প্ৰফুল্ল দত্ত গোস্বামী: ভাৰতীয় সাহিত্যিক

প্ৰফুল্লদত্ত গোস্বামী (১৯১৯-১৯৯৪) একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ। এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে। ১৯৬০চনত লোক-সংস্কৃতি বিষয়ত ইংৰাজী ভাষাত ৰচিত তেখেতৰ Ballads and Tales of Assam গ্ৰন্থই আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। তেখেতে জীৱনী, ভ্ৰমণ কাহিনী, পক্ষী-নীৰিক্ষণ বিষয়ক গ্ৰন্থৰ লগতে উপন্যাসো ৰচনা কৰিছে। প্ৰফুল্লদত্ত গোস্বামীৰ কেঁচা পাতৰ কঁপনি উপন্যাসখন অসমীয়া সাহিত্যৰ এখন বহুপঠিত গ্ৰন্থ।

প্ৰফুল্ল দত্ত গোস্বামী
জন্ম ১৯১৯ চন
অসম
মৃত্যু ১৯৯৪
পেচা সাহিত্যিক, ঔপন্যাসিক, লোক-সংস্কৃতিবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কেঁচা পাতৰ কঁপনি

জন্ম

প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম ১৯১৯চনত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত।

শিক্ষা আৰু কৰ্মজীৱন

১৯৪০ চনত কটন কলেজৰপৰা ইংৰাজী সাহিত্যত অনাৰ্ছসহ বি.এ পৰীক্ষা পাছ কৰে। আৰ্থিক অনাটনৰ বাবে বি এ পাছ কৰিয়েই শ্বিলঙত শিক্ষকতা কৰে আৰু চৰকাৰী প্ৰচাৰ বিভাগ আৰু সচিবালয়ত কাম কৰে। এইখিনি সময়তে তেখেতে লিখা নিবন্ধ বোম্বাইৰ পি ই এন ( PEN ) আলোচনী আৰু মচুলিপট্টমৰ ত্ৰিবেণী আলোচনীত প্ৰকাশ হয়। পৰৱৰ্তী সময়ত তেওঁ কলিকতাত এম.এ পঢ়িবলৈ যায়। ১৯৪৪ চনত তেওঁ এম.এ. ডিগ্ৰী লাভ কৰি কেইমাহমান যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আৰু প্ৰায় তিনি বছৰ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৪৮চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত বাণিজ্য আৰু বি টি বিভাগৰ ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পাছত তেখেত ইংৰাজী শিক্ষণ বিভাগত প্ৰাধ্যাপক আৰু প্ৰধান হিচাপে নিযুক্ত হয়। তেখেত এটা উচ্চতৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ইংলণ্ডলৈ গৈছিল আৰু ১৯৬৬চনত তেখেতে আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ বিখ্যাত লোক-সংস্কৃতি প্ৰতিষ্ঠানৰ ভিজিটিং প্ৰফেচৰ ৰূপে তাত দুমাহ কাম কৰে। সাংস্কৃতিক বিনিময় কাৰ্যসূচীত নিৰ্বাচিত হৈ তেখেতে ৰাছিয়া আৰু নেপালো ভ্ৰমণ কৰিছিল। অসমৰ জনকৃষ্টি সমাজৰ( Folklore Society of Assam ) তেখেত প্ৰতিষ্ঠাতা সভাপতি আছিল। ৰঘুনাথ চৌধাৰীৰ নেতৃত্বত গঠিত প্ৰগতি সমাজৰ তেখেত সম্পাদক আছিল।

মৃত্যু

১৯৯৪চনত তেখেতৰ মৃত্যু হয়।

সাহিত্যৰাজি

উপন্যাস

  1. শেষ ক'ত (১৯৪৯)
  2. কেঁচা পাতৰ কঁপনি (১৯৫২)

লোক-সংস্কৃতি বিষয়ক

  1. অসমীয়া জন সাহিত্য (১৯৪৮)
  2. বাৰ মাহৰ তেৰ গীত (১৯৭১)

ভ্ৰমণ বিষয়ক

  1. বিলাতত সাত মাহ (১৯৫৯)
  2. সোণ ৰূপৰ নহয় সি দেশ (১৯৬২)
  3. পৃথিৱীৰ চৌপাশে এপাক (১৯৬৭)
  4. মোৰ ৰাছিয়া ভ্ৰমণ (১৯৭৪)

জীৱনী সাহিত্য

  1. মাণিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ

প্ৰকৃতি বিষয়ক

  1. চৰাই বিনন্দিয়া

সম্পাদনা গ্ৰন্থ

  1. কামিনীকান্তৰ চৰিত্ৰ, (মূলঃ এ.কে. গাৰ্নী)
  2. Folktales Around the World
  3. Folktales of India (সহযোগী লেখক- ড॰ গোস্বামী, জৱাহৰলাল হাণ্ডু, ড॰ পিটাৰ ক্লচ,ড॰ ব্ৰেণ্ডা)

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

Tags:

প্ৰফুল্ল দত্ত গোস্বামী জন্মপ্ৰফুল্ল দত্ত গোস্বামী শিক্ষা আৰু কৰ্মজীৱনপ্ৰফুল্ল দত্ত গোস্বামী মৃত্যুপ্ৰফুল্ল দত্ত গোস্বামী সাহিত্যৰাজিপ্ৰফুল্ল দত্ত গোস্বামী বঁটা আৰু সন্মানপ্ৰফুল্ল দত্ত গোস্বামী তথ্যসূত্ৰপ্ৰফুল্ল দত্ত গোস্বামীকেঁচা পাতৰ কঁপনি

🔥 Trending searches on Wiki অসমীয়া:

সৰ্বানন্দ সোণোৱালমানচিত্ৰবিশেষ শিক্ষাসাপচিপকো আন্দোলনগামখাৰুঅসমৰ পৰম্পৰাগত খেল-ধেমালিওজাপালিঅসমৰ ছপাশালড়চৰিত পুথিপ্ৰদূষণপাটকাইৰ ইপাৰে মোৰ দেশআহোম ৰাজ্যজ্যোতি সংগীতসাক্ষৰতামোৰ জীৱন সোঁৱৰণগঙ্গা নদীঅসমীয়া ভাষা আন্দোলনঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকেতেকীভাৰত-চীন যুদ্ধসৰস্বতী পূজাচৰাইদেউ জিলাবিৰিঞ্চি কুমাৰ বৰুৱাশব্দত্ৰিভুজভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাসংস্কৃতিব্ৰহ্মগুপ্তনাট্য শাস্ত্ৰউত্তৰ গুৱাহাটীদেউৰী জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জীদীপলিনা ডেকাঅলিম্পিকঋতুসদৌ অসম ছাত্ৰ সন্থাবুঢ়ী আইৰ সাধুমাধৱ কন্দলিএককোষী জীৱৰামধেনুব্ৰহ্মপুত্ৰ নদগোলকীয় উষ্ণতা বৃদ্ধিজ্ঞানপীঠ বঁটাপ্ৰেমচন্দডাকৰ বচনচৰকাৰকাতি বিহুজয়মতী (১৯৩৫ চলচ্চিত্ৰ)দুৰ্গা পূজাসৌৰজগতভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ নদীসমূহৰ তালিকাহিউমাছঅসমৰ সমস্যাআহোম জনগোষ্ঠীআনন্দৰাম বৰুৱাকিতাপ পঢ়াৰ আনন্দমহিম বৰালাচিত বৰফুকনঅযোধ্যা (পৌৰাণিক নগৰ)সমাজসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাৰাধাগোবিন্দ বৰুৱাশিশু সাহিত্যআল্লাহতুলাপাতঅৰ্থনীতিগোৱালপাৰা জিলাহিন্দু পদ্ধতিত সময়ৰ একক🡆 More