চুলাগিট্টি নৰসাম্মা: ভাৰতীয় ধাই

চুলাগিট্টি নৰসাম্মা (ইংৰাজী: Sulagitti Narasamma; ১৯২০ – ২৫ ডিচেম্বৰ ২০১৮) কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা চহৰৰ এগৰাকী ভাৰতীয় ধাই আছিল। তেওঁ কৰ্ণাটকৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত পিছপৰা অঞ্চলবোৰত কোনো চিকিৎসা সুবিধা নোহোৱাকৈ ৭০ বছৰ ধৰি সেৱা আগবঢ়াইছিল। তেওঁৰ জীৱনকালত ২০,০০০ৰো অধিক পৰম্পৰাগত প্ৰসৱ বিনামূলীয়াকৈ সম্পাদন কৰিছিল। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক বঁটা আৰু ২০১৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।

চুলাগিট্টি নৰসাম্মা
চুলাগিট্টি নৰসাম্মা: জীৱনী, মৃত্যু, বঁটা আৰু সন্মান
জন্ম ১৯২০
পাৱাগাডা তালুক, টুমকুৰ জিলা, মহীশূৰ ৰাজ্য (বৰ্তমান কৰ্ণাটক, ভাৰত)
মৃত্যু ২৫ ডিচেম্বৰ ২০১৮ (বয়স ৯৭–৯৮)
বেংগালুৰু, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ধাই
দাম্পত্যসঙ্গী অঞ্জিনাপ্পা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০১৮

জীৱনী

১৯২০ চনত মহীশূৰ ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা গাঁৱৰ কৃষ্ণপুৰাত যাযাবৰ অঘৰী সংস্কৃতিত নৰসম্মাৰ জন্ম হৈছিল। তেওঁৰ মাতৃভাষা তেলেগু আছিল। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু নিৰক্ষৰ হৈ ডাঙৰ-দীঘল হৈছিল। তেওঁ ১২ বছৰ বয়সত তেওঁৰ স্বামী অঞ্জিনাপ্পাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ ১২টা সন্তান আছিল। যদিও শিশু অৱস্থাত তাৰে চাৰিজনৰ মৃত্যু হৈছিল। ইয়াৰ লগতে তেওঁৰ ৩৬টা নাতি-নাতিনী আছিল। তেওঁ তেওঁৰ আইতাক মাৰিজেমাইমাৰ পৰা ধাই বিদ্যা শিকিছিল। তেওঁৰ আইতাক এগৰাকী বিশিষ্ট ধাই আছিল আৰু তেওঁ নৰসাম্মাৰ নিজৰ পাঁচটা কেঁচুৱা প্ৰসৱ কৰাত সহায় কৰিছিল। ১৯৪০ চনত ২০ বছৰ বয়সত নৰসাম্মাই তেওঁৰ প্ৰথমবাৰৰ বাবে ধাইৰ কাম আৰম্ভ কৰিছিল। তেওঁ তেওঁৰ খুড়ীয়েকৰ কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰাৰ জৰিয়তে ধাই বিদ্যাৰ প্ৰয়োগৰ আৰম্ভণি কৰিছিল।

যেতিয়াই যাযাবৰ অঘৰী জনজাতি তেওঁৰ গাঁৱত উপস্থিত হয় নৰসাম্মাই তাইৰ ধাই বিদ্যাৰ দক্ষতা অনুশীলন কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ গৰ্ভৱতী মহিলাসকলৰ বাবে প্ৰাকৃতিক ঔষধ প্ৰস্তুত কৰাৰ কলাও শিকিছিল আৰু সোনকালেই কেঁচুৱাটোৰ স্বাস্থ্য আৰু স্থিতি পৰীক্ষা কৰিবলৈ সক্ষম হৈছিল। কোনো সঁজুলি ব্যৱহাৰ নকৰাকৈ গৰ্ভত থাকোঁতে তেওঁ ভ্ৰূণৰ স্পন্দন চিনাক্ত কৰিবলৈ সক্ষম হৈছিল বুলি জানিব পৰা গৈছে।

২০১৮ চনলৈ আৰু ৯৭ বছৰ বয়সত নৰসাম্মাই ১৫,০০০ তকৈও অধিক কেঁচুৱা প্ৰসৱ কৰাত সহায় কৰিছিল। তেওঁক 'কৃষ্ণপুৰাৰ ধাই' বুলি বৰ্ণনা কৰা হয়। লগতে তেওঁৰ নামৰ সৈতে 'চুলাগিট্টি' শব্দ জড়িত হৈ পৰে। কানাড়া ভাষাত 'চুলাগিট্টি' শব্দৰ অৰ্থ হৈছে 'ধাই'।

চুলাগিট্টি নৰসাম্মা: জীৱনী, মৃত্যু, বঁটা আৰু সন্মান 
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ (সোঁফালে) পৰা পদ্মশ্ৰী লাভ কৰা নৰসাম্মা (বাওঁফালে), ২০১৮

মৃত্যু

স্বাস্থ্যজনিত জটিলতাৰ বাবে নৰসাম্মাক ২০১৮ চনৰ নৱেম্বৰত সিদ্ধগংগা চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল আৰু পিছত ২৯ নৱেম্বৰ ২০১৮ ত বিজিএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। ২০১৮ চনৰ ২৫ ডিচেম্বৰত কৰ্ণাটকৰ কেংগেৰীৰ বিজিএছ গ্লেনিগলছ গ্লোবেল হস্পিটেলত হাঁওফাঁওৰ দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হৈ ৯৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে নৰসাম্মাৰ নশ্বৰদেহ জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে টুমাকুৰুৰ গ্লাছ হাউচত ৰখা হৈছিল। কেইবাজনো মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ হাজাৰ বিখ্যাত লোকৰ উপৰিও হাজাৰ লোকেও বিদেহী আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২৬ ডিচেম্বৰ তাৰিখে নৰসাম্মাক টুমাকুৰু চহৰৰ উপকণ্ঠৰ গংগাচন্দ্ৰা গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়। লগতে এক একৰ ভূমিৰ আধা একৰ মাটি তেওঁৰ প্ৰতি উছৰ্গা কৰি এটা স্মাৰকৰ বাবে ৰাখি থোৱা হৈছিল।

বঁটা আৰু সন্মান

নৰসাম্মাই তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছিল ২০১২ চনত তেওঁ কৰ্ণাটক ৰাজ্য চৰকাৰৰ ডি দেৱৰাজ উৰ্ছ বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁ কিট্টুৰ ৰাণী চেন্নাম্মা বঁটা লাভ কৰিছিল। ২০১৩ চনতে তেওঁ কৰ্ণাটক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰিছিল। একেবছৰে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক বঁটা কৰে। চুলাগিট্টি নৰসাম্মায়ে ২০১৪ চনত টুমকুৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

চুলাগিট্টি নৰসাম্মা জীৱনীচুলাগিট্টি নৰসাম্মা মৃত্যুচুলাগিট্টি নৰসাম্মা বঁটা আৰু সন্মানচুলাগিট্টি নৰসাম্মা তথ্য উৎসচুলাগিট্টি নৰসাম্মা বাহ্যিক সংযোগচুলাগিট্টি নৰসাম্মাইংৰাজী ভাষাকৰ্ণাটকপদ্মশ্ৰী

🔥 Trending searches on Wiki অসমীয়া:

আধুনিকতাবাদজ্ঞানপীঠ বঁটাএইচ.আই.ভি/এইড্‌ছচ্যু-খ্ৰুং-ফামহেশ্বৰ নেওগশ্ৰীনিবাস ৰামানুজনশিৱসাগৰমদন কামদেৱ দেৱালয়ভাষাবিজ্ঞানকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকুলিলীলা গগৈচৰ্যাপদজয়মতী কুঁৱৰীইয়াত এখন অৰণ্য আছিলসুন্দৰীদিয়া সত্ৰমৌখিক ইতিহাসঅসমত দেখা পোৱা মাছৰ তালিকাভাষাধৰিত্ৰী দিৱসমাধৱী লতাশীতল যুদ্ধচাইকেলযোৰানামস্বাভাৱিক সংখ্যাঅনুবাদতুলসীআকাশবাণী গুৱাহাটীঅসমৰ মহকুমাসমূহৰ তালিকাঅখণ্ড সংখ্যাগান্ধাৰীঅসমীয়া পুৰণি সাহিত্যৰেৱতী মোহন দত্তচৌধুৰীশালস্তম্ভ ৰাজবংশপাৰিপাৰ্শ্বিক সংঘাতৰাজিয়া চুলতানাউদ্বিগ্নতাহিমালয়সত্যনাথ বৰাগগৈফাকে জনগোষ্ঠীঅসমীয়া সাহিত্যত মালিতাব্যাকৰণনাটকআহোম-মোগলৰ সংঘৰ্ষকথা কবিতাবেলিমাৰ (নাটক)গমধৰ কোঁৱৰনীতি আয়োগবিশ্বকোষভাৰতীয় সাহিত্যকামাখ্যা মন্দিৰমিৰি জীয়ৰীগড়মূৰ সত্ৰভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকামানচিত্ৰকলঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাইজৰাইলসম্ৰাট অশোকইংৰাজী ভাষাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহভলিবলঅনিৰুদ্ধদেৱবহুকোষী জীৱসম্পাদনাসত্ৰনৰনাৰায়ণঅসমীয়া ভাষাবাংলাদেশসতী সাধনী🡆 More