ৰাবাদ
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৪-বৰ্তমানলৈ
পদবী ফেমিনা মিছ ইণ্ডিয়া ১৯৯৪ (বিজয়ী)
মিছ ইউনিভাৰ্ছ ১৯৯৪ (বিজয়ী)
সন্তান

চলচ্চিত্ৰ আৰু মডেলিং জগতৰ বাহিৰে সমাজ সেৱাৰ লগতেও জড়িত হৈ আছে। ইয়াৰ বাবে তেওঁ ২০১৩ চনৰ মাদাৰ টেৰেছা বঁটা লাভ কৰিছিল। তেওঁ ২০১৬ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিচাৰকৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ দুগৰাকী ছোৱালীৰ একক মাতৃ।

প্ৰাৰম্ভিক জীৱন

১৯৭৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে হায়দৰাবাদ চহৰৰ এক বঙালী পৰিয়ালত সুস্মিতা সেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সুবীৰ সেন এগৰাকী ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ আৰু মাতৃ শুভ্ৰ সেন এগৰাকী অলংকাৰ ডিজাইনাৰ। তেওঁৰ এগৰাকী ভণ্টি নীলম আৰু ভাইটি ৰাজীৱ আছে।

তেওঁ নতুন দিল্লীৰ এয়াৰ ফৰ্চ গোল্ডেন যুবলি ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ছেকেন্দ্ৰাবাদৰ চেইণ্ট এনছ হাই স্কুলত নামভৰ্তি কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰিলে।

সৌন্দৰ্য প্ৰতিযোগিতা

ফেমিনা মিছ ইণ্ডিয়া

১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ দখল কৰে আৰু ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল।

মিছ ইউনিভাৰ্ছ

১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। অৱশেষত তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰে। মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয়।

পিছলৈ তেওঁৰ প্ৰকল্প আই এম চি-মিছ ইণ্ডিয়া ইউনিভাৰ্ছয়ে টাইমছ গ্ৰুপৰ পৰা ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিযোগী নিৰ্বাচন কৰিবলৈ অধিকাৰ লাভ কৰিছিল। ২০১৩ চনত ফেমিনায়ে পুনৰাই এই অধিকাৰ ঘূৰাই পায়।

মিছ ইউনিভাৰ্ছ ২০১৬

মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ ২৩ বছৰ পিছত ৬৫ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।

ব্যক্তিগত জীৱন

সুস্মিতা সেন: প্ৰাৰম্ভিক জীৱন, সৌন্দৰ্য প্ৰতিযোগিতা, ব্যক্তিগত জীৱন 
ৰবীনা টেণ্ডনৰ জীয়েকৰ সৈতে সুস্মিতা সেন

সুস্মিতা সেন এগৰাকী একক মাতৃ। তেওঁ ২০০০ চনত এগৰাকী ছোৱালী তুলি লৈছিল। আকৌ ২০১০ চনত আন এগৰাকী ছোৱালী তুলি লয়।

বঁটা আৰু মনোনয়ন

চন বঁটা শ্ৰেণী চলচ্চিত্ৰ ফলাফল
২০০০ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী চিৰ্ফ তুম মনোনীত
ষ্টাৰ স্ক্ৰীন বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী চিৰ্ফ তুম মনোনীত
ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিজয়ী
২০০৩ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী ফিলহাল মনোনীত
ষ্টাৰ স্ক্ৰীন এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিজয়ী
২০০৪ ষ্টাৰ স্ক্ৰীন এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী সময়: হুৱেন টাইম ষ্ট্ৰিইকছ মনোনীত
২০০৫ ষ্টাৰডাষ্ট এৱাৰ্ড ষ্টাৰ অফ দা ইয়াৰ- ফিমেল মে হু না মনোনীত
২০০৫ জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মে হু না মনোনীত
২০০৬ ৰাজীৱ গান্ধী বঁটা বলিউডত কৃতিত্ব প্ৰযোজ্য নহয় বিজয়ী
২০১৩ মাদাৰ টেৰেছা বঁটা সামাজিক ন্যায় প্ৰযোজ্য নহয় বিজয়ী
২০১৬ ইণ্ডিয়ান এফেয়াৰছ ইণ্ডিয়া লিডাৰশ্বিপ কনক্লেভ ইটাৰনেল বিউটি এণ্ড এক্টৰেছ অফ দা ডিকেড প্ৰযোজ্য নহয় বিজয়ী
২০১৬ জিওস্পা এছিয়াস্পা ইণ্ডিয়া এৱাৰ্ড ৱমেন অফ চাবটেন্স এৱাৰ্ড প্ৰযোজ্য নহয় বিজয়ী
২০১৭ লাক্স গোল্ডেন ৰজ এৱাৰ্ড টাইমলেছ বিউটি বঁটা প্ৰযোজ্য নহয় মনোনীত
২০১৮ আই এম ৱমেন এৱাৰ্ড ৱমেন অফ চাবটেন্স এৱাৰ্ড প্ৰযোজ্য নহয় বিজয়ী

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

সুস্মিতা সেন প্ৰাৰম্ভিক জীৱনসুস্মিতা সেন সৌন্দৰ্য প্ৰতিযোগিতাসুস্মিতা সেন ব্যক্তিগত জীৱনসুস্মিতা সেন বঁটা আৰু মনোনয়নসুস্মিতা সেন তথ্য উৎসসুস্মিতা সেন বাহ্যিক সংযোগসুস্মিতা সেনফিল্মফেয়াৰবঙালী ভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাআহোম ভাষাভবেন্দ্ৰ নাথ শইকীয়ামাজুলীৰ মৃৎ শিল্পআধুনিকতাবাদঅসমীয়া ভাষা উন্নতি সাধিনী সভাবৰপেটা সত্ৰউপেন্দ্ৰনাথ গোস্বামীগুপ্ত সাম্ৰাজ্যউমাচল শিলালিপিমিচিং নৃত্য আৰু গীত মাতইয়াণ্ডাবু সন্ধিভাৰতৰ ৰাষ্ট্ৰপতিনাৰীবাদধেমাজিভিটামিনৰাজনৈতিক দলতগৰব্ৰজাৱলী ভাষাভাৰতৰ উপৰাষ্ট্ৰপতিবুঢ়ী আইৰ সাধুজঙ্গমআগ্নেয়গিৰিভূগোলঅসমীয়া লিপিৰ বুৰঞ্জীতাল (বাদ্যযন্ত্ৰ)গৰুকালিকা পুৰাণজম্মু আৰু কাশ্মীৰহস্তীবিদ্যাৰ্ণৱভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যতিৱা জনগোষ্ঠীতেজভাৰতৰ উচ্চতম ন্যায়ালয়অন্তঃস্ৰাৱী তন্ত্ৰসিন্ধু নদীৰাজস্থানঅতুল চন্দ্ৰ হাজৰিকানীল প্ৰজাপতিমহাদেশধৰ্মচিৰ চেনেহী মোৰ ভাষা জননীঅসমৰ সাধুকথাগাখীৰসিন্ধু সভ্যতাঅগ্নিগড়সাঁথৰনামঘৰমহেন্দ্ৰ বৰাগাঁও পঞ্চায়তস্বদেশী আন্দোলনমামণি ৰয়ছম গোস্বামীবড়ো সাহিত্য সভাগোলোকচন্দ্ৰ গোস্বামীৰামধেনুচন্দ্ৰকুমাৰ আগৰৱালাহিমা দাসদেওধনী নৃত্যশ্ৰীকৃষ্ণকীৰ্তনভেঁকুৰভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানআয়ুৰ্বেদহেমচন্দ্ৰ গোস্বামীবাঁহী (আলোচনী)ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালভাৰতৰ সংবিধানঅসম আন্দোলনবিল গেট্‌ছবৃন্দাবনী বস্ত্ৰঅসমৰ মাছ ধৰা সঁজুলিআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাৰতৰ জাতীয় পতাকাশ্ৰী সূৰ্য পাহাৰমাঘ বিহু🡆 More