যম

যম বা যমৰাজ (সংস্কৃত: यम:) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম। তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়। যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়। সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে।

যম
মৃত্যু আৰু ন্যায়ৰ দেৱতা
যম
অন্য নাম ধৰ্মৰাজ, যমৰাজ, কাল
দেৱনাগৰী यम
সম্পৰ্ক লোকপাল, দেৱতা
নিবাস নৰক/যমলোক
গ্ৰহ প্লুটো
মন্ত্ৰ ওঁ‌ম সূৰ্য পুত্ৰায়ে বিধমহি মহাকালায় ধীমহি থানো যমো প্ৰচোদয়াৎ
অস্ত্ৰ দণ্ড, পাশা আৰু গদা
সঙ্গী ধূমৰ্ণা
সহোদৰ যমী, অশ্বিন, শ্ৰাদ্ধদেৱ মনু, ৰেৱন্ত, শনি আৰু তপতী
সন্তান সূনীতা, যমকুমাৰ; যুধিষ্ঠিৰ
আসন/বাহন ম'হ
ৰোমান সমাৰ্থক ৰেমাছ, ডিচপেটাৰ

যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, ম'হৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দেৱতা হিচাপে বৰ্ণনা কৰা হয়। আখ্যানসমূহৰ মতে তেওঁ আৰু যমুনা নদী যমজ ভ্ৰাতৃ-ভগ্নী আৰু সূৰ্যৰ পুত্ৰ। তেওঁৰ প্ৰধান আখ্যানসমূহ পাণ্ডৱসকল, সাবিত্ৰী আৰু সত্যবান আৰু মাৰ্কণ্ডেয়ৰ সৈতে জড়িত। মৃত্যুৰ সৈতে জড়িত আন এজন দেৱতা চিত্ৰগুপ্তই যমক সংগ দিয়ে।

নামৰ উৎপত্তি

যমশব্দৰ অৰ্থ যমজ বা যঁ‌জা (যমৰ যমজ ভগ্নীৰ নাম যমী)। যম শব্দই নৈতিক দায়িত্ব বা শাসন অৰ্থাৎ ধৰ্মকো বুজায়। বৈদিক পৰম্পৰাসমূহত যমেই হৈছে মৃত্যুবৰণ কৰি স্বৰ্গগামী হোৱা প্ৰথমগৰাকী মৰণশীল। আৰু সেয়ে তেওঁ মৃতকসকলৰ ৰজাৰূপে পৰিগণিত হয়।

চিত্ৰায়ন

হিন্দু ধৰ্মত সূৰ্যপুত্ৰ যম এগৰাকী লোকপাল বা দিশৰক্ষক দেৱতা আৰু দক্ষিণ দিশৰ তেওঁ অধিপতি। ঋকবেদৰ দশম খণ্ডৰ তিনিটা শ্লোক যমৰ প্ৰতি উৎসৰ্গিত। পুৰাণসমূহত যমক চতুৰ্ভুজ, বাহিৰলৈ নিৰ্গত দুই তীক্ষ্ণ দন্তযুক্ত, মেঘবৰ্ণ আৰু ভয়ংকৰ চাৱনিৰ গৰাকী বুলি কোৱা হৈছে। তেওঁৰ বস্ত্ৰ ৰঙা, হালধীয়া নাইবা নীলা আৰু জুইৰ মালাই তেওঁক আৱৰি ৰাখে। তেওঁৰ হাতত যমপাশ আৰু গদা বা তৰোৱাল থাকে। যমৰ বাহন হৈছে ম'হ। যমপাশৰ সহায়ত তেওঁ মৃত্যুমুখী লোকৰ জীৱটো কৰায়ত্ত কৰে। তেওঁক এডাল দণ্ড লৈ থকা অৱস্থাতো দেখা যায়। যম সূৰ্য আৰু সৰন্যুৰ পুত্ৰ তথা যমী আৰু শ্ৰদ্ধাদেৱৰ ভ্ৰাতৃ। শনি তেওঁৰ সতীয়া ভায়েক। যমৰ পুত্ৰৰ নাম কাতিলা। ভাৰতত যমৰ প্ৰতি উচৰ্গিত অনেক মন্দিৰ আছে। বিষ্ণুধৰ্মোত্তৰৰ মতে চতুৰ্ভুজ যমৰ দেহৰ ৰঙ বৰ্ষণমুখৰ মেঘৰ দৰে ক'লা। তেওঁৰ কেঁ‌চাসোণৰ দৰে বস্ত্ৰৰ আৰু সৰ্বোপ্ৰকাৰৰ অলংকাৰ পৰিধান কৰে। তেওঁৰ পত্নী ধূমৰ্ণা নীলা পদুম হাতত লৈ যমৰ বাওঁ‌ফালে বিৰাজ কৰে।

পৌৰাণিক সাহিত্য

বেদ

ঋকবেদৰ মতে যমৰাজ সৌৰদেৱতা বিভাসত বা সূৰ্য আৰু সৰন্যু অৰ্থাৎ সংজ্ঞাৰ পুত্ৰ। যমী তেওঁৰ যমজ ভগ্নী। বেদখনৰ প্ৰথম আৰু দশম খণ্ডতে যমৰ সৰ্বাধিক উপস্থিতি দেখা যায়। ইয়াত দেৱতাৰ সৈতে যমৰ ওতপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ উপৰিও ঋকবেদৰ মতে স্বৰ্গপ্ৰাপ্তিৰ পিছত মানুহে দেখা পোৱা দুজন দেৱতা হৈছে যম আৰু বৰুণ। যমে মৃত লোকসকলক জিৰাবলৈ আশ্ৰয় দিয়ে বুলি উল্লেখ আছে। ঋকবৈদিক তিনিখন স্বৰ্গৰ আটাইতকৈ উচ্চতাত অৱস্থিত স্বৰ্গখনেই যমৰ। ইয়াৰ তলৰ দুয়োখন স্বৰ্গ সৱিতুৰৰ। যমৰজাৰ স্বৰ্গতে দেৱতাসকলে নিবাস কৰে আৰু সংগীতেৰে এই ঠাই গুঞ্জড়িত হৈ থাকে। যমৰ উপাসনা কাৰ্যত সোমৰস আৰু বলি আগবঢ়োৱা হয়। তেওঁক বলিৰ দেহত আসন গ্ৰহণ কৰিবলৈ দি বলিদাতাসকলক স্বৰ্গপুৰীত স্থান দিবলৈ প্ৰাৰ্থনা কৰা হয়।

আদিকালৰ দুই মৰণশীল যম আৰু যমীৰ মাজত হোৱা কথোপকথনৰ এক শ্লোকত যমীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ যমক আহ্বান জনায়। এই কাৰ্যৰ সপক্ষে যমীয়ে বংশ ৰক্ষাৰ উদ্দেশ্য, সৃষ্টিকৰ্তাই এক যোৰা হিচাপেই তেওঁলোকক একে গৰ্ভতে সৃষ্টি কৰা আৰু পৰিয়ালকেন্দ্ৰিক শাৰীৰিক সম্পৰ্কৰ বাবে বাবে দ্যু অৰ্থাৎ আকাশ আৰু পৃথিৱী জনাজায় হোৱা আদি যুক্তি আগবঢ়ায়। ইয়াৰ পৰিৱৰ্তে যমে যুক্তি দিয়ে যে তেওঁলোকৰ পূৰ্বপুৰুষ মিত্ৰ আৰু বৰুণ নীতিত অটল আৰু সকলোতে তেওঁলোকৰ গুপ্তচৰ বিদ্যমান।

বৈদিক সাহিত্যত যমক প্ৰথমগৰাকী মৰণশীল মানৱ হিচাপে উল্লেখ কৰা হৈছে। তেওঁ মৃত্যুবৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰলোকলৈ এক পথৰ সৃষ্টি কৰে। মৃত্যুবৰণ কৰা প্ৰথমজন লোক হোৱাৰ বাবেই তেওঁ মৃতকসকলৰ অধিপতি হয়। বৈদিক সাহিত্যসমূহত যম ক্ৰমান্বয়ে মৃত্যুৰ ঋণাত্মক দিশসমূহৰ সৈতে সাঙোৰ খাই পৰে আৰু অৱশেষত মৃত্যুৰ দেৱতা হিচাপে পৰিগণিত হয়। তেওঁ অন্ত, ৰোগ আৰু নিদ্ৰাৰ সৈতেও ক্ৰমশঃ জড়িত হৈ পৰে।

যমৰ দুটা চাৰিচকুৱা, বহল নাকৰ ৰঙাচকুৱা পখৰা কুকুৰ আছে। অথৰ্ববেদত ইয়াৰে এটা কুকুৰক ক'লা বৰণৰ বুলি উল্লেখ কৰা হৈছে। ইহঁ‌তে মৃত্যুমুখী লোকক বিচাৰি উলিয়ায় আৰু যমৰ নগৰীৰ দুৱাৰৰখীয়াৰ কাম কৰে। ইহঁতে ভ্ৰষ্ট লোকক স্বৰ্গত প্ৰৱেশ কৰাত বাধা দিয়ে।

যজুৰ্বেদৰ মতে যম আৰু যমী উচ্চতম স্বৰ্গত বাস কৰে। তৈত্তিৰীয় আৰণ্যকৰ মতে যমৰ ম'হটোৰ চকুৰ বৰণ সোণালী আৰু শিং দুটা লোৰ।

টোকা

তথ্য সংগ্ৰহ

This article uses material from the Wikipedia অসমীয়া article যম, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.

Tags:

যম নামৰ উৎপত্তিযম চিত্ৰায়নযম পৌৰাণিক সাহিত্যযম টোকাযম তথ্য সংগ্ৰহযমঋকবেদদেৱতা (হিন্দু ধৰ্ম)মহাভাৰতসংস্কৃত ভাষাহিন্দু ধৰ্মৰামায়ণ

🔥 Trending searches on Wiki অসমীয়া:

অম্বিকাগিৰি ৰায়চৌধুৰীকপৌ ফুলজল সংৰক্ষণএইচ.আই.ভি/এইড্‌ছকলাখাৰভাস্কৰ (প্ৰথম)কৃষিসেউজ গৃহ প্ৰভাৱলোক-সংগীতনীলমণি ফুকন (কনিষ্ঠ)অসমীয়া জাতিবকুল ফুলৰ দৰে (গ্ৰন্থ)মাধৱদেৱস্বাভাৱিক সংখ্যাযতীন্দ্ৰ নাথ দুৱৰামহাসাগৰবিশ্ব মেলেৰিয়া দিৱসসত্ৰভাৰতীয় দৰ্শনঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগগাখীৰপূৰ্ণ স্বৰাজত্ৰিপিটককাৰ্বি জনগোষ্ঠীউইলিয়াম শ্বেইকছপীয়েৰইন্দিৰা মিৰিযতীন বৰাসাহিত্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসৰ্বেপল্লী ৰাধাকৃষ্ণণলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবিহুৰ বাদ্যযন্ত্ৰজামুগুৰিহাটগঙ্গা নদীযোগাসনমেঘালয়ৰ মাতৃবংশীয় সমাজঋকবেদমংগোলিয়ামামণি ৰয়ছম গোস্বামীঅসম আন্দোলনঅসমীয়া গীতি সাহিত্যঅৰুণাচল প্ৰদেশদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানফুলগুৰি ধেৱাৰুক্মিণী হৰণ নাটপোৱামক্কাডিগবৈলখিমপুৰ (লোকসভা সমষ্টি)লেটিন ভাষাভলিবলনৱ-বৈষ্ণৱ ধৰ্মপুঁজিবাদবৰপেটা (লোকসভা সমষ্টি)মহেশ্বৰ নেওগঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাদৰ্শনজ্যোতিপ্ৰসাদ আগৰৱালায়ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫প্ৰকৃতিঢেঁকীঅসমৰ জনগোষ্ঠীচাইকেললীলা গগৈশিৱসাগৰৰ শিৱদৌলভাৰতৰ শিক্ষাডুবি তাম্ৰলিপি আৰু ছীলঅখণ্ড সংখ্যা২০২৩ জি-২০ নতুন দিল্লী সন্মিলনপাচননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাবিশেষ শিক্ষামাধৱী লতা🡆 More