অনিৰুদ্ধদেৱ

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক।

জীৱনী

অনিৰুদ্ধদেৱৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰনাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দকুৱা গাঁৱৰ বিষ্ণু বালিকুচিত ১৫৫৩ খ্ৰীষ্টাব্দৰ ব’হাগ মাহৰ শুক্লা দশমী তিথিত। অনিৰুদ্ধদেৱৰ চৰিত পুথি আৰু তেওঁৰ দ্বাৰা ৰচিত চতুৰ্থ স্কন্ধ ভাগৱতৰ ২৬৬-২৭১ পদত উল্লিখিত আত্ম-পৰিচয় অনুসৰি তেওঁৰ উপৰিপুৰুষসকল যদুবংশ জাত শশবিন্দু নৃপৰ পুত্ৰ ভগদত্ত, ভগদত্তৰ পুত্ৰ ৰামবৰ আৰু হৰিবৰ। হৰিবৰ নেপাল দেশৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম গোন্দাগিৰি ভূঞা আৰু মাতৃৰ নাম আজলী। আজলী শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েক আছিল। গোন্দাগিৰি লখিমপুৰ, বিহপুৰ (বৰ্তমানৰ বিহপুৰীয়া), নাৰায়ণপুৰ, ধলপুৰ আৰু কলংপুৰ- এই পঞ্চপুৰৰ শাসনাধিপতি আছিল। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা ৰচিত ভাগৱত শাস্ত্ৰ গ্ৰন্থৰ পুৰঞ্জন উপাখ্যান আৰু পঞ্চম স্কন্ধ ভাগৱতৰ ২৯২-২৯৭ পদত এই অঞ্চলৰ বিৱৰণ পোৱা যায়। পাঁচজন ককাই-ভাইৰ মাজত মধ্যম অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম আছিল হৰকণ্ঠ গিৰি। তেৰাৰ পঞ্চভাতৃসকলৰ জেষ্ঠ ডবানকা বা মোহন মুৰাৰীয়ে পুৰুষোত্তম ঠাকুুুৰৰ ওচৰত শৰণ লয় পৰৱৰ্তীসময়ত বেঙেনাআটী সত্ৰ পাতে। দ্বিতীয়জনা ভাতৃ নেপালদেশৰ শাসনকৰ্ত্তা হয়। তৃতীয় আৰু চতুুু্ৰ্থজনাই গৃৃহতে মনোনিৱেশ কৰে।

কালজাৰ সত্ৰলৈ গৈ হৰকণ্ঠই মহাপুুৰুষ গোপালদেৱৰ(ভৱানীপুৰীয়া)শিষ্যত্ব গ্ৰহন কৰে। গোপালদেৱ আতাই তেখেতক অনিৰুদ্ধ নাম দিয়ে।মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱে পৰৱৰ্তীকালত তেৰাক উজনিত ধৰ্মপ্ৰচাৰৰ হেতু ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰাই আজ্ঞা কৰিছিল"মধুমতী মায়াৰ শিৰত চৰি তুমি।প্ৰচাৰিবা ধৰ্ম মায়ামৰা সত্ৰ পাতি।" গুৰু আজ্ঞানুসাৰে ১৬০১চনত তেৰাই ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। প্ৰথমে তেওঁ নিজৰ গাঁৱলৈ উভতি গৈ শ্ৰী শ্ৰীবিষ্ণু বালিকুঞ্চি সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তীকালত ১৬০৬ চনত মৰনৈৰ দাঁতিত নাহৰআটী সত্ৰ প্ৰতিষ্ঠা কৰে আৰু প্ৰয়াণৰ সময় পৰ্যন্ত তেৰাই উক্ত সত্ৰতে জীৱণকাল অতিবাহিত কৰে। মুঠ ২৫ বছৰ কাল ধৰ্মপ্ৰচাৰ কৰাৰ পিছত ১৫৪৮ শক (১৬২৩ খ্ৰীষ্টাব্দ) অনিৰুদ্ধদেৱৰ মহা প্ৰয়াণ হয়। তেওঁৰ পাৰ্থিৱ দেহৰ সৎকাৰ এই সত্ৰতে কৰা হয় বাবে নাহৰআটী সত্ৰ কালসংহতিৰ সেৱকসমস্তৰ বাবে পূণ্যস্থান৷

চৰিত পুথি অনুসৰি অনিৰুদ্ধদেৱৰ পৰিচয়

গোপালদেৱ চৰিত পুথিত অনিৰুদ্ধদেৱৰ পৰিচয় এইদৰে দিয়া আছে:

শুনা আবো বাপ অনিৰুদ্ধৰ চৰিত।
সিসৱ কথাক আৱে কৰিবো বিদিত॥
বৰদলৈ নামে ভূঞা নাৰায়ণপুৰৰ।
তান পঞ্চ সন্ততি ভৈলন্ত মনোহৰ॥
পঞ্চ যে গ্ৰামৰ অধিকাৰী হৈয়াছিল।
শেষ কালে পঞ্চকো বিভাগ কৰিছিল॥
বাপ অনিৰুদ্ধে বোলে মোক নলাগয়।
সাধু সংগে লৈবো মই বুলিলা নিশ্চয়॥

উল্লেখযোগ্য অৱদান

অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তন কৰিছিল। ভাগৱতৰ ৫ম স্কন্ধ আৰু ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান অংশৰ পদ ভাঙনি কৰিছিল। লগতে ৬টি ভটিমা আৰু ১৮২টা গীত ৰচনা কৰিছিল। তেখেতৰ প্ৰণীত ন-ঘোষা বা ভক্তিমঙ্গল ঘোষাত ৮০৫টি ঘোষা সংকলিত কৰা আছে। ইয়াৰোপৰি এখন তত্বমূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বুলি কথিত।

চিত্ৰ-বীথিকা

তথ্য সমল

Tags:

অনিৰুদ্ধদেৱ জীৱনীঅনিৰুদ্ধদেৱ উল্লেখযোগ্য অৱদানঅনিৰুদ্ধদেৱ চিত্ৰ-বীথিকাঅনিৰুদ্ধদেৱ তথ্য সমলঅনিৰুদ্ধদেৱগোপালদেৱমাধৱদেৱমায়ামৰা সম্প্ৰদায়শ্ৰীমন্ত শংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

মৌখিক ইতিহাসভাৰতৰ সংবিধানবাজেটমৌ-মাখিপৃথিৱীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবৰষুণদেউৰী জনগোষ্ঠীপাইক প্ৰথাটুক্ৰেশ্বৰী দেৱালয়সাত বিহুতলাতল ঘৰমৰাণ জনগোষ্ঠীঅসমৰ লোকবাদ্যহিন্দু ধৰ্মদুৰ্গাওজাপালিঅসমৰ ধান খেতিৰ সঁজুলিসমূহমুগা (ৰেচম)ডাকৰ বচনচৰকাৰকবিৰত্ন সৰস্বতীব'হাগ বিহুবিজ্ঞানহাজোএকচেটীয়া বজাৰতাজমহলশৰাইঘাট দলংকেশৱ মহন্তচৈয়দ আব্দুল মালিকনামচিংচন্দ্ৰকুমাৰ আগৰৱালাইলিয়াডভূপেন হাজৰিকাৰ সাহিত্যন'বেল বঁটাঅসমীয়া জাতিতামোলঅখণ্ড সংখ্যানেতাই ধুবুনী ঘাটআলাবৈৰ ৰণপৰিৱেশ অধ্যয়নপ্ৰাকৃতিক সম্পদগণতন্ত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাডিব্ৰুগড় জিলাতোলনি বিয়াপুঁজিবাদনেপালী জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫সত্ৰহাবুংচ্যু-কা-ফাশকুন্তলা (চলচ্চিত্ৰ)নগাঁও (লোকসভা সমষ্টি)আত্মজীৱনীমামৰে ধৰা তৰোৱালজাতীয়তাবাদআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাঁহীমানুহৰ কংকালএশিঙীয়া গঁড়ঋণাত্মক অখণ্ড সংখ্যাইতিহাসবলোৰামকামাখ্যা মন্দিৰভাৰতীয় দৰ্শনঢ়কামৰূপ জিলাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপথৰুঘাটৰ ৰণফাকুৱাকাল সংহতিশিক্ষাৰ অধিকাৰহনুমানভাৰতীয় শিল্পকলা🡆 More