গোমচেঙৰ চোলা

ফা-চু গোম-চেঙ বা গোমচেঙৰ চোলা (ইংৰাজী: Gumsheng) হ'ল চাওফা বা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। গোমচেং হৈছে দেখাত সাপৰ নিচিনা ফুল থকা আৰু মিহি, এবিধ চীন দেশীয় পাট-কাপোৰ বা সূতা। ৰজাকে ধৰি উচ্চপদস্থ ৰাজবিষয়াসকলে মেজাংকৰি, কিংখাপ আৰু গোমচেঙৰ সূতাৰে তৈয়াৰী আৰু সোণালী সূতাৰে বুটা বছা চোলা পৰিধান কৰিছিল। এই গোমচেঙৰ চোলা কঁকাললৈকে পৰা আৰু তলফালে সামান্য বহল। আধুনিক কালৰ ইউৰোপীয় শৈলীৰ ছাৰ্টৰ দৰে এই চোলাৰ সন্মুখৰ ফালে ফলা অংশকেইটা সমান আৰু বুটাম লগোৱা নাছিল। ইয়াৰ সলনি এটা মূৰ পথালিকৈ বাঁওফালে টানি নি বাঁও কাষলতিৰ তলত লগাই ৰখাৰ ব্যৱস্থা আছিল। আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমলৈ (সেই সময়ৰ সৌমাৰপীঠ) আহোঁতে চুকাফাই পিন্ধা চোলাত ড্ৰেগনৰ ছবি অংকিত আছিল। কালক্ৰমত এই ড্ৰেগনৰ ৰূপ সলনি হৈ আহোমসকলৰ ৰাজকীয় প্ৰতীক ড্ৰেগনসদৃশ উৰণীয়া সিংহ ঙি ঙাও খামৰ আকৃতি লাভ কৰে। সাধাৰণ লোকসকলে ঙি-ঙাও-খামক আহোমসকলৰ ঘাই দেৱতা চুম-ছেং (চুম-ফা-ৰুঙ-ছেঙ-মুং বা চোমদেও-ছেংদেও) বুলি গণ্য কৰিছিল। কালক্ৰমত অনা-আহোমসকলৰ মুখ বাগৰি চুম-ছেঙ শব্দটোৱেই গোম-ছেং বা গোমচেং হ'ল বুলিও মতবাদ আছে। আন এক মতবাদ অনুসৰি গোম অৰ্থাৎ সাপৰ দৰে পখৰা পাট সূতাৰে তৈয়াৰী হোৱাৰ বাবে এই চোলাক গোমচেঙৰ চোলা বোলা হয়। বেঙেনাআটী সত্ৰৰ যাদুঘৰত স্বৰ্গদেউ গদাধৰ সিংহৰ চোলা সংৰক্ষিত হৈ আছে। চোলাটোত সোণপানী চৰোৱা সূতাৰে ড্ৰেগনৰ ছবি গুণা কৰা আছে।

গোমচেঙৰ চোলা
বেঙেনাআটী সত্ৰৰ যাদুঘৰত সংৰক্ষিত স্বৰ্গদেউ গদাধৰ সিংহৰ চোলা

বিৱৰণ

২২১ খ্ৰীষ্টপূৰ্বৰ আগলৈকে আহোমৰ পূৰ্ব পুৰুষৰ বংশধৰ বুলি পৰিগণিত আৰু ছুং-কুৱ (বৰ্তমানৰ চীনদেশ) শাসন কৰা টাই সম্প্ৰদায়সমূহৰ মাজত প্ৰচলিত চিলাই কৰা পোচাক সম্পৰ্কে কনফুছিয়াছে বিৱৰণ দাঙি ধৰিছে। এই বিৱৰণ অনুসৰি অতীজৰ পৰা চোলাটোৰ নিৰ্দিষ্ট এক জোখ-মাপ আছিল। দেহৰ অংগ দেখা পোৱাকৈ ই চুটি নাছিল যদিও মাটিত চুঁচৰি যোৱাকৈ দীঘলো নাছিল। বাহিৰমুৱা হৈ থকা কাপোৰৰ টুকুৰাবোৰ লগ লগাই কাষতে চিলাই কৰি থোৱা হৈছিল। কঁকালত পৰা যোৰাটো বহলে তলত ওলমি থকা ঘেৰটোৰ আধা আছিল। চোলাটোৰ লগত হাত দুখন কাষলতিৰ তলত কিলাকুটি দুটা মুকলিমুৰীয়াকৈ লৰচৰ কৰি থাকিব পৰাকৈ যোৰা দিয়া হৈছিল। হাতৰ ওলমি থকা অংশটো উজাই নি কিলাকুটিৰ ওচৰত চিলাই কৰি থুপ খুৱাই দিয়া হৈছিল। ঘূৰণীয়া হাতখনৰ মাজেদি খ্ৰুপ্-তাং বা নমস্কাৰ কৰিবৰ বাবে হাতখন নিয়াৰিকৈ উলিয়াই ল'ব পৰাকৈ চোলাটো চিলোৱা হৈছিল। ইয়াৰ কলাৰটো আছিল ঘূৰণীয়া।

সাহিত্যত উল্লেখ

পুৰণি বিহুগীত আৰু জনা গাভৰুৰ গীতত স্বৰ্গদেৱে পিন্ধা গোমচেঙৰ চোলাৰ বিষয়ে উল্লেখ পোৱা যায়। এই বিহুগীতৰ প্ৰসংগত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' নামৰ উপন্যাসত লেখকে টোকাত লিখিছে যে "অসমত গোমচেঙ্‌ নামৰ এবিধ বৰ উৎকৃষ্ট কাপোৰ আছিল।" কছাৰী ৰজা নৰনাৰায়ণে আহোম ৰজা চুখামফালৈ অন্যান্য সামগ্ৰীৰ লগতে গোমচেঙৰ কাপোৰ উপহাৰ হিচাপে প্ৰেৰণ কৰাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায়।

বিহুগীতত আছে যে-

স্বৰ্গদেৱ ওলালে বাটচ'ৰাৰ মুখলৈ
 দুলীয়াই পাতিলে দোলা,
কাণত জিলিকিলে মকৰে কুণ্ডলে
 গাত গোমচেঙৰ চোলা।

জনা গাভৰুৰ গীতত উল্লেখ আছে-

জোকাৰি পিন্ধিলে গোমচেঙৰ চোলাটি
 মাজত বাখৰামি কৰা,
কঁকালত মাৰিলে জৰদৰ টঙালি
 দেখিলে জিলমিল কৰা।

তথ্য সংগ্ৰহ

Tags:

আহোম ৰাজবংশইংৰাজী ভাষাঙি ঙাও খামচাওফাচুকাফা

🔥 Trending searches on Wiki অসমীয়া:

ৰাজেন্দ্ৰ প্ৰসাদঅসম বৈভৱ বঁটাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহসেউজ গৃহ প্ৰভাৱচিপাহী বিদ্ৰোহ ১৮৫৭পাচন তন্ত্ৰদুৰ্গাবৰ কায়স্থপ্ৰাচীন গ্ৰীচশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পাইথাগোৰাছৰ উপপাদ্যআত্মসহায়ক গোটৰমা দাশঅসমৰ ধান খেতিৰ সঁজুলিসমূহমৰাণ জনগোষ্ঠীগৌতম বুদ্ধছক্ৰেটিছশিৱসাহিত্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫শিৱসাগৰ জিলাধ্ৰুৱবাদদীপলিনা ডেকাৰাজিয়া চুলতানাইয়াণ্ডাবু সন্ধিলীলা গগৈহস্তমৈথুনবৰদলৈ ট্ৰফীসাধুডিগবৈ তেল শোধনাগাৰআৰতি ছাৰিনলং ৱাক টু ফ্ৰীডমৱিকিপিডিয়াবৰদৈচিলাঅসমৰ পৰম্পৰাগত সাজ- পাৰবজ্ৰাংগী আইভূপেন হাজৰিকাৰ সাহিত্যঅসমৰ বনৌষধিৰাজনীতিৰাষ্ট্ৰসংঘঅৰ্জুন ভঞ্জনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলউৰ্দু ভাষানতুন দিল্লীনীলিম কুমাৰকবিতাকোচ ৰাজবংশএকচেটীয়া বজাৰপদ্মনাথ গোহাঞি বৰুৱাঅশোকৰ অনুশাসনধ্বনিবিজ্ঞানজ্যামিতিদশাৱতাৰভৌতিক সংস্কৃতিঅতুল চন্দ্ৰ হাজৰিকাআৰ্যভট্টফুলয়ুৰি গেগেৰিননলবাৰী জিলাWhat is A Dscr Loan?জোনাকী (আলোচনী)৯ জুনকাৰেংঘৰহেম সৰস্বতীৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানলাচিত বৰফুকনশিক্ষাঅশোক ফুলবৰপেটা জিলাঅসমৰ জনগোষ্ঠীঅসমৰ কাঁহ শিল্পজিজিয়াৱেষ্ট ইণ্ডিজস্থিতি শক্তি🡆 More