নিশ্চিতকৰণ পক্ষপাতিতা

নিশ্চিতকৰণ পক্ষপাতিতা (en-Confirmation bias) হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত বা জ্ঞানীয় পক্ষপাতিতা। যেতিয়া মানুহে কিছুমান তথ্য আংশিকভাৱে মনত পেলায় বা পক্ষপাতিত্বমূলকভাৱে তাক আহৰণ কৰে, তেতিয়া তেওঁলোকে এইধৰণৰ পক্ষপাতিতাটো প্ৰদৰ্শন কৰে। বাঞ্ছিত ফলাফল, আৱেগিকভাৱে দৃঢ় হৈ থকা বিষয়, আৰু গভীৰভাৱে মানি চলা বিশ্বাসৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। মানুহে কেতিয়াবা দ্ব্যৰ্থক প্ৰমাণ একোটাকো নিজৰ স্থিতিৰ সমৰ্থনত আগবঢ়াব বিচাৰে। দৃষ্টিভংগী মেৰুকৰণ (attitude polarization:একে প্ৰমাণ ব্যৱহাৰ কৰাৰ পাছতো যেতিয়া ভিন্ন গোটৰ মাজত বিৰোধিতাটো অতি চৰম পৰ্যায়ৰ হৈ পৰে। ), বিশ্বাস উদ্যমশীলতা (belief perseverance:ভুল বুলি প্ৰমাণিত হোৱাৰ পাছতো বিশ্বাস একোটাৰ অস্তিত্ব থকাটো), যুক্তিবিহীন প্ৰাথম্য প্ৰভাৱ (irrational primacy effect:শ্ৰেণী এটাৰ আৰম্ভণিতে উদ্ভৱ হোৱা এটা মাত্ৰ তথ্যৰ ওপৰতে অধিক নিৰ্ভৰশীলতা) আৰু বিভ্ৰমজনক সংগতি (illusory correlation:দুটা বিশেষ ঘটনা আৰু পৰিস্থিতিৰ সংযোগক অশুদ্ধভাৱে কৰা উপলব্ধি) বুজাবলৈও কেতিয়াবা পক্ষপাতিত্বমূলক গৱেষণা, ব্যাখ্যা আৰু স্মৃতিৰ সহায় লোৱা হয়।

A drawing of a man sitting on a stool at a writing desk
নিশ্চিতকৰণ পক্ষপাতিতাক অভ্যন্তৰীণ "হয় হুজুৰ"(yes man) বুলিও চিহ্নিত কৰা হয়, যিয়ে চাৰ্লছ ডিকেন্সসৃষ্ট চৰিত্ৰ "উৰিয়া হিপ"ৰ দৰে নিজৰ বিশ্বাসবোৰ প্ৰতিধ্বনিত কৰে

'৭০ৰ দশকৰ এক বিশেষ শ্ৰেণীৰ মনোবৈজ্ঞানিক পৰীক্ষাই কয় যে-বিদ্যমান বিশ্বাসবোৰৰ নিশ্চিতকৰণৰ প্ৰতি মানুহে পক্ষপাতিতা দেখুৱায়। পৰৱৰ্তী সময়ৰ গৱেষণাই পুনৰ-ব্যাখ্যা আগবঢ়ালে যে, এই ফলাফলসমূহে একপক্ষীয়ভাৱে নিজৰ ধাৰণাবোৰ পৰীক্ষা কৰিব বিচাৰে, য'ত এটা মাত্ৰ সম্ভাৱনাত গুৰুত্ব আৰোপ কৰি বাকীবোৰ বিকল্পক আওকান কৰা হৈছে। কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত, এনে প্ৰৱণতাই মানুহৰ মীমাংসাবোৰত পক্ষপাতিতাৰ সৃষ্টি কৰিব পাৰে। প্ৰদৰ্শিত পক্ষপাতিতাৰ ব্যাখ্যা হিচাপে বাঞ্ছাপূৰ্ণ চিন্তা আৰু তথ্য-আহৰণত মানুহৰ সীমাৱদ্ধতাৰ কথাটো আঙুলিওৱা হয়। এটা নিৰপেক্ষ, বৈজ্ঞানিক পদ্ধতিৰ অনুসন্ধান-কাৰ্যতকৈ ভুল প্ৰমাণিত হ'লে বহন কৰিবলগীয়া হোৱা পৰিণামটোৰ প্ৰতি মানুহ অধিক চিন্তান্বিত। নিশ্চিতকৰণ পক্ষপাতিতাৰ এইটো আন এটা ব্যাখ্যা। উল্লেখযোগ্য যে, কেতিয়াবা বিজ্ঞানী আৰু বুদ্ধিমান মানুহো নিশ্চিতকৰণ পক্ষপাতিতাৰ চিকাৰ হ'ব পাৰে।

সংজ্ঞা আৰু প্ৰসংগ

ইংৰাজ মনোবিজ্ঞানী পিটাৰ ৱাছনে পোনপ্ৰথমবাৰৰ বাবে নিশ্চিতকৰণ পক্ষপাতিতা (Confirmation bias) শীৰ্ষক পৰিভাষাটো প্ৰয়োগ কৰিছিল। ই হৈছে মানুহৰ এনে এক প্ৰৱণতা যাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ তেওঁলোকে নিজৰ বিশ্বাস, ধাৰণা, মূল্যবোধৰ সমৰ্থনত থকা তথ্যবোৰকে অগ্ৰাধিকাৰ দিয়ে-যিবোৰ এবাৰ নিশ্চিত হৈ যোৱাৰ পাছত আওকান কৰাটো কষ্টসাধ্য হৈ উঠে। নিশ্চিতকৰণ পক্ষপাতিতা হৈছে একপ্ৰকাৰৰ বোধগত পক্ষপাতিতা, লগতে সম্পৰ্কহীন বস্তুৰ মাজৰ অশুদ্ধ সংযোগ আৰু অৰ্থ স্থাপন কৰাৰ প্ৰৱণতা-যাক "এপ'ফেনিয়া" (apophenia) হিচাপে আখ্যায়িত কৰা হয়।

নিশ্চিতকৰণ পক্ষপাতিতাক মোৰ ফালৰ পক্ষপাতিতা(myside bias) বুলিও কোৱা হয়।

টোকা

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সিংহশ্বজিবু নোংমা পানবানাটকবেদান্তঅসম বৈভৱ বঁটাবনঘোষাবিহুগীতজুবিন গাৰ্গভূপেন্দ্ৰ সংগীতসন্ধিবিজয় (অভিনেতা)সত্ৰীয়া নৃত্যলাভলীনা বৰগোহাঁইভূপেন হাজৰিকাঅৰ্কিডনেপালমনোমতীমইনা পাৰিজাতভট্টদেৱএলবাৰ্ট আইনষ্টাইনঅংকীয়া নাটভাৰতত বাল্য বিবাহতলাতল ঘৰঅৰুণোদইভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাদিনজ্যামিতিমৌলিক সংখ্যাচ'মাংকানপ্ৰাকৃতিক পৰিৱেশবিশ্ব থিয়েটাৰ দিৱসসাঁচিগছস্বদেশী আন্দোলনইণ্ডিয়ান অভাৰচিজ বেংকধানইউক্লিডজতুৱা ঠাঁচৱাশ্বিংটন ডি.চি.উৰ্দু ভাষাগগনাপ্ৰাচীন গ্ৰীচমাটিসেউজ গৃহ প্ৰভাৱবীজগণিতকলাজঅশোকাষ্টমীনেলছন মেণ্ডেলানেতাই ধুবুনী ঘাটকয়লালক্ষ্মীনন্দন বৰাজন গণ মনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবাঁহী (আলোচনী)অসমৰ মন্ত্ৰ-সাহিত্যবুঢ়ী আইৰ সাধুসমাজবাদড়বায়ু প্ৰদূষণসাঁচিপাতৰ পুথি (উপন্যাস)উত্তৰ-পূব ভাৰতইলোৰা গুহাসমূহবৰদলৈ ট্ৰফীধ্বনিতত্ত্বদেৱকান্ত বৰুৱাইংৰাজী ভাষানেপালী জনগোষ্ঠীচানডুবি বিলকৃষ্ণভাৰতৰ মুখ্য ন্যায়াধীশকলাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাআত্মজীৱনীছ'ভিয়েট সংঘ🡆 More