ভূৱন মোহন বৰুৱা

ভুৱন মোহন বৰুৱা (ইংৰাজী: Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।

ভুৱন মোহন বৰুৱা
ভূৱন মোহন বৰুৱা
জন্ম ১৯১৪
শ্বিলং, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ১০ মে', ১৯৯৮
শ্বিলং, মেঘালয়, ভাৰত
ছদ্মনাম কাঞ্চন বৰুৱা
পেচা ঔপন্যাসিক, ছুটি গল্প ৰচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ সাহিত্য
উল্লেখনীয় কৰ্মৰাজি অসীমত যাৰ হেৰাল সীমা

চমু জীৱনী

১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়।

বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।

তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল।

অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল।

১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে।

সাহিত্য কৰ্ম

বৰুৱাৰ প্ৰথম উপন্যাস অসীমত যাৰ হেৰাল সীমা। এইখন এখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন বিশেষ ইংৰাজী চিনেমা উপভোগ কৰাৰ পিছতে তেখেতৰ মনলৈ এই উপন্যাস ৰচনা কৰাৰ কথা মনলৈ আহিছিল। তেখেতে মুঠ ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্পৰ ৰচক আছিল। ইয়াৰে কিছুমান হৈছে:

  • অসীমত যাৰ হেৰাল সীমা (১৯৪৫)
  • অশান্ত প্ৰহৰ
  • পুৱতি তৰা
  • মৃত বিহংগ
  • জয়া মহল
  • উৰ্মিলাৰ চকুলো
  • গ্ৰহণান্ত
  • মৃগতৃষ্ণা (গল্প সংকলন)
  • সুবৰ্ণ বলয়

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ভূৱন মোহন বৰুৱা চমু জীৱনীভূৱন মোহন বৰুৱা সাহিত্য কৰ্মভূৱন মোহন বৰুৱা তথ্য সংগ্ৰহভূৱন মোহন বৰুৱা বাহ্যিক সংযোগভূৱন মোহন বৰুৱাঅসমীয়া উপন্যাসইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

গৱেষণাউত্তৰ-পূব ভাৰতসংখ্যাপায়ু সংগমজোনাকী (আলোচনী)অসমৰ তেল শোধনাগাৰভাৰতৰ প্ৰধানমন্ত্ৰীসমাজবাদবৈচাগুকাৰ্বি ভাষানেতাই ধুবুনী ঘাটনীলকণ্ঠী ব্ৰজচি++অসমৰ ধান খেতিৰ সঁজুলিসমূহকোচ ৰাজবংশীহীৰেন ভট্টাচাৰ্যকৰতল কমল কমল দল নয়নহাজোঅসমৰ মাছ ধৰা সঁজুলিঅসম বিধানসভাৰাজনীতিকাঞ্চন (উপন্যাস)কাতি বিহুহয়গ্ৰীৱ মাধৱ মন্দিৰইন্দ্ৰঅসমীয়া লোক-সংস্কৃতিলখিমপুৰ জিলাএচিদ বৰষুণপতঞ্জলিৰ যোগসূত্ৰসংবিধান দিৱস (ভাৰত)ভঠেলিগুণাভিৰাম বৰুৱাৰাজহুৱা ক্ষেত্ৰশালস্তম্ভ ৰাজবংশপ্ৰশান্ত মহাসাগৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমৌখিক পৰম্পৰাজন গণ মনঅসমৰ মন্ত্ৰ-সাহিত্যঅসমীয়া গীতি সাহিত্যমাজুলীঘৰফুলউত্তৰ গুৱাহাটীএইচ.আই.ভি/এইড্‌ছৰসায়ন বিজ্ঞানযাদৱ পায়েংইয়াত এখন অৰণ্য আছিলঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাশিৱৰমন্যাসবাদভাৰতীয় সাহিত্যগগনাব্লগকৃষিঅসমীয়া লিপিৰ বুৰঞ্জীশিশু সাহিত্যমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবীৰেন্দ্ৰনাথ দত্তশিক্ষকহেমকোষৰঙিয়া ৰেলৱে সংমণ্ডলতেজপুৰজীৱনীদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানশৰৎ ঋতুসূৰ্যকুমাৰ ভূঞাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহহিউৱেন-চাংপৰ্যাবৃত্ত তালিকাপদ্মনাথ গোহাঞি বৰুৱাকামাখ্যা মন্দিৰ🡆 More