গেব্ৰিয়েল বাটিষ্টুটা

গেব্ৰিয়েল অমা'ৰ বাটিষ্টুটা (Gabriel Omar Batistuta) (জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবলাৰ। তেওঁক বাটিগ'ল (Batigol) আৰু El Ángel Gabriel (Angel Gabriel-ৰ স্পেনীয় নাম) বুলিও জনা যায়। আৰ্জেণ্টিনাৰ এই দক্ষ ষ্ট্ৰাইকাৰজনে ক্লাব কেৰিয়াৰৰ বেছিভাগ সময় ইটালীৰ ফিয়'ৰেণ্টিনা ক্লাবৰ হৈ খেলিছিল। ইটালীৰ Serie A লীগত ৩১৮ খন খেলত ১৮৪টা গ'লেৰে তেওঁ সৰ্বকালৰ একাদশ সৰ্বোচ্চ স্ক'ৰাৰ। আন্তঃৰাষ্ট্ৰীয় স্তৰত ৭৮ খন খেলত ৫৬টা গ'লেৰে তেওঁ আৰ্জেণ্টিনাৰ সৰ্বকালৰ সবোৰ্চ্চ স্ক'ৰাৰ। জাতীয় দলৰ হৈ তেওঁ তিনিখন বিশ্বকাপত অংশ লৈছিল। ১৯৯৯ চনত ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটাত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। ২০০৪ চনত তেওঁ ১২৫ জন মহানতম জীৱিত ফুটবলাৰ তালিকা FIFA 100-ত স্থান পায়। ফিনিশ্বিং, হেডিং আৰু ফ্ৰী কিকত দক্ষ বাটিষ্টুটাক তেওঁৰ প্ৰজন্মৰ অন্যতম সম্পূৰ্ণ ষ্ট্ৰাইকাৰ হিচাপে গণ্য কৰা হয়। ডিয়েগ' মাৰাড'নাই কৈছিল যে তেওঁৰ দৃষ্টিত বাটিষ্টুষ্টাই শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ।

গেব্ৰিয়েল বাটিষ্টুটা
গেব্ৰিয়েল বাটিষ্টুটা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামগেব্ৰিয়েল অ'মাৰ বাটিষ্টুটা
জন্ম১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৫ বছৰ)
জন্মস্থানৰেক'ন্‌কিষ্টা, আৰ্জেণ্টিনা
উচ্চতা1.85 মিটাৰ (U=ft}})
খেলা স্থানষ্ট্ৰাইকাৰ
যুৱ কেৰিয়াৰ
১৯৮৭-৮৮নিৱেল্‌ছ অ'ল্ড বয়্‌‍জ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৮৮-১৯৮৯নিৱেল্‌ছ অ'ল্ড বয়্‌‍জ২৪(৭)
১৯৮৯-১৯৯০ৰিভাৰ প্লে'ট২১(৪)
১৯৯০-১৯৯১ব'কা জুনিয়'ৰ্ছ৩০(১৩)
১৯৯১-২০০০ফিঅ'ৰেণ্টিনা২৬৯(১৬৮)
২০০০-২০০৩এ এছ ৰ'মা৬৩(৩০)
২০০৩→ ইণ্টাৰ মিলান (ল'ন)১২(২)
২০০৩-২০০৫আল্‌ আৰবি২১(২৫)
মুঠ৪৪০(২৪৯)
ৰাষ্ট্ৰীয় দল
১৯৯১-২০০২আৰ্জেণ্টিনা৭৮(৫৬)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

১৯৯৩ চনত তেওঁৰ ক্লাব ফিঅ'ৰেণ্টিনাৰ Serie B-লৈ অনুন্নীত হওঁতে বাটিষ্টুটাই সেই ক্লাবতে থাকে আৰু এবছৰ পিছত শীৰ্ষ লীগলৈ উন্নীত হোৱাত সহায় কৰে। ফিঅ'ৰেণ্টিনাৰ হৈ তেওঁৰ খেলৰ প্ৰতি স্বীকৃতিৰূপে অনুৰাগীসকলে ১৯৯৬ চনত তেওঁৰ এটা পূণাংগ ব্ৰ'ঞ্জৰ মূৰ্তি মুকলি কৰে। ফিঅ'ৰেণ্টিনাৰ হৈ কেতিয়াও ইটালীয়ান লীগ খিতাপ দখল কৰিব নোৱাৰা বাটিষ্টুটাই ২০০০ চনত এ এছ ৰ'মালৈ গৈ সেই খিতাপ অৰ্জন কৰে। কাটাৰৰ আল্‌-আৰবিৰ হৈ শেষ চিজন খেলি ২০০৫ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

চমু জীৱনী

১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত আৰ্জেণ্টিনাৰ এভেলানেডা নগৰত গেব্ৰিয়েল বাটিষ্টুটাৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল জন্তু-নিধন কৰ্মী (slaughterhouse worker) অ'মাৰ বাটিষ্টুটা আৰু মাক আছিল বিদ্যালয়ৰ কৰ্মী গ্ল'ৰিয়া জিলি। ৰিকন্‌কিষ্টা নগৰৰ ওচৰত তেওঁ ডাঙৰ-দীঘল হয়। এলিছা, এলেজেন্দ্ৰা আৰু গেব্ৰিয়েলা নামৰ তেওঁৰ তিনিগৰাকী ভনীয়েক আছিল।

১৬ বছৰ বয়সত তেওঁ ১৫ বছৰীয়া আইৰিনাৰ ফাৰ্নাণ্ডেজক তাইৰ কিন্‌চেন্যেৰাত লগ পায়। ১৯৯০ চনৰ ২৮ ডিচেম্বৰত দুয়োৰে বিবাহ সম্পন্ন হয়। দুয়োজনে ১৯৯১ চনত ইটালীলৈ আহে আৰু এবছৰ পিছত তেওঁলোকৰ পুত্ৰ থিয়াগ'ৰ জন্ম হয়। ক্লাব আৰু জাতীয় দলৰ হৈ লাহে লাহে খ্যাতি অৰ্জন কৰা বাটিষ্টুটাই বহু বিজ্ঞাপন আৰু টেলিভিজন অনুষ্ঠানত অংশ ল'বলৈ সুযোগ পায়।

১৯৯৭ চনত বাটিষ্টুটাৰ দ্বিতীয় পুত্ৰ লুকাছ আৰু ১৯৯৯ চনত তৃতীয় পুত্ৰ জ'কুইনৰ জন্ম হয়। পিছত শ্বামেল নামৰে তেওঁ আন এক পুত্ৰ জন্ম হয়। ২০০০ চনত তেওঁ পৰিয়ালৰ সৈতে ৰোমলৈ যায় আৰু এ এছ ৰ'মাৰ হৈ খেলে। শ্বামেলৰ জন্মৰ দুবছৰ পিছত বাটিষ্টুটাক ইণ্টাৰ মিলানলৈ ল'নত পঠিওৱা হয়। ১২ বছৰ ইটালীত খেলাৰ পিছত ২০০৩ চনত তেওঁ সপৰিয়ালে কাটাৰলৈ যায় আৰু স্থানীয় দল আল্‌-আৰবিৰ হৈ খেলাত সন্মতি প্ৰকাশ কৰে।

ইটো-সিটো আঘাতেৰে জৰ্জৰিত হৈ পৰা বাটিষ্টুটাই আল্‌-আৰবিত থাকোঁতেই ২০০৫ চনৰ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়াৰ পাৰ্থত বাস কৰিবলৈ লয়।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

FIFA 100ইটালীডিয়েগ' মাৰাড'নাফিফা বিশ্বকাপফুটবল

🔥 Trending searches on Wiki অসমীয়া:

দেওপাহাৰআৰ্যভট্টসাংখ্য দৰ্শনদৈনিক অসমৰাজিয়া চুলতানাবৰাইল পৰ্বতবুঢ়ী আইৰ সাধুসোণলোকগীতমহাভাৰতমোগল সাম্ৰাজ্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলযোগাসনচীননাৰায়ণদেৱভাৰতদেউৰী জনগোষ্ঠীলাচিত বৰফুকনহেঙুল আৰু হাইতালকোচ ৰাজবংশীইয়াণ্ডাবু সন্ধিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানগণতন্ত্ৰতাপগতি বিজ্ঞানধ্ৰুৱবাদধ্বনিতত্ত্বঅসম বিধানসভাঅংগনবাদীফুলগুৰি ধেৱাশিৱসাগৰ পুখুৰীৰঘুনাথ দাস মহন্তঅসমীয়া বৰ্ণমালাএকচেটীয়া বজাৰতলাতল ঘৰসংখ্যাজয়মতী (২০০৬ চলচ্চিত্ৰ)স্বৰাজমানৱ শৰীৰগুৱাহাটী উচ্চ ন্যায়ালয়জ্যামিতিবৈচাগুৰমজাননামদাঙৰ শিলৰ সাঁকোমাৰ্ক্সবাদভাৰত ৰত্নচন্দ্ৰগুপ্ত মৌৰ্যডিব্ৰুগড় জিলানিউটনৰ গতিৰ সূত্ৰৰীমা দাসভাৰত-চীন যুদ্ধনেপোলিয়ন বোনাপাৰ্টকবিতাঅসমীয়া ভাষাবিহুৰ বাদ্যযন্ত্ৰবিশ্ব থিয়েটাৰ দিৱসশিৱনাথ বৰ্মনস্বামী বিবেকানন্দঅসমীয়া সাহিত্যৰঘুনাথ চৌধাৰীইয়াত এখন অৰণ্য আছিলকাঞ্চন (উপন্যাস)মাজুলীবেদান্তকাছদক্ষিণপাট সত্ৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানকয়লাওজাপালিঅনুবাদমাৰ্কাছ টুলিয়াছ চিচেৰোহনুমানঅসমীয়া লোক-সংস্কৃতিৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইউকো বেংকশব্দ (অভিধান)প্ৰদূষণ🡆 More