এডাম স্মিথ

আডাম স্মিথ (ইংৰাজী: Adam Smith; ১৬ জুন ১৭২৩ – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক অৰ্থনীতিৰ জনক বা পুঁজিবাদৰ জনক বুলিও জনা যায়। স্মিথৰ দুই মূল গ্ৰন্থ হ'ল দ্য থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্ট্‌ছ (১৭৯৫) আৰু এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (১৭৭৬)। দ্য ৱে'ল্‌থ অৱ নেচন্স তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থ আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। এই গ্ৰন্থত স্মিথে পূৰ্ণ উপকাৰিতাৰ ধাৰণা আগাঢ়াইছিল।

এডাম স্মিথ
A sketch of Adam Smith facing to the right
সম্পূৰ্ণ নাম এডাম স্মিথ
জন্ম ১৬ জুন [পুৰণা নিয়মত ৫ জুন] ১৭২৩
ক্ৰিকক্লেডি, ফিফে ৰাজ্য, স্কটলেণ্ড
মৃত্যু ১৭ জুলাই, ১৭৯০ (৬৭ বছৰ)
এডিনব্ৰাহ, স্কটলেণ্ড
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা ধ্ৰুপদী উদাৰতাবাদ
আগ্ৰহ ৰাজনৈতিক দৰ্শন, নৈতিকতা, অৰ্থনীতি
উল্লেখযোগ্য কৰ্ম ধ্ৰুপদী অৰ্থনীতি, আধুনিক মুক্ত বজাৰ, শ্ৰম বিভাজন, "অদৃশ্য হাত"
প্ৰভাৱিত হয়
  • Aristotle · Cantillon · Hume · Hutcheson · Mandeville · Quesnay · Locke · Burke
প্ৰভাৱিত কৰে
  • Bastiat · Friedman · Hayek · Mises · Rothbard · Rand · Krugman · Sowell · Hegel · Hodgskin · Keynes · Malthus · Marx  · Mill · Proudhon · Ricardo · Saint-Simon · Say · Sismondi · Chomsky · George · Comte · Nash · Sieyès
স্বাক্ষৰ এডাম স্মিথ

জীৱন

স্মিথে গ্লাছগ' বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল। তেওঁ স্কটলেণ্ডৰেই জন স্নেলৰ ছাত্ৰবৃত্তিৰে বালিয়'ল মহাবিদ্যালয়, অক্সফ'ৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। তাৰ পাছত তেওঁ এলানি সফল সৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিনবাৰ্ঘ বিশ্ববিদ্যালয়ত। ফলস্বৰূপে তেওঁ ডেভিড হ্যুমৰ সৈতে কাম কৰিছিল। স্মিথে গ্লাছগ'ত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল। সেই কালতেই তেওঁ নিজৰ গ্ৰন্থ 'এ থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্টছ' লিখি উলিয়াইছিল। পাছলৈ তেওঁ ব্যক্তিগত শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল যিয়ে তেওঁক সমগ্ৰ ইউৰোপ ভ্ৰমি বৌদ্ধিক অগ্ৰণীসকলক লগ কৰাৰ সুযোগ প্ৰদান কৰিলে।

আধুনিক অৰ্থনীতিলৈ অৱদান

স্মিথে ধ্ৰুপদী মুক্ত বজাৰ অৰ্থনৈতিক সূত্ৰৰ ভেঁটি তৈয়াৰ কৰিছিল। দ্য ৱে'ল্থ অৱ নেশ্বন্স আধুনিক অৰ্থনীতিৰ অগ্ৰদূত। এই গ্ৰন্থত আৰু অন্যান্য কৰ্মত তেওঁ শ্ৰমৰ বিভাজনৰ ধাৰণা আগবঢ়াইছিল। তেওঁ দেখুৱাইছিল কেনেকৈ বিবেকশীল স্বাৰ্থপৰতা আৰু প্ৰতিযোগিতাই অৰ্থনৈতিক সমৃদ্ধি আনিব পাৰে। স্মিথ নিজৰ সময়ত বিতৰ্কিত আছিল আৰু হোৰচ ৱালপ'লৰ দৰে লেখকে তেওঁৰ লিখনশৈলীৰ ব্যংগ তৈয়াৰ কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এডাম স্মিথ জীৱনএডাম স্মিথ আধুনিক অৰ্থনীতিলৈ অৱদানএডাম স্মিথ তথ্য সংগ্ৰহএডাম স্মিথ বাহ্যিক সংযোগএডাম স্মিথen:Old Style and New Style datesঅৰ্থনীতিইংৰাজী ভাষাদ্য ৱে'ল্থ অৱ নেশ্বন্সদৰ্শনপুঁজিবাদ

🔥 Trending searches on Wiki অসমীয়া:

অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকা২৪ এপ্ৰিলপৰ্যটনৰাষ্ট্ৰসংঘহিউৱেন-চাংহস্তীবিদ্যাৰ্ণৱঅসমৰ লোকবাদ্যবিহুমহেন্দ্ৰ বৰাআধুনিকতাবাদঘৰ শালিকাঅসমৰ কুঁহিলা শিল্পবকুল ফুলৰ দৰে (গ্ৰন্থ)শিৱনৱ-বৈষ্ণৱ ধৰ্মকিতাপভাৰতব্যষ্টিবাদী অৰ্থনীতিযৌগিক সংখ্যাচ্যু-কা-ফাপুঁজিবাদদৰ্শনগোলাঘাট জিলাউগ্ৰতাৰা দেৱালয়জল প্ৰদূষণঅসমীয়া ভাষা আন্দোলনউমানন্দনাটকঅসমত দেখা পোৱা মাছৰ তালিকাকলাখাৰমংগোলিয়ানীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাঅসমৰ পুৰণি স্থাপত্যমাৰ্ঘেৰিটা মহকুমানাগৰিকত্বসৰ্বেপল্লী ৰাধাকৃষ্ণণনেপালত্ৰিপিটকঅমিয় কুমাৰ ভূঞাজল সংৰক্ষণপ্ৰথম বিশ্বযুদ্ধভেঁকুৰঅসমীয়া কবিতাপদুমপ্ৰাকৃতিক সম্পদসপ্তকাণ্ড ৰামায়ণতিৱা জনগোষ্ঠীমাটিৰ হিচাপছুনামিচৈয়দ আব্দুল মালিকমহেশ্বৰ নেওগঅসমীয়া যুক্তাক্ষৰভূমিকম্পনিৰুপমা বৰগোহাঞিডুবি তাম্ৰলিপি আৰু ছীলঅসমীয়া খাদ্যাভ্যাসৰাইমনা ৰাষ্ট্ৰীয় উদ্যানবানপানীচুটিগল্পমৰুভূমিপতঞ্জলিৰ যোগসূত্ৰপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰভাৰতৰ নিৰ্বাচন আয়োগৰামধেনু (আলোচনী)দৰং জিলাসংযুক্ত মুক্তি বাহিনী, অসমডাকৰ বচনআকবৰসংখ্যামোহনদাস কৰমচান্দ গান্ধীমহাসাগৰজলসিঞ্চনআধা লেখা দস্তাবেজতিনিচুকীয়া জিলাসম্পাদনা🡆 More