বিশ্বনাথ চাৰিআলি: বিশ্বনাথ জিলাৰ এখন নগৰ

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।


বিশ্বনাথ চাৰিআলি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উল্লেখযোগ্য নগৰ আৰু বিশ্বনাথ জিলাৰ সদৰ । বিশ্বনাথ চাৰিআলি নগৰ বৰ্তমান বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত । ই তেজপুৰৰ পৰা প্ৰায় ৭৫ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৫৫ কিঃমিঃ নিলগত অৱস্থিত। বিশ্বনাথ মন্দিৰ বা গুপ্তকাশী আৰু বিশ্বনাথ ঘাট পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ঠাই । মূলতঃ ব্ৰিটিছৰ দিনতে স্থাপন হোৱা কেইবাখনো চাহ বাগিছা আৰু তাৰ লগত জড়িত ব্যৱসায় বাণিজ্যক কেন্দ্ৰ কৰিয়েই নগৰখন গঢ় লৈ উঠিছিল । বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগান এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাহ বাগান।

বিশ্বনাথ চাৰিআলি
চাৰিআলি
—  নগৰ  —
বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ
বিশ্বনাথ চাৰিআলি অৱস্থিতি
বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ
বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ
বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ
বিশ্বনাথ চাৰিআলি
বিশ্বনাথ চাৰিআলিৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°45′N 94°13′E / 26.75°N 94.22°E / 26.75; 94.22
দেশ বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
উপায়ুক্ত
জনসংখ্যা 19,145 (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড

ভৌগোলিক তথ্য

বিশ্বনাথ চাৰিআলিৰ স্থানাংক হৈছে 26°40′N 93°10′E / 26.67°N 93.17°E / 26.67; 93.17 আৰু গড় উচ্চতা ৭২ মিটাৰ (236 ফুট)। বিশ্বনাথ চাৰিআলিৰ পূবে বৰগাং নৈ, পশ্চিমে ঘিলাধাৰী নৈ, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ১৯,১৪৫জন য'ৰ ৫১% পুৰুষ আৰু ৪৯% মহিলা। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ স্বাক্ষৰতাৰ হাৰ ৮০%। পুৰুষ আৰু মহিলাৰ স্বাক্ষৰতাৰ হাৰ ক্ৰমে ৮৫% আৰু ৭৫%।

যোগাযোগ

বিশ্বনাথ চাৰিআলিৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈছে। এই পথেৰে পূবে লখিমপুৰ আৰু পশ্চিমে গুৱাহাটীলৈ যাব পাৰি। বিশ্বনাথ চাৰিআলি নগৰৰ কেন্দ্ৰৰ পৰা উত্তৰলৈ চাৰিআলি পাভৈ পথেৰে হৈ অৰুনাচলৰ সীমামূৰীয়া অঞ্চলসমূহলৈ যাব পাৰি। এই পথেৰে ৩ কিঃমিঃ উত্তৰলৈ বিশ্বনাথ ৰে'ল ষ্টেশ্যন পাব পাৰি। আনহাতে চাৰিআলিৰ কেন্দ্ৰৰ পৰা দক্ষিনলৈ যোৱা গড়কাপ্টানি বিভাগৰ পথেৰে প্ৰায় ১১ কিঃমিঃ দূৰলৈ গ'লে বিশ্বনাথ ঘাট পোৱা যায়। নগৰৰ সোঁমাজতে 'অসম ৰাজ্যিক পথ পৰিবহন নিগম'ৰ বাছ আস্থান অৱস্থিত। ইয়াৰে আশে-পাশে বেচৰকাৰী বাছ সেৱাৰ বাবে বিভিন্ন আস্থান আছে।

নামৰ উৎপত্তি

এই নগৰৰ নিচেই ওচৰত থকা বুৰঞ্জী প্ৰসিদ্ধ বিশ্বনাথ অঞ্চলৰ নাম অনুসৰি এই নগৰৰ নাম বিশ্বনাথ চাৰিআলি হয়। পূৰ্বতে ব্ৰিটিছ শাসনকালত এই নগৰৰ আশে-পাশে থকা চাহ বাগিচাসমূহত উৎপাদিত চাহ কলিকতাৰ বন্দৰলৈ নিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ জলপথ একমাত্ৰ পথ আছিল। সেয়ে সেই সময়ত বিশ্বনাথ ঘাট উল্লেখযোগ্য স্থান আছিল। গতিকে বৰ্তমানৰ চাৰিআলি নগৰৰ মাজ মজিয়াত থকা চাৰিআলিটোক বিশ্বনাথ চাৰিআলি বোলা হয়।

সাহিত্য-সংস্কৃতি

বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ 
বীণাপাণি নাট্য সমাজ
বিশ্বনাথ চাৰিআলি: ভৌগোলিক তথ্য, জনগাঁথনি, যোগাযোগ 
মূৰ্চ্ছনা কলা নিকেতন

বিশ্বনাথ চাৰিআলি এখন সাংস্কৃতিকভাৱে আগবঢ়া ঠাই। ইয়াত দুটা ছবিঘৰ আৰু এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আছে।বৰ্তমান এটা ছবিঘৰ বন্ধ হৈছে। "বীণাপাণি নাট্য মন্দিৰ"এ বহুকাল ধৰি সাংস্কৃতিক ক্ষেত্ৰত উদ্যোগ লৈ আহিছে। বিশ্বনাথ চাৰিআলিত প্ৰতি বছৰে অনুষ্ঠিত হোৱা সূৰ্য্য বৰা একাংক নাট প্ৰতিযোগিতা অসমৰ নাট্য জগতৰ এক উজ্জ্বল ভোটাতৰা । এই প্ৰতিযোগিতাৰ জৰিয়তে বহুতো অভিনেতা - অভিনেত্ৰী পাছলৈ অসমৰ বহল সাংস্কৃতিক জগতখনত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ তাৰে কেইজনমানৰ নাম তলত উল্লেখ কৰা হৈছে ৷ বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ বিভিন্ন নামঘৰত মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হৈ আহিছে যি বহুতো প্ৰতিভাৱান আৰু সম্ভাৱনাপূৰ্ণ অভিনেতাৰ জন্ম দিছে ৷ "মুৰ্চ্ছনা" বিশ্বনাথ চাৰিআলিৰ আন এটি উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানৰ জন্ম হৈছিল ২০ জুন, ১৯৯৭ চনত। অনুষ্ঠানটিৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে কণ কণ শিশু সকলৰ সবল মানসিকতা গঢ়ি তোলাৰ লগতে উঠি অহা যুৱক যুৱতী সকলক বিভিন্ন সাহিত্য-সংস্কৃতিৰ জ্ঞাণ দি সৰ্বাঙ্গীন উন্নতি সাধন কৰা।

নগৰখনৰ উল্লেখযোগ্য ব্যক্তিসকল

  1. স্বৰ্গীয় চেনিৰাম দাস
  2. প্ৰমোদ বৰুৱা
  3. ড: সুশীল গোস্বামী
  4. পদ্ম কৈৰী: বিশ্বনাথ চাৰিআলিৰ কাষৰ সাধাৰু চাহ বাগিছাৰ পদ্ম কৈৰী এজন কথাছৱি নিৰ্মাতা আৰু চিত্ৰ-পৰিচালক। পদ্ম কৈৰীয়ে "অনুতাপ" নামৰ কথাছবিৰ যোগেদি এই জগতত প্ৰৱেশ কৰে। কৈৰীয়ে ইয়াৰ পাছত 'ৰতনলাল' ছবিত অভিনয় কৰে। তেখেতে নিজে 'বুধু-অৰ্জুন' আৰু 'মা' কথাছবি নিৰ্মাণ কৰে। তেখেতৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে কেইবাখনো ধাৰাবাহিক নিৰ্মাণ কৰিছিল। বৰ্তমানও তেখেত বোলছৱি আৰু ধাৰাবাহিক নিৰ্মাণৰ কামত লাগি আছে। তেখেতৰ পত্নী লিলি কৈৰী আৰু পুত্ৰও একোজন অভিনেতা। চাহ বাগিছাৰ মাজতে জন্ম আৰু জীৱন অতিবাহিত কৰি নিজকে এজন চলচিত্ৰ পৰিচালক হিছাবে নিজকে গঢ়ি তুলিবলৈ তেখেতে কঠোৰ শ্ৰম কৰিব লগা হৈছিল। এসময়ত তেখেত বিশ্বনাথ চাৰিআলি বিধান সভা সমষ্টিৰ পৰা ৰাইজৰ প্ৰতিনিধি হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
  5. অসীম বোথ্ৰা (ৰাজ্যিক বঁটা প্ৰাপ্ত চলচিত্ৰ কৰ্ম্মী):- অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত জন্ম লোৱা অসীম বোথ্ৰা, স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওত:প্ৰোত ভাবে জড়িত। তেখেত এজন চলচ্চিত্ৰ কৰ্মী। বহুবছৰ ধৰি নাট্যজগতত অভিনেতা, ৰূপসজ্জাকাৰ, দৃশ্য সজ্জাকাৰ, পৰিচালক হিছাপে কাম কৰি ১৯৭৩ চনত অভিযান (পৰিচালক: সুজিত সিংহ) কথাছবিত সহকাৰী পৰিচালক হিচাপে চলচিত্ৰ জগতত প্ৰৱেশ কৰে। উক্ত কথাছবিত 'গোসাই' নামৰ এটি চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত অতুল বৰদলৈ পৰিচালিত "অনুতাপ" কথাছবিত মুখ্য-সহকাৰি পৰিচালকৰ দায়িত্ব পালন কৰে। ইয়াৰ পাছত 'উপপথ' (পৰিচালক: হেমন্ত দত্ত) আৰু 'বুধু-অৰ্জুন' (পৰিচালক: পদ্ম কৈৰী) কথাছবিত অভিনয়ৰ লগতে মুখ্য সহকা্ৰী পৰিচালক হিচাপে কাম কৰে। ব্ৰজেন বৰা পৰিচালিত তিনিখন কথাছবি ক্ৰমে 'গৰম বতাহ' , 'সত্যম শিৱম সুন্দৰম' আৰু 'মহাপুৰূষ' (মুক্তি পোৱা নাই)-ত অভিনয়ৰ লগতে ৰূপসজ্জাকাৰ হিছাপে দায়িত্ব পালন কৰে। সুমন হৰিপ্ৰয়াৰ 'ককা দেউতাৰ ঘৰজোঁৱাই' আৰু ৰাষ্ট্ৰীয় চলচিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা প্ৰাপ্ত ছবি 'কদমতলে কৃষ্ণ নাচে'ত কলা নিৰ্দ্দেশক ৰূপে কাম কৰে।
  6. অকু বোথ্ৰা (ৰূপসজ্জাকাৰ)
  7. ব্ৰজেন কলিতা
  8. ৰিমঝিম বৰা
  9. দ্বিজেন মহন্ত (চলচ্চিত্ৰৰ লগত জড়িত)
  10. মৃদুলা বৰুৱা
  11. হীৰা নেওগ
  12. জুমণি নেওগ (অভিনত্ৰী)
  13. ৰবিন নেওগ
  14. খগেন বৰদলৈ (চিত্ৰশিল্পী, ভাস্কৰ্যবিদ)
  15. জীমনি হাজৰিকা (চলচ্চিত্ৰ অভিনেত্ৰী, সাহিত্যিক)

উল্লেখযোগ্য সাহিত্যিক সকল

  1. কমলাকান্ত ভট্টাচাৰ্য্য:- এখেতক অগ্নিকবি বুলি জনা যায়। ১৮৫৩ চনত বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত এখেতৰ জন্ম হয়। এখেত একেধাৰে কবি, প্ৰৱন্ধকাৰ আৰু সমাজ সংস্কাৰক আছিল। "চিন্তানল" আৰু "চিন্তাতৰঙ্গ" তেখেতৰ দুখন গভীৰ জাতীয় চেতনাৰ উদ্বুদ্ধ কবিতা পুথি।তেখেতৰ চিন্তাত সদায় এখন কৰ্ম্মমুখী, স্বাধীন আৰু সমতাৰ ভাৰত গঢ়াৰ গভীৰ চিন্তা দেখা যায় । ১৯২২ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি বিশ্বনাথ চাৰিআলিৰ গৌৰৱ বঢ়াইছিল। ১৯৩৬ চনত এইজনা মহান সাহিত্যিকৰ মৃত্যু হয়।
  2. লক্ষ্মীধৰ শৰ্মা:- এই অঞ্চলৰ আন এজন সাহিত্যিক হ'ল লক্ষ্মীধৰ শৰ্মা । এখেত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা নামে জনাজাত। তেখেত এজন স্বাধীনতা সংগ্ৰামী আছিল।তেখেতৰ প্ৰধান সাহিত্য সম্ভাৰ হ'ল:- "বৰ্থতাৰ দান", "দেশৰ কথা", "নিৰ্মলা" আদি।'চিৰাজ' আৰু 'বিদ্ৰোহিনী' গল্প তেওঁৰ অমৰ সৃষ্টি। 'ছিৰাজ' গল্পৰ আলমত ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ) কথাছবি নিৰ্মাণ হৈছিল। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ১৯৩৪ চনত মৃত্যু হয়।
  3. দীননাথ শৰ্মা:- বিশ্বনাথ চাৰিআলিৰ আন এগৰাকী সাহিত্যিক হ'ল ৰ্স্বগীয় দীননাথ শৰ্মা। হাইস্কুলত পঢ়িথকা সময়ৰ পৰাই এখেতে আৱাহনত লিখামেলা কৰিছিল। এখেতক ১৯৪০ চনত সত্যনাথ বৰা দেৱৰ জীৱনীৰ বাবে অসম সাহিত্য সভাৰ 'কমলা দেৱী শিশু সাহিত্য' পুৰস্কাৰৰে পুৰস্কৃত কৰা হয়।পূবভৰলী অঞ্চলৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ।
  4. জীৱন চন্দ্ৰ বৰুৱা
  5. স্নেহলতা দেবী
  6. সুৰেশ ভট্টাচাৰ্য্য:- এখেত কমলাকান্ত ভট্টাচাৰ্য্যৰ ভতিজা পুত্ৰ। এখেতে ব্ৰহ্মদেশৰ(বৰ্তমান ম্যানমাৰ)পৰা প্ৰকাশিত 'ৰেংগুন মেইল' নামৰ দৈনিক বাতৰি কাকতখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল । ২য় মহাসমৰৰ সময়ত জাপানী আক্ৰমনৰ সময়ত তেখেত অসমলৈ প্ৰত্যাবৰ্তণ কৰে।
  7. তৰুণ শইকীয়া(সৰ্বভাৰতীয় বঁটাপ্ৰাপ্ত নাট্যকাৰ)
  8. ৰঞ্জু হাজৰিকা
  9. পবিত্ৰ কুমাৰ শৰ্মা:- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ শৰ্মা এজন চিন্তাশীল প্ৰৱন্ধকাৰ। এখেতে ভালেমান বিজ্ঞান বিষয়ৰ গ্ৰন্থ লিখিছে।ইতিমধ্যে এখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।
  10. ক্ষীৰধৰ বৰুৱা (বিজ্ঞান লেখক):- বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰুৱা এজন বিজ্ঞান সাহিত্যৰ সুপ্ৰতিষ্ঠিত লেখক। এখেত কিছুদিন অসমৰ জনপ্ৰিয় বিজ্ঞান আলোচনী "বিজ্ঞান জেউতি"ৰ সম্পাদকৰ দায়িত্বত আছিল। জনসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে এখেতে বহুদিন ধৰি কাম কৰি আহিছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে এখেতে ২০০৪ চনত, "বিজ্ঞান জনপ্ৰিয়কৰণ"ৰ ৰাষ্টীয় বঁটা লাভ কৰি চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে।
  11. ফতিক হাজৰিকা
  12. শশী ফুকন ( অসমীয়া আলোচনী "বিস্ময়"ৰ সম্পাদক)
  13. মাইনী মহন্ত (অসমীয়া আলোচনী "নন্দিনী"ৰ সম্পাদক)
  14. জীমণি চৌধুৰী(অসমীয়া আলোচনী "প্ৰিয় সখী'ৰ সম্পাদক)
  15. স্বৰ্ণ হাজৰিকা (হিন্দী ভাষাৰ পৰা বহুতো গ্ৰন্থৰ অনুবাদিকা, সুসাহিত্যিকা, চাৰিআলিৰ প্ৰথম মহিলা সাংবাদিকা )

উল্লেখযোগ্য ঠাই

  1. বিশ্বনাথ ঘাট
  2. মোনাবাৰী চাহ বাগান
  3. গাংমৌ থান
  4. কাঠনিবাৰী ঘাট
  5. কুৱঁৰী পুখুৰী
  6. প্ৰতাপগড়
  7. ফলফলি পুখুৰী

শৈক্ষিক প্ৰতিষ্ঠান

বিশ্বনাথ উন্নয়ন খণ্ড, সাকোমঠা উন্নয়ন খণ্ড আৰু বিশ্বনাথ চাৰিআলি নগৰত থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১০৩ খন।

  1. উত্তৰ পূব ভাৰত কৃষি যন্ত্ৰ পৰীক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (North Eastern Region Farm Machinery Training and Testing Institute) [[2]] : বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণে বিশ্বনাথ ঘাট ৰোডেৰে প্ৰায় ৪ কিমি. নিলগত অৱস্থিত ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য প্ৰতিষ্ঠান । ইয়াত কৃষি বিষয়ক বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি যেনে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰটাভেটৰ ইত্যাদিৰ পৰীক্ষণৰ লগতে কৃষি বিষয়ক যন্ত্ৰ পাতি চালনাৰ বাবে প্ৰশিক্ষণ দিয়া হয় ।
  2. জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ:-১৯৫৫ চনত প্ৰতিস্থা কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ ঠাইত চৰকাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ(DIET) প্ৰতিস্থা কৰে।ইয়াৰ প্ৰথম অধক্ষ্য আছিল ড: লোহিত গোস্বামী।

মহাবিদ্যালয় সমুহ

  1. বিশ্বনাথ মহাবিদ্যালয়;-১৯৬০ চনত প্ৰথম কলা শাখাৰে এই মহাবিদ্যালয় আৰম্ভ কৰা হয়।১৯৭০ চনত বিজ্ঞান শাখা খোলা হয়।মহাবিদ্যালয়ৰ প্ৰথম অধক্ষ্য আছিল কমল নাৰায়ন দাস।
  2. বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়।:- ১৯৮৮ চনত এই মহাবিদ্যালয় স্থাপন হয়।এই মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধক্ষ্য আছিল তীৰ্থেশ্বৰ শৰ্ম্মা।
  3. বিশ্বনাথ কৃষি মহাবিদ্যালয়:-১৯৮৮ চনত বিশ্বনাথ চাৰিআলিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিশ্বনাথ কৃষি মহাবিদ্যালয় স্থাপন কৰা হয়।
  4. বিশ্বনাথ কলেজ অৱ এডুকেশ্বন:- ১৯৯২ চনত স্থাপন হয়।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমুহ

  1. চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় :-১৯৪১ চনত স্থাপন হোৱা এই বিদ্যালয়ে ২০০৫ চনত হীৰক জয়ন্তী বৰ্ষ পালন কৰিছে।প্ৰতিস্থাপক প্ৰধান শিক্ষক ৰমেশ শৰ্ম্মা।
  2. চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়:- এই বিদ্যালয় ১৯৫৬ চনত স্থাপন হয়।প্ৰতিস্থাপক প্ৰধান শিক্ষয়িত্ৰী বীণা আগৰৱালা।১৯৯১ চনত এই বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়।
  3. চাৰিআলি একাডেমী:- ১৯৬০ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক তুলসী ফুকন।
  4. চাৰিআলি আদৰ্শ বিদ্যাপীঠ :- ১৯৮২ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক নগেন চন্দ্ৰ বৰা।
  5. জৱাহৰ নৱোদয় বিদ্যালয়:-১৯৯৪ চনত এই বিদ্যালয় স্থাপন হয়। বিদ্যালয়খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনস্থ।

ব্যক্তিগত খণ্ডৰ উল্লেখযোগ্য বিদ্যালয়/মহাবিদ্যালয়

  1. শংকৰ দেৱ শিশু/বিদ্যা নিকেতন
  2. লিটিল ষ্টাৰ স্কুল
  3. দ্য ইষ্ট ইণ্ডিয়া স্কুল
  4. জ্ঞান ভাৰতী স্কুল
  5. চেইণ্ট জেভিয়াৰ্চ স্কুল
  6. চাৰিআলি অভ্যসন বিদ্যাপীঠ
  7. পাৰ্ল একাডেমী
  8. অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ
  9. ডেফনি জুনিয়ৰ কলেজ
  10. তৰুণ চন্দ্ৰ ভট্টাচাৰ্য সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়

তথ্য সংগ্ৰহ

Tags:

বিশ্বনাথ চাৰিআলি ভৌগোলিক তথ্যবিশ্বনাথ চাৰিআলি জনগাঁথনিবিশ্বনাথ চাৰিআলি যোগাযোগবিশ্বনাথ চাৰিআলি নামৰ উৎপত্তিবিশ্বনাথ চাৰিআলি সাহিত্য-সংস্কৃতিবিশ্বনাথ চাৰিআলি উল্লেখযোগ্য ঠাইবিশ্বনাথ চাৰিআলি শৈক্ষিক প্ৰতিষ্ঠানবিশ্বনাথ চাৰিআলি তথ্য সংগ্ৰহবিশ্বনাথ চাৰিআলি

🔥 Trending searches on Wiki অসমীয়া:

কৰ'নাভাইৰাছ ৰোগ ২০১৯জীৱবৈজ্ঞানিক বৰ্গীকৰণদিহানামভাৰত ত্যাগ আন্দোলনখেৰাইগ্ৰহদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাচিপাহী বিদ্ৰোহ ১৮৫৭মায়ামৰা সত্ৰচিৰ চেনেহী মোৰ ভাষা জননীঅতুল চন্দ্ৰ হাজৰিকাপ্ৰাগজ্যোতিষপুৰলীনাক্সঢোলঅসমীয়া খাদ্যাভ্যাসআহোম-মোগলৰ সংঘৰ্ষমায়ংযুগ্ম সংখ্যাপ্ৰাকৃতিক পৰিৱেশঅসমৰ পৰম্পৰাগত সাজ- পাৰসাঁচিপাতদেবেন্দ্ৰ নাথ আচাৰ্যশিৱসাগৰ জিলাযোগাসনবিশ্বব্ৰহ্মাণ্ডনেপালী জনগোষ্ঠীসাহিত্যগাখীৰধেমাজি জিলাহেমকোষকামৰূপী প্ৰাকৃতহেম ভৰালীতোলনি বিয়াকাঠৰ জোখ মাপবৃন্দাবনী বস্ত্ৰশ্ৰীনিবাস ৰামানুজনমাটিৰ হিচাপগৰুউষ্ণতাকাকৈজানা সংৰক্ষিত বনাঞ্চলঅসমত দেখা চৰাইবোৰমাটিজন গণ মনলক্ষ্মীধৰ শৰ্মাগোৱালপাৰা জিলামৌখিক লোকসাহিত্যজয়মতী কুঁৱৰীমামণি ৰয়ছম গোস্বামীউৎসৱভীষ্মকজেং বিহুপৰ্যটনঅসমৰ আৰ্দ্ৰভূমিঅৰুণোদইমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমিচিং জনগোষ্ঠীৰ সাজপাৰগাঁও পঞ্চায়তঅসমৰ তামোল-পাণ সংস্কৃতিঅসম চাহআর্গন (পোশাক)তিৱা জনগোষ্ঠীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাসংখ্যাবৰপেটাবাগ্‌ধ্বনিপাচন নলীমিচিং ভাষাখ্ৰীষ্টান ধৰ্মঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপানীদেৱকান্ত বৰুৱামাটি আখৰামহাভৈৰৱ মন্দিৰসালোক সংশ্লেষণশেৱালি ফুলফাট বিহু🡆 More