বিশ্ব ধঁপাতবিৰোধী দিৱস

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

বিশ্ব ধঁপাতবিৰোধী দিৱস গোটেই পৃথিৱীতে প্ৰতিবছৰে মে মাহৰ ৩১ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে। বিগত দুই দশক ধৰি নানান চৰকাৰ, স্বাস্থ্য সংস্থা, ধুম্ৰপাণকাৰী, ধঁপাত উদ্যোগ আদিৰ পৰা নানা ধৰণৰ ধনাত্মক আৰু ঋণাত্মক সঁহাৰিৰে ইয়াক উৎযাপন কৰি অহা হৈছে।

বিশ্ব ধঁপাতবিৰোধী দিৱস
বিশ্ব ধঁপাতবিৰোধী দিৱস
বিশ্ব ধঁপাত বিৰোধী দিৱসৰ চিহ্ন
পালন কৰে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
প্ৰকাৰ আন্তৰাষ্ট্ৰীয়
তাৰিখ ৩১ মে’
অৱধি এদিন
সংঘটন বছৰেকীয়া

উদ্দেশ্য

বিশ্ব ধঁ‌পাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰচেষ্টা আৰু প্ৰতি বছৰে ৩১ মে'ত পালন কৰা হয়। এই অভিযানৰ উদ্দেশ্য হৈছে ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা। ইয়াৰ লক্ষ্য হৈছে ধঁ‌পাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। ২০২১ চনৰ বাবে বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে "ত্যাগ কৰিবলৈ প্ৰতিশ্ৰুতি বদ্ধ" (“Commit to Quit”)।

বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁ‌পাত সংকট আৰু মহামাৰীৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনত বিশ্ব ধঁ‌পাত বিৰোধী দিৱস সৃষ্টি কৰিছিল। বিশ্ব স্বাস্থ্য সভাই (ইংৰাজী: World Health Assembly) ১৯৮৭ চনত ডব্লিউএইচএ৪০.৩৮ প্ৰস্তাৱ (Resolution WHA40.38) গৃহীত কৰিছিল, আৰু ৭ এপ্ৰিলক "বিশ্ব ধূমপান বিৰোধী দিৱস" (“World No-Smoking Day”) পালন কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত, ১৯৮৮ চনত বিশ্ব ধঁপাত বিৰোধী দিৱসৰ বাৰ্ষিক পালন (ইংৰাজী: Annual Observance of World No Tobacco Day) হিচাপে ৩১ মে' জাৰী কৰি প্ৰস্তাৱ ডব্লিউএইচএ৪২.১৯ (Resolution WHA42.19) গৃহীত কৰা হৈছিল।

ধঁ‌পাতৰ প্ৰভাৱ

বিশ্ব স্বাস্থ্য সংস্থাই ধঁ‌পাত সেৱনৰ ফলত প্ৰতি বছৰে ৮ নিযুত লোকৰ মৃত্যু হোৱাৰ প্ৰতিবেদন দিছে। বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ হিচাপে, চীন হৈছে চিগাৰেট উদ্যোগৰ শীৰ্ষস্থানত। বিশ্বৰ মুঠ চিগাৰেটৰ ৩০% ৰো অধিক ২০১৪ চনত চীনত উৎপাদন আৰু সেৱন কৰা হৈছিল।

ধঁ‌পাতৰ ফলত হোৱা প্ৰায় ৮০% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত হয়। অৰ্থাৎ, আটাইতকৈ দৰিদ্ৰ লোকসকল আটাইতকৈ নেতিবাচকভাৱে প্ৰভাৱিত হয়। আসক্তিৰ বাবে, শিক্ষা, খাদ্য বা স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰিব পৰা ধন ধঁ‌পাতলৈ যায়।

পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকলৰ প্ৰায় ২৮% শিশু। বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব ধঁপাত বিৰোধী দিৱস

বিশ্ব ধঁপাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বাস্থ্যৰ প্ৰতি জনগণক সজাগ কৰিবলৈ কৰা আঠটা প্ৰচাৰ অভিযানৰ অন্যতম। বাকী কেইটা হ'ল বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ৰক্তদাতা দিৱস,বিশ্ব টীকাকৰণ সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব হেপাটাইটিছ দিৱস আৰু বিশ্ব এইড্‌চ দিৱস।


তথ্যসূত্ৰ

Tags:

বিশ্ব ধঁপাতবিৰোধী দিৱস উদ্দেশ্যবিশ্ব ধঁপাতবিৰোধী দিৱস ধঁ‌পাতৰ প্ৰভাৱবিশ্ব ধঁপাতবিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব ধঁপাত বিৰোধী দিৱসবিশ্ব ধঁপাতবিৰোধী দিৱস তথ্যসূত্ৰবিশ্ব ধঁপাতবিৰোধী দিৱস

🔥 Trending searches on Wiki অসমীয়া:

বনলতা সেন (কবিতা)মাটিশৰাইঘাট দলংনেতাই ধুবুনী ঘাটব'হাগ বিহুভূপেন হাজৰিকাৰ সাহিত্যবাৰ্ট্ৰেণ্ড ৰাছেলআল্লাহমাহনিৰুপমা বৰগোহাঞিঅসমীয়া সাহিত্যৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছব্ৰিটিছ ভাৰতৰ মুদ্ৰাগঙ্গা নদীদেওপাহাৰফুলগুৰি ধেৱাৰীতা গাংগুলীইউকো বেংকমোৰ জীৱন সোঁৱৰণবাটৰ নাটগোলাঘাট জিলাযোগেশ দাসঅসমৰ লোকবাদ্যতলাতল ঘৰমোগল সাম্ৰাজ্যঅসম দিৱসঅসমৰ পৰম্পৰাগত সাজ- পাৰতিনিচুকীয়া জিলাচাহেবপুৰাৰ বৰষুণগুণমালাৰজনীকান্ত বৰদলৈগোলকীয় নাগৰিকত্বগুৱাহাটীদেউৰী জনগোষ্ঠীহেঙুল আৰু হাইতালচৰাইকামাখ্যা মন্দিৰচিপাহী বিদ্ৰোহ ১৮৫৭ফলবাইখো পূজাপিয়লি বৰুৱাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাধ্বনিবিজ্ঞানবৰপেটা জিলাঅসমৰ কুঁহিলা শিল্পঅসমৰ কাঁহ শিল্পপঃৰাগভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানবুলু ফিল্মভাৰতীয় নাগৰিকত্ব আইনগুৱাহাটী উচ্চ ন্যায়ালয়অনুৰাধাৰ দেশউদ্বিগ্নতাবৌদ্ধ ধৰ্মঅসমীয়া গীতি সাহিত্যবৰাক নদীপঞ্জাবী ভাষাঅসমৰ জিলাসমূহঅসমৰ সাহিত্যিকসকলৰ তালিকাসুমিত্ৰা চৰত ৰামসন্ধিবেণুধৰ শৰ্মাশিল্প বিপ্লৱদশাৱতাৰপ্ৰাকৃতিক পৰিৱেশবৃত্তঅসমৰ তেল শোধনাগাৰস্বাস্থ্যপ্ৰকৃতিনাৰীবাদপুঁজিবাদকাৰ্ল মাৰ্ক্সব্ৰহ্মগুপ্তবৰাইল পৰ্বতৰামচৰণ ঠাকুৰ🡆 More