মিৰি জীয়ৰী: এখন অসমীয়া উপন্যাস

মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। মিচিংসকলক আগতে মিৰি বুলি উল্লেখ কৰা হৈছিল। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।

মিৰি জীয়ৰী  
লেখক ৰজনীকান্ত বৰদলৈ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৮৯৪
পৰৱৰ্তী মনোমতী (১৯০০)
মিৰি জীয়ৰী: কাহিনীৰ সাৰাংশ, চৰিত্ৰসমূহ, তথ্যসূত্ৰ ৱিকিউৎসত মিৰি-জীয়ৰীৰ সম্পূৰ্ণ পাঠ পঢ়ক

কাহিনীৰ সাৰাংশ

মিচিং ডেকা-গাভৰু জঙ্কি আৰু পানেই এই কাহিনীৰ মূল চৰিত্ৰ। শৈশৱ কালৰ খেলাৰ লগৰী দুয়োজন ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ মনস্থ কৰে। কিন্তু মাউৰা জঙ্কিক আওকাণ কৰি পানেইৰ মাক-দেউতাকে তাইৰ বিয়া গাঁৱৰে ডেকা কমুদৰ লগত ঠিক কৰে। ইতিমধ্যে জঙ্কি আন এখন গাঁৱত থাকিবলৈ লৈছিল। বিয়াৰ কথা গম পাই জঙ্কিয়ে পানেইক পলুৱাই নিয়ে আৰু হাবিত কিছুদিন কটায়। কিন্তু সিহঁতে ধৰা পৰে আৰু লক্ষীমপুৰৰ কাছাৰীত অপহৰণৰ গোচৰ দিয়া হয়। নিজৰ মাজতে মিট-মাট কৰিব বুলি সকলো ঘৰলৈ আহে। কিন্তু কিছুদিনৰ পাছত পানেইৰ মাক-দেউতাকে তাইক পুনৰ কমুদলৈ জোৰকৈ দিবলৈ সিদ্ধান্ত লয়। এই কথা শুনি পানেই ঘৰৰ পৰা পলায়। সোধ-পোচ কৰাত এইবাৰ জঙ্কিৰ লগত নোযোৱাটো প্ৰমাণ হয়। জঙ্কিয়ে পানেইক বিচাৰি ওলায়। বাটতে তাক পৰ্ব্বতীয়া গাছি মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ লৈ যায় আৰু চাকৰ খাটিবলৈ লগায়। অলপ দিন পাছত এই গাঁৱলৈকে পানেইক মিৰিবোৰে ধৰি আনে। দুইটাই এদিন ৰাতি পলাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে। গাঁৱৰ বিচাৰত সিহঁতক চোৰ বুলি সিদ্ধান্ত দিয়ে আৰু সোৱণশিৰী নৈত পেলাই মৃত্যুদণ্ড বিহা হয়। পানেইৰ মাকে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা পায় আৰু সকলোৱে নিজৰ কৰ্মৰ অনুতাপ কৰে।

চৰিত্ৰসমূহ

  • পানেই
  • জঙ্কি
  • নিৰমা (পানেইৰ মাক)
  • তামেদ (পানেইৰ দেউতাক)
  • কমুদ
  • ডালিমী

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

মিৰি জীয়ৰী কাহিনীৰ সাৰাংশমিৰি জীয়ৰী চৰিত্ৰসমূহমিৰি জীয়ৰী তথ্যসূত্ৰমিৰি জীয়ৰী বাহ্যিক সংযোগমিৰি জীয়ৰীমিচিং জনগোষ্ঠীৰজনীকান্ত বৰদলৈ

🔥 Trending searches on Wiki অসমীয়া:

শিশু সাহিত্যকাঠনিবাৰী ঘাটনামঘোষাখাৰখোৱাভাৰতৰ স্বাধীনতা আন্দোলনপতঞ্জলিৰ যোগসূত্ৰজৈন ধৰ্মদশৰথমাৰ্চস্বামী বিবেকানন্দমৌৰ্য সাম্ৰাজ্যবৃত্তমিৰি জীয়ৰীমোগল সাম্ৰাজ্যভাৰতৰ উপৰাষ্ট্ৰপতিঅসমৰ লোকগীতঅসমীয়া সাহিত্যকাল সংহতিচকলংপ্ৰদূষণকৃষ্ণচূড়াকম্পিউটাৰ হাৰ্ডৱেৰশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহখগেন মহন্তৰাতাবাৰী (বিধানসভা সমষ্টি)পাঁচালীমৌলিক সংখ্যাভাৰতত বনাঞ্চল ধ্বংসফৰাচী বিপ্লৱনিৰ্মলপ্ৰভা বৰদলৈত্ৰিভুজভেঁকুৰইছলামঈয়াৰুইঙ্গমসত্যাগ্ৰহকাৰ্বি ভাষামণিৰাম দেৱানভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনজল প্ৰদূষণসত্ৰীয়া নৃত্যকছাৰী ৰাজ্যচীনা-তিব্বতীয় ভাষাযোগ দৰ্শনস্তন সংগমকোষ (জীৱবিজ্ঞান)বিশেষ্য পদবিহুগীতধুবুৰী (লোকসভা সমষ্টি)কামৰূপ জিলামৌখিক পৰম্পৰাআজান পীৰসমাজতত্ত্বধানলুই পেষ্ট'ৰভাৰতীয় জাতীয় কংগ্ৰেছপৰিমেয় সংখ্যাঅতুল চন্দ্ৰ হাজৰিকাহিমালয়ভঠেলিউত্তৰ-পূব ভাৰতপাচনমোৱামৰীয়া বিদ্ৰোহপাৰ্ৱতি প্ৰসাদ বৰুৱাযতি-চিনখনিকৰ (নাট)নাট্য শাস্ত্ৰতলাতল ঘৰখ্ৰীষ্টান ধৰ্মকাৰাটেএলুমিনিয়ামসৰস্বতীব্ৰিটিছ ৰাজসন্ধিহিন্দু ধৰ্মসৌৰভ কুমাৰ চলিহা🡆 More