মনোমতী: ৰজনীকান্ত বৰদলৈৰ উপন্যাস

মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যাসখন দুটা ভাগত বিভক্ত। প্ৰথম খণ্ডত ঊনৈশটা অধ্যায় আৰু দ্বিতীয় খণ্ডত সামৰণি অধ্যায়কে ধৰি ছাব্বিশটা অধ্যায় আছে। দুটা সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ মাজত হৈ থকা বিবাদে কেনেকৈ নিজ দেশলৈ বিপদ মাতি আনিলে তাৰেই কথা এই উপন্যাসখনৰ মাজেৰে জানিব পাৰি। মানে অসম আৰু অসমীয়াক কেনেকৈ জৰুলা কৰিছিল তাৰে এটা কৰুণ চিত্ৰ উপন্যাসৰ কাহিনীভাগৰ মাজেদি চিত্ৰিত হৈছে। 'মনোমতী' উপন্যাসৰ পটভূমি ঐতিহাসিক, কিন্তু কাহিনী আংশিকভাৱে জনশ্ৰুতিমূলক, যদিও সৰহভাগ কথাই কাল্পনিক। চৰিত্ৰাৱলীৰো অধিক সংখ্যক কাল্পনিক।

মনোমতী  
মনোমতী: কাহিনী, চৰিত্ৰ চিত্ৰণ, চলচ্চিত্ৰ ৰূপান্তৰ
লেখক ৰজনীকান্ত বৰদলৈ
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ঐতিহাসিক উপন্যাস
প্ৰকাশক চপলা সাহিত্য সদন
প্ৰকাশ ১৯০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
মনোমতী: কাহিনী, চৰিত্ৰ চিত্ৰণ, চলচ্চিত্ৰ ৰূপান্তৰ ৱিকিউৎসত মনোমতীৰ সম্পূৰ্ণ পাঠ পঢ়ক

কাহিনী

কামৰূপৰ যুগীৰ পামৰ হলকান্ত বৰুৱাৰ লগত বৰনগৰীয়া চণ্ডী বৰুৱাৰ পুৰুষানুক্ৰমে বিবাদ। চণ্ডী বৰুৱাৰ ওপৰত হলকান্ত বৰুৱাই নিজৰ ঈৰ্ষানল চৰিতাৰ্থ কৰিবলৈ আৰু তাৰ লগত নিজৰ তলতীয়া অঞ্চলক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গুৱাহাটীৰ পৰা ভটিয়াই কামৰূপৰ ফালে আগবাঢ়ি অহা মান সেনাৰ লগ লাগে। ইফালে পুতেক লক্ষ্মীকান্তই বাপেকৰ প্ৰকৃত উদ্দেশ্য গম নাপাই মানক ভেটিবলৈ বুলি সৈন্য সংগ্ৰহ কৰিবলৈ আৰু লগতে বৰপেটা দৌলোৎসৱত দেখা পোৱা বৰনগৰীয়া বৰুৱাৰ ধৰ্মীয়া জীয়েক মনোমতীৰ সম্ভেদ লবলৈ বৰনগৰলৈ যায়। তাতে পূৰ্বনিৰ্দিষ্ট মতে চণ্ডী বৰুৱাৰ আশ্ৰিত শান্তিৰাম আৰু আশ্ৰিতা পমীলাক লগ ধৰে। সুচতুৰ পমীলাই মনোমতীৰ প্ৰতি লক্ষ্মীকান্তৰ অনুৰাগ বুজিব পাৰি এহাতে বৰনগৰীয়া বৰুৱাৰ লগত পৰিচয় কৰাই সৈন্য সংগ্ৰহত সহায় কৰাৰ আশা দি আৰু মনোমতীৰ লগত সাক্ষাৎ কৰাৰ প্ৰলোভন দেখুৱাই ৰাতিটো লক্ষ্মীকান্তত চণ্ডী বৰুৱাৰ হাউলীতে ৰাখে। সেই ৰাতিয়ে মানে চণ্ডী বৰুৱাৰ হাউলী আক্ৰমণ কৰে আৰু লক্ষ্মীকান্ত, মনোমতী, শান্তিৰাম, পমীলা আৰু চণ্ডী বৰুৱাক বন্দী কৰি লৈ যায়। পমীলাই নিজা বুদ্ধিত নিজৰ লগতে মনোমতীকো মানৰ হাতৰ পৰা ৰক্ষা কৰে। মানৰ সেনাপতি মিঙ্গিমাহাৰ ৰক্ষিতা পদুমীৰ কৌশলত শান্তিৰামে নিজৰ লগতে বাকী বন্দীবোৰকো উদ্ধাৰ কৰি পলাই লৈ যায় যদিও চণ্ডী বৰুৱাক উদ্ধাৰ কৰিব নোৱাৰিলে। মানে চণ্ডী বৰুৱাক হত্যা কৰে আৰু শান্তিৰামক সহায় কৰাৰ সন্দেহত পদুমীক জুইত পুৰি মাৰে। ইংৰাজৰ হাতত মানহঁত হাৰি উভতি পলাওঁতে বৰপেটা সত্ৰ আক্ৰমণ কৰে আৰু লুট-পাত কৰে। লক্ষ্মীকান্তৰ নেতৃত্বত বৰপেটীয়া ডেকাহঁতে বাধা দিয়ে যদিও ৰোধ কৰিব নোৱাৰে। মানহঁত সত্ৰ এৰি যোৱাৰ পিচত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন হয়। হলকান্তই চণ্ডী বৰুৱাৰ পত্নীৰ ওচৰত ক্ষমা খুজি সন্ন্যাসী হৈ ভটিয়াই যায়। শান্তিৰামেও পমীলাৰ প্ৰেমৰ পাশত আবদ্ধ হৈ বিয়া কৰায়।

চৰিত্ৰ চিত্ৰণ

  • লক্ষ্মীকান্ত
  • মনোমতী
  • পমীলা
  • শান্তিৰাম
  • পদুমী
  • মিঙ্গিমাহা

মনোমতী

উপন্যাসৰ নায়িকা হ'ল মনোমতী। মনোমতী স্বভাৱত ধীৰ-স্থিৰ, গহীন। মনোমতী পিতৃ মাতৃ ভক্তা। নিজৰ আই বোপাইক সৰুকালতে হেৰুৱাই ধৰ্মীয় পিতৃ মাতৃ চণ্ডী বৰুৱা আৰু বৰুৱানীকে নিজৰ পিতৃ মাতৃ জ্ঞান কৰিছে। তেওঁলোকৰ বাবে কৰণীয়খিনি মনোমতীয়ে শ্ৰদ্ধা সহকাৰে কৰিছে। মনোমতীৰ আগ্ৰহ, ধৈৰ্য আৰু সহিষ্ণুতা মন কৰিবলগীয়া। মানৰ দ্বাৰা আক্ৰান্ত লক্ষ্মীকান্তই মনোমতীৰ শুশ্ৰূষাতে সোনকালে আৰোগ্য লাভ কৰিছে। মনোমতীয়ে লক্ষ্মীকান্তক প্ৰাণভৰি ভাল পাইছিল যদিও প্ৰেমৰ নামত আত্ম বিসৰ্জন দিয়া নাছিল। সৰলতা, সাধুতা আৰু মিঠা ব্যৱহাৰ তেওঁৰ ব্যক্তিত্বৰ অলঙ্কাৰ স্বৰূপ।

লক্ষ্মীকান্ত

লক্ষ্মীকান্ত উপন্যাসখনৰ নায়ক। তেওঁ অতি সহজ সৰল আৰু সাহসী ডেকা ল'ৰা আছিল। ঔপন্যাসিকে নিজেই উপন্যাসত লক্ষ্মীকান্তৰ বিষয়ে লিখিছে, "শৰীৰত বল আৰু হৃদয়ত সাহ আছিল। মন তেওঁৰ উন্নত, হৃদয়ত দ্বেষ, পৰশ্ৰীকাতৰতা, ইত্যাদি কু প্ৰবৃত্তিবিলাকে ঠাই নাপাইছিল। " স্বদেশক ভাল পাইছিল বাবেই মানক ভেটাৰ বাবেই সৈন্য গোটাবলৈ বৰনগৰলৈ গৈছিল। মনোমতীৰ লগত লক্ষ্মীকান্তৰ মনৰ সম্বন্ধ অতি নিবিড়ভাৱে জড়িত। লক্ষ্মীকান্তৰ বাবেই দুটি অহি নকুল সম্পৰ্কৰ পৰিয়াল বৈবাহিক সূত্ৰত আবদ্ধ হৈছে। মানৰ সৈতে লগা যুঁজঁখন উপন্যাসৰ ঘটনা বিকাশৰ পক্ষে বেছ গুৰুত্বপূৰ্ণ। সেই গুৰুত্বপূৰ্ণতাত লক্ষ্মীকান্তৰ অৰিহণা অধিক।

পমীলা

মনোমতী উপন্যাসখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'ল 'পমীলা'। পমীলা ৰাংঢালী, বুদ্ধিমতী, সুচতুৰা,উপস্থিত বুদ্ধিসম্পন্না, ধৈৰ্যশীলা আৰু পৰোপকাৰিনী। পমীলা মনোমতীৰ ছাঁৰ দৰে লাগি থাকে। পমীলা নাথাকিলে মনোমতী নিষ্প্ৰাণ, লক্ষ্মীকান্ত সহায়হীন, শান্তিৰাম উদাসীন আৰু চণ্ডী বৰুৱাও নিমাত নিতাল। চণ্ডী বৰুৱাক মান অহাৰ খবৰ পমীলায়ে দিছে, দুৰ্যোগৰ ৰাতি মানৰ আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে নিদ্ৰাৰত ঘৰৰ আটাইকে জগাই দিছে, বৰটোপত জুই লগাইছে। নিজৰ লগতে মনোমতীকো মিঙ্গিমাহাৰ হাতৰ পৰা ৰক্ষা কৰিছে। মুঠতে কাহিনীৰ শেষলৈকে পমীলাৰ ভূমিকা অপৰিহাৰ্য হৈ পৰিছে। উপন্যাসত পমীলা চৰিত্ৰটো বেছি আকৰ্ষণীয়। দুটা বিৰোধ ভাৱাপন্ন পৰিয়ালৰ সন্তানৰ মাজত প্ৰেমৰ ভাৱ জগাই তোলা বহুত কঠিন। কিন্তু পমীলাই সেইটোকো সম্ভৱ কৰিছে। এগৰাকী কৰ্মকুশলী, লেখি লেখি খোজ দিব জনা বুদ্ধিমতী নাৰীৰ প্ৰতিচ্ছবি পমীলাৰ মাজত বিচাৰি পোৱা যায়। শাৰীৰিক সৌন্দৰ্যতকৈ যেনেকৈ পমীলা পিচ পৰা নহয়, তেনেকৈ হৃদয় বৃত্তি আৰু বুদ্ধিৰ ক্ষেত্ৰতো তাই সমানেই ভাস্বৰ।

চলচ্চিত্ৰ ৰূপান্তৰ

মনোমতী উপন্যাসখনৰ আধাৰত ৰোহিনী কুমাৰ বৰুৱাই নিৰ্মাণ কৰে একে নামৰ চলচ্চিত্ৰখন। ১৯৪১ চনত মুক্তি পোৱা এইখন আছিল তৃতীয়খন অসমীয়া চলচ্চিত্ৰ।

তথ্যসূত্ৰ

Tags:

মনোমতী কাহিনীমনোমতী চৰিত্ৰ চিত্ৰণমনোমতী চলচ্চিত্ৰ ৰূপান্তৰমনোমতী তথ্যসূত্ৰমনোমতীবৰপেটাৰজনীকান্ত বৰদলৈ

🔥 Trending searches on Wiki অসমীয়া:

কদমজৈৱ বৈচিত্ৰ্যম'হৰ শিঙৰ পেঁপাপাৰিজাত হৰণ নাটবিজ্ঞাপনহোমেন বৰগোহাঞিহেম সৰস্বতীঅসমৰ কেইগৰাকীমান মহান ব্যক্তিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅসমীয়া যুক্তাক্ষৰডিমা হাছাও জিলাজন গণ মনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅসমীয়া ভাষা আন্দোলনৰামধেনু (আলোচনী)মৃদুলা বৰুৱাবিবাহবনফুলউত্তৰ-পূব ভাৰতহিতেশ্বৰ শইকীয়াবিষ্ণুপ্ৰসাদ ৰাভাৰীতা চৌধুৰীসত্যেন্দ্ৰনাথ শৰ্মাভাৰতৰ ইতিহাসযুগ্ম সংখ্যাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতক্ষশীলানাৰীবাদকথা কবিতামোৱামৰীয়া বিদ্ৰোহগুৱাহাটী তেল শোধনাগাৰযোগাসনবড়ো চুক্তি ২০২০চীনা-তিব্বতীয় ভাষাবলযোগাত্মক বিপৰীত সংখ্যাহিন্দু ধৰ্মঢ়কাকৈজানা সংৰক্ষিত বনাঞ্চলশিশু সাহিত্যঅসমৰ পুৰণি স্থাপত্যভেঁকুৰবিশেষ্য পদপ্ৰাকৃতিক পৰিৱেশসমাজএছিয়াতৰল পদাৰ্থঅসমৰ বাঁহ-বেতৰ শিল্পৰংমিলিৰ হাঁহিপৰ্যটনপদাৰ্থৰ অৱস্থাঅসম চাহমাদাৰ টেৰেছাবচন (ব্যাকৰণ)শিক্ষা মনোবিজ্ঞানবিহুৰামায়ণচলচ্চিত্ৰক্ৰিষ্টোফাৰ কলম্বাছপিঠাফাট বিহুঅসমৰ বয়ন শিল্পঅসমীয়া খাদ্যাভ্যাসবড়ো জনগোষ্ঠীঅসমৰ মাছ ধৰা সঁজুলিযৌন সংগমস্বাস্থ্যকলিতা জনগোষ্ঠীগণতন্ত্ৰসৰ্বানন্দ সোণোৱালমালিতাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবহুভাষাবাদবাণীকান্ত ৰচনাৱলী🡆 More