উমাচল শিলালিপি

উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম উদ্ধাৰ হোৱা শিলালেখ খনত সুৰেন্দ্ৰবৰ্মণা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য। যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লিখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।

উমাচল শিলালিপি
উমাচল শিলালিপি
উমাচল শিলালিপি
উপাদান শিল
লিখন সংস্কৃত ভাষা
আৱিষ্কাৰৰ ঠাই উমাচল, গুৱাহাটী, অসম
নিৰ্মিত মহেন্দ্ৰ বৰ্মাৰ শাসনকাল
সময়কাল / সংস্কৃতি পঞ্চম শতিকা
বৰ্তমান অৱস্থান উমাচল

পণ্ডিতৰ মতে গোলাঘাট জিলানগাজৰী-খনিকৰগাঁৱৰ শিলালিপি

পুৰনি প্ৰথম শিলালিপি। এই লিপিৰ সময় আছিল পঞ্চম শতিকাৰ আদিভাগ।



উমাচল গুহা

২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মাণ কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেণ্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেণ্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।

পাঠ

মহাৰাজাধিৰাজ শ্ৰী
সুৰেন্দ্ৰবৰ্মণা কৃতম্
ভগৱতঃ ৱলভদ্ৰ
স্বামিনায় ইদংহ গুহং

অসমীয়া অনুবাদ

"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰাইছিল। "

তথ্য সংগ্ৰহ

Tags:

উমাচল শিলালিপি উমাচল গুহাউমাচল শিলালিপি পাঠউমাচল শিলালিপি তথ্য সংগ্ৰহউমাচল শিলালিপিঅসমঅসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাকামাখ্যা মন্দিৰগুৱাহাটীবট গছবৰ্মন ৰাজবংশমহেন্দ্ৰ বৰ্মাসংস্কৃত

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ পুৰণি স্থাপত্যবিহুগীতসংখ্যাঅনুৰাধা শৰ্মা পূজাৰীকথা-ভাগৱতহিমবাহউমাচল শিলালিপিডিগবৈ তেল শোধনাগাৰবাৰেচহৰীয়া ভাওনা মহোৎসৱবিল গেট্‌ছ২৫ এপ্ৰিলৰূপালীমঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাকলিতা জনগোষ্ঠীন'বেল বঁটালাচিত বৰফুকনসিন্ধী ভাষাঅসমীয়া লোকসাহিত্যচি++ৰুবুল মাউতবাল্মীকিমহা মৃত্যুঞ্জয় মন্দিৰমাতৃভাষানদীযৌন নিৰ্যাতনকাৰেংঘৰশ্ৰী সূৰ্য পাহাৰহীৰেন ভট্টাচাৰ্যজলবিদ্যুৎসন্ধ্যাৰাগ (চলচ্চিত্ৰ)মিঠু বৰুৱায়হেম সৰস্বতীঅসমৰ মহকুমাসমূহৰ তালিকাঅসমীয়া খাদ্যাভ্যাসঅসমৰ বনৌষধিবিশ্ব মেলেৰিয়া দিৱসগোৱালপাৰাবকুল ফুলৰ দৰে (গ্ৰন্থ)ভিটামিনঅংকীয়া নাটআগ্নেয়গিৰিনলবাৰী জিলাইংৰাজী ভাষাভট্টদেৱহেম বৰুৱা (ত্যাগবীৰ)বতৰহিন্দু ধৰ্মঅসমৰ মাছবিহুৰ বাদ্যযন্ত্ৰজাতনামকবিতাজলবায়ুলভিতাঅৰ্থব্যৱস্থাএৰিষ্ট'টলআহোম বিবাহ পৰম্পৰাআহোম ৰাজ্যৰামায়ণঅৰণ্যবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণনীলমণি ফুকন (কনিষ্ঠ)বিষ্ণুভাওনাআলোচনীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমাঘ বিহুভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমৰিগাঁও জিলালোক-সংগীতনাৰী সবলীকৰণঅংগৰাগ মহন্তঅশ্বিনী কুমাৰ বৰুৱাজৈন ধৰ্মচিপাহী বিদ্ৰোহ ১৮৫৭জয়মতী (১৯৩৫ চলচ্চিত্ৰ)🡆 More