মেষ সংক্ৰান্তি

মেষ সংক্ৰান্তি (ইংৰাজী: Mesha Sankranti) সৌৰ চক্ৰ বৰ্ষৰ প্ৰথম দিন আৰু হিন্দু চন্দ্ৰ-সৌৰ দিনপঞ্জী সমূহৰ সৌৰ নৱবৰ্ষ। হিন্দু দিনপঞ্জীত এক চন্দ্ৰ নৱবৰ্ষও উদযাপন কৰা হয় আৰু ই ধৰ্মীয়ভাৱে অধিক গুৰুত্বপূৰ্ণ। হিন্দু দিনপঞ্জীৰ চৈত্ৰ মাহৰ শুক্লা প্ৰতিপদ তিথিত উদযাপিত এই নৱবৰ্ষ ভাৰতীয় উপমহাদেশত প্ৰচলিত অমন্ত আৰু পূৰ্ণিমন্ত সিন্ধাত অনুসৰি বিভিন্ন তাৰিখত পৰে। যদিও সৌৰ দিনপঞ্জী ব্যৱহাৰ কৰা অন্যান্য সম্প্ৰদায় সকলৰ বাবে মেষ সংক্ৰান্তি হৈছে নৱবৰ্ষৰ দিন। সৌৰচক্ৰ বৰ্ষ অসমীয়া, ওডিয়া, পাঞ্জাৱী, মালায়ালম, তামিল আৰু বঙালী দিনপঞ্জীৰ গুৰুত্বপূৰ্ণ অংশ।

মেষ সংক্ৰান্তি
মেষ সংক্ৰান্তি
জয়পুৰৰ যন্তৰ মন্তৰত মেষ ৰাশি
অন্য নাম হিন্দু নৱবৰ্ষ
পালন কৰে হিন্দু, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী সকল
প্ৰকাৰ ধৰ্মীয়, সাংস্কৃতিক, সামাজিক
তাৰিখ ১৩ বা ১৪ এপ্ৰিল
উদযাপন এদিন
সম্পৰ্কিত গুড়ি পড়ৱা, উগাদি, চেটি চান্দ, বহাগ বিহু
সংঘটন বাৰ্ষিক

প্ৰাচীন সংস্কৃত গ্ৰন্থ অনুসৰি মেষ সংক্ৰান্তিয়ে নিৰ্দিষ্ট সৌৰ চলাচলক প্ৰতিনিধিত্ব কৰে। ই ভাৰতীয় দিনপঞ্জীৰ বাৰটা সংক্ৰান্তিৰ অন্যতম। ভাৰতীয় জ্যোতিষ গ্ৰন্থ অনুসৰি মেষ সংক্ৰান্তিত সূৰ্যয়ে মেষ ৰাশিলৈ প্ৰৱেশ কৰে।

ভাৰতীয় উপমহাদেশত অনুসৰণ কৰা সৌৰ আৰু চন্দ্ৰসৌৰ কেলেণ্ডাৰত এই দিনটো অতি গুৰুত্বপূৰ্ণ। মেষ সংক্ৰান্তি সাধাৰণতে গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৩ বা ১৪ এপ্ৰিলত পৰে। এই দিনটো হিন্দু, শিখ আৰু বৌদ্ধ উৎসৱৰ আধাৰ। অঞ্চলভেদে কেইবাটাও উৎসৱ পালন কৰা হয়। যেনে বৈশাখী, বহাগ বিহু আৰু বসক উল্লেখযোগ্য।

থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনাম আৰু চীনৰ জিচুয়াংবান্নাৰ সমতুল্য বৌদ্ধ কেলেণ্ডাৰ আধাৰিত নৱ বৰ্ষ উৎসৱৰ সৈতে সম্পৰ্কিত। সামূহিকভাৱে ইয়াক চংক্ৰন বুলি কোৱা হয়।

নামৰ উৎপত্তি

মেষ সংক্ৰান্তি শব্দটো দুটা সংস্কৃত শব্দৰ সমষ্টি। সংক্ৰান্তিৰ আক্ষৰিক অৰ্থ হৈছে "এটা স্থানৰ পৰা আন ঠাইলৈ যোৱা, স্থানান্তৰ, পথ পৰিৱৰ্তন, প্ৰৱেশ।" বিশেষকৈ সূৰ্য বা গ্ৰহৰ প্ৰসংগত সংক্ৰান্তি শব্দ প্ৰয়োগ কৰা হৈছে। আনহাতে মেষৰ অৰ্থ হৈছে ভেড়া বা মেষ নক্ষত্ৰ। মেষ সংক্ৰান্তি শব্দটোৱে জ্যোতিষ শাস্ত্ৰৰ প্ৰাচীন সংস্কৃত গ্ৰন্থ আৰু পৰৱৰ্তী গ্ৰন্থ যেনে সূৰ্য্য সিদ্ধন্তত বিকশিত সময় ৰখা প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত কৰি এক নিৰ্দিষ্ট দিনৰ উল্লেখ পোৱা যায়।

উদযাপন

আঞ্চলিক দিনপঞ্জীসমূহ সাধাৰণতে চন্দ্ৰ আৰু সৌৰ দুই ধৰণে গণনা কৰা হয়। চন্দ্ৰ দিনপঞ্জী পালন কৰা সকলে চন্দ্ৰৰ গতিপথৰ ওপৰত আধাৰিত আৰু প্ৰতি মাহে পূৰ্ণিমাৰ পৰা অমাবস্যালৈ গণনা কৰা হয়। চন্দ্ৰ দিনপঞ্জী ধৰ্মীয় কেলেণ্ডাৰৰ আধাৰ আৰু চৈত্ৰ মাহৰ শুক্লা প্ৰতিপদ তিথিত বছৰটো আৰম্ভ কৰে। বহুতো অঞ্চলত চন্দ্ৰ বৰ্ষপঞ্জী আৰম্ভ হোৱাৰ সৈতে স্থানীয় নতুন বছৰ আৰম্ভ কৰে। মহাৰাষ্ট্ৰগুড়ি পড়ৱা, সিন্ধী সম্প্ৰদায়ৰ বাবে চেটি চান্দ আৰু কাশ্মীৰত নৱৰেহ ইয়াৰ উদাহৰণ। গুজৰাটত নতুন বছৰ দেৱালীৰ পিছত কাৰ্তিকৰ চন্দ্ৰ মাহৰ সৈতে আৰম্ভ হয়।

চন্দ্ৰসৌৰ কেলেণ্ডাৰৰ সৌৰ উপদানে ৰাশি সমূহত সূৰ্যৰ প্ৰৱেশ সমূহ চিহ্নিত কৰে। এই দিনপঞ্জী অনুসৰি নতুন বছৰ মেষ সংক্ৰান্তিত আৰম্ভ হয় সেয়েহে দিনটোক বৈশাস সংক্ৰান্তি বুলিও কোৱা হয়। এই দিনটো সমগ্ৰ ভাৰতৰ লোকসকলে পালন কৰে। আনকি চন্দ্ৰ বৰ্ষপঞ্জী ব্যৱহাৰ কৰি নতুন বছৰ আৰম্ভ কৰা অঞ্চলবোৰতো এই দিন উদযাপন কৰা দেখা যায়। অৱশ্যে কিছুমান অঞ্চলত এইদিনা আঞ্চলিক নতুন বছৰো আৰম্ভ কৰে। যেনে পশ্চিম বংগত প্ৰচলিত বংগাব্দ আৰু অসমত শকাব্দ আৰু ভাস্কৰাব্দ

তথ্য উৎস

Tags:

ইংৰাজী ভাষাভাৰতীয় উপমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

মাঘ বিহুকৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহযতীন্দ্ৰ নাথ দুৱৰানাৰী সবলীকৰণসাম্যবাদআলেকজেণ্ডাৰআকবৰমিচিং জনগোষ্ঠীৰ সাজপাৰনলবাৰী জিলাভগদত্তঘিলাধাৰী ঘাটৰ সন্ধিদীৰ্ঘেশ্বৰী দেৱালয়অসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাৰতৰ জাতীয় পতাকাদিনভঠেলিধানভাওনাস্বাভাৱিক সংখ্যাশূন্যশব্দ প্ৰদূষণপদ (ব্যাকৰণ)লাচিত বৰফুকনগুগলবৰ্মণ ৰাজবংশৰুক্মিণী হৰণ নাটভাৰতীয় নাগৰিকত্ব আইনবিদ্যুৎঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহহাবুংদৈনিক বাতৰিকৃত্ৰিম বুদ্ধিমত্তাস্বদেশী আন্দোলনগুৱাহাটী (লোকসভা সমষ্টি)অসমৰ জিলাসমূহহাড়তথ্যঅসমৰ মন্ত্ৰ-সাহিত্যমৰাণ জনগোষ্ঠীমঙ্গলদৈ (লোকসভা সমষ্টি)উত্তৰ-পূব ভাৰতজীৱনৰ বাটতমৌখিক পৰম্পৰামই আৰু নেফাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাইয়াত এখন অৰণ্য আছিলমামণি ৰয়ছম গোস্বামীৰ উপন্যাসআহোম-মোগলৰ সংঘৰ্ষউপনিষদলেটিন ভাষাসাহিত্যআহোম জনগোষ্ঠীমৌ-মাখিভাৰতীয় জাতীয় কংগ্ৰেছমোৰ জীৱন সোঁৱৰণঅসীমত যাৰ হেৰাল সীমাভোলানাথ দাসঅংগৰাগ মহন্তভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকালীলা গগৈনিৰ্মলপ্ৰভা বৰদলৈকোচ ৰাজবংশীবায়ু প্ৰদূষণপাৰিজাত হৰণ নাটখাদ্য সুৰক্ষাশৰাইঘাটৰ যুদ্ধউইলিয়াম শ্বেইকছপীয়েৰবিৰিঞ্চি কুমাৰ বৰুৱাঅসমীয়া ভাষা উন্নতি সাধিনী সভাবানপানী🡆 More