বিশ্বনাথ ঘাট: ইতিহাস প্ৰসিদ্ধ ঠাই

বিশ্বনাথ ঘাট অসমৰ এখন ইতিহাসপ্ৰসিদ্ধ আৰু পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই । পৌৰাণিক ইতিহাস অনুসৰি ঠাইখনক গুপ্তকাশী বুলিও জনা যায় । বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দক্ষিণলৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত এই স্থান অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ এই স্থান পৰ্য্যটক সকলৰ বাবে যঠেষ্ট আৰ্কষণীয়। সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো লোককে এই স্থানলৈ আকষৰ্ণ কৰে । বৰ্তমান ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত। আহোম ৰাজত্বকালত বিশ্বনাথত কেবাটাও দৌল দেৱালয় নিৰ্মাণ হৈছিল।

বিশ্বনাথত অৱস্থিত ৩০ খন দেৱালয় হ'ল:-উমা, চক্ৰেশ্বৰ, হৰিহৰ-কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ বা বৰদ'ল জাগ্ৰা, বুঢ়ামাধৱ(প্ৰতাপগড়), কালভৈৰৱ, বীৰভদ্ৰ বা বৰলা শিল, জোঙাশিল,পূৰ্বশংকৰ, সুৰ্য্যমাধৱ, অণ্ণপূৰ্ণা, গণেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি আৰু মংগল চণ্ডিকা।

বুৰঞ্জীত বিশ্বনাথ :কিছু উল্লেখ:

বিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ :-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি। মাধৱ কন্দলিয়ে ঘৰ চাওঁ বুলি বিজয়ৰামত জনাই ৬৬ লৈ জনাবলৈ গ'ল। পাচে ৬৬ ও যজ্ঞ সমাপ্ত কৰি গড়গাৱলৈ গল।"

    বিশ্বনাথ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবাস:- "কছাৰী সকলৰ লগত বাৰভুঞাৰ সংঘৰ্ষ হোৱাত শংকৰদেৱে বৰদোৱা অঞ্চল এৰি বিশ্বনাথ অঞ্চলত কিছুদিন থাকি তাৰপৰা উজাই কেইবা ঠাইতো ৰৈ শেষত মাজুলীৰ পশ্চিম অঞ্চলত ধুঁৱাহাট বা বেলগুৰিত বাৰ-চৈধ্য বছৰ সত্ৰ পাতি থাকে।"
    মণিৰাম দেৱানৰ লগত বিশ্বনাথৰ সৰ্ম্পক:-

মণিৰাম দেৱানৰ আঠ ঠাইত আঠখন স্থায়ী ঘৰ-বাৰী আছিল। তাৰে এখন আছিল বিশ্বনাথত। মণিৰাম দেৱানৰ সৰু মাজু গৰাকী নগাঁৱৰ কঢ়ালৰ বৰুৱাৰ ঘৰৰ; লক্ষ্মীৰাম বৰুৱাৰ কন্যা চানা বা চম্পাৱতীৰ সৈতে পতা বিয়াখন বিশ্বনাথৰ পৰা পতা হৈছিল।"


ছবিভঁৰাল

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বিশ্বনাথ ঘাট বুৰঞ্জীত বিশ্বনাথ :কিছু উল্লেখ:বিশ্বনাথ ঘাট ছবিভঁৰালবিশ্বনাথ ঘাট তথ্য সংগ্ৰহবিশ্বনাথ ঘাট বাহ্যিক সংযোগবিশ্বনাথ ঘাটআহোমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবিশ্বনাথ চাৰিআলিবিশ্বনাথ জিলাব্ৰহ্মপুত্ৰ নদী

🔥 Trending searches on Wiki অসমীয়া:

ভবানন্দ দত্তঅখণ্ড সংখ্যাবাঢ়ৈটোকামুদ্ৰাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাকামাখ্যা মন্দিৰঅন্তৰীপ (উপন্যাস)অসমৰ তেল শোধনাগাৰপচন সাৰশ্ৰীকৃষ্ণকীৰ্তনমৌলিক সংখ্যাদেবেন্দ্ৰ নাথ আচাৰ্যবুটসূৰ্যকুমাৰ ভূঞাপঃৰাগঅসমৰ মন্ত্ৰ-সাহিত্যবুঢ়ী আইৰ সাধুকপৌ ফুলভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচান্দ সদাগৰডিম্পু বৰুৱাঅসমৰ চিত্ৰকলাৰ ইতিহাসতিতাবৰ মহকুমাসত্ৰীয়া নৃত্যমাহহোলোংহাজোভাৰতত বাল্য বিবাহমানস ৰাষ্ট্ৰীয় উদ্যানযোগিনী তন্ত্ৰঢোলনাটকবৰাইল পৰ্বতশ্ৰী সূৰ্য পাহাৰকৰবী ডেকা হাজৰিকাবড়োলেণ্ডচীনঅসমৰ পৰম্পৰাগত সাজ-পাৰকাৰ্বি ভাষাহাজং জনগোষ্ঠীগুৰু আসনআয়ুৰ্বেদচকৰি ফেঁটী বুৰঞ্জীনিউটনৰ গতিৰ সূত্ৰপৰিৱেশ তন্ত্ৰধানপ্ৰাকৃতিক সম্পদসাহিত্যশীতল যুদ্ধপুৰাণবিহুৰ সাজ-পোচাক আৰু অলংকাৰপোৱামক্কাপ্ৰদূষণঅসমৰ লোকবাদ্যভাৰত ৰত্নৰাসোৎসৱঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাহিমবাহমাখিয়তীজীবনানন্দ দাসমহিলাৰ বিৰুদ্ধে হিংসানাৰী সবলীকৰণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসপৰ্যটনআউনীআটী সত্ৰআহোম ৰাজবংশপদুম কুঁৱৰীসপ্তকাণ্ড ৰামায়ণমধুপুৰ সত্ৰৰঘুনাথ চৌধাৰীফলৰ তালিকানলবাৰী জিলাবিল গেট্‌ছতাল (বাদ্যযন্ত্ৰ)পদ্মনাথ গোহাঞি বৰুৱামৰুভূমি🡆 More